Saturday, February 17, 2018

জীৱন বাটৰ ৰসঃ সৰ্বেশ্বৰ ছাৰ (৩৬)

জীৱন বাটৰ ৰসঃ সৰ্বেশ্বৰ ছাৰ (৩৬)

আমি পঢ়া দিনত স্কুলখনৰ ছাত্ৰবোৰ প্ৰধানকৈ দুটা ভাগত বিভক্ত আছিল৷ “ফাইভ-ছিক্স-ছেভেন” তলৰ শ্ৰেণী আৰু “এইট্‌-নাইন-টেন্‌” ওপৰৰ৷ ফলাফলৰ কাৰণে দিয়া পুৰষ্কাৰসমূহো আছিল তেনেধৰণৰ৷ ‘তলৰ শ্ৰেনীত ইংৰাজীত সৰ্বোচ্চ নম্বৰ পোৱা’ মানে – ফাইভ্‌, ছিক্স আৰু ছেভেনৰ আটাইবোৰ ছাত্ৰকে সামৰি যিয়ে ইংৰাজী বিষয়ত আটাইতকৈ বেছি নম্বৰ পায়, সেই ল’ৰাজন! তলৰ শ্ৰেণীৰ ইউনিফৰ্ম আছিল বগা চোলা, নীলা হাফ পেন্ট৷ ওপৰৰ শ্ৰেনীৰ বগা চোলা, বগা লং পেন্ট্‌৷

ছেভেনৰ পৰা এইটলৈ উত্তীৰ্ণ হোৱাৰ পিছত হাফপেন্ট এৰি লংপেন্ট পিন্ধি স্কুললৈ বুকু ফিন্দাই অহা-যোৱা কৰা প্ৰথম অভিজ্ঞতাৰ সোঁৱৰণি আজিও মনত জীৱন্ত হৈ আছে৷ শৈশৱ এৰি কৈশোৰত ভৰি দিয়াৰ সময় আছিল সেইটো৷ বগা লংপেন্টটোৱেই আছিল শৈশৱৰ পৰা কৈশোৰলৈ উত্তীৰ্ণ হোৱাৰ প্ৰথম ফৰ্মেল স্বীকৃতি!

লংপেন্টটোৰ ৰঙ বগা কিয় আছিল? সম্ভৱ এইটো আছিল স্কুলখনক নেতত্ব দিয়া লোকসকলৰ দূৰদৰ্শিতাৰ ফল৷ আমাৰ অঞ্চলটো বিভিন্ন গোষ্ঠী-জনগোষ্ঠীৰে ভৰপূৰ এটা বৃহৎ এলেকা৷ বেছিভাগ লোকৰে অৰ্থনৈতিক অৱস্থা আছিল অতি নিম্নপৰ্যায়ৰ৷ পৰিয়ালটোৰ বাবে দুবেলা দুমুঠি গোটোৱাৰ চিন্তাতে বেছিভাগ পৰিয়ালৰ সময়বোৰ পাৰ হৈছিল৷ তেনেকুৱা জীৱন সংগ্ৰামত খেতিবাতিকে ধৰি ঘৰৰ নানান কামত ল’ৰাহঁতে মাক-দেউতাকক সহায় কৰি দিব লাগিছিল৷ দুখীয়া পৰিয়ালৰ ল’ৰাহতে কিতাপ কলমৰ খৰচ উলিওৱাটোৱেই টান কাম আছিল৷ বহু ছাত্ৰই আধাতে পঢ়াশুনা সামৰিব লগা হৈছিল৷ অথচ স্কুলখনত ইউনিফৰ্ম পিন্ধাটোও অনুশাসনৰ দিশৰ পৰা অতি প্ৰয়োজনীয় কথা আছিল৷ ৷ স্কুল কৰ্তৃপক্ষইও সেয়ে একেবাৰে সৰল ৰঙহীন সত্য আৰু শান্তিৰ প্ৰতীক এই বগা ৰঙতো ঠিক কৰিছিল, যাতে  অতি দুখীয়াঘৰৰ ল’ৰাইও এযোৰ কাপোৰ কম খৰচতে যোগাৰ কৰি ল’ব পাৰে৷ পেন্টৰ কাপোৰ নহলেও অন্ততঃ পায়জামা এটা চিলাই ল’বলৈ এই বগা ৰঙটোৱে বৰ সহায় কৰিছিল৷ কোনো কোনোৱে আগতে ধুতি পিন্ধিও স্কুললৈ আহিছিল৷ আমাৰ লগৰে কেইবাটা ল’ৰাই পায়জামা পিন্ধি খালী ভৰিৰে স্কুললৈ আহিছিল৷ ধুতি-পায়জামা-পেন্ট এই তিনিওটাকে বগা ৰঙে সহজে সামৰি ল’ব পাৰিছিল৷

নীলা হাফপেন্টৰ দিনৰ বহু আমোদজনক কথা মনত আছে৷ হাফপেন্টটোৰ দুয়োফালৰ দুয়োটা জেপ প্ৰায়েই ফিন্দ খাই থাকে৷ এফালে যদি আমলখি, জলফাই, খেজুৰ আনফালে মাৰ্বল, বুটাম, পাথৰ, পাতি-পইছা আদি! তেতিয়াৰ দিনত এতিয়াৰ দৰে প্লাষ্টিকৰ ছেই্‌নৰ (জিপ্‌) ব্যৱহাৰ বৰ কম হৈছিল, তাৰ ঠাইত তিনিটামান বুটাম চিলাই দিয়া হৈছিল৷ বুটাম কেইটাৰ আয়ুস বৰ বেছি নাছিল৷ এটা বা দুটা এৰাই পৰিলেও তিনিওটা নপৰা পৰ্যন্ত সততে লগাই লোৱাৰ কথা ভাবিবলৈ ল’ৰাহঁতৰ আজৰি নাছিল৷ স্কুলখনৰ সকলো শিক্ষাৰ্থী পুৰুষ হোৱা বাবে শালিনতাৰ দিশৰ পৰা এইকথাটোৱে স্কুলখনত কাকো বিপদত পেলোৱা নাছিল৷ থকা বুটামটো লগাবলৈও বহুতে এলাহ কৰিছিল৷ সেই অঞ্চলটো খোলা দেখিলে সোঁৱৰাই দিবলৈ আমি এটা পদ্য মাতিছিলোঁ – জয়গুৰু শঙ্কৰ, তলফালে মন কৰ, পোষ্টাপিছ্‌ খোলা আছে, সোনকালে বন্ধ্‌ কৰ! পোষ্টাপিচ মানে পোষ্ট অফিচ, আমি সকলোৱে জীৱনত প্ৰথম দেখা চৰকাৰী অফিচ৷ এই পদ্যশাৰী শুনিলেই, শুনোঁতাই লগে লগে বুটামকেইটা পৰীক্ষা কৰে – যাৰ খোলা থাকে, লগে লগে বন্ধ কৰি লয়৷ আকাৰে-ইংগিতেই সমস্যাটোৰ সমাধান হৈ যায়৷ এই মন্ত্ৰফাঁকিৰ ইমানেই শক্তি আছিল যে আজি প্ৰায় দুকুৰী বছৰৰ পাছতো, পদ্যফাঁকি মনলৈ আহিলে ক’ব নোৱাৰাকৈয়ে মোৰ বাওঁহাতটোৱে ততাতৈয়াকৈ পেন্টৰ জিপডাল পৰীক্ষা কৰি চায়!

ধুতি পিন্ধি স্কুললৈ অহা ছাত্ৰ আমি দেখা নাছিলো৷ পায়জামা পিন্ধি অহা ছাত্ৰ ওপৰৰ শ্ৰেণীত যিমান আছিল তলৰ শ্ৰেণীত তাৰ আধাও নাছিল৷ ধুতি পায়জামা এসময়ত একেবাৰে নোহোৱা হৈ গ’ল৷ বগা আৰু ৰং-বিৰঙৰ কাপোৰৰ মাজত মূল্যৰ পাৰ্থক্য নাইকিয়া হ’ল৷ ঠিক সেই সময়তে, আমি স্কুল এৰি অহাৰ কেইবছৰমানৰ পাছতে, ইউনিফৰ্মৰ ৰঙ বগাৰ সলনি নীলা ৰঙৰ প্ৰচলন আৰম্ভ হ’ল৷

এইটো সেই সময়ৰে কথা, সৰ্বেশ্বৰ ছাৰ তেতিয়া স্কুলখনৰ অধ্যক্ষ৷

দীঘল পেন্টটো নীলা হোৱাৰ পাছত টেঙৰ ল’ৰাহঁতে কেতিয়াবা একে ৰঙৰ জিনছ্‌ পিন্ধি অহাৰো সুবিধা লৈছিল৷ কথাটো অনুশাসনৰ ফালৰ পৰা বৈধ নাছিল৷ শ্ৰেণী-শিক্ষক কাঢ়া হ’লে এনে দোষৰ দণ্ড দিয়া হৈছিল৷ একেলগে প্ৰাৰ্থনা কৰা সময়ত জিনছ্‌ পৰিহিত ছাত্ৰ শিক্ষকৰ চকুত নপৰাকৈ আন ছাত্ৰৰ আঁৰত লুকাই থাকিছিল৷ স্কুলখন উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নীত হোৱাৰ লগে লগে একাদশ দ্বাদশ শ্ৰেণীত ছাত্ৰৰ লগতে ছাত্ৰীসকলৰো আগমন হৈছিল৷ বিভিন্ন ৰঙৰ ফুলেৰে জাতিষ্কাৰ হৈ থকা চৌহদটোত তেওঁলোকৰ উপস্থিতি বাগিছাখনলৈ উৰি সোমাই অহা কেইজনীমান চঞ্চল পখিলাৰ দৰে আছিল৷ জিৰণীৰ সময়ত স্কুলৰ প্ৰেক্ষাগৃহৰ পাছফালে চক্ৰৱৰ্তী ছাৰ থকা কোঠাটোৰ ওচৰৰ চিড়িটোত আটাইকেইজনী পখিলাই সদায় ভিৰ কৰিছিল৷ চিড়িটোৰ কোণাটোত য’ত তেওঁলোকে জলফাই বা শিলিখাৰ গুটি মুখৰ পৰা উলিয়াই পেলাইছিল, তাতে চক্ৰৱৰ্তী ছাৰে পেলোৱা আলু-পিয়াজৰ বাকলি আৰু পেলনীয়া ভাত-দাইলৰ চিন আগৰে পৰা পৰি আছিল৷

সিদ্ধান্ত হ’ল, স্কুল ছুটিৰ পাছতে বছা বছা ছাত্ৰৰে শিলিখাগুৰিৰ গোপছাৰখনত ক্ৰিকেট খেল এখন হ’ব৷ কুঞ্জমোহনে বাঁহৰ মুঢ়া এটা কটাৰীৰে চুঁচি চুঁচি কমলাটেঙাটোৰ দৰে সাইলাখ ঘুৰণীয়া ক্ৰিকেট বল এটা বনাইছে৷ কিন্তু সমস্যাটো হ্’ল স্কুল ছুটীৰ পাছত ক্ৰিকেটখেল এখন খেলিব পৰাকৈ সময় হাতত নাথাকে৷ কেইটামান ছাত্ৰই ঘৰলৈ নগৈ ৰাস্তাৰ দাঁতিতে কিতাপ-বহী থৈ খেলত যোগদান কৰিবলৈ সন্মত হ’ল৷ তথাপিও কোনোবা এজন যদি আগতে গৈ কৰিবলগীয়া কামখিনি কৰি ফিল্ডখন সাঁজু কৰি থয়, বহু সময় বাচে! এইবোৰ কামত শেষৰ বেঞ্চত বহা দীপেনৰ সমকক্ষ কোনো নাই৷ এক্কেজাপে সি সাজু হ’ল৷ পেট বিষাইছে বুলি অধ্যক্ষলৈ আবেদন এখন লিখি সি সৰ্বেশ্বৰ ছাৰৰ কোঠাৰ সমূখত ঠিয় হ’লগৈ৷ সেইদিনা সি নীলা ৰঙৰ জিনছ্‌ পেন্ট এটা পিন্ধি আহিছিল৷ ছাৰে একান্ত মনে কিবা এটা লিখি আছে৷
-          ছাৰ, সোমাব পাৰোঁনে ?
-          আহ৷ মূৰ নোতোলাকৈয়ে ছাৰে সুধিলে – ক, কি হ’ল?
-          ছাৰ, মানে, মানে, পেটতো হঠাতে খামোচ মাৰি ধৰিলে…
কলমটো থৈ ছাৰ পোন হৈ বহিল৷ দীপেনৰ মূৰৰ পৰা ভৰিলৈকে এবাৰ চালে ৷ তাৰপাছত হঠাতে উথপথপ লগালে – বহকচোন, বহক, চকীখনতে বহক, মই মনেই কৰা নাছিলো৷ হাতখনেৰে ছাৰে সমূখত থকা চকী তিনিখন দেখুৱাইছে, বহি থকা চকীখনৰ পৰা মানুহজন উঠোঁ উঠোঁ কৰিছে!
দীপেন হতভম্ব৷ মুখেৰে মাজে মাজে ছাৰ ছাৰ শব্দটো মাথো ওলায় আছে! ছাৰেও নেৰে - বহকচোন বহক, বহি লওক৷
-          ছাৰ মই ক্লাছ এইটৰহে..!
-          হয় নেকি, হব হব, আপুনি বহকচোন, ক্লাছ এইটৰ বুলি ক’লে যে কোনখন স্কুলৰনো?
-          এইখন স্কুলৰে ছাৰ!
-          অ’ হয় নেকি? আমাৰ স্কুলৰটো জিনছ্‌ পেন্ট ইউনিফৰ্ম নহয়! মই আকৌ ভাবিলোঁ এখেত কোনোবা বাহিৰৰ পৰা অহা অতিথি নেকি!

তাৰ পাছতো দিপেন আঢ়ৈবছৰ সেইখন স্কুলৰ ছাত্ৰ আছিল, কিন্তু জিনছ্‌ পিন্ধি দুনাই স্কুললৈ অহা ভাবটোৱেই হেনো তাৰ মনলৈ আহিবলৈ সুবিধা পোৱা নাছিল৷


 (“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এই কাহিনীটো মনত পেলাই দিলে  কবি সিদ্ধাৰ্থ শংকৰ কলিতাই৷ “জীৱন বাটৰ ৰস”-ৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব – http://utpalbaruah.blogspot.com)

1 comment:

  1. বহুত ভাল লাগিল গল্পটো পঢ়ি ,সচাঁই দে মই দশম শ্ৰেণীৰ পৰা হে লংপেণ্ট পিন্ধিছিলো..প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰণীলৈ হাফপেণ্ট পিন্ধিয়ে গৈছিলো..বহুত ভাল দিন আছিল সেইদিনবোৰ বলেগে কি ভাবে মই নাজানো স্কুললৈ হাফপেণ্ট পিন্ধি যোৱাটো কিছু সাৰ্থকতা আছে.আপুনি কি কয়??

    ReplyDelete