জীৱন
বাটৰ ৰসঃ সৰ্বেশ্বৰ ছাৰ (৩৫)
নৱমমান
শ্ৰেনীত পঢ়ি থাকোঁতেই এদিন সৰ্বেশ্বৰ ছাৰক লগ কৰিবলৈ তেখেতৰ ঘৰলৈ গৈছিলোঁ৷ অকলে
নহয়, মোৰে সৈতে মুঠতে আমি ছজন আছিলো৷ বাকীকেইজনৰ কথা নাজানো, ছাৰক ঘৰত লগ কৰিবলৈ
যোৱা সেইয়াই আছিল ছাত্ৰজীৱনত মোৰ প্ৰথম আৰু শেষ অভিজ্ঞতা ৷ বৰ আমোদজনক কাহিনী৷
এতিয়া
যেনেকৈ চিঠি এখন লিখোঁ বুলিলেই কম্পিউটাৰত যিকোনো এটা ভাষাত লিখি টাইপ কৰি মূহুৰ্ততে
ছপা কৰি উলিয়াই ল’ব পাৰি, আমাৰ দিনত তেনে সুবিধা একেবাৰেই নাছিল৷ ছপা আখৰত নিজৰ নামটো
দেখাৰ নিচিনা সৌভাগ্য আমাৰ ছাত্ৰজীৱনত হোৱাই নাছিল৷ আদালতৰ বাকৰিত বা চৰকাৰী অফিচৰ
টাইপ ৰাইটাৰত নথি-পত্ৰ, চিঠি আদি টাইপ কৰা দেখিছিলো, কিন্তু নিজে সেইবোৰ কৰাৰ দৰকাৰ
হোৱা নাছিল, টাইপ্ ৰাইটাৰ চুইয়েই পোৱা নাছিলোঁ৷ ৰছিদ বহী, জাননী পত্ৰ বা স্কুলৰ
আলোচনী আদি ছপা কৰিবৰ বাবে ঠায়ে ঠায়ে একোটা ছপাশাল আছিল৷ এই ছপাশালত ছপা কৰাৰ প্ৰক্ৰিয়াটোও
আছিল আমোদজনক, পদ্ধতিটো ছপাশালৰ জন্মদাতা গুটেনবাৰ্গৰ দিনৰে যেন লাগে!
আখৰবিলাক
এতিয়া কম্পিউটাৰত “টাইপ” কৰাৰ দৰে তেতিয়া কৰিব পৰা নগৈছিল৷ ছপাশালৰ দেৱাল এখনত হাত
মেলিলেই ঢুকি পোৱাকৈ কাঠেৰে সজা সৰু সৰু খোলা বাকছ এগালমান থাকে - মৌবাঁহত থকা সৰু
সৰু কোষবোৰৰ দৰে৷ ছপাশালৰ দেৱাল এখনত হাত
মেলিলেই ঢুকি পোৱাকৈ কাঠেৰে সজা সৰু সৰু খোলা বাকছ এগালমান থাকে৷ তাতে লোহাৰে নিৰ্মিত
অসমীয়া বৰ্ণ আৰু আ-কাৰ ই-কাৰ বিলাক মজুত থাকে৷ ‘কম্পৌজাৰ’ নামৰ ছপাশালৰ কৰ্মচাৰীজনে
পৃষ্ঠাটোৰ আকাৰৰ লোহাৰ সঁজুলি এটাত আখৰবিলাক এটাৰ পিছত এটাকৈ বুটলি আনি শাৰী এটাৰ
সৃষ্টি কৰে৷ ধৰাহওঁক ‘কালাম’ শব্দটো ছেট কৰিব লাগে৷ কম্পৌজাৰৰ চকু থাকে সমূখত মেলি
লোৱা কাগজখনৰ ওপৰত, য’ত ‘কালাম’ লিখা আছে৷ সোঁহাতটো নিজে নিজে গৈ আখৰটো তুলি আনে, তাৰ পিছত হাতটো
স্বয়ংক্ৰিয়ভাবে আ-কাৰডাললৈ যায়৷ ক-টোৰ হাঁকোটাডাল ঠিকদিশত বহিছে নে নাই বাওঁহাতৰ
তৰ্জনী আঙুলিটো পৰীক্ষা কৰে৷ ওখ টুল এখনত বহি লৈ কম্পৌজাৰজনে এই কামটো ইমান ক্ষীপ্ৰ
গতিত কৰি যায় থাকে যে চাই থাকি বৰ আমোদ লাগে৷ পেছাদাৰী টাইপিষ্টে যে কাগজ এখনত চকু
থৈ কি-বৰ্ড নোচোৱাকৈয়ে টাইপ কৰি যাব পাৰে আৰু টাইপিং নিশিকালোকে যে কি-বৰ্ডখনত এ,
বি, চি, ডি ক’ত আছে বিচাৰি থাকিব লাগে - কথাটো তেনেকুৱা৷ এটা শব্দ সাজি হোৱাৰ পাছত লাহে লাহে এটা শাৰীৰ
নিৰ্মাণ হয়৷ তাৰ পিছত এটা শাৰীৰ ওপৰত আন এটা শাৰী খাজত বহি গৈ থাকে, শেষত এটা পৃষ্ঠাৰ
সৃষ্টি হয়৷ লোহাৰ ফৰ্মাটোৰ এটামূৰে সৰু নব-এটা থাকে, সেইটো পকাই দিলে আখৰবিলাক নিকপকপীয়াকৈ
খাপ খাই পৰে – পৃষ্ঠা ৰেডি! এই ফৰ্মাটো ছপাশালটোৰ চলাব পৰা অংশটোত খাপ খুৱাই দিয়া
হয়৷ মেচিনটো চলাই দিয়াৰ লগে লগে এই ফৰ্মাটোৱে ছপাশালৰ টেবুলখনৰ কোমল সমতল অংশটোত
কেই ছেকেণ্ডমানৰ মূৰে মূৰে ঢকা একোটা মাৰে৷ এই ঢকা পৰা অংশটোত বগা কাগজ এখন দি দিলেই
পৃষ্ঠাটো ছপা হৈ ওলায় আহে৷
প্ৰথম
ঢকাটোৰ দ্বাৰা ছপা হোৱা প্ৰথম কাগজখন পৰীক্ষা কৰা কাৰ্যটোৰ নাম - প্ৰুফ চোৱা৷ কেতিয়াবা
আখৰবিলাক লগাই যাওঁতে ভুল হ’ব পাৰে; যেনে, ‘কলম’-টো লগাওঁতে অসাৱধানতাবশতঃ ‘পলম’ হৈ
গ’ল – লগে লগে কম্পৌজাৰজনে ‘প’-টো চেপেনা এডালেৰে টান মাৰি উলিয়াই আনি ‘ক’-টো লগাই
সৰু হাঁতুৰী এটাৰে টোকৰ কেইটামান মাৰি দিলেই
ভুলটো শুদ্ধ হৈ যায়৷ কেতিয়াবা আকৌ ‘অসভ্য’ বা ‘অনিয়মীয়া’-ৰ দৰে শব্দ একোটা শুদ্ধকৈ
গাঠি দিয়াৰ পাছতো ছপা হওঁতে শব্দটো ‘সভ্য’ বা ‘নিয়মীয়া’ হৈ যাব পাৰে৷ তেনে হলে সেই
সৰু হাঁতুৰীটোৰে পাছফালে অ-টোত টোকৰ এটা মাৰি দিলেই অ-টো জিলিকি উঠে৷ প্ৰুফ প্ৰস্তুত
হোৱাৰ পিছত ছপাশালৰ কৰ্মচাৰী এজনে একাষে থিয় হৈ টেবুলখনৰ ঢকা পৰা ঠাইখিনিত উকা কাগজৰ
পাতবোৰ এখিলাৰ পাছত এখিলা ছন্দোৱদ্ধ গতিত
পাৰি গ’লেই পৃষ্ঠাটো ছপা হৈ ওলায় থাকে৷ আখৰবিলাকৰ ৰং যেতিয়া শেঁতা হৈ আহে – তেতিয়া
পাত্ৰ এটাত চিয়াঁহী অলপ বাকি দিব লাগে, ৰং আকৌ উজ্জ্বল হৈ পৰে!
অফ্ছেট্
নামৰ ছপাশালবিধ অহাৰ লগে লগে এনে ধৰণৰ ছপাশাল দেখিবলৈ নাইকিয়া হৈ গ’ল৷
আমি
ছাৰৰ ঘৰলৈ গৈছিলো লটাৰী টিকট বেচিবলৈ৷ কিছুসময় চুচুক-চামাক কৰি থকাৰ পিছত ছাৰৰ গাৱঁৰে
আমাৰ সহপাঠী ৰূপকে সাহস দিলে – আহ, একো নহয়, মই কথা পাতিম, তহঁত মনে মনে থাকিবি৷ ছাৰৰ
ভতিজা জী মাইনু মোৰ সহপাঠী, তাইৰ সমূখতে ছাৰে কিবা ক’লে বা পঢ়াৰ কথা সুধিলে মোৰ
নাক কটা যাব৷ সেয়ে মই দলটোত “ছেকেণ্ড ক্লাছ চিটিজেন” হিচাপেই থাকিম বুলি ঠিক কৰিলো৷
পৰ্টিকৰ
দুৱাৰখন খোলা, সেইজীয়া পৰ্দাৰ ফাকেৰে ভিতৰলৈকে জুমি চাব পাৰি – দেখি থকাত কোনো নাই!
-
ছাৰ, আছেনে? – ৰূপকে গম্ভীৰ সুৰৰ মাত এটা
উলিয়াই আৱাজ দিলে৷ ঠিক তেনেতে আমাৰ ক্লাছৰ শেষৰ বেঞ্চত বহা সুজিতে তাৰ চাইকেলখনৰ টিলিঙাটো
বজাই দিলে৷ আটাইকেইটাই হাই হাই কৰি উঠিল – খবৰদাৰ!
দক্ষিণ
ভাৰতীয়ই পিন্ধাৰ দৰে ধুতী এখন লুঙীৰ দৰে পিন্ধি হাতত আধা পঢ়া বাতৰি কাকজখন লৈ খৰা
হাতৰ চোলা পিন্ধা ছাৰ আমাৰ আগলৈ ওলাই আহিল৷ আমাক দেখি আচৰিত হৈ মাতিলে – অ, তহ’ত আহিলি,
সোমাই আহ!
-
বহ, কি সকামত বা আহিলি?
স্কুলত
বেঞ্চত বহাৰ বাদে ছাৰৰ আগত বহি পোৱা নাই৷ ছাৰ বহাৰ পাছত, তিনিজন বহিব পৰা আসনখনত আমাৰ
চাৰিটা, কুছনখনৰ মাজত দগমগীয়া আঙঠা থাকিলে যেনেকৈ বহিলোহেঁতেন তেনেকৈ আঁঠুত আঁঠু লগাই
বিশুদ্ধ দন্ত্য দ-ৰ দৰে বহাৰ নিচিনা কৰিলোঁ৷ ৰূপকেই আৰম্ভ কৰিলে –
-
ছাৰ, আমাৰ কৃষ্টি সংঘই লটাৰী খেল এখনৰ আয়োজন
কৰিছে, আপোনাক লটাৰী টিকট এটা, মানে কেইটামান দি যাওঁ বুলি আহিলোঁ৷
-
কি কি পুৰস্কাৰ ৰাখিছ, চাঁও? লটাৰীৰ ৰছিদ বহী এখন হাতত লৈ ছাৰে সুধিলে৷
-
টিকটটোৰ পিছফালে পুৰস্কাৰ বিলাক দি দিছোঁ,
ছাৰ ৷ সুজিতে টেপেৰ্-কৈ মাত লগালে৷
ছাৰে
আমি শুনাকৈ ফুটাই পঢ়ি গ’ল - প্ৰথম পুৰস্কাৰ – হাম্বাৰ চাইকেল, বৰ ভাল কথা অ’, বাইশ
নে ছবিশ ইঞ্চি, হব দে, মোৰ চাইকেলখনো পুৰণা হৈছে, ভালেই হ’ব! দ্বিতীয়? - অ’ দ্বিতীয় পুৰস্কাৰ টেবুল ফেন, মই ফেন
এখন লোৱাৰ কথা ভাবিয়েই আছিলো৷ তৃতীয় একা..?
নাভূত-নাশ্ৰুত
কিবা দেখাৰ দৰে চকুদুটা ছাৰে হঠাতে ঘোপা কৰিলে, আমাৰ আপাদমস্তক এবাৰ নিৰীক্ষণ কৰিলে,
তাৰপাছত আম্বেদকাৰৰ মুৰ্তিটোৰ দৰে সোঁহাতৰ তৰ্জনী আঙুলিটো আমালৈ টোৱাই ঢেৰেকণি
মাৰি উঠিল - তহঁত এতিয়াই মোৰ ঘৰৰ পৰা ওলা, মোৰ চকুৰ আঁতৰ হ, ওলা বুলিছো নহয়, তহঁতক
মই ……!
কিংকৰ্তব্যবিমূঢ়
হৈ আমি এখন্তেক দৰক লাগিছিলো, পিছমূহূৰ্ততে পৃষ্ঠভংগ দিয়াই মঙ্গল বুলি এক্কেকোবে
উচাট মাৰি আহি ছাৰৰ চৌহদৰ বাহিৰ পালোঁহি৷ ছাৰে চকু ঘোপা কৰোঁতেই ৰুপকে ৰছিদ বহীখন
নিজৰ হাতলৈ আনি লৈছিল৷ আমি আটাইকেইটাই একেলগে চালোঁ – ক’ত কি ভুল হ’ল!
তৃতীয় পুৰস্কাৰৰ লগত থকা শব্দটোৰ
সমূখৰ ই-আখৰটো বহীখনত ছপা নহ’ল৷ প্ৰুফ চাওঁতে কম্পৌজাৰে আখৰটোৰ পিছফালে টোকৰ এটা
মাৰিব লাগিছিল, নামাৰিলে৷ তৃতীয় পুৰস্কাৰ – স্ত্ৰী ! আচলতে শব্দটো আছিল –ইস্ত্ৰী!
(“জীৱন বাটৰ
ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত
– অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এই কাহিনীটো মনত পেলাই দিলে কবি সিদ্ধাৰ্থ শংকৰ কলিতাই৷ “জীৱন বাটৰ ৰস”-ৰ যিকোনো
এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব – http://utpalbaruah.blogspot.com)
No comments:
Post a Comment