Thursday, February 1, 2018

জীয়াই থকাৰ প্ৰশিক্ষণ - সাদিন, ২ ফেব্ৰুৱাৰী, ২০১৮ সংখ্যাৰ ১১ নং পৃষ্ঠা




জীয়াই থকাৰ প্ৰশিক্ষণ

আজিকালি দিনটোৰ যিকোনো সময়তে আকাশ মাৰ্গৰ ক’ত কেইখন বিমান উৰি আছে তাক পোনে পোনে দেখাৰ সুবিধা হৈছে৷ অৰ্থাৎ আপোনাৰ চিনাকি কোনোবা যদি ক’ৰবাৰ পৰা আহিব লগা আছে আৰু আপুনি যদি বিমানখনৰ নম্বৰটো জানে তেতিয়াহলে আপোনাৰ কম্পিউটাৰ বা মোবাইলৰ পৰ্দাত তেখেত আহি থকা বিমানখনৰ দৃশ্যটো চাই থাকিব পাৰে৷ পৃথিৱীৰ ব্যস্ত বিমানকোঠ একোটাৰ ওপৰত দিনটোৰ কোনোবাটো সময়ত উৰি থকা বিমানৰ সংখ্যা দেখিলে আচৰিত মানিব লাগে! আমাৰ দেশৰ ৰাজধানী দিল্লীতে আজিকালি দৈনিক পাঁচশখন বিমানৰ আগমণ আৰু প্ৰস্থান হয়৷ দৈনিক অহা-যোৱা কৰা ইমানবোৰ বিমান তলত বহি থকা মাত্ৰ কেইজনমান লোকে কেনেকৈ পৰিচালনা কৰে? তেওঁলোকৰ ভুল হোৱাৰ সম্ভাৱনা থাকেনে নাথাকে? ইমান নিখূঁটকৈ বিমান এখন এক নিৰ্দিষ্ট গতিপথত পৰিচালনা কৰি আনি সুৰক্ষাৰে অৱতৰণ কৰোৱাটো টান কথা নহয় নেকি? যদি ধনী দেশত বিলাসী যন্ত্ৰ প্ৰয়োগ কৰি এই কাম কৰা হয় তেনেহলে দুখীয়া দেশত বিমান দুৰ্ঘটনা বেছিকৈ নহয় কিয়? কি মন্ত্ৰৰ প্ৰভাৱত আকাশত একেলগে শ শ বিমান উৰি থকাৰ পিছতো বিমান যাত্ৰাই আজিৰ দিনত আটাইতকৈ সুৰক্ষিত আৰু নিৰ্ভৰযোগ্য পৰিবহন ব্যৱস্থা?

এই আটাইকেইটা প্ৰশ্নৰ উত্তৰ বিচাৰি গৈ থাকিলে আপুনি অৱশেষত জানিব পাৰিব যে বিমান পৰিবহন ব্যৱস্থাটো সামগ্ৰিক ভাবে নিয়ন্ত্ৰণ কৰে ৰাষ্ট্ৰসংঘৰ এটা বিশেষ বিভাগে, নাম আন্তঃৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিববহন সংস্থা বা International Civil Aviation Organization (ICAO)৷ ৰাষ্ট্ৰসংঘৰ ১৯৩ খন সদস্য ৰাষ্ট্ৰৰ ভিতৰত ১৯২ খন দেশেই এই বিমান পৰিবহন ব্যৱস্থাটো মানি লৈ নিজ নিজ দেশৰ কাৰ্যপদ্ধতি নিৰ্ধাৰণ কৰিব লাগে৷ এই সংস্থাটোৱে বিমান পৰিচালনা ব্যৱস্থাটোৰ লগত জড়িত ব্যক্তিসকলক প্ৰশিক্ষণ দিবৰ বা্বে ‘পানী সৰকিব নোৱাৰা’ এটা নিখূঁট পদ্ধতি ব্যৱহাৰ কৰে৷ পৃথিৱীৰ আটাইবোৰ দেশতে একে কামৰ বাব একে পদ্ধতি আৰু একে প্ৰক্ৰিয়া ব্যৱহাৰ কৰা হয়, আনকি এই কামৰ বাবে ব্যৱহাৰ কৰিব লগা শব্দ আৰু তাৰ  উচ্চাৰণো সমগ্ৰ পৃথিৱীতে একে৷ বিমান পৰিবহন ব্যৱস্থাত সততে ব্যৱহাৰ হোৱা এটা বাক্য হৈছে – There is no second chance, ভুল শুধৰাবৰ সুবিধা দুনাই নাহে! সেয়ে, বিমান পৰিবহনৰ লগত জড়িত সকলো কৰ্মচাৰীক এনেকৈ প্ৰশিক্ষণ দিয়া হয় বা সকলো যন্ত্ৰপাতি এনেকৈ নিৰ্মান আৰু পৰিচালনা কৰা হয় যে সুৰক্ষাৰ বিষয়টোৰ লগত কদাপিও অকণো আপোচ কৰা নহয়!

সাম্প্ৰতিক সময়ত এটা অতি আৱশ্যকীয় কামৰ বাবে (বিমান পৰিবহন) উপযুক্তলোকক গঢ় দিবলৈ ব্যৱহাৰ কৰা এই প্ৰশিক্ষণ প্ৰনালীটোৰ নাম – ট্ৰেইনএয়াৰ প্লাছ্ (TRAINAIR PLUS)‌৷ ট্ৰেইনএয়াৰ প্লাছে এজন কৰ্মচাৰীক দক্ষ আৰু যোগ্য কৰি গঢ়ি তোলা প্ৰক্ৰিয়াটোৰ তিনিটা দিশত বিশেষভাবে গুৰুত্ব দিয়ে - Knowledge বা জ্ঞান, Skill বা দক্ষতা আৰু Attitude বা দৃষ্টিভঙ্গী৷ এই তিনিওটাকে একেলগ কৰি KSA বুলি কোৱা হয়৷ এই তিনিওটা উপাদানৰ সম অনুপাতেহে এজন দক্ষ কৰ্মচাৰীক তৈয়াৰ কৰিব পাৰে৷ এই তিনিওটাৰ এটাও যদি কম থাকে তেনেহলে ইপ্সিত ফল পাব পৰা নাযায়৷ তিনিটা পৰ্যায়ত সমাপ্ত কৰিব পৰা এনে প্ৰশিক্ষণত মুঠতে সাতটা স্তৰ আছে৷ প্ৰথম স্তৰটো হৈছে কি উদ্দেশ্যে প্ৰশিক্ষণৰ প্ৰয়োজন হৈছে আৰু কেনেকৈ সেই উদ্দেশ্য পূৰণ হোৱা বুলি সিদ্ধান্ত ল’ব পৰা যাব, সেয়া পোনতেই নিৰ্ধাৰণ কৰি লোৱাটো৷ স্তৰ দুই - এই কামৰ বাবে কি জ্ঞান, দক্ষতা আৰু দৃষ্টিভংগীৰ প্ৰয়োজন সেইয়া ঠিক কৰা৷  তৃতীয় স্তৰ – প্ৰশিক্ষণৰ আগতে প্ৰশিক্ষাৰ্থী আৰু কৰিব লগা কামটো সম্পৰ্কে বিস্তৃত অধ্যয়ন৷ ইয়াতে প্ৰথম পৰ্যায়টো শেষ হয় ৷ দ্বিতীয় পৰ্যায় আৰম্ভ হয় প্ৰশিক্ষণৰ বিষয়সূচী (Design of Curriculum) নিৰূপণেৰে – স্তৰ চতুৰ্থ৷ পঞ্চম স্তৰত পাঠ্যক্ৰম প্ৰস্তুতি ( Design of Modules)৷ ষষ্ঠ স্তৰ – প্ৰশিক্ষণৰ বাবে প্ৰয়োজনীয় সকলো সামগ্ৰীৰ শেষ প্ৰস্তুতি আৰু সম্পৰীক্ষা (Production & Developmental Testing)৷ দ্বিতীয় পৰ্যায় সমাপ্ত৷ শেষ পৰ্যায় আৰু সপ্তম স্তৰটো হৈছে কানাডাৰ মন্ট্ৰিয়েলত থকা আন্তঃৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিববহন সংস্থাৰ কাৰ্যালয়ৰ পৰা অনুমতি প্ৰদান৷

এটা সহজ উদাহৰণ লৈ স্তৰকেইটা আলোচনা কৰিলে বুজিবলৈ সহজ হ’ব৷ ধৰাহওঁক চিলাই মেছিন চলাবলৈ এটা প্ৰশিক্ষণৰ প্ৰয়োজন৷ ট্ৰেইনএয়াৰ পদ্ধতিৰে তাৰ বাবে এটা প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগে৷ প্ৰথম স্তৰ – এই প্ৰশিক্ষণৰ পিছত প্ৰশিক্ষাৰ্থীয়ে ছিংগাৰ কোম্পানীয়ে প্ৰস্তুত কৰা এটা চিলাই মেছিনত তিনি ধৰণৰ চিলাই, মিনিটচ অন্তত দুই মিটাৰকৈ প্ৰস্তুত কৰিব পাৰিব লাগিব৷ দ্বিতীয় স্তৰ – এই কামৰ বাবে প্ৰশিক্ষাৰ্থীৰ থাকিব লগা জ্ঞান (Knowledge) হৈছে – বিভিন্ন ধৰণৰ কাপোৰ, সূতাৰ ধৰণ, প্ৰকাৰ আৰু গুণ, বিভিন্ন প্ৰকাৰৰ বেজী, চিলাইৰ ধৰণ, মেচিনৰ বেগ, চিলোৱাৰ দিশ ইত্যাদি৷ দক্ষতা (Skill) হৈছে- কাপোৰ চিনাক্ত কৰিব পৰাৰ ক্ষমতা, কটাৰ কৌশল আয়ত্ব, পোন আৰু বেকাকৈ কাটিব পৰাৰ দক্ষতা, বিভিন্ন বেগত মেচিন চলাব পৰাৰ ক্ষমতা ইত্যাদি ৷ দৃষ্টিভংগী (Attitude) হৈছে – কলাসন্মতভাবে কাপোৰ আৰু ৰঙৰ নিৰ্বাচন, চিলোৱাৰ ষ্টাইল নিৰ্ধাৰণ, এই বিষয়টো সম্পৰ্কে নতুন কথা শিকাৰ আগ্ৰহ, হব পৰা সম্ভাৱ্য মেচিনটোৰ বিজুতিৰ প্ৰতি সচেতনতা ইত্যাদি৷ তৃতীয় স্তৰত প্ৰশিক্ষণ লব লগা প্ৰশিক্ষাৰ্থীসকল কেনে পৰ্যায়ৰ আৰু তেওঁলোকৰ বুদ্ধিমত্তা আদিৰ ওপৰত কিছু অধ্যয়ন কৰি লোৱা হয়৷ চতুৰ্থ স্তৰ – এই কথাখিনি শিকোৱাৰ বাবে কিমান দিনৰ পাঠ্যক্ৰমৰ প্ৰয়োজন, প্ৰথমে কাপোৰৰ জ্ঞান নে ৰঙৰ জ্ঞান নে চিলাইৰ জ্ঞানৰ প্ৰয়োজন, কোনটোৰ পিছত কোনটো শিকোৱা উচিত, পাঠ্যক্ৰমৰ মাজত শিকাৰ অগ্ৰগতিৰ কথা বুজিবলৈ কেতিয়া আৰু কেইবাৰ পৰীক্ষা লোৱাৰ প্ৰয়োজন ইত্যাদি৷ পঞ্চম স্তৰ – প্ৰশিক্ষণৰ বাবে লগা সামগ্ৰীৰ প্ৰস্তুতি, কিতাপ, কাপোৰৰ নমুনা, সূতাৰ নমুনা, প্ৰেক্টিকেলৰ বাবে এটা চিলাই মেছিন, এজন দক্ষলোকে দেখুৱাই দিয়া ডেমনষ্ট্ৰেচন্‌, পৰীক্ষাৰ পদ্ধতি নিৰ্ধাৰণ ইত্যাদি৷ ষষ্ঠ স্তৰত এই গোটেই প্ৰক্ৰিয়াটো এবাৰ হাতে কামে কৰি প্ৰশিক্ষণটো অনুষ্ঠিত কৰি চোৱা হয়৷ তাৰ পিছত এই গোটেই আঁচনিখন এটা নিৰ্দিষ্ট পদ্ধতিত প্ৰস্তুত কৰি প্ৰশিক্ষণ আৰম্ভ কৰিবৰ বাবে অসামৰিক বিভাগৰ মূল কাৰ্যালয়লৈ আবেদন জনাব লাগে৷ বৈজ্ঞানিকভাবে অনেক পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত অসামৰিক বিমান পৰিবহন বিভাগে গ্ৰহণ কৰি প্ৰয়োগ কৰা ই এটা অতি ফলপ্ৰসূ প্ৰশিক্ষণ পদ্ধতি৷ এই পদ্ধতিৰেই বিমান পৰিবহন ব্যৱস্থাৰ লগত জড়িত লোকসকলক কামৰ বাবে প্ৰস্তুত কৰা হয়৷

মই এই পদ্ধতিটো আন এটা কামত লগোৱাৰ কথা প্ৰায়েই ভাবি থাকোঁ৷ মোৰ দৃঢ় বিশ্বাস, একমাত্ৰ জ্ঞান আৰু প্ৰকৃত শিক্ষাইহে এটা জাতিক উন্নতিৰ শিখৰলৈ লৈ যাব পাৰে৷ সেয়ে শৈক্ষিক বিষয়ত যদি উত্তৰণ নহয়, তেনেহলে আন কোনো কাৰকে আমাক উন্নতিৰ শিখৰত বেছি দিন ধৰি ৰাখিব নোৱাৰে৷ পৃথিৱীৰ আগশাৰীৰ দেশৰ লগত ফেৰ মাৰিব পৰাকৈ আমি এটা শিক্ষা পদ্ধতি আৰু প্ৰশিক্ষণ প্ৰক্ৰিয়া গঢ় দিব নোৱাৰোনে? স্তৰ এক- অসমৰ অসমীয়া স্কুলৰ পৰা পাছ কৰা প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়েই অসমীয়া, ইংৰাজী আৰু হিন্দী ভাষাত সলসলীয়াকৈ কথা ক’ব পাৰিব, তেওঁলোকৰ প্ৰজ্ঞা (IQ), মানসতা (EQ), স্বাস্থ্য (PQ) আৰু আৰু আধ্যাত্মিক (SQ) বিকাশৰ মান (Holistic Development) দেশৰ যিকোনো ঠাইৰ ছাত্ৰ-ছাত্ৰীতকৈ উৰ্ধত থাকিব৷ প্ৰশাসনীয় পৰীক্ষাত সফল হোৱা ত্ৰিশ শতাংশতকৈও অধিক ছাত্ৰ-ছাত্ৰী আমাৰ অসমৰ হ’ব৷ স্তৰ দুই- অসমৰ বিশ্ববিদ্যালয় আৰু বচা বচা গুণীলোকৰ এখন কমিটিয়ে ইয়াৰ বাবে প্ৰয়োজন হোৱা জ্ঞান, দক্ষতা আৰু দৃষ্টিভংগীৰ এখন তালিকা কৰিব৷ স্তৰ তিনি – আমাৰ ৰাজ্যৰ বিভিন্ন ঠাইত থকা স্কুলবোৰত এই পদ্ধতি কেনেকৈ প্ৰয়োগ কৰা হ’ব সেই সম্পৰ্কে বস্তুনিষ্ঠ অধ্যয়ন কৰি আঁচনি প্ৰৱৰ্তন হ’ব৷ আঁচনিখনে সকলো ঠাইৰ স্কুলবোৰ সামৰি ল’ব৷ স্তৰ্ চাৰি- প্ৰজ্ঞা, মানসতা, স্বাস্থ্য আৰু আধ্যাত্মিক বিকাশ, এই চাৰিওটা দিশৰ সৰ্বাঙ্গীন উন্নতিৰ বাবে পাঠ্যক্ৰম প্ৰস্তুত কৰা হ’ব৷ স্তৰ পাঁচ- প্ৰতিটো শ্ৰেনীৰ বাবে বিষয়সুচী আৰু পাঠদানৰ আহিলা নিৰ্ধাৰিত হ’ব৷ স্তৰ ছয়- শিক্ষকসকলক প্ৰথমে প্ৰস্তুত কৰি লোৱা আঁচনিৰে এই নতুন ব্যৱস্থা অসমত প্ৰৱৰ্তন হ’ব৷


মোৰ দৃঢ় বিশ্বাস, মাত্ৰ একুৰী বছৰৰ ভিতৰতে এনে এখন আঁচনিয়ে অসমৰ শিক্ষা জগতলৈ আমূল পৰিৱৰ্তন কঢ়িয়াই আনিব পাৰিব৷ সততে অস্তিত্বৰ সংকটত ভুগি থকা অসমৰ সকলো বাসিন্দাৰ বাবেই এনে এখন আঁচনি হ’ব পাৰে জীৱন যুদ্ধত জীয়াই থকাৰ প্ৰশিক্ষণ৷


No comments:

Post a Comment