Saturday, November 18, 2023

প্ৰগতি আৰু পৰিকল্পনাৰ সংযোগসুত্ৰ – থ্ৰী বক্স থিয়ৰিঃ প্ৰান্তিক ১৬-৩০ নৱেম্বৰ সংখ্যাত প্ৰকাশিত





প্ৰগতি আৰু পৰিকল্পনাৰ সংযোগসুত্ৰ
থ্ৰী বক্স থিয়ৰি


আজিকালি ব্যৱসায় ব্যৱস্থাপনাৰ (Business Management) বিভিন্ন দিশৰ ওপৰত ন ন গৱেষণা চলিয়েই থাকে। কোনোবা এটা প্ৰতিষ্ঠানে কি কি গুণৰ প্ৰভাৱত দিনে দিনে সফলতা আৰু ঐশ্বৰ্যৰ শিখৰলৈ গতি কৰে আৰু কি কি দিশৰ প্ৰতি লক্ষ্য নাৰাখিলে একোটা ব্যৱসায়ৰ এদিন পৰিসমাপ্তি ঘটে তাৰ ওপৰত পৃথিৱীৰ বহুদেশে গৱেষণা  কৰি আছে। এসময়ত ফটো বুলিলেই মনত ভাঁহি উঠা ‘কোডাক’, ‘কণিকা’ ফিল্মৰ সেই চিনাকি ছবিখন আজিকালি হেৰাই গ’ল কিয়? কুৰী শতিকাত একক ভাৱে ফটোগ্ৰাফি ব্যৱসায়ত অপ্ৰমাদি হৈ থাকি যিটো প্ৰতিষ্ঠানে ডিজিটেল কেমেৰা আৱিষ্কাৰ কৰি ফটো ব্যৱসায়ত দপদপাই আছিল সেইটো কম্পেনী ২০১২ চনৰ পৰা দেখিবলৈ নোপোৱা হৈ গ’ল! ‘নকিয়া’ নামৰ কম্পেনীটোক মোবাইল সেৱাৰ বাটকটীয়া বুলিও ক’ব পাৰি। ১৯৯০ ৰ পৰা ২০০০ চনলৈ নকিয়া মোবাইলৰ সমকক্ষ কোনো নাছিল। ২০০৮ চনত আই-ফোন বজাৰলৈ আহি যোৱাৰ লগে লগেই নকিয়াৰ নাম ক্ৰমশঃ নিস্তেজ হৈ আহিল। আজিৰ তাৰিখত নকিয়া জনপ্ৰিয় মোবাইলৰ তালিকাত নাহেই। তেনেকৈয়ে প্ৰায় নিশকটীয়া হৈ জীয়াই আছে ‘মট’ৰলা’ নামৰ মোবাইল কোম্পানীটো! আজিৰ পৰা কুৰি বছৰৰ আগতে ভাৰতৰ আকাশত ভুমুকি মৰা ‘কিংফিছাৰ’ এয়াৰলাইনৰ তুলনা নাছিল। এতিয়া কোম্পানীৰ মালিকেই পলাতক! ‘চেভ্ৰলেট’ নামৰ মটৰ কোম্পানীটোৱে এসময়ত ভাৰতবৰ্ষত ভাল ব্যৱসায় কৰি আছিল। ‘মাৰুতি-ছুজুকি’ আৰু ‘হোন্দা’-ৰ আগ্ৰাসনত ২০১৭ চনত কোম্পানীটোৱে আমাৰ দেশত চেভ্ৰলেট ব্যৱসায়ৰ তলা লগাবলৈ বাধ্য হ’ল। আজিৰ পৰা ১০০ বছৰ আগৰ সময়ছোৱাৰ সফলতাৰ শীৰ্ষত থকা ১০খন বিশ্ববিদ্যালয়ৰ তালিকা এখন প্ৰস্তুত কৰিব লগা হলে প্ৰায় আটাইকেইখনেই ইউৰোপৰ বিশ্ববিদ্যালয়ৰ নাম সোমালহেঁতেন। জাৰ্মানীৰ বিশ্ববিদ্যালয়ৰ সংখ্যাই আটাইতকৈ বেছি থাকিলহেঁতেন। আমেৰিকাৰ এখনো নাথাকিলহেঁতেন। আৰু বৰ্তমান সময়ৰ ১০ খন বিশ্ববিদ্যালয়ৰ নাম প্ৰস্তুত কৰিব লগা হলে, আধাৰো অধিক সোমাব আমেৰিকাৰ বিশ্ববিদ্যালয়ৰ নাম। জাৰ্মানীৰ হয়তো এখনো নোসোমাব। কিয়? যোৱা ১০০ বছৰত আমেৰিকাই কি কৰিলে যিটো জাৰ্মানীয়ে কৰিব নোৱাৰিলে! এই ধৰণৰ বিফলতাৰ তালিকাখন দীঘল। একালৰ বৃন্দাৱন একালত পৰে চন! কিয় এনে হয়? কোনটো দিশৰ প্ৰতি কৰা অৱহেলাই এই প্ৰতিষ্ঠানবিলাকৰ ধ্বংস মাতি আনে? কি দিশৰ প্ৰতি থকা তীক্ষ্ণ নজৰে এটা কোম্পানীক প্ৰতিদণ্ডীসকলক পাছ পেলাই প্ৰগতিৰ জখলাত আগুৱাই যাবলৈ সহায় কৰে? কি সেই অমোঘ পৰিকল্পনা? কি সেই প্ৰগতিৰ গুপুত মন্ত্ৰ?


আমেৰিকাৰ এটা জনপ্ৰিয় প্ৰতিষ্ঠানে গৱেষণা কৰি পাইছে যে এটা কোম্পানী বা প্ৰতিষ্ঠানৰ উত্তৰোত্তৰ প্ৰগতি আৰু বৰ্তমানৰ সাফল্যক সামগ্ৰিকভাবে তিনিধৰণৰ বান্ধোনেৰে বান্ধি ৰাখিব পাৰি, অৰ্থ্যৎ তিনিটা বাকচত আৱদ্ধ কৰি ৰাখিব পাৰি। তেওঁলোকে এইটোক “থ্ৰি বক্স থিয়ৰি” বুলি কৈছে। সেই তিনিটা বাকচৰ প্ৰতিটোৰে এটা প্ৰতিষ্ঠানৰ অগ্ৰগতিত গুৰুত্ব অপৰিসীম। বৰ্তমান আৰু ভৱিষ্যতৰ সফলতাৰ সঁচাৰ কাঠি সেই তিনিটা বাকচতে সোমাই আছে থ্ৰি বক্স থিয়ৰি!

 

সততে দেখা যায়, প্ৰায় সকলো প্ৰতিষ্ঠানেই এক নম্বৰ বাকচটোৰ ওপৰতেই আটাইতকৈ বেছি গুৰুত্ব দিয়ে। কোনো কোনো প্ৰতিষ্ঠানে প্ৰয়োজনতকৈও অধিক গুৰুত্ব দিয়া দেখা যায়। কিন্তু আমোদজনক কথা ভৱিষ্যতৰ সফলতা আৰু পৰিকল্পনাৰ লগত এক নম্বৰ বাকচৰ কোনো সম্পৰ্কই নাই।  ভৱিষ্যতৰ বিকাশ আৰু সফলতা নিশ্চিত কৰে বাকচ দুই আৰু তিনিয়ে। তিনি নম্বৰ বাকচটোৱে এটা প্ৰতিষ্ঠানত কেনে ধৰণৰ গুৰুত্ব পাইছে তাৰ ওপৰতে মূলতঃ নিৰ্ভৰ কৰে সেই প্ৰতিষ্ঠানটোৰ ভৱিষ্যতৰ সফলতা। দহ বছৰৰ পাছত প্ৰতিষ্ঠানটোৱে কেনে ধৰণৰ কাম কৰিব সেইটো নিৰ্ভৰ কৰে বৰ্তমান সময়ত তিনি নম্বৰ বাকচটোৰ ওপৰত প্ৰতিষ্ঠানটোৱে কিমান গুৰুত্ব আৰোপ কৰিছে তাৰ ওপৰত। আমোদজনক সুত্ৰ।

 

এক নম্বৰ বাকচটো হৈছে একোটা প্ৰতিষ্ঠানৰ বৰ্তমান সময়ৰ প্ৰতিদণ্ডীৰ সৈতে কৰিব লগা হোৱা প্ৰতিযোগিতা। ব্যৱসায়ত টিকি থাকিবৰ বাবে অপৰিহাৰ্য দক্ষতাৰ বাবে কৰিব লগা সংগ্ৰাম। প্ৰতিদণ্ডীসকল যদি আগবাঢ়ি গুচি যায়, আসন্ন পৰাজয় নিশ্চিত। এইটো সহজেই বোধগম্য যে তাৰ বাবে কৰিব লগা পৰিকল্পনা, ব্যয় সকলো কৰিবলৈ সততে সকলো প্ৰতিষ্ঠানেই আগ্ৰহী। আমোদজনক কথাটো হ’ল, এই এক নম্বৰ বাকচটোক লৈ ব্যস্ত হৈ থাকোঁতেই প্ৰতিষ্ঠানসমূহে দুই আৰু তিনি নম্বৰ বাকচটোলৈ সাধাৰণতে পাহৰি থাকে। ইয়েই হৈ পৰে এসময়ত সৰ্বনাশৰ মূল কাৰণ। দুই নম্বৰ বাকচটো হৈছে সময় সাপেক্ষে প্ৰচলিত বিশ্বাস, ধাৰণা, নিয়ম, পৰম্পৰা আদিক উচিত সময়ত বিসৰ্জন দিব পৰা ক্ষমতা। ভালকৈ চলি থাকিলেই একোটা নিয়ম সদায় খামোচ মাৰি ধৰি থাকিব নালাগে। সময়ৰ লগত খাপ খুৱাই পুৰণিক বিসৰ্জন নি নতুনক আদৰি ল’ব পৰা ক্ষমতাৰ কথা কোৱা এইটোৱেই হৈছে এই সুত্ৰৰ দ্বিতীয় বাকচটো। আটাইতকৈ আৱশ্যকীয় কিন্তু এলাগী হৈ থকা বাকচটোৱেই হৈছে তিনি নম্বৰটো। সেইটো বাকচে দহ বছৰৰ পাছত কি হব পাৰে, কেনে ধৰণৰ পৰিকল্পনাৰ প্ৰয়োজন হ’ব সেইকথা এতিয়াই গৱেষণা কৰি ঠিৰাং কৰিব লাগে। ভৱিষ্যতৰ কথা কোনেও ক’ব নোৱাৰে। কিন্তু আমোদজনক কথা এই গৱেষণাৰ বাবে প্ৰয়োজনীয় আগ্ৰহ, ব্যয়, সমল আদিৰ ভূ ৰাখিবলৈ সাধাৰণতে কাৰো সময় নাথাকে, প্ৰতিষ্ঠানসমূহ ব্যস্ত হৈ থাকে এক নম্বৰ বাকচটোক লৈ। তিনি নম্বৰ বাকচৰ প্ৰয়োজনীয়তা এলাগী হৈ পৰি ৰয়। এইটো বাকচৰ কথা ভ্ৰূক্ষেপ কৰিবলৈ আহৰি নাথাকিলেও প্ৰকৃত সত্যটো হৈছে এইটো বাকচৰেই দায়িত্ব থাকে ভৱিষ্যতৰ ভেটি নিৰ্মান কৰা! কেইটামান উদাহৰণেৰে কথাটো ফঁহিয়াই চাব পাৰি।

 

তিনি নম্বৰ বাকচটোৰ সু-প্ৰয়োগৰ অনেক উদাহৰণ আছে। বিশ্ববিখ্যাত কোম্পানী জেনেৰেল ইলেক্ট্ৰিকেলচৰ (General Electricals) কথা আমি সকলোৱেই জানো। স্বাস্থ্যখণ্ডত ব্যৱহাৰ হোৱা বহু যন্ত্ৰপাতি তেওঁলোকে নিৰ্মান কৰে। এক্সৰে’ মেচিন, চিটি স্কেন, এম-আৰ-আই, ইচিজি মেচিন আদি বিভিন্ন অপৰিহাৰ্য যন্ত্ৰ তেওঁলোকৰে সৃষ্টি। তেওঁলোকে যেতিয়া প্ৰথম প্ৰথম ইচিজি মেচিন তৈয়াৰী কৰিবলৈ ল’লে, তেওঁলোকে দেখিলে যে যন্ত্ৰটোৰ মূল্য অন্ততঃ বিশ হাজাৰ আমেৰিকান ডলাৰ। এনেধৰণৰ মেচিন সকলো দেশতে সকলো নাগৰিকৰ বাবেই উপলব্ধ কৰাটো সহজ কথা নহয়। অথচ সকলো দেশৰ নাগৰিকৰে হাৰ্ট এটাক হয়। সঠিক সময়ত ব্যৱহাৰ কৰিলে এইটো মেচিনে তেনে বহু ৰোগীক বচাব পাৰে। ভাৰতবৰ্ষ পৃথিৱীৰ দ্বিতীয় জনবহুল দেশ, বেছি ভাগ নাগৰিকেই গাৱঁত বাস কৰে। বিশ হাজাৰ আমেৰিকান ডলাৰৰ মেচিন এটা তেওঁলোকৰ ওচৰলৈ লৈ যাব পৰাটো অসম্ভৱ কথা। মেচিনটো চলাবলৈ লগা বিদুৎ সেৱাৰো অৱস্থা দেশখনত পুতৌলগা। মেচিনটোৰ পৰা ৰিপৰ্টটো উলিয়াই অনা কামটোও যথেষ্ট ব্যয় বহুল। কোম্পানীটোৱে সম্ভাৱ্য ব্যৱসায়ৰ সম্ভাৱনা চালিজাৰি চাই এটা সৰু, মাত্ৰ ৫০০ ডলাৰ ব্যয় কৰি ক্ৰয় কৰিব পৰা ইচিজি মেচিন তৈয়াৰ কৰিলে। বেটাৰীতে চলিব পাৰে, বিদ্যুতৰ প্ৰয়োজনেই নাই। এক ডলাৰত দহখন ৰিপৰ্ট উলিয়াব পাৰি। এনেধৰণৰ উদ্ভাৱনে জেনেৰেক ইলেকট্ৰিক নামৰ কোম্পানীটোক এটা বেলেগ পৰ্যায়লৈ গৈ গ’ল। সেইটো কোম্পানীৰ আশে পাশে থিয় হোৱাৰ সাহসো আন কম্পেনীয়ে কৰিব নোৱাৰিলে। হেচব্ৰৌ (Hasbro) নামৰ পুতলা কোম্পানী এটা আছে। সমগ্ৰ পৃথিৱীতে পুতলা ব্যৱসায়ত তেওঁলোকৰ আধিপত্য সুস্পষ্ট। ১৯৯৫ চনতে তেওঁলোকে গৱেষণা কৰি পালে যে ভৱিষ্যতে ইলেকট্ৰনিকছৰ আমূল বিকাশ হোৱাৰ সম্ভাৱনা আছে। পুতলা নিৰ্মানতো ইয়াৰ প্ৰয়োগ হোৱাৰ সম্ভাৱনা আছে। তেওঁলোকে তেতিয়াই কৰা পৰিকল্পনাই ২০০৫ চনত যেতিয়া বাস্তৱ ৰূপ পালে তেওঁলোকৰ প্ৰতিদণ্ডীসকলে নিজৰ নিজৰ সামগ্ৰীত ইলেকট্ৰনিকছ প্ৰয়োগ কৰাৰ কথা কল্পনাই কৰিব পৰা নাছিল। হেচব্ৰৌ প্ৰতিযোগীতাত বহুত আগুৱাই গ’ল।

 

এটা সাধাৰণ উদাহৰণেৰে “থ্ৰী-বক্স থিয়ৰী”-ক আৰু সৰলীকৃত কৰি আলোচনা কৰিব পাৰি। ধৰাহওঁক ডিপাৰ্টমেণ্ট ষ্ট’ৰ ব্যৱসায়। দোকানখন চলি থক সময়ত দোকানখনে লক্ষ্য ৰাখিব লাগিব য়ে একেধৰণৰ দোকানৰ তুলনাত তেওঁলোকৰ স্থান ক’ত? তুলনামূলক অৱস্থান কেনেকুৱা? দোকানত বিক্ৰি কৰিবলৈ ৰখা সামগ্ৰী, দোকানৰ কৰ্মচাৰীসকলৰ ব্যৱহাৰ, দোকানখনত ব্যৱহাৰ কৰি থকা প্ৰযুক্তিবিদ্যা আদি সকলো দিশলৈ ব্যৱসায়ীজনে চকু ৰাখিব লাগিব। প্ৰতিদণ্ডীসকলৰ লগত তেওঁযে পাছ পৰি থকা নাই সেইয়া প্ৰতীয়মান হ’ব লাগিব। এইয়া এক নম্বৰ বাকচৰ কৰ্মসূচী। এইটো বাকচেই যদি দুৰ্বল হয় তেনেহলে ভৱিষ্যতৰ কথা অৰ্থাৎ বাকচ দুই আৰু তিনিৰ কথা পতা একেবাৰেই নিষ্প্ৰয়োজন। ধৰিলঁলো, দোকানখন ভাল চলিছে। গ্ৰাহকৰ সেইখন দোকান প্ৰথম পচন্দ। এনে অৱস্থাত দোকানখনৰ মালিকে যদি ভাবে এতিয়া আৰু চিন্তা কৰিব লগা একো নাই, তেনেহলে বুজিব লাগিব দুৰ্দিন সমাগত। “মাখিয়ে মিঠাই খাবলৈ” আৰু বেছি দিন নাই! দোকানখনৰ মালিকপক্ষই এনে জয়ময় দিনতে চিন্তা কৰিব পাৰিব লাগিব বাকচ দুই আৰু তিনিৰ কথা।প্ৰযুক্তিবিদ্যাৰ ঠাইত যদি কিবা নতুন প্ৰচলন হৈছে তালৈ তেওঁলোক আগ্ৰহী হয় নে নহয়, নে পুৰণি পদ্ধতিৰেই চলি যাম বুলি ভাবি আলাসতে চাং পাতি আছে। উদাহৰণ এটা লওঁ। দোকানখনত বিল দিয়াৰ বাবে কি বৰ্ডত টাইপ কৰি কৰি বস্তুবোৰৰ নাম লিখা সঁজুলিটোৱে ইমান  দিন ভাল কাম কৰি আহিছে। এইটো পদ্ধতিয়ে এটা ঘণ্টাত ২৫ জন লোকৰ গড় হিচাপত বিল দিয়াৰ কাম কৰিব পাৰে। কিন্তু দেখা গৈছে “ই-পছ” (EPOS- Electronic Point Of Sale) নামৰ এটা নতুন প্ৰযুক্তি বিদ্যা আহিছে। এইটো পদ্ধতিত গড় হিচাপত ৪০ জন লোকৰ বিল পৰিশোধ কৰিব পৰাৰ ক্ষমতা আছে আৰু প্ৰতিটো বিক্ৰিৰ হিচাপ এইটো পদ্ধতিয়ে নিখূঁটকৈ সাঁচি ৰাখিব পাৰে! বাকচ দুইৰ মতে দোকানখনে এই পদ্ধতিটো অতি সোনকালে উপলব্ধ কৰিব পাৰিব লাগে। পাৰিলে আনে ব্যৱহাৰ কৰাৰ আগতেই। তাৰবাবে প্ৰয়োজনীয় সমল, প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব পাৰিব লাগে। ভালকৈ কাম কৰি থকা সত্বেও পুৰণি সঁজুলিকেইটা আঁতৰাই থোৱাৰ পদক্ষেপ লোৱাৰ সাহস মালিকপক্ষৰ থাকিবই লাগিব। বাকচ তিনিৰ কৰ্মসূচী আটাইতকৈ এলাগী। ভৱিষ্যতলৈ এনে দোকানসমূহৰ ৰূপ কি হ’ব পাৰে সেই সম্পৰ্কে গৱেষণা কৰিবৰ বাবে দোকানখনৰ মালিকপক্ষই চিন্তাচৰ্চা কৰিছেনে? সেই কামৰ বাবে এক নিৰ্দ্দিষ্ট ধনৰাশি তেওঁলোকে হিচাপত লৈছে নে নাই? নে তেওঁলোকে সেই কামটো অৰ্থৰ অপব্যয় বুলি ভাবে? সকলো ব্যৱসায়তে তিনি নম্বৰ বাকচটোলৈ ভবিষ্যতে কি হ’ব পাৰে সেই সম্পৰ্কে অহৰত সংকেত আহিয়েই থাকে। বেছিভাগেই দুৰ্বল সংকেত, অৰ্থহীন। কিন্তু তাৰ মাজতে অৰ্থপূৰ্ণ সংকেতো থাকে। দোকনখনে সেইয়া বিচাৰি উলিয়াবলৈ কাম কৰিছেনে, সমৰ্থ হৈছেনে? দেখা গৈছে সম্প্ৰতি আমাৰ আগত থকা দেশবোৰত এনেবোৰ দোকনলৈ যোৱা মানুহৰ সংখ্যা দ্ৰুত গতিত কমি আহিছে। প্ৰয়োজনীয় বস্তুসমূহৰ সূচী ঘৰতে তৈয়াৰ কৰি গৃহিণীয়ে আজিকালি অনলাইন যোগে অৰ্ডাৰ দিয়ে। সেই অৰ্ডাৰ চায়েই দোকানসমূহে গৃহস্থক সামগ্ৰীৰ যোগান ধৰে। এনে ব্যৱস্থা আমাৰ দেশলৈও অহাৰ সম্ভাৱনা আছে নেকি? আছে যদি কেনেকুৱা প্ৰযুক্তি বিদ্যা তাত ব্যৱহাৰ হয়? কি কি সমলৰ প্ৰয়োজন হয়? প্ৰয়োজন হলে তেনে ব্যৱস্থা এটা চাই আহিবৰ বাবে দোকানৰ মালিকপক্ষই ছিংগাপুৰলৈ দুজন কৰ্মচাৰীক পঠোৱাৰ কথা ভাবিছে নেকি? আজিৰ পৰা দহ বছৰৰ পাছত দোকানখনে কেনেকৈ সেৱা আগবঢ়াব সেয়া তেওঁলোকে এতিয়াই নিৰ্ধাৰণ কৰিব পাৰিছেনে? যদি পাৰিছে তেতিয়াহলে দেকানখনৰ ভৱিষ্যত উজ্জ্বল। সমসাময়িক প্ৰতিদণ্ডীতকৈ তেওঁ বহু আগুৱাই যাব। যদি “দেখিলেহে লেখিম” মনোভাৱেৰে বহি আছে তেতিয়াহলে তেওঁলোকৰ ভৱিষ্যত সন্দেহৰ আৱৰ্তত।

 

সৰু ডাঙৰ সকলো প্ৰতিষ্ঠান আৰু ব্যৱসায়ৰ ক্ষেত্ৰতে এই সুত্ৰ খাটে।সামান্য সালসলনি কৰিলে এই সুত্ৰ ব্যক্তিগত জীৱনতো ব্যৱহাৰ কৰিব পাৰি। অতীতৰ মায়া-মোহ বিসৰ্জন দি ভৱিষ্যতলৈ তীক্ষ্ণ দৃষ্টি ৰাখিলে, প্ৰতিযোগীতা যিমানেই ভয়ংকৰ নহওক কিয়, তাত টিকি থকাটো সম্ভৱ আৰু প্ৰগতিৰ বাটত আগবাঢ়ি যোৱাটো ধুৰূপ। আধুনিক গৱেষণাই ইয়াক প্ৰমাণ কৰিছে। 



 

ৰে’লৰ দবাত চৌধূৰী ছাৰ - "আমাৰ অসম’’ কাকতত ১৯ ডিচেম্বৰ, ২০২৩ ত প্ৰকাশিত


 

ৰে’লৰ দবাত চৌধূৰী ছাৰ


“জীৱনটো এখন ৰে’লগাড়ীৰ লেখীয়া,- বুকুত নানানটা দবা আৰু দবাবোৰত ভালেমান বস্তু-বাহানিৰ সৈতে অলেখ মানুহক সাবটি লৈয়েই চলি থাকে আমাৰ জীৱন-ৰে’লৰ অবিৰত যাত্ৰা।” এই দৃষ্টিভংগীৰেই জীৱনটোক উভতি চাব বিচাৰিছে কটন কলেজৰ ৰসায়ন বিভাগৰ প্ৰাক্তন অধ্যাপক, শিক্ষাবিদ, বিশিষ্ট বেহেলাবাদক, তিনিটা দশকত তেখেতৰ সান্নিধ্য লভি আগবাঢ়ি যোৱা বহু ছাত্ৰ-ছাত্ৰীৰ আদৰ্শ আৰু প্ৰিয়ব্যক্তি ড° সত্যেন্দ্ৰ কুমাৰ চৌধূৰী ছাৰে, তেখেতৰ আত্মজীৱনী “জীৱন ৰে’লৰ দবাত”।

 

আত্মজীৱনী বুলিলেই সাধাৰণতেই লিপিবদ্ধ হয় ব্যক্তিকেন্দ্ৰীক গৌৰৱোজ্জ্বল ইতিহাস। ইয়াৰ বিপৰীতে ছাৰৰ আত্মকথাত প্ৰকাশ পাইছে কটন কলেজৰ এটা সময়ৰ বাস্তৱ ইতিহাস, অসমৰ শিক্ষাজগত আৰু সমাজ জীৱনৰ সততে নেদেখা কেতবোৰ আমোদজনক ঘটনা-পৰিঘটনা। প্ৰায় দুকুৰী বছৰ কটন কলেজৰ ৰসায়ন বিভাগত কৰ্মৰত হৈ থাকি শেষলৈ তেখেত কলেজখনৰ জন্ম শতবাৰ্ষিকীৰ লগত ওতঃপ্ৰোত ভাবে জড়িত হোৱাৰ সুযোগ পাইছিল। ছাৰৰ বিচক্ষণতা আৰু তৎপৰতাতে ৰসায়ন বিভাগটোত গৱেষণাৰ পাঠ্যক্ৰমো আৰম্ভ হৈছিল আৰু ছাৰৰ তত্বাৱধানতে ৫ জন ছাত্ৰই এই শিক্ষা সম্পাদনা কৰিছিল। খানাপাৰাৰ ওচৰত মেঘালয়ত অৱস্থিত “ইউনিভাৰচিটি অৱ চাইঞ্চ এণ্ড টেকনলজি” নামৰ বিশ্ববিদ্যালয়ৰো ছাৰ আছিল উপাচাৰ্য্য। ছাৰৰ পৃষ্ঠপোষকতাতে “কটন এলামনাই এছ’চিয়েচন” গঠন হৈছিল আৰু ছাৰে তাৰ নেতৃত্ব বহন কৰিছিল বহুদিন। সেই সময়ৰ জীৱন্ত ইতিহাস লিপিবদ্ধ হৈছে আত্মজীৱনীখনত। ছাৰ অকল শিক্ষাদানতে ব্ৰতী হৈ জীৱনৰ অন্য ৰূপ-ৰসলৈ পিঠি দিয়া ব্যক্তি নাছিল। ছাৰৰ জন্মই হৈছিল এটা সংস্কৃত পৰিয়ালত। দেউতাক প্ৰয়াত দণ্ডীৰাম চৌধুৰী আৰু মাক হেমলতা চৌধুৰীয়ে গঢ় দিয়া জীৱন দৰ্শনত জীৱনৰ ব্যপকতা আছিল, জীৱন যাপনৰ বৈচিত্ৰতা আছিল, ৰামধেনুৰ আটাইকেইটা ৰঙেই নিহিত আছিল তাত। গুটিয়েই তাৰ পৰিচয়। সাতজন ভাইভণীৰ আটাইকেইগৰাকীয়ে নিজ নিজ ক্ষেত্ৰত প্ৰতিষ্ঠিত আৰু সমাজে পাহৰিব নোৱাৰাৰ বৰঙনি দি যাবলৈ সক্ষম হোৱাটোৱে তাৰেই প্ৰমাণ দিয়ে। নবেল বটা বিজয়ী পদাৰ্থ বিজ্ঞানী প্ৰফেচাৰ ৰিছাৰে (Prof. B. Richter) য়ে তেখেতৰ দাদা ড° দিলীপ কুমাৰ চৌধুৰীৰ কামৰ কথা উল্লেখ কৰি গৈছে। ভগ্লী সু-গায়িকা অণিমা চৌধুৰীক চিনি নোপোৱালোক অসমত কোন আছে? “দিখৌ নৈৰ পাৰৰে, কঁহুৱাই বিনায়” শীৰ্ষক মন পৰশা গীতটোৰ স্ৰষ্টা তেখেতৰ ভাই মৃণাল কুমাৰ চৌধুৰী!

 

কিতাপখনৰ পাতে পাতে প্ৰেৰণা আৰু জীৱনদায়িনী মন্ত্ৰ বিদ্যমান। একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমে যিকোনো স্তৰৰ পৰা নি মানুহক সফলতাৰ দুৱাৰ দেখুৱাব পাৰে, ছাৰৰ জীৱনেও তাকেই এবাৰ আকৌ প্ৰমান কৰি দেখুৱাইছে। এশখনতকৈও অধিক গ্ৰন্থৰ প্ৰণেতা ছাৰৰ তিনিটা পৰিচয় কিতাপখনত উজ্বলি উঠিছে। এজন অতুলনীয়া শিক্ষক। ছাৰে শিক্ষকতাৰ কথা নিজে বৰকৈ বখানি থকা নাই। ছাৰৰ হাতেদি সৰকি যোৱা কেইবাজনো প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে ছাৰৰ সান্নিধ্য আৰু জীৱনত তেখেতৰ প্ৰভাৱৰ কথা আন্তৰিকতাৰে ব্যক্ত কৰিছে। সেই লেখাকেইটায়েই শিক্ষক সত্যেন্দ্ৰ কুমাৰ চৌধুৰীক জানিবলৈ যথেষ্ট, অধ্যাপক এচ-কে-চি! ছাৰৰ আন এক পৰিচয় সংগীতানুৰাগী বা শিল্পী। ছাৰে বেহেলা বজায়। ১৯৬১ চনত ষষ্ঠ শ্ৰেণীত থাকোঁতেই নগাৱঁত কিনি লোৱা চেকেণ্ডহেণ্ড কিন্তু উচ্চমানৰ এখন বেহেলাৰেই ছাৰে সৃষ্টি কৰি আহিছে বহু গীতৰ অমিয়া সুৰ! ছাৰৰ বেহেলাৰ পৰা নিৰ্গত হোৱা লয়ৰ বৈশিষ্ট্য আছে। যেনেকৈ সুবক্তাই পাঠ কৰিলে লেখাৰ মাজৰ দাৰি-কমা আদি কাণত স্পষ্ট ৰূপত ধৰা পৰে, ঠিক তেনেকৈ ছাৰে বজোৱা গীতৰ সুৰত যেন শিল্পীৰ কণ্ঠৰ শ্বাস-প্ৰশ্বাসো মূৰ্ত হৈ পৰে। ছাৰে বজোৱা আৰু বৰ্তমান সময়ত ইউ-টিউবৰ শুনিব পৰা ভূপেন হাজৰিকাৰ গীতত ভূপেনদাৰ উচ্চাৰণ পৰ্যন্ত প্ৰকট হৈ কাণত বাজি উঠে ছাৰৰ বেহেলাৰ মাতত! ছাৰৰ তৃতীয় পৰিচয় এজন সমাজ সচেতন শিক্ষাবিদ হিচাপে। এই তিনিওটা দিশ কিতাপখনে সম্ভ্ৰমেৰে সাৱতি লৈছে। ব্যক্তিগত জীৱনৰ কিছু কথাই আকৌ এবাৰ যেন প্ৰতিফলিত কৰিব খুজিছে,- প্ৰত্যেকজন সফল ব্যক্তিৰ আঁৰতে থাকে এটা নিষ্ঠাৱান পৰিয়াল। ছাৰৰ পত্নী ড° শোভিতা চৌধুৰীৰ ছাৰৰ জীৱনলৈ থকা অৱদান ছাৰে নোকোৱাকৈয়ে কিতাপখন পঢ়িলে বুজিব পাৰি।

২৭৪ পৃষ্ঠাৰ কিতাপখন প্ৰকাশ কৰিছে গুৱাহাটীৰ বীণা লাইব্ৰেৰীয়ে।