ৰে’লৰ দবাত চৌধূৰী
ছাৰ
“জীৱনটো এখন ৰে’লগাড়ীৰ লেখীয়া,- বুকুত নানানটা
দবা আৰু দবাবোৰত ভালেমান বস্তু-বাহানিৰ সৈতে অলেখ মানুহক সাবটি লৈয়েই চলি থাকে আমাৰ
জীৱন-ৰে’লৰ অবিৰত যাত্ৰা।” এই দৃষ্টিভংগীৰেই জীৱনটোক উভতি চাব বিচাৰিছে কটন কলেজৰ
ৰসায়ন বিভাগৰ প্ৰাক্তন অধ্যাপক, শিক্ষাবিদ, বিশিষ্ট বেহেলাবাদক, তিনিটা দশকত তেখেতৰ
সান্নিধ্য লভি আগবাঢ়ি যোৱা বহু ছাত্ৰ-ছাত্ৰীৰ আদৰ্শ আৰু প্ৰিয়ব্যক্তি ড° সত্যেন্দ্ৰ
কুমাৰ চৌধূৰী ছাৰে, তেখেতৰ আত্মজীৱনী “জীৱন ৰে’লৰ দবাত…”।
আত্মজীৱনী বুলিলেই সাধাৰণতেই লিপিবদ্ধ হয় ব্যক্তিকেন্দ্ৰীক
গৌৰৱোজ্জ্বল ইতিহাস। ইয়াৰ বিপৰীতে ছাৰৰ আত্মকথাত প্ৰকাশ পাইছে কটন কলেজৰ এটা সময়ৰ
বাস্তৱ ইতিহাস, অসমৰ শিক্ষাজগত আৰু সমাজ জীৱনৰ সততে নেদেখা কেতবোৰ আমোদজনক ঘটনা-পৰিঘটনা।
প্ৰায় দুকুৰী বছৰ কটন কলেজৰ ৰসায়ন বিভাগত কৰ্মৰত হৈ থাকি শেষলৈ তেখেত কলেজখনৰ জন্ম
শতবাৰ্ষিকীৰ লগত ওতঃপ্ৰোত ভাবে জড়িত হোৱাৰ সুযোগ পাইছিল। ছাৰৰ বিচক্ষণতা আৰু তৎপৰতাতে
ৰসায়ন বিভাগটোত গৱেষণাৰ পাঠ্যক্ৰমো আৰম্ভ হৈছিল আৰু ছাৰৰ তত্বাৱধানতে ৫ জন ছাত্ৰই
এই শিক্ষা সম্পাদনা কৰিছিল। খানাপাৰাৰ ওচৰত মেঘালয়ত অৱস্থিত “ইউনিভাৰচিটি অৱ চাইঞ্চ
এণ্ড টেকনলজি” নামৰ বিশ্ববিদ্যালয়ৰো ছাৰ আছিল উপাচাৰ্য্য। ছাৰৰ পৃষ্ঠপোষকতাতে “কটন
এলামনাই এছ’চিয়েচন” গঠন হৈছিল আৰু ছাৰে তাৰ নেতৃত্ব বহন কৰিছিল বহুদিন। সেই সময়ৰ জীৱন্ত
ইতিহাস লিপিবদ্ধ হৈছে আত্মজীৱনীখনত। ছাৰ অকল শিক্ষাদানতে ব্ৰতী হৈ জীৱনৰ অন্য ৰূপ-ৰসলৈ
পিঠি দিয়া ব্যক্তি নাছিল। ছাৰৰ জন্মই হৈছিল এটা সংস্কৃত পৰিয়ালত। দেউতাক প্ৰয়াত দণ্ডীৰাম
চৌধুৰী আৰু মাক হেমলতা চৌধুৰীয়ে গঢ় দিয়া জীৱন দৰ্শনত জীৱনৰ ব্যপকতা আছিল, জীৱন যাপনৰ
বৈচিত্ৰতা আছিল, ৰামধেনুৰ আটাইকেইটা ৰঙেই নিহিত আছিল তাত। গুটিয়েই তাৰ পৰিচয়। সাতজন
ভাইভণীৰ আটাইকেইগৰাকীয়ে নিজ নিজ ক্ষেত্ৰত প্ৰতিষ্ঠিত আৰু সমাজে পাহৰিব নোৱাৰাৰ বৰঙনি
দি যাবলৈ সক্ষম হোৱাটোৱে তাৰেই প্ৰমাণ দিয়ে। নবেল বটা বিজয়ী পদাৰ্থ বিজ্ঞানী প্ৰফেচাৰ
ৰিছাৰে (Prof. B. Richter) য়ে তেখেতৰ দাদা ড° দিলীপ কুমাৰ চৌধুৰীৰ কামৰ কথা উল্লেখ
কৰি গৈছে। ভগ্লী সু-গায়িকা অণিমা চৌধুৰীক চিনি নোপোৱালোক অসমত কোন আছে? “দিখৌ নৈৰ
পাৰৰে, কঁহুৱাই বিনায়…” শীৰ্ষক মন পৰশা
গীতটোৰ স্ৰষ্টা তেখেতৰ ভাই মৃণাল কুমাৰ চৌধুৰী!
কিতাপখনৰ পাতে পাতে প্ৰেৰণা আৰু জীৱনদায়িনী মন্ত্ৰ
বিদ্যমান। একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমে যিকোনো স্তৰৰ পৰা নি মানুহক সফলতাৰ দুৱাৰ
দেখুৱাব পাৰে, ছাৰৰ জীৱনেও তাকেই এবাৰ আকৌ প্ৰমান কৰি দেখুৱাইছে। এশখনতকৈও অধিক গ্ৰন্থৰ
প্ৰণেতা ছাৰৰ তিনিটা পৰিচয় কিতাপখনত উজ্বলি উঠিছে। এজন অতুলনীয়া শিক্ষক। ছাৰে শিক্ষকতাৰ
কথা নিজে বৰকৈ বখানি থকা নাই। ছাৰৰ হাতেদি সৰকি যোৱা কেইবাজনো প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে
ছাৰৰ সান্নিধ্য আৰু জীৱনত তেখেতৰ প্ৰভাৱৰ কথা আন্তৰিকতাৰে ব্যক্ত কৰিছে। সেই লেখাকেইটায়েই
শিক্ষক সত্যেন্দ্ৰ কুমাৰ চৌধুৰীক জানিবলৈ যথেষ্ট, অধ্যাপক এচ-কে-চি! ছাৰৰ আন এক পৰিচয়
সংগীতানুৰাগী বা শিল্পী। ছাৰে বেহেলা বজায়। ১৯৬১ চনত ষষ্ঠ শ্ৰেণীত থাকোঁতেই নগাৱঁত
কিনি লোৱা চেকেণ্ডহেণ্ড কিন্তু উচ্চমানৰ এখন বেহেলাৰেই ছাৰে সৃষ্টি কৰি আহিছে বহু
গীতৰ অমিয়া সুৰ! ছাৰৰ বেহেলাৰ পৰা নিৰ্গত হোৱা লয়ৰ বৈশিষ্ট্য আছে। যেনেকৈ সুবক্তাই
পাঠ কৰিলে লেখাৰ মাজৰ দাৰি-কমা আদি কাণত স্পষ্ট ৰূপত ধৰা পৰে, ঠিক তেনেকৈ ছাৰে বজোৱা
গীতৰ সুৰত যেন শিল্পীৰ কণ্ঠৰ শ্বাস-প্ৰশ্বাসো মূৰ্ত হৈ পৰে। ছাৰে বজোৱা আৰু বৰ্তমান
সময়ত ইউ-টিউবৰ শুনিব পৰা ভূপেন হাজৰিকাৰ গীতত ভূপেনদাৰ উচ্চাৰণ পৰ্যন্ত প্ৰকট হৈ কাণত
বাজি উঠে ছাৰৰ বেহেলাৰ মাতত! ছাৰৰ তৃতীয় পৰিচয় এজন সমাজ সচেতন শিক্ষাবিদ হিচাপে। এই
তিনিওটা দিশ কিতাপখনে সম্ভ্ৰমেৰে সাৱতি লৈছে। ব্যক্তিগত জীৱনৰ কিছু কথাই আকৌ এবাৰ যেন
প্ৰতিফলিত কৰিব খুজিছে,- প্ৰত্যেকজন সফল ব্যক্তিৰ আঁৰতে থাকে এটা নিষ্ঠাৱান পৰিয়াল।
ছাৰৰ পত্নী ড° শোভিতা চৌধুৰীৰ ছাৰৰ জীৱনলৈ থকা অৱদান ছাৰে নোকোৱাকৈয়ে কিতাপখন পঢ়িলে
বুজিব পাৰি।
২৭৪ পৃষ্ঠাৰ কিতাপখন প্ৰকাশ কৰিছে গুৱাহাটীৰ বীণা লাইব্ৰেৰীয়ে।
No comments:
Post a Comment