Saturday, May 23, 2020

উল্কা


উল্কা
(উল্কা দেখি ভয় খোৱা মোৰ ভন্টি মাজনীৰ [মীনাক্ষী বৰুৱা, বিশ্বনাথ কলেজ] হাততলেখক)
[‘বিস্ময়’- অক্তোবৰ সংখ্যা, ১৯৯০ চনত প্ৰকাশিত]

ক্লাছ শেষ লে দুয়ো বান্ধৱী সদায় একেলগে হোষ্টেললৈ উভতি আহে৷

:, তোৰ কাৰণে মস্ত ডাঙৰ বস্তু এটা আছে ভাই! - চকুৱে মুখে কৌতুকৰ হাঁহি সানি বান্ধৱীয়ে তাইক লে৷ অলপ সময় তাই মনে মনে , পৰা বস্তুটো কি পাৰে ওপৰে ওপৰে এবাৰ চিন্তা কৰি লে, তাৰ পিছত পোনে পোনে বান্ধৱীৰ চকুলৈ চাই সুধিলে - কি?

সিহঁতৰনো কি, তাইৰেইহে দিন!’ ‘সিহঁতৰ জীৱনবোৰ এনেয়ে, একো নাই, উকা, তাইয়েই জমাওক আৰু পাই, চকু পৰিলেই ইমান সোনকালে!’ - আদি বাক্য লগাই বান্ধৱীজনীয়ে আওপকীয়াকৈ কিবাকিবি বলৈ আৰম্ভ কৰিলে৷

স্কুটাৰ লৈ অহা ৰা দুটাই হঠাতে বেগটো কমাই দি সিহঁতক কিবা এটা কৈ ল৷ কিনো লে তাই গমকে নাপালে৷ সিহঁতৰ কথাখিনি কাণৰ বহু ওপৰেদি পাৰ হৈ গুচি ল৷

তাইৰ উশাহবোৰ চুটি হৈ যোৱা যেন অনুমান ল৷ হোষ্টেল পালেই ৰক্ষা পৰিম ধৰণৰ ভাব এটাই নোৱাৰাকৈয়ে তাইৰ খোজবোৰ খৰ কৰি আনিছিল৷ বান্ধৱীয়ে কৈ থকা কথাবোৰৰ এটাও তাইৰ কাণত সোমোৱা নাছিল: তাই তেতিয়া এখন নিজৰ পৃথিৱীত বিচৰণ কৰি আছিল৷

কিতাপ দুখন আৰু বহীখন বিছনাখনলৈ দলি মাৰি দি তাই অলপ সময় একে ঠাইতে থিয় হৈ ল৷ ৰূমমেট বান্ধৱীজনীৰ বিচনাখনৰ ওপৰত ওপৰৰ পৰা জেঠী এটা সৰি পৰিছিল: কিছুসময় থৰ লাগি থাকি বেগেৰে বেৰৰ কাষলে বগাই গুচি ল৷

দুৱাৰখন তাই বন্ধ কৰিলে৷ বাৰাণ্ডাৰ ফালৰ খিৰিকিখন বন্ধই থাকে, পৰ্দাখন টানি দি বাহিৰৰ পৰা নেদেখা কৰি লে৷ তাৰপিছত তাই লাহে লাহে কিতাপখনৰ কভাৰটো খুলি চিঠিখন উলিয়াই আনিলে৷ ষ্টেপলৰ পিন মাৰি চিঠিখন বন্ধ কৰা আছে৷ ওপৰতপ্ৰতিবুলি তাইৰ নামটো লিখা আছে৷ পিছপিঠিত গুলপীয়া ৰঙৰ প্ৰশ্নবোধক চিন এডাল৷

নখেৰে চিকুটি তাই পিনটো এৰুৱাই পেলালে৷ ফুল আৰু ভোমোৰাৰ ছবি থকা ৰাইটিং পেডত চিঠিখন লিখিছে৷ইতি’- তলতে চহী এটা মৰা আছে: কাৰ চহী তাই চিনিব নোৱাৰিলে৷ দেৱাশীষ ? নহয়৷ নিৰঞ্জন? নহয়৷ ছাত্তাৰ নেকি? নহয়৷ প্ৰণৱজ্যোতি বা? নহয়৷ কুঞ্জমোহন? সিও নহয়৷ চহীটোৰ শেষৰ পাকটো দীৰ্ঘঈকাৰৰ দৰে। সোঁহাতে ওপৰত কলেজখনৰ কেন্টিনখনৰ নাম আৰু আজিৰ তাৰিখটো দিয়া আছে৷ তাৰ তলতে ঢৌ খেলোৱা ৰেখা এডাল৷অতি মৰমৰশব্দদুটাৰ পিছত ক্ৰমে সৰু হৈ গৈ থকা শূণ্য কেইটামান৷ শেষত তাইৰ নামটো৷

একে উশাহতে চিঠিখন পঢ়ি তাই শেষ কৰিলে৷

তাই কলেজত ভৰ্তিহোৱাৰ দিনৰেপৰা সকলোবোৰ কথা খেলিমেলি হৈ যোৱা, পঢ়াশুনাৰ নামত সেইদিনাৰ পৰা এটা শব্দও নপঢ়া আৰু প্ৰয়োজন লে তাইৰ বাবে প্ৰাণ দিব পৰা কোনোবা ৰা এটাই চিঠিখন দিছে, যি তাইৰ সঁহাৰিৰ বাবে আজীৱন বাট চাই ব৷ কলেজৰ বাৰাণ্ডাৰ সোঁহাতে ৰেলিঙডালযে আছে, তাৰ সিটো মূৰত কালিলৈ দহ বজাত তাই যাকেই দেখিব সিয়েই এই দুৰ্ভগীয়া পত্ৰলেখক৷ চিঠিখনৰ শেষত বুকুভৰা অকৃত্ৰিম মৰম আৰু উত্তৰৰ বাবে সীমাহীন আশা কৰা হৈছে৷

তলৰ গাৰুৰ ওৱাৰটোৰ মাজলৈ চিঠিখন সুমুৱাই থৈ তাই বিছনাত বাগৰ দিলে৷ প্ৰথমে তাইৰ ঘৰলৈ মনত পৰিল, বায়েকৰ কথা মনত পৰিল, তাৰপিছত মাকলৈ আৰু একেবাৰে শেষত কলেজত দেখা চিনাকি ৰাবোৰৰ মুখবোৰ লাহে লাহে তাইৰ চকুৰ আগেদি পাৰ হৈ ল৷ কালিলৈ দহ বজাত বাৰাণ্ডাৰ সোঁহাতৰ ৰেলিঙৰ মূৰত ৰৈ থকা ৰাটোৰ মুখখন কলেজত দেখা যিকোনো এটা ৰাৰ চেহেৰাৰ লগত মিলি যাব৷

গাটো ভাল লগা নাই বুলি তাই টিফিন খাবলৈ নগল৷ আবেলি এনেয়ে এপাক ফুৰিবলৈ যোৱাৰ সলনি তাই বিছনাতে বাগৰি থাকিল৷আজি দেখোন তোৰ ভাল লগা নাই’ - বুলি ৰূমমেটে তাইক কিবা খুজিছিল, তাইৰ বুকুখন চিৰিং কৰি উঠিল: বহুসময়লৈ বুকুৰ ঢপঢপনিটো তাই গম পাই থাকিল৷

ৰাতি ভাত খাওঁতে তাই ৰূমমেটৰ লগত বহিল, লগৰ ছোৱালীৰ লগত কমকৈ কথা পাতিলে৷ এঘাৰ নম্বৰ কোঠাৰ অপৰাজিতাই হাঁৰি হাঁহি বান্ধৱীজনীক কিবা এটা লে, তাৰপিছত দুয়ো তাইলৈ চাই হাঁহিলে৷ অপৰাজিতাৰ ওপৰত উঠি থকা খঙটো তাইৰ হঠাতে বেছি হৈ ল৷ ইমান চঞ্চল ছোৱালী ! কালি ইমান খং কৰাতো আজি তাইৰ সলনি হোৱা দেখা নাই, অসভ্য ৰবাৰ ! তাই ইতিমধ্যে কথাটো গম পোৱা নাইতো !

তাইৰ আৰু ভাত খোৱা নহল৷ ৰাতি তাইৰ চিলমিলিয়া টোপনি , ঘনে ঘনে সপোন দেখিলে৷ তাৰপিছত তাই দুদিন কলেজলৈ নগল৷

তৃতীয়দিনা বান্ধৱীৰ অনুৰোধত আৰু নহলে কথাবোৰ সদৰি কৰি দিয়াৰ ভয়ত তাই কলেজলৈ ওলাল৷ বাৰাণ্ডাখনৰ ওচৰ পোৱালৈকে তাই ৰেলিঙডালৰ মূৰটোলৈ নোচোৱাকৈ থাকিল৷ বাৰাণ্ডাত উঠাৰ পিছতেই ৰেলিঙডালৰ পৰা ওলমি থকা ছখন ভৰি তাইৰ চকুত পৰিল৷ আঁৰ চকুৰে এবাৰ চায়েই তাই চকু ঘুৰালে৷ কাষত বহি থকা ৰা দুটা তাই চিনি নাপায়: মাজত বহি থকাটো ৰফিকুল, -একে ক্লাছৰে৷

ক্লাছবোৰৰ মাজে মাজে ৰফিকুলৰ মুখখন তাইৰ চকুৰ আগত ভাহি থাকিল৷ আজিৰ পৰা দুদিন আগতে এই ৰফিকুলেই দহবজাত এইখিনিত বহিছিলনে? নে তাৰ সোঁহাতে বহা ৰাটোহে তিনিদিন ধৰি সেই ঠাইত বহি আছে? ক্লাছতো আঁৰ চকুৰে তাই ৰফিকুলক লক্ষ্য কৰি থাকিল৷  গোটেই দিনটো ৰফিকুলৰ মুখখনে কৰি থকা আমনিৰপৰা তাই ৰক্ষা পাব নোৱাৰিলে৷ শেষলৈ তাইৰ কথাবোৰ কিবা নহয় নহয় লাগিল, গোটেই ঘটনাটোৱেই সপোন সপোন লাগিল৷

পিছদিনা দহ বজাত ৰেলিঙডালৰ সিমূৰত চাৰিজনী ছোৱালী ৰৈ আছিল৷ তাৰপিছদিনা সেইখিনি সময়ত বুৰঞ্জীৰ ডেকা ছাৰ ৰৈ আছিল৷ তাইৰ কথাবোৰ আকৌ ওলট-পালট হৈ ল৷ ছোৱালীবোৰে যে কয়, ডেকা ছাৰৰ কথাবোৰ, সঁচা নেকি? তা, কালিতো তাই বুৰঞ্জীৰ ক্লাছতো উপস্থিত আছিল !

সেইদিনা চেগা-চোৰোকাকৈ তাইৰ ডেকা ছাৰৰ কথা মনত পৰি থাকিল৷ তাৰ পিছদিনা দহবজাত সেই ঠাইখিনিত চিনি নোপোৱা আন এজন ৰা ৰৈ আছিল৷ সদায় দহবজাত ঠাইখিনিলৈ এবাৰ চোৱাটো তাইৰ অভ্যাসত পৰিণত হৈ গৈছিল৷

বান্ধৱীজনীয়ে মাজে মাজে অৰ্থপূৰ্ণভাৱে প্ৰশ্ন কিছুমান সুধি আছিল৷হেই এইজনীবুলি প্ৰায়বোৰ প্ৰশ্নৰে উত্তৰ তাই নিদিয়াকৈ আছিল৷ অপৰাজিতাৰ ব্যৱহাৰত তাই দিনে দিনে অতিষ্ঠ হৈ আহিছিল, তাইৰ ওপৰত উঠি থকা খঙটো বেছি হৈ গৈ আছিল৷

কেইবাদিনো পঢ়াৰ পিছত, আখৰবোৰ চিনাকি হৈ যোৱাৰ পিছত, চহীটোৰ পাকবোৰ মনত ৰৈ যোৱাৰ পিছত, এদিন তাই চিঠিখন ট্ৰাংকৰ ভিতৰত সুমুৱাই থৈ দিলে৷

পুৰণা বহীৰ নোট এটা বিচাৰি এদিন তাই নিভা বাৰ কোঠালৈ যাব লগা ল৷ নিভা বাই অপৰাজিতাৰ টেবুলত বহি পঢ়ি আছিল৷ তাই উচপ খাই উঠিল, অপৰাজিতাৰ টেবুলত থকা বহীকেইখনৰ আখৰবোৰ তাইৰ চিনাকি, চিঠিখনৰ আখৰবোৰৰ দৰে হুবহু একে৷ টেবুলৰ একাষে থকা ৰাইটিং পেডটো তাই মেলি চালে - হয়, একেই ভোমোৰা ফুলত পৰি থকা ছবিটো !

Friday, May 8, 2020

শুভেচ্ছা


শুভেচ্ছা
(ৰচনাকালঃ ১৯৯১ চন, স্থানঃ চেন্নাই)

 চাৰিশ ল’ৰা থকা বিশাল ছাত্ৰাবাসটোৰ তৃতীয় মহলাত থকা অকলশৰীয়া কোঠা এটাত মই থাকোঁ। পূৱফালৰ খিৰিকিখন সকলো সময়তে খোলাই থাকে। খিৰিকি কাষৰ বিচনাখনত শুই শুই বাহিৰৰ ৰেহৰূপ চাই থাকিবলৈ বৰ ভাল লাগে। বেলিটো হোষ্টেলটোৰ ওপৰেদি পাৰ হৈ গুচি যোৱাৰ পিছত খিৰিকিখনেদি আকাশখন বৰ সুন্দৰ দেখা যায়। বঙ্গোপসাগৰৰ ওপৰৰ গভীৰ নীলা আকাশ। হোষ্টেলটোৰ পৰা সাগৰ নেদেখোঁ, কিন্তু ওপৰৰ আকাশ চাই চাই বিচনাৰ পৰাই বিচিত্ৰ কল্পনা কৰি ভাল লাগে। - সেইযে শগুণকেইটা উৰি আছে, সিহঁত যদি হঠাতে তললৈ সৰি পৰে তেনেহলে নিৰ্ঘাত মেৰিণা বিচ্চৰ উত্তৰ-পূৱফালে থকা সাগৰৰ মাজত থকা সুৰক্ষা জাহাজখনৰ ওচৰতে পৰিব। আৰু দূৰৈতযে সেইয়া কপাহৰ জোলাৰ দৰে শুকুলা মেঘ, তাৰ পৰা নিশ্চয় অসমখন ৰিণিকি ৰিণিকি দেখা পোৱা যাব। কালিদাসৰ নাটকত এনেকুৱা মেঘেইতো প্ৰেয়সীৰ বতৰা কঢ়িয়াই আনিছিল।

এনেকুৱা এটা সময়তে দুৱাৰৰ ফাঁকেদি হোষ্টেলৰ পিয়নটোৱে চিঠি তিনিখন সুমুৱাই দিলে। কেতিয়াবা শকত লেফাফা, প্ৰান্তিক, বিষ্ময় আদি আহিলে দুৱাৰৰ ফাকেদি নোসোমায়, তেতিয়া তেনেবস্তু হয় চাৰিজন দক্ষিণভাৰতীয় ছাত্ৰ থকা কাষৰ কোঠালিটোত নহয় এইটো হোষ্টেলত মোক বাদ দি থকা একমাত্ৰ অসমীয়া ছাত্ৰ নিৰঞ্জনদাৰ ৰূমত দি যায়। এতিয়া বাহিৰফালে দুৱাৰত তলা ওলমি থকা নাই, তথাপিও টোকৰ নপৰিল, তাৰমানে এই তিনিখনেই!

শুদ্ধকৈ ৰূম নম্বৰ সহিত গোট গোট আখৰেৰে নিৰ্ভুল ঠিকনা লিখা এইখন বন্ধু জ্যোতিৰেখাৰ চিঠি। এইখন চিঠিৰ বাবে মই বৰ অধীৰ হৈ অপেক্ষা কৰি থাকোঁ। স্কুলীয়া দিনতে এটা বিদেশী সংস্থালৈ পত্ৰ-বন্ধু বিচাৰি আবেদন কৰিছিলোঁ, মোলৈ পঠাই দিয়া দুটা বিদেশী ঠিকনাৰ লগতে জ্যোতিৰেখাৰ ঠিকনাটোও আছিল। তেতিয়াৰ পৰাই তাইৰ লগত চিঠি-পত্ৰৰ আদান প্ৰদান চলি আছে। দক্ষিণ ভাৰতত হোৱা নতুন নতুন অভিজ্ঞতাৰ কথা মই তাইলৈ লিখোঁ, তাইও অসমৰ বিভিন্ন খবৰৰে ভৰা চিঠি লিখে। ঘৰৰ পৰা বা আন বন্ধুৰ পৰা কেতিয়াও পোৱাৰ সম্ভাৱনা নথকা বহু আমোদজনক খবৰো তাইৰ চিঠিয়ে কঢ়িয়াই আনে। কাজেই জ্যোতিৰেখাৰ চিঠিলৈ মই বৰ আগ্ৰহেৰে বাট চাই থাকোঁ।

এইখন ঘৰৰ পৰা আহিছে, দেউতাৰ হাতৰ আখৰ। কিন্তু এইখন? মোৰ নাম আৰু মাদ্ৰাজ শব্দটো ঠিকেই আছে, ‘কডামবক্কম’ শব্দটোৰ বানান ভুল, পিন আৰু ৰুম নম্বৰ নায়েই। বুজিলোঁ, লিখোঁতাই মোৰ ঠিকনাটো কাৰোবাৰ পৰা মুখে মুখে লৈ লিখিছে। নাজানিলে উৎকণ্ঠাটো বেছি হয়, সেইবাবেই নেকি, পোনতে সেইখনেই খুলিলোঁ। ডাঙৰ মানুহৰ ভালো নহয় বেয়াও নহয় ধৰণৰ হাতৰ আখৰ। শেষত ইতিৰ তলতে – কমলেশ্বৰ দাস। এই নামৰ ব্যক্তিৰ নাম সততে মোৰ মনত নপৰিল। চিঠিখন পঢ়িবলৈ আৰম্ভ কৰিলোঁ – মৰমৰ ডাঙৰ বাপু, আমাৰ মৰম শুভাশিষ ল’বা। সিপিঠিত শেৱালীয়েও লিখিছে। নিমিষতে মই সিপিঠি পালোঁগৈ, শেৱালী মোৰ মাহীৰ নাম। হয়, এইয়া চিনাকি হাতৰ আখৰ। মাহীয়ে লিখিছে – তোলৈ লিখাৰ কথা ভাবিয়েই আছিলোঁ যদিও আহৰি হোৱা নাছিল। সিপিঠিত যে লিখিছে, তেখেত এখেতৰ ডাঙৰজন দাদাৱক। তোক হেনো বিয়াত লগও পাইছিল, তোৰ মনত পৰিবও পাৰে। বৌৰ কাণ এখনৰ অসুখ – অনবৰতে গুমগুমাই থকা যেন লাগে হেনো। ইয়াত কেইবাঠাইতো দেখুৱাইছিল, কিন্তু ভাল হোৱা নাই। ইয়াৰ ডাক্তৰবোৰৰ ওপৰত দাদাৰ একেবাৰেই বিশ্বাস নাই। সেয়ে মাদ্ৰাজত দেখুউৱাৰ কথা ভবা হ’ল। তইতো আছই। দাদাহঁতে তোৰ ওপৰতে ভৰসা কৰি যাবলৈ ওলাইছে। তই কি কি কৰিব লাগে সকলো ঠিক কৰি থ’বি। বাকীখিনি কথা দাদাই সিপিঠিত লিখিছেই।

সিপিঠিত দাস-দম্পতি কোনখন ৰে’লেৰে কোনদিনা যাত্ৰা আৰম্ভ কৰিব আৰু তেখেতসকল ইয়াত থকা সময়খিনি যে সম্পূৰ্ণ মোৰ ওপৰতে ভৰসা কৰি থাকিব সেই কথা লিখা আছিল।

সাধাৰণতে যাত্ৰা আৰম্ভ কৰা তাৰিখটোৰ লগত তিনি যোগ দিলেই আহি পোৱাৰ তাৰিখটো পোৱা যায়, আৰু অঙ্কটো শেষ কৰিয়েই মই উচপ খাই উঠিলোঁ – সৰ্বনাশ, বাইশ নৱেম্বৰ। নৱেম্বৰ মাহৰ একৈশ তাৰিখৰ পৰা ত্ৰিশ তাৰিখলৈকে ‘ইনফৰমেছন টেকনলজি’-ৰ ওপৰত আমাৰ কলেজত প্ৰেকটিকেল ডেমনষ্ট্ৰেচনৰ ডাঙৰ অনুষ্ঠান এটা পতাৰ আয়োজন কৰা হৈছে। সেই দহদিনৰ যিকোনো এটা দিনেই মোৰ বাবে বৰ মূল্যৱান। তাৰোপৰি সেইকেইদিনৰ যিকোনো এদিন এটা প্ৰজেক্ট মই নিজেও প্ৰদৰ্শন কৰিব লাগিব। “ভি-ছেট”-নামৰ এটা নতুন প্ৰযুক্তি কৌশল লৈ মই মডেল এটা ইতিমধ্যেই সাঁজু কৰিছো। সেইটে প্ৰদৰ্শনৰ বাবে যথেষ্ট প্ৰস্তুতিৰ প্ৰয়োজন – জাৰ্ণেল, ৰিপৰ্ট, চেমিনাৰ, শ্লাইড আৰু কত কি! এনে সময়ত মাহীৰ এইখন চিঠি!

সন্ধিয়ালৈ নিৰঞ্জনদাক কথাটো ক’লো। তেখেত দপদপাই উঠিল – এইবিলাক কি কথা? মাহী হওঁক বা পেহী হওঁক সেইটো পিচৰ কথা, কিন্তু আহিব লগা সময়খিনিত তেওঁলাকক লগা ধৰণে সহায় কৰিব পৰাকৈ তুমি সাজু আছানে নাই সেইটো তেওঁলাকে জানি ল’ব লাগে নে নালাগে? তেওঁলাক আহিব বুলি তোমাৰ ছেচন-টো দহদিন পিছুৱাই দিব নোৱাৰি, কিন্তু ছেচন-টো আছে বুলি তেওঁলোক অহাটো দহদিন পিছুৱাই দিব পাৰি! আলহীৰ পিছে পিছে লাগি থাকি তুমি কি প্ৰজেক্ট ৰিপৰ্ট লিখিবা? তেওঁলাক যদি তোমাৰ শুভাকাঙ্খী হয় তেতিয়াহলে দহদিন পিছুৱাই আহিবলৈ লিখিলেও তেওঁলাকে বেয়া পোৱা উচিত নহয়, আৰু যদি পায়, তেওঁলোক তোমাৰ শুভাকাঙ্খী হোৱাৰা যোগ্যই নহয়! তুমি স্পষ্টকৈ তোমাৰ ব্যস্ততাৰ কথা লিখি তেওঁলোকলৈ এখন চিঠি দিয়া। কেৰিয়াৰৰ লগত আপোচ নকৰিবা, বুজিছাতো?

চিঠি এখন লিখাৰ কথা মইও নভবা নহয়, ভাবিছিলোঁ, কিন্তু মাহী-মোহা আৰু শ্ৰীযুত কমলেশ্বৰ দাসৰ নামৰ বাদে গাওঁ, ডাকঘৰ, পিন নম্বৰ মই একো নাজানিছিলো। তেখেতসকলৰ চিঠিতো ঠিকনাৰ কোনো উল্লেখ নাছিল। অগত্যা মই নিৰঞ্জনদাৰ চকুৰ আঁৰে আঁৰে আগন্তুকৰ বাবে আয়োজন কৰাত লাগিলো।

মই আশংকা কৰাৰ দৰেই মোৰ প্ৰজেক্ট প্ৰদৰ্শনৰ দিন বাইশ নৱেম্বৰতে পৰিছিল। ডিপাৰ্টমেন্টৰ হে’ড ৰমন ছাৰক কৈ মই দিনটো আঠাইশ নৱেম্বৰলৈ সলনি কৰিলো। তেখেতক মই বাইশ তাৰিখে খুড়া-খুড়ী কেন্সাৰ ৰোগৰ চিকিৎসা কৰাবলৈ আহি পাব বুলি মিছা কথা কৈছিলোঁ। কিছুদিনৰ আগতে ‘দি হিন্দু’ কাকতত এপলো হস্পিটেলৰ বিখ্যাত ই.এন.টি. বিশেষজ্ঞ ডাক্তৰ ভেংকটসুব্ৰামণিয়ামৰ বিষয়ে পঢ়িছিলোঁ। ৰমেশ নামৰ বন্ধু এজনৰ সহায়ত মই ডাক্তৰজনৰ লগত যোগাযোগ আৰম্ভ কৰিলো।  এপলোৰ লগতে ‘বিজয়া হেলথ চেন্টাৰ’ নামৰ ক্লিনিক এখনতো তেখেতে ৰোগী চায়। ৰমেশৰ সহায়ত তেইশ নৱেম্বৰ সন্ধ্যা ছয়বজাত ‘বিজয়া’-ত মই ডাক্তৰ সুব্ৰামণিয়ামৰ লগত মিচেছ কমলেশ্বৰ দাসৰ এটা এপইন্টমেন্ট ল’লো। শুদ্ধকৈ ৰোগীৰ নামটো লিখিবৰ বাবে শ্ৰীমতী দাসৰ নাম মই নাজানিছিলো। আমাৰ হোষ্টেল চৌহদৰ ওচৰতে ‘উদীপি লজ’ নামৰ লজ এটা আছে। মোৰ কামৰ মাজে মাজে লগ কৰি থাকিব পাৰিম বুলি ভাবি লজটোত দুজনীয়া কোঠা এটা বুক কৰিলো – এশ টকা আগধন দি। ভাস্কৰ গগৈ নামৰ বন্ধু এজন প্ৰাইভেট মেছ এটাত থাকে, তেওঁক কৈ ৰাখিলো – মই হঠাতে প্ৰজেক্টৰ কামত ব্যস্ত হৈ পৰিলে সি যেন দাদা-বৌৰ লগত থাকি মোৰ অভাৱটো পূৰণ কৰে। সাধাৰণতে বিশ তাৰিখৰ পিছৰে পৰাই মণি অৰ্ডাৰ অহালৈ ঘনে ঘনে বাট চাই থকা আৰম্ভ হয়। মোৰ বন্ধু মহলৰ ভিতৰত ঘনিষ্ঠ উৰিষ্যাৰ বিজয়ৰ পৰা টকা দুশ ধাৰ ল’লো। আৰু অৱশেষত বাইশ তাৰিখে ৰাতিপুৱা চাৰি চাৰি নৌ বাজোঁতেই মাদ্ৰাজ চেন্ট্ৰেল ষ্টেচনৰ আঠ নন্বৰ প্লেটফৰ্মত মই কোচিন এক্সপ্ৰেছ আহি পোৱালৈ অপেক্ষা কৰিলোগৈ। বিয়াৰ পিছতে মোহাক ভালদৰে লগ পাইছোঁ, সেই চেহেৰাৰ আধাৰতে শ্ৰীযুত দাসকো চিনি পাম বুলি ধাৰণা এটা কৰি ল’লো।

ৰাতি মাজ নিশালৈকে উজাগৰে থকা আৰু ৰাতিপুৱা আঠ বজাৰ পিছতহে বিচনা এৰা মোৰ অভ্যাস, সেয়ে চকুদুটাত পোৰণি উঠিছিল। অশান্তিৰে এঘন্টা অপেক্ষা কৰাৰ পিছত পাঁচ বজালৈ পাঁচ মিনিট থাকোতে কোচিন এক্সপ্ৰেছ আহি প্লেটফৰ্ম সোমালহি। মই প্ৰস্থানদ্বাৰৰ কাষত সকলো যাত্ৰীৰে চকুত পৰাকৈ থিয় হৈ ৰ’লো।

মোৰ চকুৰ আগেদিয়েই অনেক যাত্ৰী পাৰ হৈ গ’ল, দাস দম্পতি নাই। মাদ্ৰাজৰ পৰা আৰু আগলৈ যাব লগা বহু যাত্ৰী প্লেটফৰ্মত নামিছিল। পানী টেইপ একোটাৰ কাষে কাষে এনে যাত্ৰীবোৰে ভিৰ কৰিছিল। ডিঙিত বা মূৰত গামোছা নেদেখা বহুলোককো মই অসমীয়া বুলি চিনি পাইছিলোঁ। ইঞ্জিনৰ পৰা ৰে’লখনৰ একেবাৰে শেষৰ গাৰ্ডৰ ডবাটোলৈকে উচ্ছৃংখল হৈ নামি পৰা যাত্ৰীবোৰৰ মাজে মাজে মই চিনাকি মুখ দুখন এবাৰ বিচাৰি চালোঁ – নাই, নাহিল।

হয়, এনেকুৱাও কেতিয়াবা হয়। একেবাৰে মূৰামূৰী সময়ত কেতিয়াবা অনেক কাৰণত যাত্ৰা স্থগিত ৰাখিব লগা হয়। এনেকুৱা কিবা কাৰণতে যদি তেওঁলোকৰ দহদিন পলম হয়, পৰোক্ষভাৱে মোহ হয়তো উপকাৰেই হ’ব। আৰু এনেকুৱাওটো হ’ব পাৰে – মোৰ চকুৰ অলক্ষিতেই হয়তো কোনোবা সহযাত্ৰীৰ লগত তেখেতসকল প্লেটফৰ্মৰ পৰা বাহিৰ ওলাই গ’ল। আৰু সেয়ে যদি হয়, দিনটোৰ যিকোনো এটা সময়ত তেখেতসকল গৈ মোৰ হোষ্টেল ওলাবগৈ পাৰে। 

সন্ধ্যা উদীপি লজৰ বুকিঙটো মই কেনচেল কৰিলো। আগধন দি ৰখা এশ টকাৰ আধা ভাগ ঘুৰাই দিলে – বাকীখিনি লজটোৰ কেনচেলেচন চাৰ্জ। ৰমেশলৈ ফোন কৰি ডাক্তৰ সুব্ৰামণিয়ামক অসুবিধাৰ কথা জনাবলৈ অনুৰোধ কৰিলো। পিছৰ দিন কেইটাত কলেজৰ কাম লৈ মই ব্যস্ত হৈ পৰিলো।  প্ৰজেক্টৰ কামো বহুখিনি আগুৱাই নিলো। ব্ৰিটিছ লাইব্ৰেৰীত জাৰ্ণেল বিচাৰি গ’লো, মাউন্ট-ৰোডত ৰিপৰ্টটো টাইপ কৰালো, আই.আই.টি.-ৰ লেবৰেটৰীত হেমেনদাৰ সহায়ত মডেলটোৰ এটা ডামি ট্ৰায়াল দিলো, সন্ধ্যা হোষ্টেলৰ চাঁদত ভাষনটোৰ ৰিহাৰ্চেল কৰিলো, আৰু শেষত এনেকুৱা লাগিলগৈ যেন আঠাইশ তাৰিখটো নাহেহে নাহে!

ছাবিশ তাৰিখে আবেলি কোঠাটো খুলিয়েই চিঠি এখন পৰি থকা পালোঁ। একেই, মোৰ নাম আৰু মাদ্ৰাজ শব্দটো নিৰ্ভুল, পিন আৰু ৰূম নম্বৰ এটাও নাই, সিপিঠিত স্পষ্টকৈ কমলেশ্বৰ দাসৰ নাম! – শ্ৰীমান ডাঙৰ বাপু, ৰে’লতে আমি আমাৰ সিদ্ধান্তটো অলপ সলনি কৰিলো। সহযাত্ৰী কেইজনমানে ক’লে, মাদ্ৰাজতকৈ হেনো ভেলোৰহে বেছি ভাল। গতিকে টিকট দুটা ৰে’লতে এক্সটেণ্ড কৰি আমি আহি একেবাৰে ভেলোৰতে নামিলোহি। মাদ্ৰাজ ষ্টেচনত নামি তোমাক লগ কৰাৰ কথা ভাবিছিলো, কিন্তু যেতিয়া সাৰ পালোঁ ভেলোৰেই পাবৰ হ’লহি। যিহওঁক, ইয়াত গম পাইছো কেইটামান পৰীক্ষা মাদ্ৰাজতহে ভাল। আমি ইয়াৰ পৰা গৈ ২৮ তাৰিখে দিনৰ দহ বজাত মাদ্ৰাজ পামগৈ। তুমি প্লেটফৰ্মৰ পৰাই আগবঢ়াই নিবাহি বুলি আশা কৰিলো। শেষত আমাৰ শুভেচ্ছা ল’বা।

Wednesday, May 6, 2020

প্ৰিয় পথাৰৰ প্ৰথম ফচল


প্ৰিয় পথাৰৰ প্ৰথম ফচল

মোৰ মনত সাহিত্য প্ৰীতি কেতিয়া আৰু কেনেকৈ সোমাল সেই কথা মই সঠিককৈ ক’ব নোৱাৰিম। মোৰ জন্মহোৱা ঠাই বা গাওঁখনৰ পৰিৱেশ, পঢ়াশালীৰ -বিশেষকৈ কৈশোৰ অৱস্থাত স্কুলত লগ পোৱা কেইজনমান শিক্ষক আৰু ব্যক্তিৰ প্ৰভাৱ, কেইটামান পুথিভড়ালত থকা কেতবোৰ গ্ৰন্থ-পত্ৰিকা-আলোচনী আৰু সৰ্বশেষত ঘৰ বা পৰিয়ালৰ লোকসকলৰ মাজত থকা কিতাপৰ প্ৰতি দুৰ্বলতাই ইয়াৰ মূল কাৰণ বুলি ক’ব পাৰি। আমাৰ ডাঙৰ পেহাদেউ শ্ৰীযুত গোলাপ বৰাৰ কিতাপ পঢ়া আৰু সংগ্ৰহ কৰাটোত বৰ চখ আছিল। তেখেতৰ ঘৰত থকা গ্ৰন্থ সংগ্ৰহৰ মাজত এনে কেতবোৰ দুষ্প্ৰাপ্য সংগ্ৰহ আছিল যে অসমৰ নাম থকা পুথি-ভঁড়ালতো সেইবোৰ কিতাপ বিচাৰি পোৱা নগৈছিল। সৰু পেহাদেউ শ্ৰীযুত খোল্মূকেশ হাতীবৰুৱাৰ ঘৰতো কিতাপ ভৰাই থোৱা কেইবাটাও ডাঙৰ ডাঙৰ আলমাৰী আছিল। আমাৰ নিজৰ ঘৰতো দেউতাৰ কিতাপ ভৰ্তি এটা আলমাৰী আছিল। কিতাপৰ আলমাৰীটোৰ প্ৰতিটো খোটালী কিতাপ-আলোচনীৰে ঠাহ খাই আছিল। তাৰোপৰি ঘৰৰ চুকে কোণে অসংখ্য বাতৰি কাকত পত্ৰিকা আদি সিচঁৰিত হৈ পৰি থকা দেখিছিলোঁ। দেউতা দৈনিক অসমীয়া বাতৰিকাকত কেইখনৰ উপৰিও নতুন পৃথিৱী, সীৰলু, কলিকতাৰ পৰা প্ৰকাশ হোৱা নন্দন নামৰ মাহেকীয়া আলোচনীখন আৰু সাপ্তাহিক বাতৰিকাকত অসমবাণী, গণশক্তি, নাগৰিক, দেশহিতৈশী, ইংৰাজী কাকত “পিপলছ ডেমক্ৰেছী” আদিৰ নিয়মীয়া পাঠক আছিল। আনকি কলিকতাৰ পৰা প্ৰকাশ হোৱা দৈনিক কাকত এখনো মই হাইস্কুলৰ ওপৰ শ্ৰেণীত থকা দিনত আমাৰ ঘৰলৈ নিয়মীয়াকৈ আহিছিল। একেবাৰে সৰু অৱস্থাত আলমাৰীটোলৈ বা এই বাতৰিকাকত আলোাচনীবোৰলৈ হাত মেলাৰ কথা মনলৈ অহা নাছিল। প্ৰাথমিক বিদ্যালয়ত পঢ়ি থাকোঁতে কিৰণ বাইদেউৱে মাজে মাজে শিশুৰ উপযোগী ছবি থকা কিতাপকেইখনমান ঘৰলৈ আনি পঢ়িবলৈ সুবিধা দিয়াৰ কথা মনত আছে। এখন কিতাপৰ নাম এতিয়াও মনত আছে পক্ষীৰাজ ঘোঁৰা। “বাহিৰা কিতাপ”-যে আমাদজনক বস্তু সেইটো একেবাৰে সৰু থাকোঁতেই উপলব্ধি কৰিব পাৰিছিলো।

মই হাইস্কুললৈ অহাৰ আগে আগে এবাৰ দেউতা কিবা কাৰণত গুৱাহাটীলৈ যাব লগা হৈছিল। লগতে মোৰ ভাই মৃদুল আৰু মোক লৈ আহি ঢেকীয়াজুলীত থকা দেউতাৰ মামা ডাক্তৰ হৰিপ্ৰসাদ বৰুৱাৰ ঘৰত আমাক কেইদিনমান এৰি থৈ গৈছিল। সেই সময়তে মোৰ হাতত এখন কিতাপ পৰিল। মইনাৰ ৰামায়ণ লেখক ধৰ্মদাস চৌধূৰী। কিতাপখন পঢ়ি মই সম্পূৰ্ণ আলোড়িত হৈ গ’লো, সৰ্বশৰীৰ মোৰ কঁপি উঠিল। পিছলৈ অসমীয়া আৰু ইংৰাজী ভাষাত বিভিন্ন ৰূপত মই ৰামায়ণ পঢ়িছো। কিন্তু  সেই সৰু কিতাপখনৰ ভাৱ-ভাষা ইমান সুন্দৰ আছিল আৰু সেই কিতাপখনে মোক যেনেকৈ আলোড়িত কৰিছিল, পিছলৈ আন কোনো কিতাপে তেনেকৈ মোক প্ৰভাৱিত কৰা নাই! ঢেকীয়াজুলীৰ ককাৰ ঘৰতে কিতাপখন মই একেধাৰে চাৰিবাৰমান পঢ়িলোঁ। মোৰ আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি আইতাই কিতাপখন মোক ঘৰলৈ লৈ আহিবলৈ দি দিছিল। কিছুদিনৰ পিছত গোটেই কিতাপখনেই মোৰ একপ্ৰকাৰ মূখস্থ হোৱাদি হৈছিল। তাৰ দুটামান লাইন এতিয়াও মই মাজে মাজে আওৰাই থাকোঁ। কিতাপখনে মোক কিমান প্ৰভাৱিত কৰিছিল তাৰ লগত সংগতি থকা আৰু দুটা কথা ক’বলৈ বৰ মন গৈছে। মই যেতিয়া মেট্ৰিক পৰীক্ষা দিবলৈ পঢ়াশুনা কৰি আছোঁ সেই সময়তে এবাৰ দেউতা আৰু মা গুৱাহাটীলৈ যাবলৈ ওলাল, সম্ভৱ সেইয়া আছিল মাৰ প্ৰথম গুৱাহাটীলৈ যাত্ৰা। অহাৰ আগে আগে দেউতাই ক’লে “ইয়াত নোপোৱা কিবা কিতাপ গুৱাহাটীৰ পৰা আনিব লাগে যদি মাৰৰ হাতত লিষ্ট এখন লিখি দে।” আঠখনমান কিতাপৰ নাম দিছিলোঁ উচ্চ গণিতৰ কিতাপ, ইংৰাজী গ্ৰামাৰৰ কিতাপ আৰু তাৰ মাজতে আছিল ৰামায়ণ, মূল ইংৰাজী লেখক চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী, অনুবাদক লক্ষেশ্বৰ শৰ্মা, প্ৰকাশক -অসম প্ৰকাশন পৰিষদ। পাণবজাৰৰ দোকানত প্ৰথমবাৰৰ বাবে লিষ্টখন দেউতাৰ হাতত পৰোঁতে মাক হেনো কৈছিল তাক হাইস্কুলৰ দেওনা পাৰ নৌ হওঁতেই ৰামায়ণ লগা হ’লনে? যিহ’লেও দেউতাই কিতাপখন আনিছিল আৰু সেইখন আজিও মোৰ লগত আছে। জীৱন পৰিক্ৰমাত যেতিয়ই ক্লান্ত হৈছো, কিতাপখন উলিয়াই লওঁ, এবাৰ পঢ়ো, হেৰোৱা উদ্যম আকৌ উভতি আহে। দ্বিতীয় কথাটো হ’ল মই হাইস্কুলৰ ওপৰ শ্ৰেণীত পঢ়োতে প্ৰতি দেওঁবাৰেই সাপ্তাহিক বজাৰখনলৈ বজাৰ কৰিবলৈ গৈছিলো। এবাৰ দেখিলো তাতে পোহাৰী এজনে বৰ ধুনীয়া চিত্ৰ কিছুমান বিক্ৰি কৰিছে। প্ৰাকৃতিক দৃশ্য, হিন্দু দেৱ দেৱীৰ চিত্ৰ, দেশৰ প্ৰধানমন্ত্ৰী, নেহৰু, শাস্ত্ৰী আদি গণ্যমান্য লোাককে আদি কৰি অনেক চিত্ৰ। মোহ এৰিব নোৱাৰি মইও এখন তেনে চিত্ৰ কিনিলো হাতত ধনু-শৰ লৈ থিয় হৈ থকা শান্ত সৌম্য ৰামৰ চিত্ৰ - লগত লক্ষ্মণ আৰু সীতা! ছবিখন দেউতাৰ আলমাৰীটোৰ আইনা এখনত ভিতৰ ফালৰ পৰা লগাই থোৱা অৱস্থাত আমাৰ ঘৰত বিশ বছৰতকৈও অধিক সময় আছিল। মোৰ মনত ৰামায়ণ ইমান ভিতৰলৈ প্ৰোথিত হৈ থকাৰ প্ৰধান কাৰণ আছিল বাল্যকালতে পঢ়িবলৈ পোৱা সেই অকণমানি শিশুগ্ৰন্থখন।

বাল্যকালৰ কথা কৈ আছো। ষষ্ঠ শ্ৰেণীত থাকোঁতে প্ৰথম হাইস্কুলৰ পুথিভড়ালত সোমোৱা মনত আছে। সেইটা পুথিভড়ালৰ পৰা মই কিমান কিতাপ পঢ়িছিলোঁ এতিয়া মোৰ ভালকৈ মনত নাই। কিন্তু দুখন কিতাপৰ স্মৃতি অম্লান হৈ আছে। এখন কিতাপৰ নাম আছিল “টুণী” আৰু আনখনৰ নাম “ৰাজা হৰিশ্চন্দ্ৰ”। দুয়োখন কিতাপে মোৰ মনত যুগমীয়া সাঁচ পেলাইছিল। প্ৰথমখন কিতাপ আছিল এটা সৰু টুণী চৰাইৰ কল্পিত আত্মকথা। আজিৰ দিনত পক্ষীকূলৰ প্ৰতি মোৰ যি ধাৰণা বা মৰম তাৰ মূল আধাৰ মোৰ বাল্যকালৰ সেই কিতাপখনেই। প্ৰায় দুকুৰী বছৰৰ পিছত,  কিতাপখন পোৱা যায় নেকি সেইটো পুথিভড়ালতে মই এবাৰ চেষ্টা কৰি চাইছিলো, কিন্তু নাপালোঁ । দ্বিতীয়খন কিতাপ অৱশ্যেই ৰাজা হৰিশ্চন্দ্ৰক সত্যৰ প্ৰতিমূৰ্তি সাজি প্ৰক্ষেপ কৰা এখন শিশুগ্ৰন্থ। সত্যৰ শক্তি আৰু তাৰ লগত আপোচ নকৰাৰ যি মনোবল তাৰ যিখিনি মই আজিও লগত লৈ ফুৰিছো বুলি ভাবোঁ সেই মনোবলৰ প্ৰথম বীজ ৰোপন কৰিছিল এই কিতাপখনেই।

সপ্তম শ্ৰেণীত পঢ়ি থাকোঁতে মোৰ বৰ মন গ’ল এটা পুথি-ভঁড়াল খুলিবলৈ। বহুদিন মাক কুটুৰী থকাৰ পিচত মায়ে মজলীয়া আকাৰৰ টিনৰ বাকচ এটা খালি কৰি দিলে। এসময়ত গাত গোলাপ পাহিৰ চিন থকা বুলি ধৰিব পাৰি, ভিতৰটো নীলা বৰণৰ। তাতে মই যোগাৰ কৰা বাহিৰা কিতাপবোৰ ভৰাই গ’লো। নাম এটা নোহোৱাকৈ লাইব্ৰেৰী হ‘ব পাৰেনে? ঠিক কৰিলোঁ, নামটো হব ৰূপজ্যোতি পুথি-ভঁড়াল। বৰদেউতাৰ ছোৱালী সেই সময়ত বিশ্ববিদ্যালয়ত পঢ়ি থকা পূৰৱী বাইদেউৱে ক’লে কি নাম দিছ এইটো? নামটো অলপ ক্ৰিয়েটিভ হব লাগে! কেইদিনমানৰ পিচত এটা নতুন নাম বিচাৰি পালোঁ সৃজনী পুথি-ভঁড়াল। পলম নকৰি ৰবৰ ষ্টাম্প এটাও বনাই আনিলোঁ সৃজনী পুথি-ভঁড়াল, স্থাপিত ১৯৮০ চন। সেই সময়ত মোৰ হাতলৈ অহা প্ৰতিখন কিতাপতে সেই ষ্টাম্পৰ মোহৰ লাগিল, লগতে এটা নম্বৰ। পিছলৈ সৃজনী পুথিভড়ালত কিতাপৰ সংখ্যা বহুত বাঢ়িল। আমাৰ ঘৰত থকা আকাশ, সঁফুৰা, মৌচাক আদি শিশু আলোচনীসমূহৰ বেটুপাত আৰু মাজৰ পৃষ্ঠা কিছুমানত সেই ষ্টাম্পটোৰ দাগ এতিয়াও কেতিয়াবা ওলায়। ঠিক সেই সময়তে দেউতাৰ আলমাৰীটো মই খুলিব পৰা হৈছিলোঁ। তাত জাপ-জাপকৈ সোমায় আছিল বিভিন্ন গ্ৰন্থ আলোচনী, পত্ৰিকা, গল্প, উপন্যাস আৰু প্ৰৱন্ধৰ কিতাপ। সেইবোৰ কিতাপো সুবিধা চাই মই আলমাৰীটোৰ পৰা সৃজনী পুথি-ভঁড়াললৈ স্থানান্তৰিত কৰিলোঁ। মনত আছে সৃজনী পুথি-ভঁড়াল ব্যৱহাৰ কৰাৰ বাবে মই এখন নিয়মাৱলীও লিখি উলিয়াইছিলোঁ। কিতাপ নি সময়মতে ঘুৰাই নিদিলে ফাইন হিচাপে কিবা এটা মূল্যও নিৰ্ধাৰণ কৰি দিছিলোঁ। পুথি-ভঁড়ালৰ সদস্য লাভৰ দুটা উপায় আছিল ধন দি, নহ’লে এটা নিৰ্দিষ্ট মূল্যৰ এখন কিতাপ দি। এই নিয়ম অনুসৰিয়েই মোৰ ভাই-ভণী দুদু আৰু মাজনীক পঢ়াবলৈ অহা বেণুধৰ খুৰাই ডাঙৰ কিতাপ এখন মোৰ লাইব্ৰেৰীলৈ আগবঢ়াইছিল। সম্ভৱ কিতাপখন আছিল বেণুধৰ শৰ্মা ৰচনাৱলী। সেই সময়ত আমাৰ গাৱঁতো এটা পুথি-ভঁড়াল আছিল, নাম বিজুলী পুথি-ভঁড়াল। লাইব্ৰেৰীটোৰ আলমাৰীকেইটা অনাদৰ হৈ বৰদেউতা এজনৰ ঘৰত পৰি আছিল। বহু কিতাপ নষ্ট হৈ গৈছিল। এদিন সেই আলমাৰীকেইটাৰ  পৰাও বাচি বাচি মই বহু কিতাপ লৈ আনিলোঁ।

এই যে লাইব্ৰেৰী খোালাৰ কথাটো সেইটো মোৰ মনলৈ নিজে নিজে আহিছিল নে? নিশ্চয় নহয়। মোৰ মাৰ এগৰাকী সম্পৰ্কীয় বাইদেউ সুশীলা মহন্তৰ বিয়া হৈছিল জামুগুৰীৰ ত্যাগবীৰ হেম বৰুৱা কলেজত কাম কৰা শ্ৰীযুত কেশৱ শইকীয়ালৈ। আমাৰ দুয়োঘৰৰ মাজত ভাল সম্পৰ্ক আছিল আৰু আইতাৰ লগত আমি প্ৰায়েই তালৈ ফুৰিবলৈ গৈছিলোঁ। জেঠাইদেউৰ ঘৰখনত কিতাপৰ সমাদৰ আছিল বহুল। বিশেষকৈ জেঠাইদেউৰ ডাঙৰ ল’ৰা সোনমনি দাদাই কিতাপ পঢ়ি বৰ ভাল পাইছিল আৰু পঢ়াশুনাতো বৰ আগবঢ়া আছিল। স্কুলত থকা দিনতেই তেখেতে “জ্যোতি এজেঞ্চি” নাম দি এটা প্ৰতিষ্ঠানৰ জন্ম দিছিল আৰু গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰীতি বৰুৱাৰ দ্বাৰা সম্পাদিত “আকাশ” নামৰ শিশু আলোচনীখনৰ এজেন্ট আছিল। সোনমনিদাই মোকো গ্ৰাহক কৰি দি ডাক যোগে আলোচনীখন আমাৰ ঘৰলৈ অহাৰ সুবিধা কৰি দিছিল। কথাটোত মই ৰোমাঞ্চিত হৈ উঠিছিলো। এবাৰ তেওঁলোকৰ ঘৰৰ পৰা উভতি আহোঁতে মোক পঢ়িবলৈ আকাশ আৰু কণিকা নামৰ আলোচনীকেইখনৰ কেইবাটাও সংখ্যা আৰু কেইবাখনো কিতাপ দি পঠাইছিল। সেই কিতাপবিলাকতো জিলিকি আছিল এটা মোহৰ জ্যোতি এজেঞ্চি, কুসুমটোলা, দৰং, অসম। সেয়ে মোৰ এনে লাগে, মোৰ পুথি ভঁড়াল স্থাপনৰ ধাৰণাটোও জন্ম পাইছিল সোাণনমিদাই কৰি থকা কিছুমান কৰ্মকাণ্ড দেখিয়েই। স্কুলত থাকোঁতেই সোণমনিদাৰ কবিতা আলোচনী আৰু বাতৰিকাকতত প্ৰকাশ হৈছিল। এইজন সোণমনিদায়েই “মহাকাব্যৰ প্ৰথম পাত”-ৰ কবি বিপুলজ্যোতি শইকীয়া। তেখেতসকলে বাসকৰা অঞ্চলটোৰ নাম আছিল কৰচনতলা। কৰচন এবিধ চৰাইৰ নাম। শব্দটোৰ জন্ম হৈছিল চাহবাগানৰ মজদুৰসকলে ব্যৱহাৰ কৰা চাহ-মজদুৰ ভাষাৰ পৰা। সোণমনিদাই ঠাইখনৰ নামটো সামান্য সলনি কৰি এটা নতুন নামৰ প্ৰচলন কৰিব বিচাৰিছিল, কবিতা কবিতা লগা এটা নতুন নাম কুসুমটোলা!

এইখিনিতে আৰু এখন কিতাপৰ নাম নক’লে ভুল হ’ব। সোণমনিদাই মোক পঢ়িবলৈ দি পঠোৱা কিতাপ কেইখনৰ মাজত আছিল এখন অনুবাদ শিশু গ্ৰন্থ টম ছয়াৰৰ কাণ্ড! অনুবাদক আবুল লেইচ। তেতিয়ালৈকে মোৰ বিদেশী সাহিত্যৰ লগত কোনো পৰিচয় নাছিল। কিতাপখনৰ অনুবাদ ইমান সাৱলীল আছিল যে কিতাপখনৰ চৰিত্ৰবোৰ - টম, জেক, হাক, বেকী থেছাৰ, ৰেড ইণ্ডিয়ান জো আদি আজিও মোৰ মানস পটত জিলিকি আছে। কিতাপখন পঢ়ি থাকোঁতে সেই চৰিত্ৰবোৰৰ লগত খেলি থকা যেন লাগিছিল। টম আৰু বেকী ‘মেক-ডুগলৰ’ নামৰ গুহাটোত হেৰাই যাওঁতে ভয়ত মই ৰোমাঞ্চিত হৈ উঠিছিলো। কিতাপখন পঢ়ি ইমান ভাল পাইছিলো যে মেট্ৰিক পৰীক্ষাত “মোৰ প্ৰিয় কিতাপ” নামৰ ৰচনা লিখিব লগা হলে এই কিতাপখনৰ নামেই লিখিম বুলি ঠিক কৰিছিলো। মূল ইংৰাজী কিতাপখনৰ লেখক মাৰ্ক টোৱেইন। মাৰ্ক টোৱেইন আচলতে ছদ্মনাম, তেওঁৰ প্ৰকৃত নাম আছিল চেমুৱেল লেংহৰ্ণ ক্লিমেঞ্চ! পিছলৈ মাৰ্ক টোৱেইনৰ লেখাবোৰৰ মই ভক্ত হৈ পৰিছিলো। অনুবাদ সাহিত্যও যে ইমান সুললিত হ‘ব পাৰে এই কিতাপখন নপঢ়িলে বুজিব নোৱাৰি। সম্ভৱ অনুবাদ সাহিত্যিক হিচাপে অসমীয়া সাহিত্যত আবুল লেইচ আছিল অনন্য।

১৯৮২ চনৰ পৰা ড° ভবেন্দ্ৰনাথ শইকীয়াৰ সম্পাদনাত ‘সঁফুৰা’ নামৰ শিশু আলোচনীখন প্ৰকাশ হোৱা আৰম্ভ হ‘ল। মাহৰ শেষত আলোচনীখন অহালৈ আমি অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকোঁ। সঁফুৰাখন পঢ়াৰ পিছত তাত কিবা এটা লিখিবলৈ বৰ মন যায়। ঠিক তেনেতে অসমত বিদেশী বহিষ্কাৰ আন্দোলন ভৰপক হৈ পৰাত স্কুল কলেজ সকলোবোৰ বন্ধ হৈ পৰিল। দেউতা বামপন্থী আদৰ্শত বিশ্বাসী বাবে আমাক সামাজিক ভাৱে বৰ্জন কৰি গাৱঁত এঘৰীয়া কৰা হ’ল। এই ঘটনাটোৱে মোক এটা ডাঙৰ উপকাৰ কৰিলে। মই আমাৰ ওচৰ চুবুৰীয়া, যাৰ যাৰ ঘৰলৈ যাব পাৰিছিলো, তাৰ পৰা অসমীয়া ভাষাৰ যিমান পাৰি সিমান কিতাপ গোটাই ল’লো। ঘৰৰ বাৰান্দাখনৰ এমূৰে ’গুদামঘৰ’ বুলি কোৱা সৰু কোঠালি এটা আছিল। সেইটোও মুকলি কৰি লৈ পঢ়াশুনা কৰিবৰ বাবে ঠিক কৰি ল’লো আৰু গোটাই অনা সমস্ত কিতাপ এফালৰ পৰা পঢ়ি যাবলৈ লাগিলোঁ। সেই কিতাপবোৰৰ বেছিভাগেই আছিল আলোচনী বিষ্ময়, ত্ৰিশূল, শিহৰণ, প্ৰকাশ, প্ৰান্তিক, শিল্পীৰ পৃথিৱী, ৰংঘৰ, আমাৰ প্ৰতিনিধি আদি। বিশেষকৈ গল্পই মোক সাহিত্যৰ আন ভাগবিলাকতকৈ বেছি আকৰ্ষণ কৰিছিল। সেই সময়তে পঢ়া বিষ্ময়ত প্ৰকাশ হোৱা ৰঞ্জু হাজৰিকাৰ “হিংস্ৰ নখৰ” নামৰ প্ৰেমৰ গল্প এটাৰ কথা এতিয়াও মনত আছে। তাৰোপৰি আমাৰ ঘৰত জাপ লাগি থকা শিক্ষক সন্থাৰ মূখপত্ৰ “বন্তি” “দিগন্ত” আদিৰ পাতত পঢ়া কিছুমান গল্পই মনটো ৰোমাঞ্চিত কৰি তুলিছিল। এদিন, নৱম শ্ৰেণীত থাকোতে সঁফুৰা আলোচনীত প্ৰথম মোৰ নামটো ছপা আখৰত দেখা পাওঁ। কিবা এটা প্ৰশ্ন সুধি আলোচনীখনলৈ চিঠি লিখিছিলোঁ, আলোচনীখনে প্ৰশ্নটো প্ৰকাশ কৰিছিল। সেইদিনা গধূলি কিতাপৰ দোকানত আলোচনীখন হাতত লৈয়েই মই ফুৰ্তিত আত্মহাৰা হৈ পৰিছিলো। অকল মোৰ বুলিয়েই নহয়, সঁফুৰা আলোচনীখনৰ প্ৰভাৱ সেই সময়ৰ প্ৰায়বোৰ ছাত্ৰ-ছাত্ৰীৰ ওপৰতে কম বেছি পৰিমাণে পৰিছিল। ১৯৮৫ চনত পদ্ম বৰকটকীৰ সম্পাদনাত আজিৰ সময় বুলি এখন আলোচনী প্ৰকাশ হৈছিল। তাতে “সোঁৱৰণী মোৰ ৰাঙলী জীৱনৰ” শিৰোনামাৰে ভূপেন হাজৰিকাৰ আত্মকথাৰ ক্ৰম এটা আৰম্ভ হৈছিল। কেইদিনমান আগতে ফণী শৰ্মা ৰচনাৱলীখন পঢ়ি মই শেষ কৰিছিলো। ফণী শৰ্মাদেৱে ভূপেন হাজৰিকাৰ প্ৰতিভাৰ বিষয়ে কৰা এটা মন্তব্যৰ উদ্ধৃতি দি আলোচনীখনলৈ মই এখন চিঠি লিখিলো। ‘পঢ়ূৱৈৰ মতামত’ শিতানত আগষ্ট মাহৰ সংখ্যাটোত সেই চিঠিখন প্ৰকাশ হৈছিল। মৌলিক চিন্তাৰে প্ৰকাশ কৰা এই চিঠিখনেই মোৰ জীৱনৰ প্ৰথম প্ৰকাশিত লেখা।

কটন কলেজত ভৰ্তি হোৱাৰ পিছত চিন্তাৰ গতিয়েই যেন সলনি হৈ গ’ল। আমাৰ পাঠ্যপুঠিত থকা “পক্ষী তীৰ্থ দৰ্শন” নামৰ পাঠটোৰ লেখক ড° হেমন্ত কুমাৰ শৰ্মা ছাৰ আমাৰ আৱাসৰে অধীক্ষক। নৱকান্ত বৰুৱা ছাৰ কলেজৰ উপাধ্যক্ষ, অলপতে অৱসৰ লৈছে। সাপ্তাহিক বন্ধত প্ৰায়েই গল্পকাৰ উপন্যাসিক ভুৱনমোহন মহন্ত মামাৰ ঘৰলৈ যাওঁ। মাজে মাজে কেশৱ মহন্ত মামাৰ ঘৰলৈ গৈ বহু সময় সাহিত্যৰ আলোচনা কৰোঁ। মৌচাকৰ পৃষ্ঠাত সদায় দেখি থকা নাম ৰথীন্দ্ৰনাথ গোস্বামী আমাৰ আৱাসতে থাকে। আৱাসত থকা আন কেইবাজনো ছাত্ৰই সুন্দৰ কবিতা লিখে । পিছলৈ জনপ্ৰিয় হোৱা অতনু ভট্টাচাৰ্য আৰু জয়ন্ত মান্তাও আছিল তাৰে ভিতৰৰে দুজন কবি। ইংৰাজীৰ ছাত্ৰ কমল শইকীয়াইও আছিল সাহিত্যৰ ওপৰত প্ৰচুৰ দখল থকা ছাত্ৰ। অমৰেন্দ্ৰ কলিতা আছিল আন এজন তেনে ছাত্ৰ।  এনে পৰিৱেশত ‘বায়নৰ ঘৰৰ কুকুৰেও ৰাগ টনা‘ ধৰণৰ ঘটনা এটা ঘটিল। আমাৰ আৱাসৰ প্ৰাচীৰ পত্ৰিকাখনৰ বাবে নৱাগত সকলৰ পৰা লেখা বিচৰা হ‘ল। মই এটা কবিতা লিখিলো, নাম স্মৃতি! সেইটো কি ধৰণৰ কবিতা হ‘ল মই নাজানো, পঢ়ি বা কোনে কি বুজিলে সেইটোও নাজানো, কিন্তু মোৰ যে সাহিত্যৰ প্ৰতি ৰাপ আছে সেই কথাটো কিন্তু আৱাসটোৰ আন ছাত্ৰসকলে গম পালে।

আমি দ্বিতীয় বাৰ্ষিকত থাকোতে আমি থকা আৱাসটোত এটা ঘটনা ঘটিল। ছাত্ৰ এজনে তেওঁৰ কোঠাতে থকা আন এজন ছাত্ৰৰ পৰা পইচা চুৰ কৰি ধৰা পৰিল। লগে লগে হৈ চৈ লাগি গ’ল। ওচৰে পাজৰে থকা আন আন ছাত্ৰাবাসৰ ছাত্ৰহ’তো দৌৰি আহিল। চুপাৰ ছাৰৰ মধ্যস্থতাত বিষয়টোৰ অৱশেষত সামৰণি পৰিল । মোৰ মনত কিন্তু এটা সংশয়ৰ সৃষ্টি হ’ল । অপমানৰ বোজা বহন কৰিব নোৱাৰি ল‘ৰাজনে যদি আত্মহত্যা কৰে!  ইয়াকে সম্বল কৰি মই এটা গল্প লিখাৰ কছৰৎ কৰিলোঁ। কেইদিন মানৰ পিছত মোৰ নিজৰ কোঠাতে ৰথীনদা, কমলদা, গদা দাহঁতৰ আগত লেখাখিনি পাঠ কৰি শুনালোঁ। ৰথীনদাই লিখি যাবলৈ উপদেশ দিলে। ক’তো প্ৰকাশ নোহোৱা, বা প্ৰকাশ কৰিবলৈ চেষ্টা নকৰা, হাতে লিখা অৱস্থাতে চিৰদিনলৈ থাকি যোৱা সেই গল্পটোৰ নাম আছিল অন্তৰালত! এতিয়া চৌত্ৰিশ বছৰৰ পিছত ভাবিছো, গল্পটো মোৰ ব্লগটোত প্ৰকাশ কৰি থ’ব লাগিব। কণা হওঁক খোৰা হওঁক প্ৰথম সন্তান, মোৰ প্ৰিয় পথাৰৰ প্ৰথম ফচল!