Wednesday, May 6, 2020

প্ৰিয় পথাৰৰ প্ৰথম ফচল


প্ৰিয় পথাৰৰ প্ৰথম ফচল

মোৰ মনত সাহিত্য প্ৰীতি কেতিয়া আৰু কেনেকৈ সোমাল সেই কথা মই সঠিককৈ ক’ব নোৱাৰিম। মোৰ জন্মহোৱা ঠাই বা গাওঁখনৰ পৰিৱেশ, পঢ়াশালীৰ -বিশেষকৈ কৈশোৰ অৱস্থাত স্কুলত লগ পোৱা কেইজনমান শিক্ষক আৰু ব্যক্তিৰ প্ৰভাৱ, কেইটামান পুথিভড়ালত থকা কেতবোৰ গ্ৰন্থ-পত্ৰিকা-আলোচনী আৰু সৰ্বশেষত ঘৰ বা পৰিয়ালৰ লোকসকলৰ মাজত থকা কিতাপৰ প্ৰতি দুৰ্বলতাই ইয়াৰ মূল কাৰণ বুলি ক’ব পাৰি। আমাৰ ডাঙৰ পেহাদেউ শ্ৰীযুত গোলাপ বৰাৰ কিতাপ পঢ়া আৰু সংগ্ৰহ কৰাটোত বৰ চখ আছিল। তেখেতৰ ঘৰত থকা গ্ৰন্থ সংগ্ৰহৰ মাজত এনে কেতবোৰ দুষ্প্ৰাপ্য সংগ্ৰহ আছিল যে অসমৰ নাম থকা পুথি-ভঁড়ালতো সেইবোৰ কিতাপ বিচাৰি পোৱা নগৈছিল। সৰু পেহাদেউ শ্ৰীযুত খোল্মূকেশ হাতীবৰুৱাৰ ঘৰতো কিতাপ ভৰাই থোৱা কেইবাটাও ডাঙৰ ডাঙৰ আলমাৰী আছিল। আমাৰ নিজৰ ঘৰতো দেউতাৰ কিতাপ ভৰ্তি এটা আলমাৰী আছিল। কিতাপৰ আলমাৰীটোৰ প্ৰতিটো খোটালী কিতাপ-আলোচনীৰে ঠাহ খাই আছিল। তাৰোপৰি ঘৰৰ চুকে কোণে অসংখ্য বাতৰি কাকত পত্ৰিকা আদি সিচঁৰিত হৈ পৰি থকা দেখিছিলোঁ। দেউতা দৈনিক অসমীয়া বাতৰিকাকত কেইখনৰ উপৰিও নতুন পৃথিৱী, সীৰলু, কলিকতাৰ পৰা প্ৰকাশ হোৱা নন্দন নামৰ মাহেকীয়া আলোচনীখন আৰু সাপ্তাহিক বাতৰিকাকত অসমবাণী, গণশক্তি, নাগৰিক, দেশহিতৈশী, ইংৰাজী কাকত “পিপলছ ডেমক্ৰেছী” আদিৰ নিয়মীয়া পাঠক আছিল। আনকি কলিকতাৰ পৰা প্ৰকাশ হোৱা দৈনিক কাকত এখনো মই হাইস্কুলৰ ওপৰ শ্ৰেণীত থকা দিনত আমাৰ ঘৰলৈ নিয়মীয়াকৈ আহিছিল। একেবাৰে সৰু অৱস্থাত আলমাৰীটোলৈ বা এই বাতৰিকাকত আলোাচনীবোৰলৈ হাত মেলাৰ কথা মনলৈ অহা নাছিল। প্ৰাথমিক বিদ্যালয়ত পঢ়ি থাকোঁতে কিৰণ বাইদেউৱে মাজে মাজে শিশুৰ উপযোগী ছবি থকা কিতাপকেইখনমান ঘৰলৈ আনি পঢ়িবলৈ সুবিধা দিয়াৰ কথা মনত আছে। এখন কিতাপৰ নাম এতিয়াও মনত আছে পক্ষীৰাজ ঘোঁৰা। “বাহিৰা কিতাপ”-যে আমাদজনক বস্তু সেইটো একেবাৰে সৰু থাকোঁতেই উপলব্ধি কৰিব পাৰিছিলো।

মই হাইস্কুললৈ অহাৰ আগে আগে এবাৰ দেউতা কিবা কাৰণত গুৱাহাটীলৈ যাব লগা হৈছিল। লগতে মোৰ ভাই মৃদুল আৰু মোক লৈ আহি ঢেকীয়াজুলীত থকা দেউতাৰ মামা ডাক্তৰ হৰিপ্ৰসাদ বৰুৱাৰ ঘৰত আমাক কেইদিনমান এৰি থৈ গৈছিল। সেই সময়তে মোৰ হাতত এখন কিতাপ পৰিল। মইনাৰ ৰামায়ণ লেখক ধৰ্মদাস চৌধূৰী। কিতাপখন পঢ়ি মই সম্পূৰ্ণ আলোড়িত হৈ গ’লো, সৰ্বশৰীৰ মোৰ কঁপি উঠিল। পিছলৈ অসমীয়া আৰু ইংৰাজী ভাষাত বিভিন্ন ৰূপত মই ৰামায়ণ পঢ়িছো। কিন্তু  সেই সৰু কিতাপখনৰ ভাৱ-ভাষা ইমান সুন্দৰ আছিল আৰু সেই কিতাপখনে মোক যেনেকৈ আলোড়িত কৰিছিল, পিছলৈ আন কোনো কিতাপে তেনেকৈ মোক প্ৰভাৱিত কৰা নাই! ঢেকীয়াজুলীৰ ককাৰ ঘৰতে কিতাপখন মই একেধাৰে চাৰিবাৰমান পঢ়িলোঁ। মোৰ আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি আইতাই কিতাপখন মোক ঘৰলৈ লৈ আহিবলৈ দি দিছিল। কিছুদিনৰ পিছত গোটেই কিতাপখনেই মোৰ একপ্ৰকাৰ মূখস্থ হোৱাদি হৈছিল। তাৰ দুটামান লাইন এতিয়াও মই মাজে মাজে আওৰাই থাকোঁ। কিতাপখনে মোক কিমান প্ৰভাৱিত কৰিছিল তাৰ লগত সংগতি থকা আৰু দুটা কথা ক’বলৈ বৰ মন গৈছে। মই যেতিয়া মেট্ৰিক পৰীক্ষা দিবলৈ পঢ়াশুনা কৰি আছোঁ সেই সময়তে এবাৰ দেউতা আৰু মা গুৱাহাটীলৈ যাবলৈ ওলাল, সম্ভৱ সেইয়া আছিল মাৰ প্ৰথম গুৱাহাটীলৈ যাত্ৰা। অহাৰ আগে আগে দেউতাই ক’লে “ইয়াত নোপোৱা কিবা কিতাপ গুৱাহাটীৰ পৰা আনিব লাগে যদি মাৰৰ হাতত লিষ্ট এখন লিখি দে।” আঠখনমান কিতাপৰ নাম দিছিলোঁ উচ্চ গণিতৰ কিতাপ, ইংৰাজী গ্ৰামাৰৰ কিতাপ আৰু তাৰ মাজতে আছিল ৰামায়ণ, মূল ইংৰাজী লেখক চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী, অনুবাদক লক্ষেশ্বৰ শৰ্মা, প্ৰকাশক -অসম প্ৰকাশন পৰিষদ। পাণবজাৰৰ দোকানত প্ৰথমবাৰৰ বাবে লিষ্টখন দেউতাৰ হাতত পৰোঁতে মাক হেনো কৈছিল তাক হাইস্কুলৰ দেওনা পাৰ নৌ হওঁতেই ৰামায়ণ লগা হ’লনে? যিহ’লেও দেউতাই কিতাপখন আনিছিল আৰু সেইখন আজিও মোৰ লগত আছে। জীৱন পৰিক্ৰমাত যেতিয়ই ক্লান্ত হৈছো, কিতাপখন উলিয়াই লওঁ, এবাৰ পঢ়ো, হেৰোৱা উদ্যম আকৌ উভতি আহে। দ্বিতীয় কথাটো হ’ল মই হাইস্কুলৰ ওপৰ শ্ৰেণীত পঢ়োতে প্ৰতি দেওঁবাৰেই সাপ্তাহিক বজাৰখনলৈ বজাৰ কৰিবলৈ গৈছিলো। এবাৰ দেখিলো তাতে পোহাৰী এজনে বৰ ধুনীয়া চিত্ৰ কিছুমান বিক্ৰি কৰিছে। প্ৰাকৃতিক দৃশ্য, হিন্দু দেৱ দেৱীৰ চিত্ৰ, দেশৰ প্ৰধানমন্ত্ৰী, নেহৰু, শাস্ত্ৰী আদি গণ্যমান্য লোাককে আদি কৰি অনেক চিত্ৰ। মোহ এৰিব নোৱাৰি মইও এখন তেনে চিত্ৰ কিনিলো হাতত ধনু-শৰ লৈ থিয় হৈ থকা শান্ত সৌম্য ৰামৰ চিত্ৰ - লগত লক্ষ্মণ আৰু সীতা! ছবিখন দেউতাৰ আলমাৰীটোৰ আইনা এখনত ভিতৰ ফালৰ পৰা লগাই থোৱা অৱস্থাত আমাৰ ঘৰত বিশ বছৰতকৈও অধিক সময় আছিল। মোৰ মনত ৰামায়ণ ইমান ভিতৰলৈ প্ৰোথিত হৈ থকাৰ প্ৰধান কাৰণ আছিল বাল্যকালতে পঢ়িবলৈ পোৱা সেই অকণমানি শিশুগ্ৰন্থখন।

বাল্যকালৰ কথা কৈ আছো। ষষ্ঠ শ্ৰেণীত থাকোঁতে প্ৰথম হাইস্কুলৰ পুথিভড়ালত সোমোৱা মনত আছে। সেইটা পুথিভড়ালৰ পৰা মই কিমান কিতাপ পঢ়িছিলোঁ এতিয়া মোৰ ভালকৈ মনত নাই। কিন্তু দুখন কিতাপৰ স্মৃতি অম্লান হৈ আছে। এখন কিতাপৰ নাম আছিল “টুণী” আৰু আনখনৰ নাম “ৰাজা হৰিশ্চন্দ্ৰ”। দুয়োখন কিতাপে মোৰ মনত যুগমীয়া সাঁচ পেলাইছিল। প্ৰথমখন কিতাপ আছিল এটা সৰু টুণী চৰাইৰ কল্পিত আত্মকথা। আজিৰ দিনত পক্ষীকূলৰ প্ৰতি মোৰ যি ধাৰণা বা মৰম তাৰ মূল আধাৰ মোৰ বাল্যকালৰ সেই কিতাপখনেই। প্ৰায় দুকুৰী বছৰৰ পিছত,  কিতাপখন পোৱা যায় নেকি সেইটো পুথিভড়ালতে মই এবাৰ চেষ্টা কৰি চাইছিলো, কিন্তু নাপালোঁ । দ্বিতীয়খন কিতাপ অৱশ্যেই ৰাজা হৰিশ্চন্দ্ৰক সত্যৰ প্ৰতিমূৰ্তি সাজি প্ৰক্ষেপ কৰা এখন শিশুগ্ৰন্থ। সত্যৰ শক্তি আৰু তাৰ লগত আপোচ নকৰাৰ যি মনোবল তাৰ যিখিনি মই আজিও লগত লৈ ফুৰিছো বুলি ভাবোঁ সেই মনোবলৰ প্ৰথম বীজ ৰোপন কৰিছিল এই কিতাপখনেই।

সপ্তম শ্ৰেণীত পঢ়ি থাকোঁতে মোৰ বৰ মন গ’ল এটা পুথি-ভঁড়াল খুলিবলৈ। বহুদিন মাক কুটুৰী থকাৰ পিচত মায়ে মজলীয়া আকাৰৰ টিনৰ বাকচ এটা খালি কৰি দিলে। এসময়ত গাত গোলাপ পাহিৰ চিন থকা বুলি ধৰিব পাৰি, ভিতৰটো নীলা বৰণৰ। তাতে মই যোগাৰ কৰা বাহিৰা কিতাপবোৰ ভৰাই গ’লো। নাম এটা নোহোৱাকৈ লাইব্ৰেৰী হ‘ব পাৰেনে? ঠিক কৰিলোঁ, নামটো হব ৰূপজ্যোতি পুথি-ভঁড়াল। বৰদেউতাৰ ছোৱালী সেই সময়ত বিশ্ববিদ্যালয়ত পঢ়ি থকা পূৰৱী বাইদেউৱে ক’লে কি নাম দিছ এইটো? নামটো অলপ ক্ৰিয়েটিভ হব লাগে! কেইদিনমানৰ পিচত এটা নতুন নাম বিচাৰি পালোঁ সৃজনী পুথি-ভঁড়াল। পলম নকৰি ৰবৰ ষ্টাম্প এটাও বনাই আনিলোঁ সৃজনী পুথি-ভঁড়াল, স্থাপিত ১৯৮০ চন। সেই সময়ত মোৰ হাতলৈ অহা প্ৰতিখন কিতাপতে সেই ষ্টাম্পৰ মোহৰ লাগিল, লগতে এটা নম্বৰ। পিছলৈ সৃজনী পুথিভড়ালত কিতাপৰ সংখ্যা বহুত বাঢ়িল। আমাৰ ঘৰত থকা আকাশ, সঁফুৰা, মৌচাক আদি শিশু আলোচনীসমূহৰ বেটুপাত আৰু মাজৰ পৃষ্ঠা কিছুমানত সেই ষ্টাম্পটোৰ দাগ এতিয়াও কেতিয়াবা ওলায়। ঠিক সেই সময়তে দেউতাৰ আলমাৰীটো মই খুলিব পৰা হৈছিলোঁ। তাত জাপ-জাপকৈ সোমায় আছিল বিভিন্ন গ্ৰন্থ আলোচনী, পত্ৰিকা, গল্প, উপন্যাস আৰু প্ৰৱন্ধৰ কিতাপ। সেইবোৰ কিতাপো সুবিধা চাই মই আলমাৰীটোৰ পৰা সৃজনী পুথি-ভঁড়াললৈ স্থানান্তৰিত কৰিলোঁ। মনত আছে সৃজনী পুথি-ভঁড়াল ব্যৱহাৰ কৰাৰ বাবে মই এখন নিয়মাৱলীও লিখি উলিয়াইছিলোঁ। কিতাপ নি সময়মতে ঘুৰাই নিদিলে ফাইন হিচাপে কিবা এটা মূল্যও নিৰ্ধাৰণ কৰি দিছিলোঁ। পুথি-ভঁড়ালৰ সদস্য লাভৰ দুটা উপায় আছিল ধন দি, নহ’লে এটা নিৰ্দিষ্ট মূল্যৰ এখন কিতাপ দি। এই নিয়ম অনুসৰিয়েই মোৰ ভাই-ভণী দুদু আৰু মাজনীক পঢ়াবলৈ অহা বেণুধৰ খুৰাই ডাঙৰ কিতাপ এখন মোৰ লাইব্ৰেৰীলৈ আগবঢ়াইছিল। সম্ভৱ কিতাপখন আছিল বেণুধৰ শৰ্মা ৰচনাৱলী। সেই সময়ত আমাৰ গাৱঁতো এটা পুথি-ভঁড়াল আছিল, নাম বিজুলী পুথি-ভঁড়াল। লাইব্ৰেৰীটোৰ আলমাৰীকেইটা অনাদৰ হৈ বৰদেউতা এজনৰ ঘৰত পৰি আছিল। বহু কিতাপ নষ্ট হৈ গৈছিল। এদিন সেই আলমাৰীকেইটাৰ  পৰাও বাচি বাচি মই বহু কিতাপ লৈ আনিলোঁ।

এই যে লাইব্ৰেৰী খোালাৰ কথাটো সেইটো মোৰ মনলৈ নিজে নিজে আহিছিল নে? নিশ্চয় নহয়। মোৰ মাৰ এগৰাকী সম্পৰ্কীয় বাইদেউ সুশীলা মহন্তৰ বিয়া হৈছিল জামুগুৰীৰ ত্যাগবীৰ হেম বৰুৱা কলেজত কাম কৰা শ্ৰীযুত কেশৱ শইকীয়ালৈ। আমাৰ দুয়োঘৰৰ মাজত ভাল সম্পৰ্ক আছিল আৰু আইতাৰ লগত আমি প্ৰায়েই তালৈ ফুৰিবলৈ গৈছিলোঁ। জেঠাইদেউৰ ঘৰখনত কিতাপৰ সমাদৰ আছিল বহুল। বিশেষকৈ জেঠাইদেউৰ ডাঙৰ ল’ৰা সোনমনি দাদাই কিতাপ পঢ়ি বৰ ভাল পাইছিল আৰু পঢ়াশুনাতো বৰ আগবঢ়া আছিল। স্কুলত থকা দিনতেই তেখেতে “জ্যোতি এজেঞ্চি” নাম দি এটা প্ৰতিষ্ঠানৰ জন্ম দিছিল আৰু গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰীতি বৰুৱাৰ দ্বাৰা সম্পাদিত “আকাশ” নামৰ শিশু আলোচনীখনৰ এজেন্ট আছিল। সোনমনিদাই মোকো গ্ৰাহক কৰি দি ডাক যোগে আলোচনীখন আমাৰ ঘৰলৈ অহাৰ সুবিধা কৰি দিছিল। কথাটোত মই ৰোমাঞ্চিত হৈ উঠিছিলো। এবাৰ তেওঁলোকৰ ঘৰৰ পৰা উভতি আহোঁতে মোক পঢ়িবলৈ আকাশ আৰু কণিকা নামৰ আলোচনীকেইখনৰ কেইবাটাও সংখ্যা আৰু কেইবাখনো কিতাপ দি পঠাইছিল। সেই কিতাপবিলাকতো জিলিকি আছিল এটা মোহৰ জ্যোতি এজেঞ্চি, কুসুমটোলা, দৰং, অসম। সেয়ে মোৰ এনে লাগে, মোৰ পুথি ভঁড়াল স্থাপনৰ ধাৰণাটোও জন্ম পাইছিল সোাণনমিদাই কৰি থকা কিছুমান কৰ্মকাণ্ড দেখিয়েই। স্কুলত থাকোঁতেই সোণমনিদাৰ কবিতা আলোচনী আৰু বাতৰিকাকতত প্ৰকাশ হৈছিল। এইজন সোণমনিদায়েই “মহাকাব্যৰ প্ৰথম পাত”-ৰ কবি বিপুলজ্যোতি শইকীয়া। তেখেতসকলে বাসকৰা অঞ্চলটোৰ নাম আছিল কৰচনতলা। কৰচন এবিধ চৰাইৰ নাম। শব্দটোৰ জন্ম হৈছিল চাহবাগানৰ মজদুৰসকলে ব্যৱহাৰ কৰা চাহ-মজদুৰ ভাষাৰ পৰা। সোণমনিদাই ঠাইখনৰ নামটো সামান্য সলনি কৰি এটা নতুন নামৰ প্ৰচলন কৰিব বিচাৰিছিল, কবিতা কবিতা লগা এটা নতুন নাম কুসুমটোলা!

এইখিনিতে আৰু এখন কিতাপৰ নাম নক’লে ভুল হ’ব। সোণমনিদাই মোক পঢ়িবলৈ দি পঠোৱা কিতাপ কেইখনৰ মাজত আছিল এখন অনুবাদ শিশু গ্ৰন্থ টম ছয়াৰৰ কাণ্ড! অনুবাদক আবুল লেইচ। তেতিয়ালৈকে মোৰ বিদেশী সাহিত্যৰ লগত কোনো পৰিচয় নাছিল। কিতাপখনৰ অনুবাদ ইমান সাৱলীল আছিল যে কিতাপখনৰ চৰিত্ৰবোৰ - টম, জেক, হাক, বেকী থেছাৰ, ৰেড ইণ্ডিয়ান জো আদি আজিও মোৰ মানস পটত জিলিকি আছে। কিতাপখন পঢ়ি থাকোঁতে সেই চৰিত্ৰবোৰৰ লগত খেলি থকা যেন লাগিছিল। টম আৰু বেকী ‘মেক-ডুগলৰ’ নামৰ গুহাটোত হেৰাই যাওঁতে ভয়ত মই ৰোমাঞ্চিত হৈ উঠিছিলো। কিতাপখন পঢ়ি ইমান ভাল পাইছিলো যে মেট্ৰিক পৰীক্ষাত “মোৰ প্ৰিয় কিতাপ” নামৰ ৰচনা লিখিব লগা হলে এই কিতাপখনৰ নামেই লিখিম বুলি ঠিক কৰিছিলো। মূল ইংৰাজী কিতাপখনৰ লেখক মাৰ্ক টোৱেইন। মাৰ্ক টোৱেইন আচলতে ছদ্মনাম, তেওঁৰ প্ৰকৃত নাম আছিল চেমুৱেল লেংহৰ্ণ ক্লিমেঞ্চ! পিছলৈ মাৰ্ক টোৱেইনৰ লেখাবোৰৰ মই ভক্ত হৈ পৰিছিলো। অনুবাদ সাহিত্যও যে ইমান সুললিত হ‘ব পাৰে এই কিতাপখন নপঢ়িলে বুজিব নোৱাৰি। সম্ভৱ অনুবাদ সাহিত্যিক হিচাপে অসমীয়া সাহিত্যত আবুল লেইচ আছিল অনন্য।

১৯৮২ চনৰ পৰা ড° ভবেন্দ্ৰনাথ শইকীয়াৰ সম্পাদনাত ‘সঁফুৰা’ নামৰ শিশু আলোচনীখন প্ৰকাশ হোৱা আৰম্ভ হ‘ল। মাহৰ শেষত আলোচনীখন অহালৈ আমি অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকোঁ। সঁফুৰাখন পঢ়াৰ পিছত তাত কিবা এটা লিখিবলৈ বৰ মন যায়। ঠিক তেনেতে অসমত বিদেশী বহিষ্কাৰ আন্দোলন ভৰপক হৈ পৰাত স্কুল কলেজ সকলোবোৰ বন্ধ হৈ পৰিল। দেউতা বামপন্থী আদৰ্শত বিশ্বাসী বাবে আমাক সামাজিক ভাৱে বৰ্জন কৰি গাৱঁত এঘৰীয়া কৰা হ’ল। এই ঘটনাটোৱে মোক এটা ডাঙৰ উপকাৰ কৰিলে। মই আমাৰ ওচৰ চুবুৰীয়া, যাৰ যাৰ ঘৰলৈ যাব পাৰিছিলো, তাৰ পৰা অসমীয়া ভাষাৰ যিমান পাৰি সিমান কিতাপ গোটাই ল’লো। ঘৰৰ বাৰান্দাখনৰ এমূৰে ’গুদামঘৰ’ বুলি কোৱা সৰু কোঠালি এটা আছিল। সেইটোও মুকলি কৰি লৈ পঢ়াশুনা কৰিবৰ বাবে ঠিক কৰি ল’লো আৰু গোটাই অনা সমস্ত কিতাপ এফালৰ পৰা পঢ়ি যাবলৈ লাগিলোঁ। সেই কিতাপবোৰৰ বেছিভাগেই আছিল আলোচনী বিষ্ময়, ত্ৰিশূল, শিহৰণ, প্ৰকাশ, প্ৰান্তিক, শিল্পীৰ পৃথিৱী, ৰংঘৰ, আমাৰ প্ৰতিনিধি আদি। বিশেষকৈ গল্পই মোক সাহিত্যৰ আন ভাগবিলাকতকৈ বেছি আকৰ্ষণ কৰিছিল। সেই সময়তে পঢ়া বিষ্ময়ত প্ৰকাশ হোৱা ৰঞ্জু হাজৰিকাৰ “হিংস্ৰ নখৰ” নামৰ প্ৰেমৰ গল্প এটাৰ কথা এতিয়াও মনত আছে। তাৰোপৰি আমাৰ ঘৰত জাপ লাগি থকা শিক্ষক সন্থাৰ মূখপত্ৰ “বন্তি” “দিগন্ত” আদিৰ পাতত পঢ়া কিছুমান গল্পই মনটো ৰোমাঞ্চিত কৰি তুলিছিল। এদিন, নৱম শ্ৰেণীত থাকোতে সঁফুৰা আলোচনীত প্ৰথম মোৰ নামটো ছপা আখৰত দেখা পাওঁ। কিবা এটা প্ৰশ্ন সুধি আলোচনীখনলৈ চিঠি লিখিছিলোঁ, আলোচনীখনে প্ৰশ্নটো প্ৰকাশ কৰিছিল। সেইদিনা গধূলি কিতাপৰ দোকানত আলোচনীখন হাতত লৈয়েই মই ফুৰ্তিত আত্মহাৰা হৈ পৰিছিলো। অকল মোৰ বুলিয়েই নহয়, সঁফুৰা আলোচনীখনৰ প্ৰভাৱ সেই সময়ৰ প্ৰায়বোৰ ছাত্ৰ-ছাত্ৰীৰ ওপৰতে কম বেছি পৰিমাণে পৰিছিল। ১৯৮৫ চনত পদ্ম বৰকটকীৰ সম্পাদনাত আজিৰ সময় বুলি এখন আলোচনী প্ৰকাশ হৈছিল। তাতে “সোঁৱৰণী মোৰ ৰাঙলী জীৱনৰ” শিৰোনামাৰে ভূপেন হাজৰিকাৰ আত্মকথাৰ ক্ৰম এটা আৰম্ভ হৈছিল। কেইদিনমান আগতে ফণী শৰ্মা ৰচনাৱলীখন পঢ়ি মই শেষ কৰিছিলো। ফণী শৰ্মাদেৱে ভূপেন হাজৰিকাৰ প্ৰতিভাৰ বিষয়ে কৰা এটা মন্তব্যৰ উদ্ধৃতি দি আলোচনীখনলৈ মই এখন চিঠি লিখিলো। ‘পঢ়ূৱৈৰ মতামত’ শিতানত আগষ্ট মাহৰ সংখ্যাটোত সেই চিঠিখন প্ৰকাশ হৈছিল। মৌলিক চিন্তাৰে প্ৰকাশ কৰা এই চিঠিখনেই মোৰ জীৱনৰ প্ৰথম প্ৰকাশিত লেখা।

কটন কলেজত ভৰ্তি হোৱাৰ পিছত চিন্তাৰ গতিয়েই যেন সলনি হৈ গ’ল। আমাৰ পাঠ্যপুঠিত থকা “পক্ষী তীৰ্থ দৰ্শন” নামৰ পাঠটোৰ লেখক ড° হেমন্ত কুমাৰ শৰ্মা ছাৰ আমাৰ আৱাসৰে অধীক্ষক। নৱকান্ত বৰুৱা ছাৰ কলেজৰ উপাধ্যক্ষ, অলপতে অৱসৰ লৈছে। সাপ্তাহিক বন্ধত প্ৰায়েই গল্পকাৰ উপন্যাসিক ভুৱনমোহন মহন্ত মামাৰ ঘৰলৈ যাওঁ। মাজে মাজে কেশৱ মহন্ত মামাৰ ঘৰলৈ গৈ বহু সময় সাহিত্যৰ আলোচনা কৰোঁ। মৌচাকৰ পৃষ্ঠাত সদায় দেখি থকা নাম ৰথীন্দ্ৰনাথ গোস্বামী আমাৰ আৱাসতে থাকে। আৱাসত থকা আন কেইবাজনো ছাত্ৰই সুন্দৰ কবিতা লিখে । পিছলৈ জনপ্ৰিয় হোৱা অতনু ভট্টাচাৰ্য আৰু জয়ন্ত মান্তাও আছিল তাৰে ভিতৰৰে দুজন কবি। ইংৰাজীৰ ছাত্ৰ কমল শইকীয়াইও আছিল সাহিত্যৰ ওপৰত প্ৰচুৰ দখল থকা ছাত্ৰ। অমৰেন্দ্ৰ কলিতা আছিল আন এজন তেনে ছাত্ৰ।  এনে পৰিৱেশত ‘বায়নৰ ঘৰৰ কুকুৰেও ৰাগ টনা‘ ধৰণৰ ঘটনা এটা ঘটিল। আমাৰ আৱাসৰ প্ৰাচীৰ পত্ৰিকাখনৰ বাবে নৱাগত সকলৰ পৰা লেখা বিচৰা হ‘ল। মই এটা কবিতা লিখিলো, নাম স্মৃতি! সেইটো কি ধৰণৰ কবিতা হ‘ল মই নাজানো, পঢ়ি বা কোনে কি বুজিলে সেইটোও নাজানো, কিন্তু মোৰ যে সাহিত্যৰ প্ৰতি ৰাপ আছে সেই কথাটো কিন্তু আৱাসটোৰ আন ছাত্ৰসকলে গম পালে।

আমি দ্বিতীয় বাৰ্ষিকত থাকোতে আমি থকা আৱাসটোত এটা ঘটনা ঘটিল। ছাত্ৰ এজনে তেওঁৰ কোঠাতে থকা আন এজন ছাত্ৰৰ পৰা পইচা চুৰ কৰি ধৰা পৰিল। লগে লগে হৈ চৈ লাগি গ’ল। ওচৰে পাজৰে থকা আন আন ছাত্ৰাবাসৰ ছাত্ৰহ’তো দৌৰি আহিল। চুপাৰ ছাৰৰ মধ্যস্থতাত বিষয়টোৰ অৱশেষত সামৰণি পৰিল । মোৰ মনত কিন্তু এটা সংশয়ৰ সৃষ্টি হ’ল । অপমানৰ বোজা বহন কৰিব নোৱাৰি ল‘ৰাজনে যদি আত্মহত্যা কৰে!  ইয়াকে সম্বল কৰি মই এটা গল্প লিখাৰ কছৰৎ কৰিলোঁ। কেইদিন মানৰ পিছত মোৰ নিজৰ কোঠাতে ৰথীনদা, কমলদা, গদা দাহঁতৰ আগত লেখাখিনি পাঠ কৰি শুনালোঁ। ৰথীনদাই লিখি যাবলৈ উপদেশ দিলে। ক’তো প্ৰকাশ নোহোৱা, বা প্ৰকাশ কৰিবলৈ চেষ্টা নকৰা, হাতে লিখা অৱস্থাতে চিৰদিনলৈ থাকি যোৱা সেই গল্পটোৰ নাম আছিল অন্তৰালত! এতিয়া চৌত্ৰিশ বছৰৰ পিছত ভাবিছো, গল্পটো মোৰ ব্লগটোত প্ৰকাশ কৰি থ’ব লাগিব। কণা হওঁক খোৰা হওঁক প্ৰথম সন্তান, মোৰ প্ৰিয় পথাৰৰ প্ৰথম ফচল!

No comments:

Post a Comment