Wednesday, May 6, 2020

অন্তৰালত


অন্তৰালত

(ৰচনাকালঃ ২০ ডিচেম্বৰ, ১৯৮৬ চন, আনন্দৰাম বৰুৱা ছাত্ৰাবাস কটন কলেজ)

অস্বস্তিৰে সকলো যেন “সভা ভঙ্গ” শব্দ দুটালৈহে ৰৈ আছিল। সভাপতিৰ মুখৰ পৰা কথাষাৰ ওলাই অহাৰ লগে লগে সকলো নিৰ্দিষ্ট ঠাইখিনিলৈ আগবাঢ়িল।

এজন ডাকোৱালে পাঁচখন চিঠি চাৰিটা ডাক বাকচত কেই প্ৰকাৰে পোষ্ট কৰিব পাৰে? পাৰ্মুটেচন কম্বিনেচনৰ খেলা! অংকটো আৰম্ভ কৰিছিলোহে মাত্ৰ। হঠাতে কৰিড’ৰটোত ভীষণ গণ্ডগোলৰ সৃষ্টি হ’ল। ৰূমমেট মৃত্যুঞ্জয় একেকোবে কোঠাৰ পৰা ওলাই গ’ল। কাষৰ কোঠাটোৰ পৰা কিশোৰ আৰু কুঞ্জমোহনো ওলাই আহিল। উৎসুক হৈ কৰিড’ৰ পিনে বেগেৰে আগুৱাই গ’লো। কৰিড’ৰত থকা টেবুল টেনিছ বৰ্ডখনৰ চাৰিওফালে আটাইবোৰ ল’ৰাই উত্তেজিত হৈ নিজৰ নিজৰ উষ্ম বক্তৃতা আৰম্ভ কৰিছে, শ্ৰোতাৰ প্ৰয়োজনীয়তা কোনেও উপলব্ধি কৰা নাই। “অই অমল, কি হৈছে?”, “পাঁচশ টকা চুৰি হৈছে” বুলি অমল তড়িৎ গতিত পাৰ হৈ গ‘ল। “বিমান ঘটনাটো কি?” “দেৱানন্দৰ মগদ নশ টকা আৰু ঘড়ীটে দিবাকৰে চুৰ কৰিছে!” কি, দিবাকৰে ঘড়ী আৰু টকা চুৰ কৰিছে! ভীৰৰ মাজলৈ সোমাই গ’লো। চিঞঁৰ বাখৰত কাৰো কথা বুজি নাপায়। “একেলগে বাৰশ টকা চুৰ কৰিছে”- কোনোবা এটাই কাণৰ কাষত ক’লে।

বৰ্ডখনৰ সিমূৰে মনেশ্বৰে গৰম ভাষাত দুই এটা তাৰ বাবে এতি প্ৰয়োজনীয় শব্দৰে বক্তৃতা আৰম্ভ কৰি দিছে। “ইয়াক চুলি খুৰাই, চূণ সানি, জাঙ্গিয়া পিন্ধাই গোটেই কলেজ ঘুৰাব লাগিব। হোষ্টেলৰ পৰা খেদিব লাগিব। তাৰ বাপেকৰ শ্ৰাৰ্দ্ধ কৰিবলৈ পইচা চুব কৰিছে নেকি?” অমল আৰু দিগন্তই দিবাকৰক দুই বাহুত ধৰি চোচোৰাই টেনিছ বৰ্ডখনৰ ওপৰলৈ উঠাই দিলে। বিশ্বজিতে তাৰ আধা ফটা লুঙীখন কোচাই জাপ মাৰি বৰ্ডখনৰ ওপৰত উঠি দিবাকৰৰ বুকুত ধৰি ক’লে, - “ক বেটা কিমান নিলি? ঘোচাত দাঁত কৰফাল খাই ছহাত দূৰত চিটিকি পৰিব। পইচা চুৰ কৰ? ট্ৰাইৱেল মাৰ চিনি পোৱা নাই?” স্নাতক দ্বিতীয় বাৰ্ষিকৰ কমলদাই বিশ্বজিতক ওপৰৰ পৰা টানি আনিলে। কাণত ধৰ, আঠু কাঢ়, জিভা মেল, নাকত ধৰ আদি বহুত অশ্লীল শব্দ মিহলি খণ্ডবাক্যৰ উত্তপ্ত তৰংগই হোষ্টেলটো সৰৱ কৰি তুলিলে।
কি, ক’ত, কাৰ কি হৈছে আদি প্ৰশ্নৰে সকলোবোৰ ল’ৰা আহি কৰিড’টোত উপস্থিত হ’লহি। কমলদাই অতি কষ্টৰে ল’ৰাখিনি শান্ত কৰি দিবাকৰক কি হৈছে ক’বলৈ দিলে। কঁপা কঁপা মাতেৰে দিবাকৰে আৰম্ভ কৰিলে “মই আচলতে চুৰ কৰা নাই। কালি ৰূমটো সাঁৰোতে এশ টকা পাই মোৰ গাৰুৰ তলত থোৱাটো হয়, কিন্তু মোৰ ৰাখি থোৱাৰ মতলব নাছিল।” “বেটা সঁচা কথা কৱ যদি ক, নহ’লে কলিজা খাই দিম”- এপাট চেণ্ডেল উফৰি আহি দিবাকৰৰ পিঠিত পৰিলহি। “মই সঁচাই কৈছো, কথাটো মই পাহৰিছিলো আৰু ৰূমমেটৰ পইচা হেৰোৱা বুলিও গম পোৱা নাছিলো, এতিয়া হঠাতে মোক সকলোৱে টানি আনিছে।” আব্বে কুকুৰ, চুৰ কৰিব আহিছ, মোৰ পাঁচ টকাও তইয়ে নিছ, দিবিনে নাই ক!” একেলগে উৎপত্তি হোৱা একাধিক বাক্যৰ বিষ্ফোৰণ হোষ্টেল চৌহদ পাৰহৈ বাহিৰলৈ ঢাপলি মেলিলে।

খিল খিল হাঁহিৰে ওচৰৰ ছোৱালী হোষ্টেলৰ পৰা প্ৰথমে লং-পেন্ট পিন্ধা ছোৱালী কেইজনীমান দৌৰি আহিল, তাৰ পিছে পিছে আৰু কেইজনীমান, তাৰ পিচত আহোঁ-নাহোঁকৈ আৰু কেইজনীমান আৰু সৰ্বশেষত ছোৱালী হোষ্টেলৰ অধীক্ষিকা বাইদেইও ঘটনাৰ সম্ভেদ বিচাৰি আমাৰ হোষ্টেল পালেহি।

চুপাৰ ছাৰ আহি ল’ৰাবোৰক শান্ত কৰিবলৈ যিমান চেষ্টা কৰিছে, ছাত্ৰীসকল আহি উপস্থিত হোৱাৰ লগে লগে ল’ৰাবোৰৰ গালিৰ মাত্ৰাও সমানে বাঢ়ি গৈছে। বিশ্বজিতে ফটা লুঙীখন সলাই জিনছটো পিন্ধি আহি এবাৰ দিবাকৰলৈ আনবাৰ ছাত্ৰীৰ দলটোলৈ দৃষ্টি নিক্ষেপৰ কছৰৎ কৰাত লাগিল। অৱশেষত কমলদাই টেবুলখনৰ ওপৰত উঠি ক’বলৈ আৰম্ভ কৰিলে কালি দেৱানন্দ হাতীবৰুৱাৰ গাৰুৰ তলৰ পৰা এশ টকা হেৰাইছিল। কথাটো বেছিকৈ প্ৰকাশ নকৰি মনে মনে অনুসন্ধান কৰি আজি দিবাকৰৰ গাৰুৰ তলত দেৱানন্দৰ এশ টকা পোৱা গ’ল। দিবাকৰে হেনো ৰূমটো চাফা কৰোঁতে পইচাখিনি পাই গাৰুৰ তলত থৈ ক’বলৈ পাহৰিছিল, গতিকে কথাটো বিচাৰ কৰিব লাগে।

হোষ্টেলৰ চুপাৰ ছাৰে পিচদিনা পুৱালৈ বিচাৰ কৰিবলৈ থৈ সকলোকে নিজৰ নিজৰ ৰূমলৈ যাবলৈ ক’লে। ছাত্ৰীসকলৰ হাঁহি,  ছাত্ৰবোৰৰ উচ্চস্বৰৰ গালিবোৰ লাহে লাহে আঁতৰি গ’ল।

কালি সন্ধ্যা যিখন টেবুলৰ ওপৰত দিবাকৰক উঠোৱা হৈছিল সেইখন টেবুলৰ ওপৰতে বোৱাৰী পুৱাতে তাৰ মৃতদেহ আৱিষ্কাৰ কৰিলে মোৰ ৰূমমেট মৃত্যুঞ্জয়ে। অপমান সহ্য কৰিব নোৱাৰি দিবাকৰে ডিঙিত ৰচী লগাই আত্মহত্যা কৰিলে। এইয়া তাৰ শোকসভা হৈ গ’ল। তাৰ মৃতদেহ কলেজৰ সমূখত ফুলৰ মালাৰে সজাই থোৱা আছে। শোক সভাত তাৰ বহুতে গুণানুকীৰ্তন কৰিলে, অথচ কালিৰ ঘটনাটো কোনেও সাহসেৰে ব্যক্ত কৰিব নোৱাৰিলে। মনেশ্বৰ, বিশ্বজিতহঁতৰ কালিৰ খঙাল মুখখন আৰু আজিৰ গহীন মুখৰ প্ৰতিচ্ছবি মোৰ মানস পটত ভাঁহি উঠিল। দিবাকৰ অনুতাপদগ্ধ হৈ মৰিল নে মিছায়ে তাৰ ওপৰত জাপি দিয়া অপমান সহ্য কৰিব নোৱাৰি মৰিল, কেতিয়াও উত্তৰ পোৱাৰ সম্ভাৱনা নথকা এটা ডাঙৰ প্ৰশ্নৰে ওলাই অহা দুটোপাল অশ্ৰু মচি পেলালোঁ।

(গল্পটোত বৰ্ণনা কৰা পৰিৱেশ, চৰিত্ৰ আৰু ঘটনা সম্পূৰ্ণৰূপে কল্পনাপ্ৰসূত লেখক)

No comments:

Post a Comment