শুভেচ্ছা
(ৰচনাকালঃ ১৯৯১ চন, স্থানঃ চেন্নাই)
চাৰিশ ল’ৰা থকা বিশাল ছাত্ৰাবাসটোৰ তৃতীয় মহলাত থকা অকলশৰীয়া কোঠা এটাত মই থাকোঁ। পূৱফালৰ খিৰিকিখন সকলো সময়তে খোলাই থাকে। খিৰিকি কাষৰ বিচনাখনত শুই শুই বাহিৰৰ ৰেহৰূপ চাই থাকিবলৈ বৰ ভাল লাগে। বেলিটো হোষ্টেলটোৰ ওপৰেদি পাৰ হৈ গুচি যোৱাৰ পিছত খিৰিকিখনেদি আকাশখন বৰ সুন্দৰ দেখা যায়। বঙ্গোপসাগৰৰ ওপৰৰ গভীৰ নীলা আকাশ। হোষ্টেলটোৰ পৰা সাগৰ নেদেখোঁ, কিন্তু ওপৰৰ আকাশ চাই চাই বিচনাৰ পৰাই বিচিত্ৰ কল্পনা কৰি ভাল লাগে। - সেইযে শগুণকেইটা উৰি আছে, সিহঁত যদি হঠাতে তললৈ সৰি পৰে তেনেহলে নিৰ্ঘাত মেৰিণা বিচ্চৰ উত্তৰ-পূৱফালে থকা সাগৰৰ মাজত থকা সুৰক্ষা জাহাজখনৰ ওচৰতে পৰিব। আৰু দূৰৈতযে সেইয়া কপাহৰ জোলাৰ দৰে শুকুলা মেঘ, তাৰ পৰা নিশ্চয় অসমখন ৰিণিকি ৰিণিকি দেখা পোৱা যাব। কালিদাসৰ নাটকত এনেকুৱা মেঘেইতো প্ৰেয়সীৰ বতৰা কঢ়িয়াই আনিছিল।
এনেকুৱা এটা সময়তে দুৱাৰৰ ফাঁকেদি হোষ্টেলৰ পিয়নটোৱে চিঠি তিনিখন সুমুৱাই দিলে। কেতিয়াবা শকত লেফাফা, প্ৰান্তিক, বিষ্ময় আদি আহিলে দুৱাৰৰ ফাকেদি নোসোমায়, তেতিয়া তেনেবস্তু হয় চাৰিজন দক্ষিণভাৰতীয় ছাত্ৰ থকা কাষৰ কোঠালিটোত নহয় এইটো হোষ্টেলত মোক বাদ দি থকা একমাত্ৰ অসমীয়া ছাত্ৰ নিৰঞ্জনদাৰ ৰূমত দি যায়। এতিয়া বাহিৰফালে দুৱাৰত তলা ওলমি থকা নাই, তথাপিও টোকৰ নপৰিল, তাৰমানে এই তিনিখনেই!
শুদ্ধকৈ ৰূম নম্বৰ সহিত গোট গোট আখৰেৰে নিৰ্ভুল ঠিকনা লিখা এইখন বন্ধু জ্যোতিৰেখাৰ চিঠি। এইখন চিঠিৰ বাবে মই বৰ অধীৰ হৈ অপেক্ষা কৰি থাকোঁ। স্কুলীয়া দিনতে এটা বিদেশী সংস্থালৈ পত্ৰ-বন্ধু বিচাৰি আবেদন কৰিছিলোঁ, মোলৈ পঠাই দিয়া দুটা বিদেশী ঠিকনাৰ লগতে জ্যোতিৰেখাৰ ঠিকনাটোও আছিল। তেতিয়াৰ পৰাই তাইৰ লগত চিঠি-পত্ৰৰ আদান প্ৰদান চলি আছে। দক্ষিণ ভাৰতত হোৱা নতুন নতুন অভিজ্ঞতাৰ কথা মই তাইলৈ লিখোঁ, তাইও অসমৰ বিভিন্ন খবৰৰে ভৰা চিঠি লিখে। ঘৰৰ পৰা বা আন বন্ধুৰ পৰা কেতিয়াও পোৱাৰ সম্ভাৱনা নথকা বহু আমোদজনক খবৰো তাইৰ চিঠিয়ে কঢ়িয়াই আনে। কাজেই জ্যোতিৰেখাৰ চিঠিলৈ মই বৰ আগ্ৰহেৰে বাট চাই থাকোঁ।
এইখন ঘৰৰ পৰা আহিছে, দেউতাৰ হাতৰ আখৰ। কিন্তু এইখন? মোৰ নাম আৰু মাদ্ৰাজ শব্দটো ঠিকেই আছে, ‘কডামবক্কম’ শব্দটোৰ বানান ভুল, পিন আৰু ৰুম নম্বৰ নায়েই। বুজিলোঁ, লিখোঁতাই মোৰ ঠিকনাটো কাৰোবাৰ পৰা মুখে মুখে লৈ লিখিছে। নাজানিলে উৎকণ্ঠাটো বেছি হয়, সেইবাবেই নেকি, পোনতে সেইখনেই খুলিলোঁ। ডাঙৰ মানুহৰ ভালো নহয় বেয়াও নহয় ধৰণৰ হাতৰ আখৰ। শেষত ইতিৰ তলতে – কমলেশ্বৰ দাস। এই নামৰ ব্যক্তিৰ নাম সততে মোৰ মনত নপৰিল। চিঠিখন পঢ়িবলৈ আৰম্ভ কৰিলোঁ – মৰমৰ ডাঙৰ বাপু, আমাৰ মৰম শুভাশিষ ল’বা। সিপিঠিত শেৱালীয়েও লিখিছে। নিমিষতে মই সিপিঠি পালোঁগৈ, শেৱালী মোৰ মাহীৰ নাম। হয়, এইয়া চিনাকি হাতৰ আখৰ। মাহীয়ে লিখিছে – তোলৈ লিখাৰ কথা ভাবিয়েই আছিলোঁ যদিও আহৰি হোৱা নাছিল। সিপিঠিত যে লিখিছে, তেখেত এখেতৰ ডাঙৰজন দাদাৱক। তোক হেনো বিয়াত লগও পাইছিল, তোৰ মনত পৰিবও পাৰে। বৌৰ কাণ এখনৰ অসুখ – অনবৰতে গুমগুমাই থকা যেন লাগে হেনো। ইয়াত কেইবাঠাইতো দেখুৱাইছিল, কিন্তু ভাল হোৱা নাই। ইয়াৰ ডাক্তৰবোৰৰ ওপৰত দাদাৰ একেবাৰেই বিশ্বাস নাই। সেয়ে মাদ্ৰাজত দেখুউৱাৰ কথা ভবা হ’ল। তইতো আছই। দাদাহঁতে তোৰ ওপৰতে ভৰসা কৰি যাবলৈ ওলাইছে। তই কি কি কৰিব লাগে সকলো ঠিক কৰি থ’বি। বাকীখিনি কথা দাদাই সিপিঠিত লিখিছেই।
সিপিঠিত দাস-দম্পতি কোনখন ৰে’লেৰে কোনদিনা যাত্ৰা আৰম্ভ কৰিব আৰু তেখেতসকল ইয়াত থকা সময়খিনি যে সম্পূৰ্ণ মোৰ ওপৰতে ভৰসা কৰি থাকিব সেই কথা লিখা আছিল।
সাধাৰণতে যাত্ৰা আৰম্ভ কৰা তাৰিখটোৰ লগত তিনি যোগ দিলেই আহি পোৱাৰ তাৰিখটো পোৱা যায়, আৰু অঙ্কটো শেষ কৰিয়েই মই উচপ খাই উঠিলোঁ – সৰ্বনাশ, বাইশ নৱেম্বৰ। নৱেম্বৰ মাহৰ একৈশ তাৰিখৰ পৰা ত্ৰিশ তাৰিখলৈকে ‘ইনফৰমেছন টেকনলজি’-ৰ ওপৰত আমাৰ কলেজত প্ৰেকটিকেল ডেমনষ্ট্ৰেচনৰ ডাঙৰ অনুষ্ঠান এটা পতাৰ আয়োজন কৰা হৈছে। সেই দহদিনৰ যিকোনো এটা দিনেই মোৰ বাবে বৰ মূল্যৱান। তাৰোপৰি সেইকেইদিনৰ যিকোনো এদিন এটা প্ৰজেক্ট মই নিজেও প্ৰদৰ্শন কৰিব লাগিব। “ভি-ছেট”-নামৰ এটা নতুন প্ৰযুক্তি কৌশল লৈ মই মডেল এটা ইতিমধ্যেই সাঁজু কৰিছো। সেইটে প্ৰদৰ্শনৰ বাবে যথেষ্ট প্ৰস্তুতিৰ প্ৰয়োজন – জাৰ্ণেল, ৰিপৰ্ট, চেমিনাৰ, শ্লাইড আৰু কত কি! এনে সময়ত মাহীৰ এইখন চিঠি!
সন্ধিয়ালৈ নিৰঞ্জনদাক কথাটো ক’লো। তেখেত দপদপাই উঠিল – এইবিলাক কি কথা? মাহী হওঁক বা পেহী হওঁক সেইটো পিচৰ কথা, কিন্তু আহিব লগা সময়খিনিত তেওঁলাকক লগা ধৰণে সহায় কৰিব পৰাকৈ তুমি সাজু আছানে নাই সেইটো তেওঁলাকে জানি ল’ব লাগে নে নালাগে? তেওঁলাক আহিব বুলি তোমাৰ ছেচন-টো দহদিন পিছুৱাই দিব নোৱাৰি, কিন্তু ছেচন-টো আছে বুলি তেওঁলোক অহাটো দহদিন পিছুৱাই দিব পাৰি! আলহীৰ পিছে পিছে লাগি থাকি তুমি কি প্ৰজেক্ট ৰিপৰ্ট লিখিবা? তেওঁলাক যদি তোমাৰ শুভাকাঙ্খী হয় তেতিয়াহলে দহদিন পিছুৱাই আহিবলৈ লিখিলেও তেওঁলাকে বেয়া পোৱা উচিত নহয়, আৰু যদি পায়, তেওঁলোক তোমাৰ শুভাকাঙ্খী হোৱাৰা যোগ্যই নহয়! তুমি স্পষ্টকৈ তোমাৰ ব্যস্ততাৰ কথা লিখি তেওঁলোকলৈ এখন চিঠি দিয়া। কেৰিয়াৰৰ লগত আপোচ নকৰিবা, বুজিছাতো?
চিঠি এখন লিখাৰ কথা মইও নভবা নহয়, ভাবিছিলোঁ, কিন্তু মাহী-মোহা আৰু শ্ৰীযুত কমলেশ্বৰ দাসৰ নামৰ বাদে গাওঁ, ডাকঘৰ, পিন নম্বৰ মই একো নাজানিছিলো। তেখেতসকলৰ চিঠিতো ঠিকনাৰ কোনো উল্লেখ নাছিল। অগত্যা মই নিৰঞ্জনদাৰ চকুৰ আঁৰে আঁৰে আগন্তুকৰ বাবে আয়োজন কৰাত লাগিলো।
মই আশংকা কৰাৰ দৰেই মোৰ প্ৰজেক্ট প্ৰদৰ্শনৰ দিন বাইশ নৱেম্বৰতে পৰিছিল। ডিপাৰ্টমেন্টৰ হে’ড ৰমন ছাৰক কৈ মই দিনটো আঠাইশ নৱেম্বৰলৈ সলনি কৰিলো। তেখেতক মই বাইশ তাৰিখে খুড়া-খুড়ী কেন্সাৰ ৰোগৰ চিকিৎসা কৰাবলৈ আহি পাব বুলি মিছা কথা কৈছিলোঁ। কিছুদিনৰ আগতে ‘দি হিন্দু’ কাকতত এপলো হস্পিটেলৰ বিখ্যাত ই.এন.টি. বিশেষজ্ঞ ডাক্তৰ ভেংকটসুব্ৰামণিয়ামৰ বিষয়ে পঢ়িছিলোঁ। ৰমেশ নামৰ বন্ধু এজনৰ সহায়ত মই ডাক্তৰজনৰ লগত যোগাযোগ আৰম্ভ কৰিলো। এপলোৰ লগতে ‘বিজয়া হেলথ চেন্টাৰ’ নামৰ ক্লিনিক এখনতো তেখেতে ৰোগী চায়। ৰমেশৰ সহায়ত তেইশ নৱেম্বৰ সন্ধ্যা ছয়বজাত ‘বিজয়া’-ত মই ডাক্তৰ সুব্ৰামণিয়ামৰ লগত মিচেছ কমলেশ্বৰ দাসৰ এটা এপইন্টমেন্ট ল’লো। শুদ্ধকৈ ৰোগীৰ নামটো লিখিবৰ বাবে শ্ৰীমতী দাসৰ নাম মই নাজানিছিলো। আমাৰ হোষ্টেল চৌহদৰ ওচৰতে ‘উদীপি লজ’ নামৰ লজ এটা আছে। মোৰ কামৰ মাজে মাজে লগ কৰি থাকিব পাৰিম বুলি ভাবি লজটোত দুজনীয়া কোঠা এটা বুক কৰিলো – এশ টকা আগধন দি। ভাস্কৰ গগৈ নামৰ বন্ধু এজন প্ৰাইভেট মেছ এটাত থাকে, তেওঁক কৈ ৰাখিলো – মই হঠাতে প্ৰজেক্টৰ কামত ব্যস্ত হৈ পৰিলে সি যেন দাদা-বৌৰ লগত থাকি মোৰ অভাৱটো পূৰণ কৰে। সাধাৰণতে বিশ তাৰিখৰ পিছৰে পৰাই মণি অৰ্ডাৰ অহালৈ ঘনে ঘনে বাট চাই থকা আৰম্ভ হয়। মোৰ বন্ধু মহলৰ ভিতৰত ঘনিষ্ঠ উৰিষ্যাৰ বিজয়ৰ পৰা টকা দুশ ধাৰ ল’লো। আৰু অৱশেষত বাইশ তাৰিখে ৰাতিপুৱা চাৰি চাৰি নৌ বাজোঁতেই মাদ্ৰাজ চেন্ট্ৰেল ষ্টেচনৰ আঠ নন্বৰ প্লেটফৰ্মত মই কোচিন এক্সপ্ৰেছ আহি পোৱালৈ অপেক্ষা কৰিলোগৈ। বিয়াৰ পিছতে মোহাক ভালদৰে লগ পাইছোঁ, সেই চেহেৰাৰ আধাৰতে শ্ৰীযুত দাসকো চিনি পাম বুলি ধাৰণা এটা কৰি ল’লো।
ৰাতি মাজ নিশালৈকে উজাগৰে থকা আৰু ৰাতিপুৱা আঠ বজাৰ পিছতহে বিচনা এৰা মোৰ অভ্যাস, সেয়ে চকুদুটাত পোৰণি উঠিছিল। অশান্তিৰে এঘন্টা অপেক্ষা কৰাৰ পিছত পাঁচ বজালৈ পাঁচ মিনিট থাকোতে কোচিন এক্সপ্ৰেছ আহি প্লেটফৰ্ম সোমালহি। মই প্ৰস্থানদ্বাৰৰ কাষত সকলো যাত্ৰীৰে চকুত পৰাকৈ থিয় হৈ ৰ’লো।
মোৰ চকুৰ আগেদিয়েই অনেক যাত্ৰী পাৰ হৈ গ’ল, দাস দম্পতি নাই। মাদ্ৰাজৰ পৰা আৰু আগলৈ যাব লগা বহু যাত্ৰী প্লেটফৰ্মত নামিছিল। পানী টেইপ একোটাৰ কাষে কাষে এনে যাত্ৰীবোৰে ভিৰ কৰিছিল। ডিঙিত বা মূৰত গামোছা নেদেখা বহুলোককো মই অসমীয়া বুলি চিনি পাইছিলোঁ। ইঞ্জিনৰ পৰা ৰে’লখনৰ একেবাৰে শেষৰ গাৰ্ডৰ ডবাটোলৈকে উচ্ছৃংখল হৈ নামি পৰা যাত্ৰীবোৰৰ মাজে মাজে মই চিনাকি মুখ দুখন এবাৰ বিচাৰি চালোঁ – নাই, নাহিল।
হয়, এনেকুৱাও কেতিয়াবা হয়। একেবাৰে মূৰামূৰী সময়ত কেতিয়াবা অনেক কাৰণত যাত্ৰা স্থগিত ৰাখিব লগা হয়। এনেকুৱা কিবা কাৰণতে যদি তেওঁলোকৰ দহদিন পলম হয়, পৰোক্ষভাৱে মোহ হয়তো উপকাৰেই হ’ব। আৰু এনেকুৱাওটো হ’ব পাৰে – মোৰ চকুৰ অলক্ষিতেই হয়তো কোনোবা সহযাত্ৰীৰ লগত তেখেতসকল প্লেটফৰ্মৰ পৰা বাহিৰ ওলাই গ’ল। আৰু সেয়ে যদি হয়, দিনটোৰ যিকোনো এটা সময়ত তেখেতসকল গৈ মোৰ হোষ্টেল ওলাবগৈ পাৰে।
সন্ধ্যা উদীপি লজৰ বুকিঙটো মই কেনচেল কৰিলো। আগধন দি ৰখা এশ টকাৰ আধা ভাগ ঘুৰাই দিলে – বাকীখিনি লজটোৰ কেনচেলেচন চাৰ্জ। ৰমেশলৈ ফোন কৰি ডাক্তৰ সুব্ৰামণিয়ামক অসুবিধাৰ কথা জনাবলৈ অনুৰোধ কৰিলো। পিছৰ দিন কেইটাত কলেজৰ কাম লৈ মই ব্যস্ত হৈ পৰিলো। প্ৰজেক্টৰ কামো বহুখিনি আগুৱাই নিলো। ব্ৰিটিছ লাইব্ৰেৰীত জাৰ্ণেল বিচাৰি গ’লো, মাউন্ট-ৰোডত ৰিপৰ্টটো টাইপ কৰালো, আই.আই.টি.-ৰ লেবৰেটৰীত হেমেনদাৰ সহায়ত মডেলটোৰ এটা ডামি ট্ৰায়াল দিলো, সন্ধ্যা হোষ্টেলৰ চাঁদত ভাষনটোৰ ৰিহাৰ্চেল কৰিলো, আৰু শেষত এনেকুৱা লাগিলগৈ যেন আঠাইশ তাৰিখটো নাহেহে নাহে!
ছাবিশ তাৰিখে আবেলি কোঠাটো খুলিয়েই চিঠি এখন পৰি থকা পালোঁ। একেই, মোৰ নাম আৰু মাদ্ৰাজ শব্দটো নিৰ্ভুল, পিন আৰু ৰূম নম্বৰ এটাও নাই, সিপিঠিত স্পষ্টকৈ কমলেশ্বৰ দাসৰ নাম! – শ্ৰীমান ডাঙৰ বাপু, ৰে’লতে আমি আমাৰ সিদ্ধান্তটো অলপ সলনি কৰিলো। সহযাত্ৰী কেইজনমানে ক’লে, মাদ্ৰাজতকৈ হেনো ভেলোৰহে বেছি ভাল। গতিকে টিকট দুটা ৰে’লতে এক্সটেণ্ড কৰি আমি আহি একেবাৰে ভেলোৰতে নামিলোহি। মাদ্ৰাজ ষ্টেচনত নামি তোমাক লগ কৰাৰ কথা ভাবিছিলো, কিন্তু যেতিয়া সাৰ পালোঁ ভেলোৰেই পাবৰ হ’লহি। যিহওঁক, ইয়াত গম পাইছো কেইটামান পৰীক্ষা মাদ্ৰাজতহে ভাল। আমি ইয়াৰ পৰা গৈ ২৮ তাৰিখে দিনৰ দহ বজাত মাদ্ৰাজ পামগৈ। তুমি প্লেটফৰ্মৰ পৰাই আগবঢ়াই নিবাহি বুলি আশা কৰিলো। শেষত আমাৰ শুভেচ্ছা ল’বা।
যত বাঘৰ ভয় তাতে সন্ধ্যা হয়।
ReplyDeleteYes, indeed, Thank you
Delete