Saturday, May 23, 2020

উল্কা


উল্কা
(উল্কা দেখি ভয় খোৱা মোৰ ভন্টি মাজনীৰ [মীনাক্ষী বৰুৱা, বিশ্বনাথ কলেজ] হাতত – লেখক)
[‘বিস্ময়’-ৰ অক্তোবৰ সংখ্যা, ১৯৯০ চনত প্ৰকাশিত]

ক্লাছ শেষ হ’লে দুয়ো বান্ধৱী সদায় একেলগে হোষ্টেললৈ উভতি আহে৷

: ঐ, তোৰ কাৰণে মস্ত ডাঙৰ বস্তু এটা আছে ভাই! - চকুৱে মুখে কৌতুকৰ হাঁহি সানি বান্ধৱীয়ে তাইক ক’লে৷ অলপ সময় তাই মনে মনে ৰ’ল, হ’ব পৰা বস্তুটো কি হ’ব পাৰে ওপৰে ওপৰে এবাৰ চিন্তা কৰি ল’লে, তাৰ পিছত পোনে পোনে বান্ধৱীৰ চকুলৈ চাই সুধিলে - কি?

‘সিহঁতৰনো কি, তাইৰেইহে দিন!’ ‘সিহঁতৰ জীৱনবোৰ এনেয়ে, একো নাই, উকা, তাইয়েই জমাওক আৰু পাই, চকু পৰিলেই ইমান সোনকালে!’ - আদি বাক্য লগাই বান্ধৱীজনীয়ে আওপকীয়াকৈ কিবাকিবি ক’বলৈ আৰম্ভ কৰিলে৷

স্কুটাৰ লৈ অহা ল’ৰা দুটাই হঠাতে বেগটো কমাই দি সিহঁতক কিবা এটা কৈ গ‘ল৷ কিনো ক’লে তাই গমকে নাপালে৷ সিহঁতৰ কথাখিনি কাণৰ বহু ওপৰেদি পাৰ হৈ গুচি গ’ল৷

তাইৰ উশাহবোৰ চুটি হৈ যোৱা যেন অনুমান হ’ল৷ হোষ্টেল পালেই ৰক্ষা পৰিম ধৰণৰ ভাব এটাই ক’ব নোৱাৰাকৈয়ে তাইৰ খোজবোৰ খৰ কৰি আনিছিল৷ বান্ধৱীয়ে কৈ থকা কথাবোৰৰ এটাও তাইৰ কাণত সোমোৱা নাছিল: তাই তেতিয়া এখন নিজৰ পৃথিৱীত বিচৰণ কৰি আছিল৷

কিতাপ দুখন আৰু বহীখন বিছনাখনলৈ দলি মাৰি দি তাই অলপ সময় একে ঠাইতে থিয় হৈ ৰ’ল৷ ৰূমমেট বান্ধৱীজনীৰ বিচনাখনৰ ওপৰত ওপৰৰ পৰা জেঠী এটা সৰি পৰিছিল: কিছুসময় থৰ লাগি থাকি বেগেৰে বেৰৰ কাষলে বগাই গুচি গ‘ল৷

দুৱাৰখন তাই বন্ধ কৰিলে৷ বাৰাণ্ডাৰ ফালৰ খিৰিকিখন বন্ধই থাকে, পৰ্দাখন টানি দি বাহিৰৰ পৰা নেদেখা কৰি ল’লে৷ তাৰপিছত তাই লাহে লাহে কিতাপখনৰ কভাৰটো খুলি চিঠিখন উলিয়াই আনিলে৷ ষ্টেপলৰ পিন মাৰি চিঠিখন বন্ধ কৰা আছে৷ ওপৰত ‘প্ৰতি’ বুলি তাইৰ নামটো লিখা আছে৷ পিছপিঠিত গুলপীয়া ৰঙৰ প্ৰশ্নবোধক চিন এডাল৷

নখেৰে চিকুটি তাই পিনটো এৰুৱাই পেলালে৷ ফুল আৰু ভোমোৰাৰ ছবি থকা ৰাইটিং পেডত চিঠিখন লিখিছে৷ ‘ইতি’-ৰ তলতে চহী এটা মৰা আছে: কাৰ চহী তাই চিনিব নোৱাৰিলে৷ দেৱাশীষ ? নহয়৷ নিৰঞ্জন? নহয়৷ ছাত্তাৰ নেকি? নহয়৷ প্ৰণৱজ্যোতি বা? নহয়৷ কুঞ্জমোহন? সিও নহয়৷ চহীটোৰ শেষৰ পাকটো দীৰ্ঘঈকাৰৰ দৰে। সোঁহাতে ওপৰত কলেজখনৰ কেন্টিনখনৰ নাম আৰু আজিৰ তাৰিখটো দিয়া আছে৷ তাৰ তলতে ঢৌ খেলোৱা ৰেখা এডাল৷ ‘অতি মৰমৰ’ শব্দদুটাৰ পিছত ক্ৰমে সৰু হৈ গৈ থকা শূণ্য কেইটামান৷ শেষত তাইৰ নামটো৷

একে উশাহতে চিঠিখন পঢ়ি তাই শেষ কৰিলে৷

তাই কলেজত ভৰ্তিহোৱাৰ দিনৰেপৰা সকলোবোৰ কথা খেলিমেলি হৈ যোৱা, পঢ়াশুনাৰ নামত সেইদিনাৰ পৰা এটা শব্দও নপঢ়া আৰু প্ৰয়োজন হ’লে তাইৰ বাবে প্ৰাণ দিব পৰা কোনোবা ল’ৰা এটাই চিঠিখন দিছে, যি তাইৰ সঁহাৰিৰ বাবে আজীৱন বাট চাই ৰ’ব৷ কলেজৰ বাৰাণ্ডাৰ সোঁহাতে ৰেলিঙডালযে আছে, তাৰ সিটো মূৰত কালিলৈ দহ বজাত তাই যাকেই দেখিব সিয়েই এই দুৰ্ভগীয়া পত্ৰলেখক৷ চিঠিখনৰ শেষত বুকুভৰা অকৃত্ৰিম মৰম আৰু উত্তৰৰ বাবে সীমাহীন আশা কৰা হৈছে৷

তলৰ গাৰুৰ ওৱাৰটোৰ মাজলৈ চিঠিখন সুমুৱাই থৈ তাই বিছনাত বাগৰ দিলে৷ প্ৰথমে তাইৰ ঘৰলৈ মনত পৰিল, বায়েকৰ কথা মনত পৰিল, তাৰপিছত মাকলৈ আৰু একেবাৰে শেষত কলেজত দেখা চিনাকি ল’ৰাবোৰৰ মুখবোৰ লাহে লাহে তাইৰ চকুৰ আগেদি পাৰ হৈ গ’ল৷ কালিলৈ দহ বজাত বাৰাণ্ডাৰ সোঁহাতৰ ৰেলিঙৰ মূৰত ৰৈ থকা ল’ৰাটোৰ মুখখন কলেজত দেখা যিকোনো এটা ল’ৰাৰ চেহেৰাৰ লগত মিলি যাব৷

গাটো ভাল লগা নাই বুলি তাই টিফিন খাবলৈ নগ’ল৷ আবেলি এনেয়ে এপাক ফুৰিবলৈ যোৱাৰ সলনি তাই বিছনাতে বাগৰি থাকিল৷ ‘আজি দেখোন তোৰ ভাল লগা নাই’ - বুলি ৰূমমেটে তাইক কিবা ক’ব খুজিছিল, তাইৰ বুকুখন চিৰিং কৰি উঠিল: বহুসময়লৈ বুকুৰ ঢপঢপনিটো তাই গম পাই থাকিল৷

ৰাতি ভাত খাওঁতে তাই ৰূমমেটৰ লগত বহিল, লগৰ ছোৱালীৰ লগত কমকৈ কথা পাতিলে৷ এঘাৰ নম্বৰ কোঠাৰ অপৰাজিতাই হাঁৰি হাঁহি বান্ধৱীজনীক কিবা এটা ক’লে, তাৰপিছত দুয়ো তাইলৈ চাই হাঁহিলে৷ অপৰাজিতাৰ ওপৰত উঠি থকা খঙটো তাইৰ হঠাতে বেছি হৈ গ’ল৷ ইমান চঞ্চল ছোৱালী ! কালি ইমান খং কৰাতো আজি তাইৰ সলনি হোৱা দেখা নাই, অসভ্য ক’ৰবাৰ ! তাই ইতিমধ্যে কথাটো গম পোৱা নাইতো !

তাইৰ আৰু ভাত খোৱা নহ’ল৷ ৰাতি তাইৰ চিলমিলিয়া টোপনি হ’ল, ঘনে ঘনে সপোন দেখিলে৷ তাৰপিছত তাই দুদিন কলেজলৈ নগ’ল৷

তৃতীয়দিনা বান্ধৱীৰ অনুৰোধত আৰু নহ’লে কথাবোৰ সদৰি কৰি দিয়াৰ ভয়ত তাই কলেজলৈ ওলাল৷ বাৰাণ্ডাখনৰ ওচৰ পোৱালৈকে তাই ৰেলিঙডালৰ মূৰটোলৈ নোচোৱাকৈ থাকিল৷ বাৰাণ্ডাত উঠাৰ পিছতেই ৰেলিঙডালৰ পৰা ওলমি থকা ছখন ভৰি তাইৰ চকুত পৰিল৷ আঁৰ চকুৰে এবাৰ চায়েই তাই চকু ঘুৰালে৷ কাষত বহি থকা ল’ৰা দুটা তাই চিনি নাপায়: মাজত বহি থকাটো ৰফিকুল, -একে ক্লাছৰে৷

ক্লাছবোৰৰ মাজে মাজে ৰফিকুলৰ মুখখন তাইৰ চকুৰ আগত ভাহি থাকিল৷ আজিৰ পৰা দুদিন আগতে এই ৰফিকুলেই দহবজাত এইখিনিত বহিছিলনে? নে তাৰ সোঁহাতে বহা ল’ৰাটোহে তিনিদিন ধৰি সেই ঠাইত বহি আছে? ক্লাছতো আঁৰ চকুৰে তাই ৰফিকুলক লক্ষ্য কৰি থাকিল৷  গোটেই দিনটো ৰফিকুলৰ মুখখনে কৰি থকা আমনিৰপৰা তাই ৰক্ষা পাব নোৱাৰিলে৷ শেষলৈ তাইৰ কথাবোৰ কিবা নহয় নহয় লাগিল, গোটেই ঘটনাটোৱেই সপোন সপোন লাগিল৷

পিছদিনা দহ বজাত ৰেলিঙডালৰ সিমূৰত চাৰিজনী ছোৱালী ৰৈ আছিল৷ তাৰপিছদিনা সেইখিনি সময়ত বুৰঞ্জীৰ ডেকা ছাৰ ৰৈ আছিল৷ তাইৰ কথাবোৰ আকৌ ওলট-পালট হৈ গ’ল৷ ছোৱালীবোৰে যে কয়, ডেকা ছাৰৰ কথাবোৰ, সঁচা নেকি? ক’তা, কালিতো তাই বুৰঞ্জীৰ ক্লাছতো উপস্থিত আছিল !

সেইদিনা চেগা-চোৰোকাকৈ তাইৰ ডেকা ছাৰৰ কথা মনত পৰি থাকিল৷ তাৰ পিছদিনা দহবজাত সেই ঠাইখিনিত চিনি নোপোৱা আন এজন ল’ৰা ৰৈ আছিল৷ সদায় দহবজাত ঠাইখিনিলৈ এবাৰ চোৱাটো তাইৰ অভ্যাসত পৰিণত হৈ গৈছিল৷

বান্ধৱীজনীয়ে মাজে মাজে অৰ্থপূৰ্ণভাৱে প্ৰশ্ন কিছুমান সুধি আছিল৷ ‘হেই এইজনী’ বুলি প্ৰায়বোৰ প্ৰশ্নৰে উত্তৰ তাই নিদিয়াকৈ আছিল৷ অপৰাজিতাৰ ব্যৱহাৰত তাই দিনে দিনে অতিষ্ঠ হৈ আহিছিল, তাইৰ ওপৰত উঠি থকা খঙটো বেছি হৈ গৈ আছিল৷

কেইবাদিনো পঢ়াৰ পিছত, আখৰবোৰ চিনাকি হৈ যোৱাৰ পিছত, চহীটোৰ পাকবোৰ মনত ৰৈ যোৱাৰ পিছত, এদিন তাই চিঠিখন ট্ৰাংকৰ ভিতৰত সুমুৱাই থৈ দিলে৷

পুৰণা বহীৰ নোট এটা বিচাৰি এদিন তাই নিভা বাৰ কোঠালৈ যাব লগা হ’ল৷ নিভা বাই অপৰাজিতাৰ টেবুলত বহি পঢ়ি আছিল৷ তাই উচপ খাই উঠিল, অপৰাজিতাৰ টেবুলত থকা বহীকেইখনৰ আখৰবোৰ তাইৰ চিনাকি, চিঠিখনৰ আখৰবোৰৰ দৰে হুবহু একে৷ টেবুলৰ একাষে থকা ৰাইটিং পেডটো তাই মেলি চালে - হয়, একেই ভোমোৰা ফুলত পৰি থকা ছবিটো !

No comments:

Post a Comment