প্ৰিয় লেখক আৰু প্ৰিয় লেখা (১)
খুশৱন্ত সিংঃ
লেখক খুশৱন্ত সিং মোৰ বাবে পৰম আশ্বৰ্যকৰ ব্যক্তি, যি দুই দশকৰো অধিক সময় একেধাৰে তেখেতৰ চমকপ্ৰদ লেখাৰে মোক বিমুগ্ধ কৰি ৰাখিব পাৰিছিল৷ নিৰ্ভৰযোগ্য তথ্য, বলিষ্ঠ যুক্তি, নিমোৰ্হ বিশ্লেষণ, অভিসন্ধিহীন তীৰ্যক কটাক্ষ, উপযুক্ত পৰিমানৰ হাস্যৰস আৰু ব্যংগ (Sarcastic) আৰু আটাইৰে ওপৰত, সুলভ প্ৰজ্ঞাৰ (Commonsense) সমাহাৰ - এই আটাইকেইটা উপাদানে তেখেতৰ প্ৰতিটো লেখা মোৰ বাবে কৰি তুলিছিল সদায় আকৰ্ষনীয় আৰু বিষ্ময়কৰ৷ পাঠক হিচাবে এজন ব্যক্তিয়ে লেখকৰ লগত কিমান ঘনিষ্ঠ আৰু নিবিড় আত্মীয়তা অনুভৱ কৰিব পাৰে সেই কথা মই পদে পদে অনুভৱ কৰি আহিছো - খুশৱন্ত সিঙৰ লগত, তেখেতৰ লেখাৰ মাজেদি৷
২০১৪ চনৰ ২০ মাৰ্চ, বৃহস্পতিবাৰে এক বাজিবলৈ কেইমিনিটমান থাকোতে তেখেতৰ জীৱনৰ পৰিসমাপ্তি হৈছিল৷ মৃত্যু তেখেতে যেনেকৈ বিচাৰিছিল ঠিক তেনেকৈয়ে আহিল৷ পৰম আন্তৰিকতাৰে তেওঁ আশা কৰিছিল - জীৱনৰ শেষ পলটো যেন কম যন্ত্ৰনাদায়ক হয় - Painless Exit! আৰু সেইদৰেই সেইদিনা ৰাতিপুৱা, শুই উঠাৰ পিছত তেখেতে সদায় কৰাৰ দৰে বাতৰি কাকতৰ পৃষ্ঠাত ‘ক্ৰছ ওৱৰ্ড’ৰ খেল খেলিছিল৷ তাৰ অলপ সময়ৰ পিছত বিছনাত বাগৰ দিছিল৷ এসময়ত মুখৰ মাত নাপাই জীয়াৰী মালাই চিকিৎসকক খবৰ দিছিল৷ ১২-৫৫ মিনিটত ডাক্তৰে ঘোষনা কৰিছিল – He is no more ৷ সেইদিনা তেখেতৰ বয়স হৈছিল ৯৯ বছৰ এমাহ ১৮ দিন৷
১৯১৫ চনৰ ২ ফেব্ৰুৱাৰী, মঙ্গলবাৰে পূৱ পাঞ্জাৱৰ হাডালি নামৰ ঠাইত খুশৱন্ত সিঙৰ জন্ম হৈছিল - যি ঠাই এতিয়া পাকিস্তানৰ অন্তৰ্গত৷ জন্মস্থান পাকিস্তান বুলি ক’লে এনে এটা ধাৰণাৰ সৃষ্টি হয় যেন ভাৰত পাকিস্তানৰ বিভাজনৰ সময়ত ভাগি অহা লোক৷ খুশৱন্ত সিঙৰ ক্ষেত্ৰত কথাষাৰ সম্পূৰ্ণ সত্য নহয়৷ তেখেতৰ ককাৱক সুজন সিঙে কুৰী শতিকাৰ আৰম্ভণিতে সূতা কটা কল এটা স্থাপন কৰি দিল্লীত কাপোৰৰ ব্যৱসায় আৰম্ভ কৰিছিল৷ পিছলৈ তেখেতে ঠিকাৰ কামত হাত দিছিল৷ ‘কালকা- ছিমলা’ ৰেলপথটো নিৰ্মাণৰ সময়ত তেখেতে নিজৰ ল’ৰা অৰ্থাৎ খুশৱন্ত সিঙৰ দেউতাক শোভা সিঙক লগত লৈ ঘৰ সজা ঠিকাৰ কাম কৰিছিল৷ ১৯১১ চনৰ ডিচেম্বৰ মাহত ভাইচৰয় হাৰ্ডিঙে যেতিয়া দিল্লীত দেশৰ ৰাজধানী পতাৰ বাবে আধাৰশিলা স্থাপন কৰিলে, সুজন সিং-শোভা সিং দিল্লীলৈ আহি বিল্ডিং কনট্ৰেক্টৰ হিচাপে নতুন জীৱনৰ পাতনি মেলিলেহি৷ নতুন দিল্লীৰ নিৰ্মাণ কাৰ্য চলি থকা সময়ত ভৱন নিৰ্মাণৰ ঠিকাদাৰ হিচাপে শোভা সিঙৰ নাম কৃতকাৰ্যতাৰ শিখৰ পাইছিলগৈ৷ ইণ্ডিয়া গেইট, চাউথ ব্লক আৰু ৰাষ্ট্ৰপতি ভৱনৰ একাংশ নিৰ্মাণৰ সময়ত প্ৰধান ঠিকাদাৰ আছিল শোভা সিং৷ পিছত তেখেতেই কনাট প্লেছ, আকাশবাণী ভৱন, নেছনেল মিউজিয়াম, ৰে’ড ক্ৰছ ভৱন, বড়োদা ভৱন আদি বিখ্যাত ভৱনৰ কামবোৰ সম্পন্ন কৰিছিল৷ ইংৰাজ চৰকাৰে শোভা সিঙৰ কৰ্মদক্ষতাত প্ৰশংসা কৰি ‘নাইট’ উপাধি প্ৰদান কৰিছিল৷ প্ৰচুৰ প্ৰশংসা আৰু অৰ্থৰে তেখেতক সেই সময়ত ‘আধা দিল্লীৰ মালিক’ বুলি কোৱা হৈছিল৷
শিশু অৱস্থাত আইতাকৰ সান্নিধ্যত হাডালিত কিছুদিন কটোৱাৰ পিছত খুশৱন্ত দিল্লীলৈ গুচি আহে৷ তেখেতৰ পঢ়াশালীৰ জীৱন আৰম্ভ হৈছিল দিল্লীৰ মডাৰ্ণ স্কুলত৷ পিছলৈ লাহোৰ গৱৰ্ণমেন্ট কলেজ আৰু দিল্লীৰ ছেইন্ট ষ্টিফেন্স কলেজত পঢ়ি আইন শিক্ষা গ্ৰহণ কৰিবলৈ লণ্ডনৰ কিন্স কলেজলৈ যায়গৈ৷ ছাত্ৰ অৱস্থাত খুশৱন্ত সিংৰ পৰীক্ষাৰ ফলাফল কেতিয়াও উচ্চ পৰ্য্যায়ৰ নাছিল৷ এল. এল. বি. পৰীক্ষা পাছ কৰিবলৈ আনে যেতিয়া তিনি বছৰ লৈছিল তেখেতক পাচঁ বছৰ লাগিছিল৷ তথাপিও তেওঁ ভাৰতীয় প্ৰশাসনিক পৰীক্ষাত (ICS) অৱতীৰ্ণ হৈছিল৷ মাত্ৰ ১১ নম্বৰৰ বাবে তেখেত প্ৰশাসনীয় পৰীক্ষাত উত্তীৰ্ণ হ’ব পৰা নাছিল। কিন্তু আশ্বৰ্যজনক ভাবে মৌখিক পৰীক্ষাটোত ৩০০ নম্বৰৰ ভিতৰত ৩০০ নম্বৰেই পাইছিল৷
আইন পৰীক্ষা পাছ কৰি অহাৰ পিছতে তেখেতৰ বিবাহ হৈছিল “চি.পি.ডাব্লিউ.ডি.” বিভাগৰ প্ৰথম ভাৰতীয় মুখ্য অভিযন্তা চদাৰ্ৰ বাহাদুৰ ছাৰ তেজা সিং মালিকৰ সুদৰ্শনা জীয়াৰী কাৱাল মালিকৰ লগত৷ সিও এক আমোদজনক কাহিনী৷ খুশৱন্ত সিংৰ দেউতাক শোভা সিং আছিল তেখেতৰ তলতীয়া ঠিকাদাৰ৷ সুন্দৰী কাৱালক নিজৰ কৰি লোৱাৰ সপোন সেই সময়ৰ অনেক আঢ্যৱন্ত ঘৰৰ ডেকাল’ৰাৰ৷ ১৯৩৭ চনত খুশৱন্ত বিলাতত থাকোতেই কাৱাল মন্টেছৰী শিক্ষাৰ পাঠ্যক্ৰম এটা পঢ়িবলৈ বিলাতলৈ আহিছিল৷ সেই সময়ত বিলাতত পঢ়ি থকা কেইবাজনো ডেকাই কাৱালৰ মনোযোগ আকৰ্ষণ কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল৷ সেই সময়তে এদিন খুশৱন্তে কাৱালক বিশ্ববিখ্যাত কবি মিল্টনৰ জন্মস্থান বিকনছফিল্ডলৈ লৈ যোৱাৰ এটা সুযোগ পালে, য’ত কবিজনে “পেৰেডাইজ লষ্ট” নামৰ বিখ্যাত গ্ৰন্থখন ৰচনা কৰিছিল৷ মিল্টনৰ ৰচনা আৰু টমাছ গ্ৰে’ৰ কবিতাৰে খুশৱন্তে কাৱালক এনেকৈ অভিভূত কৰিলে যে খুশৱন্তৰ বদনাম লিখি প্ৰতাপ লাল নামৰ বন্ধুজনে লিখা আটাইবোৰ চিঠি কাৱালে খুশৱন্তৰ হাতত দি দিলে৷ আৰু এটা আমোদজনক ঘটনা ঘটিল৷ সেই সময়তে কাৱালৰ মাকে এদিন হঠাতে খুশৱন্তৰ কোঠালৈ গৈ গাৰুৰ তলত শিখ ধৰ্মগ্ৰন্থৰ পুথি এখন আৱিষ্কাৰ কৰিলে৷ ইয়াৰ পিছত আৰু ল’ৰাৰ যোগ্যতা সম্পৰ্কে আন একো প্ৰশ্ন উঠাৰ অৱকাশ নাথাকিল৷ ১৯৩৯ চনৰ ৩০ অক্তোবৰ তাৰিখে দিল্লীত অত্যন্ত উলহ-মালহেৰে খুশৱন্ত-কাৱালৰ বিবাহ সম্পন্ন হয়৷ ঈৰ্ষাত জ্বলি পুৰি থকা ডেকা সকলৰ ভিতৰৰ অমৰজিত নামৰ জনে আটাইতকৈ ধাৰ থকা মন্তব্যষাৰ দিছিল - তাৰ বাপেকৰ বেংক বেলেঞ্চেই অৱশেষত জিকিল! (আগলৈ)
No comments:
Post a Comment