Saturday, June 13, 2020

অনুবাদঃ খুশৱন্ত সিঙৰ আত্মজীৱনী (১)

Truth, love and a little malice - Khushwant Singh (১)
অনুবাদঃ উৎপল বাদল বৰুৱা

অনেক সংকোচ আৰু কুণ্ঠাবোধেৰে মই আত্মজীৱনীখন লিখাৰ কাম হাতত লৈছিলোঁ৷ এনে লাগিছিল এইখনেই যোন মোৰ জীৱনৰ শেষ কিতাপ; জীৱনৰ বিয়লিবেলাত কলম আৰু চিয়াহীৰ শেষ খেলা! কাপৰ চিয়াহীও যেন লাহে লাহে নিঃশেষ হৈ আহিছে৷ আকৌ উপন্যাস লেখাৰ শক্তি এতিয়া আৰু মোৰ নাই৷ অনেক গল্পও আধালিখা অৱস্থাতে থাকিল৷ সেইবোৰ এতিয়া শেষ কৰাৰ বল বা মন এটাও মোৰ নাই৷ মোৰ বয়স এতিয়া ৮৭ বছৰ৷ প্ৰতিদিনেই মোৰ শৰীৰে মোৰ দেহত বাৰ্ধক্যৰ উপস্থিতিৰ কথা ঘোষণা কৰিব লাগিছে৷ মোৰ স্মৃতি শক্তি - যি এসময়ত মোৰ পৰম গৌৰৱৰ কাৰণ আছিল, এতিয়া ক্ৰমান্বয়ে যেন ধূসৰ হৈ আহিছে৷ এটা সময় আছিল যেতিয়া দিল্লী, লণ্ডন, পেৰিছ নতুবা নিউইয়ৰ্কত থকা মোৰ বন্ধুসকলক টেলিফোন কৰিবলৈ মোৰ টেলিফোন ডাইৰেক্টৰীৰ পাত লুটিয়াবৰ প্ৰয়োজনেই নহৈছিল৷ আৰু এতিয়া, মই নিজৰ টেলিফোন নম্বৰটোও প্ৰায়েই পাহৰি যাওঁ৷ আলৰ অৱস্থা পাবলৈ আৰু বেছিদিন নাই৷ দুয়োটা চকুতে ছানি পৰিছে৷ মূৰৰ বিষ আৰু ছায়নাচৰ সমস্যা আছেই৷ সামান্যভাবে মধুমেহ আৰু ৰক্তচাপতো মই ভুগি আছো৷ লগতে প্ৰষ্টেট গ্ৰন্থিৰ আকাৰো এতিয়া বাঢ়িছে; ই এতিয়া মাজে মাজে কামোদীপ্ত যৌৱনৰ দিনবোৰৰ দৰে এক ভুৱা যৌন তৃপ্তিৰ আনন্দ দিয়ে আৰু কেতিয়াবা মুত্ৰত্যাগ কৰিবলৈ পায়জামাৰ গাঁঠিটো খুলিবলৈও মই সময় নাপাওঁ। সোনকালেই অস্ত্ৰোপচাৰ কৰি ইয়াক উলিয়াই পেলোৱাৰ বাদে আন গতি নাই৷ অৱশ্যে ইয়াৰ লগতে যাব মোৰ ভুৱা তৃপ্তিৰ আশ্বাদ আৰু যৌৱনৰ দিনৰ অলস চিন্তাৰ বিলাস৷ যোৱা দুটা দশকত মোৰ নাম উগ্ৰপন্থীৰ হিট্ লিষ্টত আছে৷ সৌ সিদিনালৈকে সুৰক্ষা বাহিনীয়ে মোৰ ঘৰৰ চৌহদ ঘেৰি ধৰি আছিল৷ টেনিছ খেলিবলৈ, সাঁতুৰিবলৈ, প্ৰাতঃভ্ৰমণ বা আন ক'ৰবালৈ যাওঁতে সুৰক্ষা কৰ্মীও মোৰ লগে লগে গৈছিল৷ মই নাভাবো যে উগ্ৰপন্থীয়ে মোক সঁচাকৈয়ে মাৰিব পাৰিব৷ কিন্তু যদি পাৰে, মই তেওঁলোকক ধন্যবাদহে দিম, কাৰণ এনে মৃত্যুৱে মোক বাৰ্ধক্যৰ আলৰ অৱস্থাত শোৱাপাটীতে বিষ্ঠা ত্যাগ কৰা অথবা কোনোবা নাৰ্চে মোক চাফা কৰি দিব লগা মৰ্যদাহীন অৱস্থা এটাৰ পৰা মুক্তি দিব৷ মোৰ দেউতা-মা দুয়ো বহুদিন জীয়াই আছিল৷ নব্বৈ বছৰ বয়সত, বিলাতী সুৰাৰ পিয়লাত শেষ শোহাটো মৰাৰ কেইটামান মূহুৰ্তৰ পিছতে মোৰ দেউতাই শেষ নিশ্বাস ত্যাগ কৰিছিল৷ তাৰ আঠ বছৰৰ পিছত, মাৰ বয়স যেতিয়া ৯৪ বছৰ হৈছিল, তেখেতেও দেউতাৰ পথেই লৈছিল৷ অস্ফূট শব্দেৰে উচ্চাৰণ কৰা মাৰ শেষ শব্দটো আছিল – ৱিস্কি। এচামুচ বিলাতী সুৰা তেওঁৰ মুখত ঢালি দিয়া হৈছিল৷ সেয়া ভিতৰলৈ গ’ল কি নগ’ল, মায়ে চিৰদিনৰ কাৰণে চকু মুদিলে৷ মইও আশা কৰিছোঁ মোৰ সময় যেতিয়া আহিব, সুৰাৰ পিয়লাটোত শেষ ঢোকাটো মাৰি মইও সেই অনন্ত যাত্ৰালৈ খোজ ল’ম৷

মোৰ এই স্মৃতিকথা লিখাৰ কাম হাতত লৈও মই প্ৰায় চাৰি-পাঁচ বছৰ থমকি ৰ’ব লগা হৈছিল৷ অতীতৰ যিমান কথা মনত পৰে সেইবোৰ টুকি ৰাখিছিলোঁ আৰু তাক এক সৃজনীশীল ৰূপ দিয়াৰ চেষ্টা কৰিছিলোঁ৷ উৰ্দু কবি হাকিম মখমূৰে কোৱাৰ দৰে মইও অতীতৰ কথা এতিয়ালৈকে কাৰো আগত ব্যক্ত কৰা নাই৷

‘‘মোৰ জীৱন গাথা কাকো কোৱা নাই মই
একান্ত পৰম সম্পদ
নিজৰ বাবে আছুতীয়াকৈ ৰখা ই সাঁচতীয়া ৰূপ৷ ’’

এই ধন এতিয়া মই খৰচ কৰিবলৈ ওলাইছোঁ৷ কোনো লাজ, সংকোচ বা অনুশোচনা নোহোৱাকৈ মই মোৰ জীৱনৰ কথা ব্যক্ত কৰিম৷ বেঞ্জামিন ফ্ৰেঙ্কলিনে কৈছিল –
‘‘ আয়ুবেলি মাৰ গ’লে জীৱন শেষত
লুপ্ত হ’ব নুখুজিলে স্মৃতিৰ তলিত
এনেকুবা কাম কৰা যি লেখাৰ তুল্য
এনেকুৱা লেখা লিখা যি পঢ়াৰ যোগ্য৷’’

মই এনেকুৱা কোনো কাম কৰা নাই যে কোনোবাই সেই কামৰ কথা ক’ৰবাত লিখি থৈ যাব৷ মৃত্যুৰ পিছত স্মৃতিৰ গৰ্ভত হেৰাই নোযোৱাকৈ থকাৰ মোৰ সমূখত এটাই উপায় আছে - মই লিখিব লাগিব৷ ইতিহাসৰ কেইবাটাও ডাঙৰ ঘটনাৰ সাক্ষী হৈ ৰোৱাৰ মোৰ সৌভাগ্য হৈছিল৷ সাংবাদিক হিচাপে ইতিহাসক গতি দিয়া এনে অনেকলোকৰ মই সাক্ষাৎকাৰো লৈছিলোঁ৷ তথাকথিত বিখ্যাতলোকৰ অনুগামী মই নহয়৷ কেইবাজনো বিখ্যাত লোকৰ ওচৰ চপাৰ পিছত মোৰ মোহভংগ হৈছিল, তেওঁলোকৰ ওপৰত আৰোপ কৰা ‘মহানতা’ কপূৰ্ৰৰ দৰে উৰি গৈছিল৷ তেনে কেইবাজনকো মই অত্যন্ত সাধাৰণ, ভুৱা, মিথ্যাচাৰী হিচাপেহে আৱিস্কাৰ কৰিছিলো৷

নীৰৱ গদ্য সাধকৰ ভুৱা পৰিচয়ো মই নিদিওঁ৷ যোৱা পাচঁটা দশকৰ লেখাবোৰৰ বেছিভাগেই আচলতে সময়সীমাৰ বাধ্যবাধ্যকতাত সৃষ্টি হোৱা ফচলহে৷ কাৰো উৎসাহৰ বাবে অপেক্ষা বা লেখাবোৰক পৰিমাৰ্জিত ৰূপ দিয়াৰ বাবে অহোপুৰুষাৰ্থ কৰাৰ সময় মই কেতিয়াও পোৱা নাই৷ এসময়ত ভাল গদ্য লেখাৰ যি অলপ শিকিছিলোঁ এতিয়া সেয়াও নাই৷ এই আত্মজীৱনীখন আচলতে কোনোবা বৃদ্ধৰ ঔৰসত জন্মহোৱা অবাঞ্চিত সন্তানৰ দৰেহে৷ ইয়াৰ পৰা বহুত বেছি আশা নকৰিব - কিছু আড্ডা, কিছু চুপতি, কিছু টনা-আজোৰা, কিছু আমোদ-প্ৰমোদ আৰু অৱশ্যেই কিছুমানৰ খ্যাতি আৰু যশস্যাৰ সৰ্বনাশ; ইয়াতকৈনো বেছি মই আৰু এতিয়া কি দিব পাৰোঁ। (আগলৈ)

No comments:

Post a Comment