প্ৰিয় লেখক আৰু প্ৰিয় লেখা (২) - খুশৱন্ত সিং
১৯৩৮ চনত খুশৱন্তে লাহোৰত আইনৰ ওকালতি আৰম্ভ কৰে যদিও এই কাম তেখেতৰ একেবাৰে পচন্দৰ নাছিল৷ তাত কাম কৰি থকা অৱস্থাতে দেশৰ বিভাজন হয় আৰু ভাৰতে স্বাধীনতা লাভ কৰে৷ লাহোৰত হিন্দু মুছলমানৰ সংঘৰ্ষৰ সূত্ৰপাত হোৱাত সেই সময়ৰ “চি.আই.ডি.” বিভাগৰ মুৰব্বী তেখেতৰ কলেজীয়া দিনৰে বন্ধু এভাৰেটে বিপদৰ আগজাননী দি খুশৱন্তক তুৰন্তে লাহোৰ ত্যাগ কৰিবলৈ পৰামৰ্শ দিলে৷ নিজৰ ঘৰ-সম্পত্তি বিশ্বস্ত বন্ধু মনজুৰ কাদিৰক গতাই থৈ লাহোৰ এৰি অহাৰ কাহিনী আৰু মনজুৰে কেনেকৈ ঘৰৰ কাম কৰা ল’ৰা দলীপ সিঙক নিজৰ গাড়ীৰ বুটত (গাড়ীৰ পিছফালে বস্তু-বেহানি ৰাখিবলৈ থকা ঠাই) ভৰাই পলুৱাই পঠাইছিল সেই কথা তেখেতৰ আত্মজীৱনী ‘ট্ৰুথ, লাভ এণ্ড লিটল মেলিচ’ ত মৰ্মস্পশীকৈ বৰ্ণনা কৰা হৈছে৷ ১৯৪৭ চনৰ ১৪ আগষ্টৰ নিশা জৱাহৰলাল নেহৰুৰ বিখ্যাত ভাষন শুনিবলৈ সমবেত হোৱা অগণন লোকৰ মাজত খুশৱন্ত সিঙো আছিল৷ পৰস্পৰে পৰস্পৰক আলিংগন কৰি আনন্দত উত্ৰাৱল হোৱা সেই সময়খিনি বৰ্ণনা কৰি তেখেতে পিছত কৈছিল - মানুহ এজনৰ শৰীৰৰ পৰা ঘাপ মাৰি হাত এটা কাটি লৈ গ’লে প্ৰথম কেইটামান মুহূৰ্ত্ত যেনেকৈ একো অনুভৱ নহয়, যন্ত্ৰনাটো আৰম্ভ হয় কিছুসময় পিছতহে - সেই সময়খিনি আচলতে তেনেকুৱা সময় আছিল৷
১৯৪৭ চনৰ পৰা ১৯৫১ চনলৈ তেখেতে বিদেশ মন্ত্ৰণালয়ৰ অধীনত লণ্ডণ আৰু কানাডাৰ অটোৱাত কিছুদিন চাকৰি কৰিছিল৷ তাৰপিছত দেশলৈ ঘুৰি আহি ১৯৫১ চনত আকাশবাণীৰ চাকৰিত যোগদান কৰেহি৷ সেই সময়ৰে এটা কাহিনী উল্লেখযোগ্য ৷
বিখ্যাত সাংবাদিক কুলদীপ নায়াৰক খুশৱন্তে লাহোৰত থকা দিনৰে পৰাই চিনি পাইছিল আৰু দুয়োৰে মাজত সু-সম্পৰ্ক আছিল৷ ১৯৫১ চনত আকাশবাণীৰ চাকৰি এটাৰ বাবে কুলদীপ নায়াৰো প্ৰাৰ্থী আছিল৷ খুশৱন্ত সিঙে কুলদীপ নায়াৰক কৈছিল - কেইবাটাও ইংৰাজী শব্দ উচ্চাৰণ কৰোঁতে তোমাৰ ভুল হয়, চাকৰিটোৰ বাবে শুদ্ধ উচ্চাৰণৰ বৰ প্ৰয়োজন, তুমি সেইবাবে এইটো চাকৰিৰ বাবে উপযুক্ত নোহোৱা৷ ইয়াৰ বহুদিন পিছত, ১৯৭৭ চনত ইমাৰ্জেঞ্চীৰ বিৰোধিতা কৰি কুলদীপ নায়াৰ কিছুদিন কাৰাবাসত আছিল৷ জে’লৰ পৰা ওলাই অহাৰ পিছত খুশৱন্তে সিঙে নায়াৰক কৈছিল – “মই শুনিছোঁ, ইমাৰ্জেঞ্চী বিৰোধিতা কৰা তোমাৰ এই স্থিতিৰ বাবে তুমি কাম কৰি থকা কাকতখনে তোমাক হেনো কামৰ পৰা শীঘ্ৰেই অব্যাহতি দিব; সেয়ে যদি হয়, মোৰ কাকতখনত তুমি বিনাদ্বিধাই লিখিব পাৰিবা আৰু মই চাম যাতে তুমি পোৱা পাৰিশ্ৰমিকখিনি তুমি এতিয়া পাই থকা দৰমহাতকৈ কোনোগুণে কম নহয়৷” উল্লেখযোগ্য কথা যে সেইসময়ত খুশৱন্ত সিং ইমাৰ্জেঞ্চীৰ সমৰ্থক আছিল৷
১৯৫৪ চনৰ পৰা ১৯৫৬ চনলৈ ইউনেস্কৰ চাকৰি লৈ দুবছৰ খুশৱন্ত পেৰিছত থাকিলগৈ৷ ইতিমধ্যেই শিখ জাতিৰ বুৰঞ্জী লিখি লেখক হিচাপে তেখেতে আত্মপ্ৰকাশ কৰিছে৷ ১৯৫৬ চনত তেখেতৰ প্ৰথমখন উপন্যাস ‘মানু মাজৰা’ প্ৰকাশ হয়৷ এইখনেই তেখেতৰ ৰচনাৰ ভিতৰত আটাইতকৈ উচ্চ প্ৰশংসিত, ভাৰত পাকিস্তানৰ বিভাজনৰ কাহিনীৰ ভিত্তিত ৰচিত উপন্যাস – “ট্ৰেইন টু পাকিস্তান৷” কিতাপখন হাতে লিখা অৱস্থাৰ পৰা টাইপ কৰি উলিয়াইছিল সেই সময়ৰ বৃটিছ হাই কমিছনাৰ ৱালটাৰ বেলৰ পত্নী টেটীয়ে৷ কিতাপখনৰ কাম শেষ কৰি টেটীয়ে কৈছিল – “এইখন আচলতে একোৱেই নহ’ল, কোনোবাই যে প্ৰকাশ কৰিব তাতো মোৰ সন্দেহ আছে৷” সেয়ে গ্ৰুভ প্ৰেছে আয়োজন কৰা প্ৰতিযোগিতা এটাত কিতাপখনৰ লেখকৰ নামটো সলনি কৰি - আই. এম. ভাৰ্মা নামেৰে পঠাই দিয়া হৈছিল৷ উপন্যাসখনে প্ৰথম পুৰস্কাৰ পাইছিল৷ ১৯৯৮ চনত এই উপন্যাসখনৰ ভিত্তিতে পামেলা ৰূখে একে নামৰ এখন কথাছবি নিমাৰ্ণ কৰি উলিয়ায়৷ ছবিখনত কাহিনীৰ নায়ক-নায়িকা জুগা আৰু নুৰৰ চৰিত্ৰত অভিনয় কৰিছে বলিউডৰ শিল্পী নিৰ্মল পাণ্ডে আৰু স্মৃতি মিশ্ৰই৷ পুলিচ কমিচনাৰৰ চৰিত্ৰত আছে মোহন আগাশী৷
১৯৫৬ চনত ভাৰত চৰকাৰে প্ৰকাশ কৰা যোজনা নামৰ পত্ৰিকাখনৰ খুশৱন্ত সিং আছিল প্ৰতিষ্ঠাপক সম্পাদক৷ তাত কিছুদিন কাম কৰাৰ পিছত ১৯৬৯ চনত তেখেতে সম্পাদক হিচাপে মুম্বাইৰ পৰা প্ৰকাশ হোৱা ‘দি ইলাষ্ট্ৰেটেড উইকলি’ নামৰ কাগজখনত যোগদান কৰে৷ তেতিয়াই আৰম্ভ হয় প্ৰায় পাচঁ দশক ধৰি পাঠকক মন্ত্ৰমুগ্ধ কৰি ধৰি ৰখা তেখেতৰ লেখাৰ শিতান – “উইথ মেলিচ টুৱাৰ্ডছ ওৱান এণ্ড অল”৷ এই শিতানৰ চিনাকি প্ৰতীকচিহ্নটো (এটা ইলেকট্ৰিক বাল্বৰ ভিতৰত কিতাপ, সুৰাৰ বটল আৰু নাৰীৰ ছবি লৈ বহি থকা এজন শিখ চদাৰ্ৰ) ডিজাইন কৰিছিল গোৱাৰ প্ৰখ্যাত কাটুৰ্নিষ্ট মাৰিঅ’ মিৰাণ্ডাই৷ খুশৱন্ত সিঙে সম্পাদনাৰ ভাৰ লোৱাৰ পিছত কাকতখনৰ বিক্ৰীৰ সংখ্যা ৬৫ হাজাৰৰ পৰা চাৰি লাখলৈ বৃদ্ধি পাইছিল৷ এইখন কাকতৰ পিছত তেখেত “দি নেচনেল হেৰল্ড” আৰু “দি হিন্দুস্তান টাইমছ” কাকতৰো সম্পাদক হেছিল৷ ১৯৮০ ৰ পাৰ ১৯৮৬ চনলৈ তেখেত ৰাজ্য সভাৰ মেম্বাৰ হৈছিল৷
৮০ খনতকৈও অধিক গ্ৰন্থৰ প্ৰণেতা খুশৱন্ত সিং লেখক হিচাপে ব্যতিক্ৰম হোৱাৰ প্ৰধান কাৰণ হৈছে অপ্ৰিয় হলেও সত্যক মুকলিকৈ প্ৰকাশ কৰিব পৰা তেখেতৰ সাহস আৰু ক্ষমতা৷ কৌতুক বা হাস্যৰসক তেখেতে সদায় আগস্থান দিছিল৷ কৌতুকৰ সংকলনৰে নখন গ্ৰন্থ প্ৰকাশ কৰা সিঙক এবাৰ শিখ মৌলবাদীয়ে সকীয়নি দিছিল – ছান্টা আৰু বান্টা শীৰ্ষক দুটা শিখ চৰিত্ৰক লৈ কৌতুক ৰচনা কৰাটো বন্ধ কৰিব লাগে। খুশৱন্ত সিঙৰ ছুটী পোনপটীয়া উত্তৰ আছিল - জহন্নামে যা তহঁত, Go to hell৷ এবাৰ স্বাধীন ভাৰতৰ নেতা-মন্ত্ৰীসকলক ব্যংগ কৰিবলৈ তেখেতে এটা কৌতুক কাহিনীৰ সৃষ্টি কৰিছিল৷ অযোধ্যাৰ ৰজা দশৰথৰ পুত্ৰ ৰাম বনবাসলৈ ওলাওঁতে তেওঁৰ লগতে অনেক প্ৰজাইও পিছ ল’লে৷ এঠাইত ৰৈ ৰামে সকলোকে সম্বোধি ক’লে - লেডিজ এণ্ড জেন্টলমেন, আপোনালোক উভতি যাওগকৈ, মই পিতৃ বাক্য পালন কৰি বনলৈ আহিছোঁ, ১৪ বছৰৰ পিছত মই আকৌ ঘুৰি আহিম, ইত্যাদি, ইত্যাদি..৷ ১৪ বছৰৰ পিছত উভতি অহাৰ পথত ৰামে দেখিলে কিছুলোক তেতিয়াও ৰৈয়েই আছে৷ আচৰিত হৈ ৰামে সুধিলে - কোন আপোনালোক? প্ৰভু, আপুনি পুৰুষ আৰু মহিলাসকলক এইখিনিৰ পৰা উভতি যাবলৈ ক’লে, তেওঁলোক গ’লগৈ৷ আপুনি আমাক একো ন’কলে! আমি পুৰুষো নহয়, মহিলাও নহয়, আমি কিন্নৰ ; সেয়ে যোৱা ১৪ বছৰে আমি আপোনাৰ বাবে ইয়াত ৰৈ আছোঁ৷ আচৰিত কিন্তু প্ৰসন্ন হৈ ৰামে হেনো তেওঁলোকক তেতিয়াই এটা বৰ দিছিল - ১৯৪৭ চনৰ পৰা তোমালোকে ভাৰতবৰ্ষ শাসন কৰিবা! (আগলৈ)
No comments:
Post a Comment