Friday, May 19, 2023

জীৱন সমৃদ্ধ কৰা সান্নিধ্য – কটন কলেজৰ চৌধূৰী ছাৰ




 জীৱন সমৃদ্ধ কৰা সান্নিধ্য কটন কলেজৰ চৌধূৰী ছাৰ

 

কটন কলেজত পঢ়া সময়খিনিত লগ পোৱা যিকেইজন শিক্ষগুৰুৰ প্ৰভাৱ মই গোটেই জীৱন় ধৰি অনুভৱ কৰি আহিছো সেইকেইজন শিক্ষাগুৰুৰ অন্যতম এজন সত্যেন্দ্ৰ কুমাৰ চৌধূৰী ছাৰ। কথাষাৰে এনেকুৱা এটা ইংগিতো দিব পাৰে যে মই ছাৰৰ ছত্ৰছায়াত ৰসায়ন বিজ্ঞান অধ্যয়ন কৰি, উজ্জ্বল ফলাফল দেখুৱাই ছাৰৰ অত্যন্ত ঘনিষ্ঠ হৈ পৰা কটন কলেজৰ এ়জন কীৰ্তি ৰত্ন। কথাষাৰ ষোল্ল অনাই অসত্য। ছাৰৰ পৰা ৰসায়ন বিজ্ঞান যিমান শিকিলো, তাতোকৈ বহু বেছি শিকিছিলো জীৱন বাটৰ ব্যৱহৃত পাঠ! জৈৱ বি়জ্ঞানৰ দীঘল দীঘল ফৰ্মুলা জীৱন বাটত ক’ত হেৰাই গ’ল গমেই নাপালো, কিন্তু একলব্যৰ দৰে ছাৰৰ পৰা শিকা জীৱন বোধৰ পাঠে আজিও জীৱনটো সমৃদ্ধ কৰি আহিছে।

 

আৰম্ভণিৰ পৰাই আৰম্ভ কৰোঁ।

কটন কলেজত ভৰ্তি হোৱাৰ পিছত যিটো আৱাসগৃহ মোৰ ভাগত পৰিল সেইটোৰ তেতিয়াৰ নাম আছিল থাৰ্ড মেছ, পিছলৈ আনন্দৰাম বৰুৱা ছাত্ৰাবাস। এইটো আৱাসতে ভৰ্তি হোৱাৰ কিছুদিন পিছতেই আৱাসৰ নৱাগত সভাত ছাৰক প্ৰথম দেখাৰ সৌভাগ্য হৈছিল। ওখ-পাখ, শকৰ মোছৰ সভা শুৱনি পুৰুষ। পিন্ধনত ছাৰ সদায় পৰিপাটি। পাছলৈ দেখিছিলো এইেটা আৱাসৰ সৰু-বৰ সকলো অনুষ্ঠানতে ছাৰৰ উপস্থিতি অপৰিহাৰ্য আছিল। তাৰ কাৰণ আছিল এসময়ত ছাৰো এইটো আৱাসৰে আৱাসী আছিল। সেই আৱাসৰ স্মৃতিয়ে আন আন ছাত্ৰক কৰাৰ দৰে ছাৰকো ক্ষন্তেকতে স্মৃতিকাতৰ (নষ্টালজিক) কৰি তোলে আৰু ছাত্ৰসকলৰ নিমন্ত্ৰণ প্ৰত্যাখান কৰিবলৈ টান পায়। এবাৰ আমাৰ অনুৰোধত, ঠিক অনুৰোধ নহয়, জোৰ দি লাগি থকাত বাইদেউকো ছাৰে আৱাসৰ অনুষ্ঠান এটালৈ লৈ আহিছিল। কটন কলেজৰ সেই আৱাসটোৰ বুকুৱেদি জীৱন বাটত খোজ পেলোৱা অগণণ ছাত্ৰৰ বাবে সেই অনুষ্ঠানবোৰত দেখা ছাৰৰ উপস্থিতি, সাৰুৱা ভাষণ আৰু ছাৰে বজোৱা বেহালাৰ সুৰ ‘এটা জীৱনত পাহৰিব নোৱাৰা’ বিৰল অভিজ্ঞতা আৰু অনুপ্ৰেৰণা।

 

আমাৰ দিনত ছাৰে তলৰ শ্ৰেণীত পাঠদান কৰা নাছিল। কিন্তু জৈৱ ৰসায়নৰ সেই সময়ত ছাৰে লিখা কিতাপ এখন আছিল বিজ্ঞানৰ সকলো ছাত্ৰৰ বাবেই এখন নিৰ্ভৰযোগ্য আৰু অপৰিহাৰ্য হাত-পুথি। কিতাপখন ছাৰে যৌথভাৱে কমলেশ চৌধূৰী ছাৰৰ লগত লিখিছিল যেন লাগিছে, মোৰ ভুল হ’বও পাৰে। জৈৱ ৰসায়নৰ দীঘল দীঘল সুত্ৰ-সমীকৰণ বুজিবলৈ সেই কিতাপখনে আমাক বহুত সহায় কৰিছিল। সম্ভৱ কিতাপখন এতিয়াও বজাৰত পোৱা যায়। সেই কিতাপখনৰ মাজেদি লোৱা কেমিষ্ট্ৰিৰ জ্ঞানৰ বাদে ছাৰৰ পৰা প্ৰত্যক্ষ ভাৱে মই ৰসায়ন শিকাৰ সুবিধা নাপালোঁ। সেই সময়তে ওপৰ শ্ৰেণীত ৰসায়ন বিজ্ঞান অধ্যয়ন কৰি থকা মোৰ কোঠাবন্ধু গদালাল দাসে ছাৰৰ নিকট সান্নিধ্য পাইছিল আৰু আমিও ছাৰৰ ব্যক্তিত্বৰ অনেক নজনা কথা গদাদাৰ মুখেদিয়েই জানিব পাৰিছিলো। এটা কথা মনত পৰিছে, এবাৰ ছাৰে শিক্ষাৰ্থীসকলৰ মাজত ৰসায়ন বিজ্ঞানৰ জনপ্ৰিয়তা বঢ়াবৰ বাবে “GETTING TO KNOW THE ATOM” নামেৰে পাঠ্যক্ৰমত নথকা এটা কাৰ্যসূচীৰ উদ্যোগ লৈছিল। গদাদাৰ তত্বাবধানত দুখন দুখন ডাঙৰ ডাঙৰ ছবি অঁকা কাগজ আঠা লগাই একেলগ কৰি মই তাতে “এটম”-ৰ এটা আৰ্হি আঁকিছিলো। শুনিছিলো, মোৰ ছবিখন হেনো ৰসায়ন বিভাগৰ দেৱাল এখনত বহুদিনলৈকে ওলমি আছিল। পাছলৈ ৰসায়ন বিজ্ঞানৰ কেইবাখনো পুথি প্ৰণয়ন কৰি ছাৰে শৈক্ষিক দিশত নিজৰ অৱদান দি থৈছে।

 

কেমিষ্ট্ৰি নহয়, ছাৰৰ পৰা ব্যক্তিগত ভাৱে মই শিকিলো জীৱন-বোধৰ পাঠ। ছাৰৰ ব্যক্তিত্বৰ উজ্জ্বল অংশ হৈছে সঁচা অৰ্থত অহংকাৰ শূণ্য মন। সততে দেখা ছাত্ৰ আৰু শিক্ষকৰ মাজৰ অদৃশ্য দেৱালখনৰ অস্তিত্ব ছাৰৰ মনত সমূলি নাছিল। সেয়ে সকলো ছাত্ৰ-ছাত্ৰীয়েই ছাৰৰ লগত ভাবৰ আদান প্ৰদান কৰাৰ সমান সুবিধা পাইছিল। গুৰুভক্তিৰ তিলমাত্ৰ সুপ্ত ইপ্সাও ছাৰৰ মনত থকাৰ উমান নাছিল, হয়তো সেইবাবেই বিদ্যাৰ্থীসকলৰ ছাৰলৈ থকা ভক্তি আৰু সন্মানৰো কোনো সীমা নাছিল। মোৰ দৃষ্টিত ছাৰৰ মাজত সফল শিক্ষকৰ মাজত থাকিবলগীয়া তিনিওটা উপাদান সমানে আছিল শিক্ষক (teacher), মেণ্টৰ (mentor) আৰু কোচ্ছ (coach)। এনে গুৰুৰ সান্নিধ্য পোৱাটো কম সৌভাগ্যৰ কথা নহয়। ছাৰৰ সেই মহানুভৱতাই মোক সদায় অনুপ্ৰাণিত কৰি আহিছে।

 

বেহেলা অবিহনে ছাৰৰ পৰিচয়েই সম্পূৰ্ণ নহ’ব। প্ৰায় চাৰিটা দশকৰ আগৰ ছাৰৰ হাতৰ বেহেলা আৰু সৌ-সিদিনা কটন কলেজৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ অধিৱেশনত শুনা ছাৰৰ বেহেলাৰ সুৰ এতিয়াএ কাণত বাজি আছে। ছাৰৰ ভাতৃ মৃণাল চৌধুৰীয়ে লিখা “দিখৌ নৈৰ পাৰৰে, কহুঁৱাই বিনায়” গীতটোত কণ্ঠদান কৰিছে ছাৰ ভগ্নী অনিমা চৌধুৰীয়ে। আমি হোষ্টেললৈ অহাৰ দিনত এইটো আছিল অত্যন্ত জনপ্ৰিয় গীত। সেই সময়ৰ পৰিৱেশটোও আছিল গীতৰ কথাৰ দৰেই। অসমৰ সমস্ত ৰাইজ মিলি বত্ৰিশ বছৰীয়া যুৱক প্ৰফুল্ল মহন্তৰ হাতত শাসনৰ বাঘজৰী তুলি দিয়াৰ সময়। আকাশে বতাহে যেন “আজলী অসমীৰ হৰি নিয়া সকলো” ওভোটাই অনাৰ গুণ গুণ শৱদ! তেনে এক পৰিৱেশত, কটন কলেজৰ বাৰান্দাৰ পৰা নিশাৰ নিৰ্জনতা ভাঙি সেই সপোন যেন মূৰ্তমান হৈ উঠিছিল আমাৰ সমূখত - ছাৰৰ বেহেলাৰ পৰা। এনে বিৰল ক্ষণ মাথোঁ অনুভৱ কৰিব পাৰি, শব্দৰে তাক ব্যক্ত কৰিব পৰাটো অসম্ভৱ! বেহেলা হয়তো বহুতেই বজায়, কিন্তু ছাৰৰ বেহেলাৰ পৰা নিৰ্গত হোৱা লয়ৰ বৈশিষ্ট্ আছে। যেনেকৈ সুবক্তাই পাঠ কৰিলে লেখাৰ মাজৰ দাৰি-কমা আদি কাণত স্পষ্ট ৰূপত ধৰা পৰে, ঠিক তেনেকৈ ছাৰে বজোৱা গীতৰ সুৰত যেন শিল্পীৰ কণ্ঠৰ শ্বাস-প্ৰশ্বাসো মূৰ্ত হৈ পৰে। ছাৰে সততে বজোৱা ভুপেন হাজৰিকাৰ গীতত ভূপেনদাৰ উচ্চাৰণ পৰ্যন্ত প্ৰকট হৈ কাণত বাজি উঠে। হয়তো এই দক্ষতা দীৰ্ঘদীনীয়া অনুশীলনৰ ফল। অৰ্থাৎ গুৰু হিচাপে ছাৰ যিমান সফল, এজন শিল্পী হিচাপেও ছাৰ কম সফল নহয়। অধ্যাপনা নকৰি অকল বেহেলা বজোৱা হলেও ছাৰক হয়তো সকলোৱেই চিনি পালেহেঁতেন! ছাৰৰ এই সফলতাই মোৰ কাণত যেন অৰ্হনিশে কৈ থাকে “পাৰ্চু ইয়ৰ পেছন, পাৰ্চু ইয়ৰ পেছন চিৰিয়াচলি! pursue your passion, pursue your passion seriously.)” আধুনিক মেনেজমেণ্টে কয়, নিজকে অনুপ্ৰাণিত কৰি ৰাখিবলৈ, মনটো ইতিবাচক দৃষ্টিভংগীৰে সদায় সমৃদ্ধ কৰি ৰাখিবলৈ আৰু নিজৰ উৎপাদন ক্ষমতা সদা সক্ষম কৰি ৰাখিবলৈ সকলো লোকেই নিজৰ ভাল লগা ৰুচিৰ (passion) লগত কিছুসময় কটোৱা উচিত। ছাৰৰ জীৱনত এই বাণীৰ মই জীৱন্ত উদাহৰণ দেখিবলৈ পাওঁ।  

 

যেনে লোকৰ উপস্থিতিয়ে অসমৰ লোকক ‘অসমীয়া’ বুলি গৌৰৱ কৰিবলৈ শিকায়, ছাৰ তেনে এজন ব্যক্তি। যেনে এজন গুৰুৰ মূৰ্তি মনৰ মাজত সংস্থাপন কৰি হাজাৰ হাজাৰ বিদ্যাৰ্থীয়ে জীৱন বাটত বাট বুলিবলৈ সাহস আৰু প্ৰেৰণা পায়, ছাৰ তেনে এজন ব্যক্তি।সমাজৰ কিছু লোকে কেৱল গঢ়ে, আনে ধ্বংস কৰি যোৱাটোও তেওঁলোকে কেৱল গঢ়ে, ছাৰ তেনে এজন ব্যক্তি। কটন কলেজৰ অধ্যাপক হিচাপে, মেঘালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে আজীৱন ছাৰে মাথোঁ গঢ়িয়েই গৈছে, নিৰন্তৰ, প্ৰজন্মৰ পিছত প্ৰজন্ম।

 সামাজিক মাধ্যমৰ এঠাইত (ফে’চবুকত) ছাৰৰ ফটোখনৰ লগতে দেখিলো লিখা আছে ভূপেনদাৰ গীতৰ এটা কলি, - “মই যেতিয়া এই জীৱনৰ..”!! বুকুখন মোচৰ খাই উঠিল। ছাৰক ক’বলৈ মন গৈছে, - ছাৰ, আজীৱন আপোনাৰ পৰা শিকি আহিছো কেৱল জীৱনৰ  জয়গান, গুচি যোৱাৰ কথা নক’ব কাহানিও! অন্ততঃ আৰু কুৰী বছৰলৈ আপোনাৰ বেহেলাৰ সুৰত আমি পান কৰিব খোজো জীৱনামৃত। আপুনি আমাৰ জীৱন-গুৰু, আপুনি আমাৰ জীৱন-প্ৰেৰণা। ঈশ্বৰে আপোনাক  সুস্বাস্থ্য আৰু শতায়ু দান দিব।