Friday, March 9, 2018

মোবাইল ফোন আৰু মগজুৰ টিউমাৰ - Sadin 9-March-2018



মোবাইল ফোন আৰু মগজুৰ টিউমাৰ

একাশী কেঁচা কলৰ মাজত গধূলি সময়ত মোবাইল ফোন এটা ৰাখি চলাই থৈ দিলে ৰাতিপুৱালৈ কলআশী হেনো পকি হালধীয়া বৰণ ধৰে৷ কেতিয়াবা মোবাইল ফোনত বেছি সময় কথা পাতি থাকিলে কাণখন গৰম হৈ উঠে৷ চাৰ্জ কম থকা অৱস্থাত মোবাইল ফোনত কথা পাতি থকাটো বিপদজনক, সেই সময়ত ফোনটোৱে আটাইতকৈ বেছি বিদ্যুত তৰংগ বিকিৰণ কৰে! ৰাতি শোঁতে মূৰৰ শিতানত মোবাইল ফোন ৰখাটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক৷ পুৰুষে বাওঁফালৰ চোলাৰ জেপত মোবাইল ফোন ৰাখিব নালাগে, ছালখনৰ তলতে হৃৎপিণ্ডটো আছে, মোবাইলৰ তৰংগই হৃৎপিণ্ডক পোনে পোনে আঘাট কৰে, অৱশেষত সিয়েই হাৰ্টৰ ৰোগৰ সৃষ্টি কৰেগৈ৷ দীৰ্ঘদিন মোবাইল ফোন ব্যৱহাৰ কৰাৰ পিছত মগজুৰ টিউমাৰ হোৱাৰ সম্ভাৱনা থাকে বুলি গৱেষণাত ধৰা পৰিছে!

এইয়া মোবাইল ফোন সম্পৰ্কে আমাৰ সকলোৰে মাজত প্ৰচলিত কেইটামান ধাৰণা৷ যোৱা দহবছৰত এনে বহু সত্য আৰু গুজৱৰ সৃষ্টি হৈছে৷ ২০১১ চনত “ইন্টাৰনেচনেল এজেঞ্চি ফৰ ৰিচাৰ্ছ অন কেনছাৰ” নামৰ প্ৰতিষ্ঠান এটাইও সন্দেহ কৰিছিল যে দীৰ্ঘদিন মোবাইল ফোন ব্যৱহাৰ কৰাৰ অন্তত মগজুত কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা থাকে৷  ইয়াৰ পিচতেই বিভিন্ন প্ৰতিষ্ঠানত এই সম্পৰ্কে বিস্তৃত অধ্যয়ন আৰু গৱেষণা আৰম্ভ হৈছিল৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ “নেচনেল ইনষ্টিটিউট্‌ অৱ এনভাইৰনমেন্ট হেল্থ্‌ চায়েঞ্চ” নামৰ প্ৰতিষ্ঠানটোক নেতৃত্ব দিয়া জন বুকাৰে (John Bucher) ২৫ নিযুট ডলাৰ ব্যয় কৰি এই সম্পৰ্কে যোৱা দুবছৰ ধৰি হাতত লোৱা এটা গৱেষণাৰ গুৰি ধৰি আহিছে৷ মানুহৰ সলনি নিগনিৰ ওপৰত এই অধ্যয়ন কৰা হৈছিল৷ দুয়োটা লিংগৰে নিগনিৰ ওপৰত দৈনিক ন ঘন্টাকৈ উচ্চমানৰ বিদ্যুত তৰংগৰ বিকিৰণ প্ৰয়োগ কৰি ৰখা হৈছিল৷ নিগনিবোৰৰ ওপৰত যিমান শক্তিৰ বিকিৰণ প্ৰয়োগ কৰা হৈছে সিমান শক্তিৰ বিকিৰণ মোবাইলৰ পৰা নিৰ্গত হোৱাৰ সম্ভাৱনা তেনেই ক্ষীণ৷ দুবছৰৰ পিছত দেখা গৈছে যে কিছুমান মতা নিগনিৰ হৃৎপিণ্ডত সামান্য ভাবে দেখা দিয়া এবিধ ফোঁহাৰ বাদে আন কোনো বিসংগতি পৰিলক্ষিত হোৱা নাই৷ মাইকী নিগনিৰ ক্ষেত্ৰত কিন্তু তেনে একো হোৱা নাই৷ তাৰোপৰি আচৰিত কথা, বিদ্যুত তৰংগৰ বিকিৰণৰ মাজত থকা নিগনিবোৰ আন সাধাৰণ পৰিৱেশত থকা নিগনিতকৈ বেছি দিনহে জীয়াই আছে৷ বুকাৰৰ মতে, বিদ্যুত তৰংগৰ বিকিৰণৰ বাবে হয়তো নিগনিবোৰক কিছুমান সচৰাচৰ হৈ থকা ৰোগে আক্ৰমণ কৰিব পৰা নাছিল!

যোৱা মাহত (২০১৮ চনৰ ফেব্ৰুৱাৰী) মোবাইল বিকিৰণৰ বিষয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত চলি থকা দুটা গৱেষণাৰ ফল ৰাজহুৱাকৈ প্ৰকাশ কৰা হৈছে৷ দুয়োটা গৱেষণায়েই বলিষ্ঠ ভাবে ঘোষণা কৰিছে যে মগজুৰ টিউমাৰ বা কৰ্কট ৰোগৰ লগত মোবাইৰ ব্যৱহাৰৰ প্ৰত্যক্ষ কোনো সম্পৰ্ক নাই! চৰকাৰী বিষয়া আৰু বৈজ্ঞানিকসকলে যুতীয়াভাবে ঘোষনা কৰিছে যে মোবাইল ব্যৱহাৰ কৰাটো স্বাস্থ্যৰ ফালৰ পৰা অকণো ক্ষতিকাৰক নহয়৷ এই গৱেষণাৰ ফলাফল অধ্যয়ন কৰাসকলৰ ভিতৰত “আমেৰিকান কেনছাৰ চোছাইটি”-ৰ মূখ্য বিষয়া অটিছ ব্ৰাউলিও (Otis Brawley)   আছে৷ তেওঁৰ মতে তেওঁ নিৰ্ভয়ে কাণৰ কাষত মোবাইলটো চেপা মাৰি ধৰি কথা পাতে আৰু পাতিব৷

লছ্‌ এঞ্জেলছ্‌ৰ কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপিকা লিকা খেইপেটছে (Leeka Kheifets) এই গৱেষণাৰ ফলাফলক বৰ উচ্চ প্ৰশংসা কৰা নাই৷ তেওঁ বিশ্ব স্বাস্থ্য সন্থাৰ (World Health Organization)  বিকিৰণ বিভাগৰ মূৰব্বী বিষয়া আছিল৷ নাকে মতা মাত আৰু সুৰেৰে তেওঁ কৈছে – এই সম্পৰ্কে বহুত চিন্তা চৰ্চা আৰু গৱেষণা এতিয়াও হৈয়েই আছে৷ এটা কথা ঠিকেই যে মোবাইল ফোনৰ ব্যৱহাৰে আকাশখন খহি পৰা ধৰণৰ কোনো বিপদ মাতি আনিব নোৱাৰে৷

এলবেনিৰ নিউ ইয়ৰ্ক বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিভাগৰ মূৰব্বী অধ্যাপক ডেভিদ কাৰপেন্টাৰে (David Carpenter) কথাটো মানি ল’ব খোজা নাই৷ তেখেতৰ মতে, এইদুটা গৱেষণা মানৱ শৰীৰৰ ওপৰত হোৱা গৱেষণা নহয়৷ ,সেয়ে এক সঠিক সিদ্ধান্তত উপনীত হ’ব পৰাকৈ এইয়া যথেষ্ট নহয়৷ মোবাইল তৰংগৰ বিকিৰণে সৃষ্টি কৰিব পৰা জটিল সমস্যা বা মগজুৰ টিউমাৰৰ সম্ভাৱনা পোনে পোনে নাকচ কৰিব পৰাকৈ এইয়া নিৰ্ভৰযোগ্য অধ্যয়ন নাছিল৷

আমেৰিকা যুক্তৰাষ্ট্ৰত মোবাইল ফোনৰ বিকিৰণ নিয়ন্ত্ৰণ কৰিব পৰা চৰকাৰী বিভাগটোৰ নাম এফ্‌-ডি-এ (ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেচন)৷ তেওঁলোকে এই গৱেষণাৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰি মত পোষণ কৰিছে যে সম্প্ৰতি অনুমতি দিয়া বিকিৰণৰ পৰিমান সদ্যহতে সালসলনি কৰাৰ কোনো প্ৰয়োজন নাই৷ আমেৰিকাৰ দৰে প্ৰভাৱশালী দেশ এখনে লোৱা এই সিদ্ধান্তই সমগ্ৰ পৃথিৱীত প্ৰভাৱ বিস্তাৰ কৰিব৷ মাৰ্চমাহৰ শেষৰ ফাললৈ এই গৱেষণাৰ ফলাফল কেইবাখনো দেশৰ পৰ্যৱেক্ষকে পৰীক্ষা কৰি চোৱাৰ কথা৷ ইউৰোপত হোৱা কেইটামান গৱেষণাই কেইবছৰমানৰ আগতে মোবাইল বিকিৰণে আনিব পৰা স্বাস্থ্য সম্পৰ্কীয় অপকাৰিতাৰ কথা সদম্ভে ঘোষণা কৰিছিল৷ ইয়াৰ সত্যাসত্য নিৰূপণৰ বাবে আৰম্ভ কৰা কেইবাটাও গৱেষণাৰ অন্ত পৰিব এই বছৰৰ শেষৰ ফাললৈ৷ যোৱ দুবছৰৰ গৱেষণা আছিল মোবাইল সেৱাৰ ২-জি আৰু ৩-জিৰ পৰা হোৱা বিকিৰণ সম্বন্ধে৷ পৃথিৱীয়ে ইতিমধ্যেই ৪-জি সেৱাত অভ্যস্ত হৈ উঠিছে আৰু ইয়াৰ ওপৰত গৱেষণাও আৰম্ভ হৈছে৷ এনে কেইবাটাও গৱেষণাৰ ফলাফল এইবছৰৰে শেষৰ ফাললৈহে পোহৰলৈ আহিব৷

মোবাইলটো কাণত চেপা মাৰি ধৰি কথা পাতিম নে নাই, ৰাতি গাৰুৰ তলত মোবাইলটো থ’ম নে নাই সেই সিধান্ত নিৰ্ভৰযোগ্য ভাৱে ল’বৰ বাবে অন্ততঃ আৰু এটা বছৰ বিশ্ববাসীয়ে অপেক্ষা কৰিব লাগিব৷


(এই লেখাখিনি সাদিন, ৯ March, ২০১৮ সংখ্যাৰ কাকতৰ ৮ নং পৃষ্ঠাত নতুবা মোৰ ব্লগ http://utpalbaruah.blogspot.com-তো আছে৷)


No comments:

Post a Comment