Sunday, August 12, 2018

জীৱন বাটৰ ৰসঃ সুন্দৰ সেনাপতি (৬০)


জীৱন বাটৰ ৰসঃ সুন্দৰ সেনাপতি (৬০)

যোৱা শতিকাৰ শেষৰ তিনিটা দশকত অসমৰ পৰা বহু ছাত্ৰ-ছাত্ৰী দক্ষিণ ভাৰতলৈ টেকনিকেল শিক্ষা গ্ৰহন কৰিবলৈ যোৱা দেখা গৈছিল৷ সেই সময়ত অসমত তেনে সুবিধা এতিয়াৰ তুলনাত বৰ কম আছিল৷ কোনো কোনো ক্ষেত্ৰত নাছিলেই৷ সেই সময়ত দূৰ-সংযোগ ব্যৱস্থা বা তথ্য-প্ৰযুক্তিৰ বিকাশো একেবাৰে কম আছিল৷ টেলিভিছনৰ প্ৰসাৰ আমাৰ দেশত আৰম্ভ হৈছিল ১৯৮২ চনত অনুষ্ঠিত হোৱা ‘এছিয়াদ গেইমছ’-ৰ সময়ৰ পৰাহে! টেলিভিছন আৰম্ভ হোৱাৰ সময়ৰ কেইটামান আমোদজনক কথা মনত আছে৷ সেই সময়ত একোটা অঞ্চলৰ প্ৰতিজন বাসিন্দাই খবৰ ৰাখিছিল কাৰ ঘৰত কেনেকুৱা টি-ভি আছে আৰু বয়স ভেদে তেনেলোকৰ ঘৰত দৰ্শকৰ ৰূপত প্ৰতিবেশীসকলৰ সঘনে আৱিৰ্ভাৱ হৈছিল৷ যেনে পুৱা চিত্ৰহাৰৰ সময়ত শিশুসকল, আবেলিৰ চিনেমাৰ সময়ত জীয়াৰী-বোৱাৰীসকলক, সন্ধিয়া বাতৰিৰ সময়ত বয়সস্থ সকল ইত্যাদি৷ অলিম্পিক বা তেনে কোনো আন্তঃৰাষ্ট্ৰীয় মহোৎসৱৰ সময়ত অৱশ্যে বয়স লিংগ আৰু সময়ৰ কোনো বাচ-বিচাৰ নাছিল! টেলিভিছন থকা ঘৰবিলাক অঞ্চলটোৰ একোটা সৰু সৰু চিত্ৰ প্ৰদৰ্শনীগৃহৰ দৰে হৈছিল৷ ভিতৰি ভিতৰি অতিষ্ঠ হৈ পৰিলেও সৌজন্যতাৰ খাতিৰত গৃহস্থসকলে পৰিস্থিতিটো সেইসময়ত মানি ল’বলৈ বাধ্য হৈছিল৷

ঠিক তেনেকুৱা সময়তে আৰম্ভ হ’ল “ৰামায়ন” মহাকাব্যৰ ধাৰাবাহিক সম্প্ৰচাৰ৷ দেওঁবাৰে যেতিয়া ৰামায়নৰ প্ৰচাৰ হয় পথাৰৰ পৰা হাল সামৰি হালোৱা, বজাৰৰ পৰা বজাৰ সামৰি বজৰুৱা, দোকান বন্ধ কৰি দোকানী, পাকঘৰত দুৱাৰ দাং লগাই গৃহিনী টেলিভিছনৰ আগত সমবেত হৈছিল৷ ভক্তি ৰসত জুৰুলি-জুপুৰি হৈ কোনোবাই টেলিভিছনৰ আগত ধূপ-ধূনাও জ্বলাইছিল৷ তেতিয়ালৈকে ৰামায়নৰ কাহিনী মানুহৰ মনত খোপনি পুতিছিল নিজ নিজ মাতৃভাষাৰ ভাব ভাষাৰে৷ টেলিভিছনৰ ৰাম-সীতাই যেতিয়া হিন্দী ভাষাত কথা কোৱা আৰম্ভ কৰিলে, অ-হিন্দীভাষীসকলৰ অখজা লাগিল! তামিলনাডুত ইয়াৰ বিৰোধিতা কৰিবলৈ ৰাজপথত সমদল ওলাল৷ কিছুদিনৰ পিচত এই ছন্দপতন লাহে লাহে ধূসৰ হৈ আহিল আৰু ৰামায়ন চিৰিয়েলখন নিয়মীয়াকৈ চলিবলৈ ল’লে৷ ধাৰাবাহিকখন ইমানেই জনপ্ৰিয় হৈছিল যে ৰামায়ন সম্প্ৰচাৰ হোৱা সময়খিনিত বিদ্যুৎ-সেৱা ব্যাহত হোৱাত বিহাৰৰ এঠাইৰ মানুহে এটা খণ্ড চাবলৈ নাপালে৷ ক্ষোভ আৰু খঙত অন্ধ হৈ সেইঠাইৰ মানুহে বিদ্যুত সেৱা কেন্দ্ৰটোৱেই জ্বলাই দিলেগৈ৷ ৰামায়ন সম্প্ৰচাৰ হৈ থকা সময়ত কেইবাখনো ৰাজ্যৰ ৰাষ্টাত এটাও নৰ-মনিচ দেখা পোৱা নগৈছিল৷ ১৯৮৪ চনত, প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক দেহৰক্ষীয়ে গুলিয়াই হত্যা কৰিছিল৷ তেখেতক সমাধিস্থ কৰিবলৈ নিয়া দৃশ্য টেলিভিছনৰ পৰ্দাত পোনপটীয়া সম্প্ৰচাৰ হৈছিল৷ আমাৰ জেঠাইদেউৰ ঘৰত সেই দৃশ্য চাবৰ বাবে ইমানেই মানুহ গোট খালে যে টেলিভিছনটো এখন ডাঙৰ টেবুলৰ ওপৰত থৈ বাৰান্দালৈ উলিয়াই দিব লগা হ’ল ৷ সমগ্ৰ চোতাল মানুহেৰে ভৰপূৰ৷ ওপৰৰ পৰা মূখচোৱা আৰ্চী এখন টেলিভিছনৰ সমূখত আঁৰি লৈ ঘৰৰ মানুহখিনিয়ে টেলিভিছনটোৰ পিছফালে থিয় হৈ আইনাখনত সেই দৃশ্য চাব লগা হৈছিল৷

টেলিভিছনে কৰা এটা ডাঙৰ উপকাৰ হৈছে অ-হিন্দীভাষীলোকসকলক হিন্দী ভাষাটোৰ লগত পোনে পোনে পৰিচয় কৰি দিয়াটো৷ এতিয়া আমাৰ ঘোকোট গাৱঁৰ আইতাৰ দৰে গৃহিনীয়েও বা অশিক্ষিত লোকেও হিন্দী ভাষাটো বুজি পায় আৰু দুই-এটা শব্দ ক’বও পাৰে৷ টেলিভিছনত ধাৰাবাহিক চাবলৈ নোপোৱা হ’লে এনে নহ’লহেঁতেন৷

মই যেতিয়া অসমৰ বাহিৰত পঢ়িবলৈ ওলাই গৈছিলোঁ হিন্দী ভাষা সমূলি বুজি পোৱা নাছিল৷ ক্লাছ ফাইভত হিন্দী ছাৰে (মহেন্দ্ৰ কলিতা ছাৰ) “মে হু, হম হেই” শিকাইছিল৷ সেইয়াই আৰম্ভ আৰু সেইয়াই শেষ৷ বহুদিনলৈ হিন্দী ক’ব লগা পৰিৱেশত পৰিলে মই জ্বৰ ঘমাদি ঘামিছিলোঁ৷ দক্ষিণ ভাৰতত হিন্দী ক’ব নালাগে, ইংৰাজী ক’ব লাগে৷ এইটো আছিল এটা প্ৰধান আকৰ্ষণ৷ প্ৰথমে ভাবিছিলোঁ, মই ইংৰাজী ক’ব পাৰোঁ৷ ৰবীন ছাৰে (ৰবীন বৰকটকী ছাৰ) প্ৰথম প্ৰথম ইংৰাজী শিকাইছিল আৰু ম্ই এশৰ ভিতৰত পঞ্চান্নৱৈ পাইছিলোঁ৷ একেলগতে পঢ়া সহপাঠী সৰস্বতীক ছাৰে এদিন হতাশ হৈ কৈছিল – “নহব বুইছ, কিবা পাকচক্ৰত পৰি যদি বিলাতত গৈ থাকিবলৈ সুবিধা পাৱ, তেতিয়াহলে বেলেগ কথা, নহলে তোৰ জীৱনত ইংৰাজী শিকা নহ’ব, বাদ দে৷”  মই ভাবিলোঁ –‘ মোৰ কিন্তু হ’ব, এশৰ ভিতৰত পঞ্চান্নৱৈ মোৰ৷’ কটন কলেজত লক্ষ্য কৰিলোঁ, দেৱেন দত্ত ছাৰে পঢ়াবলৈ আহি যি ইংৰাজী কয়, মই সমূলি বুজি নাপাওঁ! মোৰটো শুদ্ধ নে ছাৰৰটো শুদ্ধ তলকিবলৈ নৌ- পাওঁতেই মই গৈ তামিলনাডুত উপস্থিত হ’লোগৈ৷ দাক্ষিণাত্যৰ বাহিৰৰ মানুহক তাত “হিন্দী ফেলো” বুলি কয় আৰু হিন্দী ক’লে বেয়া পায়৷ মই ইংৰাজী কোৱা আৰম্ভ কৰিলোঁ৷ আগতে ভাবটো অসমীয়াত সজাই-পৰাই, তাত শুদ্ধভাবে ব্যাকৰণ প্ৰয়োগ কৰি, শব্দ ভাণ্ডাৰৰ পৰা বছা বছা শব্দ বাছি লৈ মুখেৰে মোৰ যি ইংৰাজী ওলায়, লক্ষ্য কৰিলোঁ কোনেও নুবুজে!  আন ভাষাৰ মাজত ইংৰাজী শব্দ লগাই কথা কোৱা বুলি ভাবে৷ মই ইংৰাজীত কিবা কোৱাৰ পিছত বন্ধুসকলে ব্যংগ কৰে – ‘এইবাৰ ইংৰাজীত ক৷’ ‘এম্‌,’ ‘ইজ্‌’ ‘আৰ্‌ ‘-যে মুখ ফুটাই ক’ব নালাগে, ইংৰাজী ভাষাৰ যে এটা লয়  (Rythm)আছে, তাত যে ঠায়ে ঠায়ে জোৰ প্ৰয়োগ কৰিব লাগে (Intonation) সেইবোৰ মই একো নাজানিছিলোঁ৷ লিখিব পাৰিছিলোঁ ঠিকেই, কিন্তু ক’লে কোনেও বুজি নাপায়৷ ভাষাটো শুদ্ধকৈ ক’বৰ বাবে লগা উপাদানৰ এটা কথাও আমাৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত নাছিল৷ এবাৰ মঞ্চত উঠি কৈছিলো, - teaching is not a personal affair, it is a way of bilateral contact৷ শ্ৰোতাসকলে হাই হাইকৈ চিঞৰি উঠিল – আমাৰ দেশত নহয়, আমাৰ দেশত নহয়! মইও মঞ্চৰ পৰাই দুগুণ জোৰেৰে চিঞঁৰিলো – আমাৰ দেশত কিয়, সৌৰজগতৰ সৰ্বত্ৰতে হয়! পাছত গম পালোঁ মোৰ ‘teaching’ শব্দটো উচ্চাৰণৰ বিভ্ৰান্তিত শ্ৰোতাসকলে ‘kissing’ বুলি শুনিলে৷ তাৰ অৰ্থটো সাংঘাটিত৷ ভাগ্যে মাৰ নাখালোঁ৷ তাৰ পিছৰ পৰাই s, sh আৰু ch উচ্চাৰণৰ ক্ষেত্ৰত মই আজিও সাৱধান৷

এদিন হঠাতে মোৰ কোঠালৈ মোৰ পৰিচিত পৰিয়াল এটাৰ বাপেক-পুতেক এহাল সোমাই আহিল৷ মই চিনিপোৱা অঞ্চল এটাৰ তেওঁলোক বিত্তৱানলোক৷ এই পুতেকেই আজিৰ ৰসৰ উৎস সুন্দৰ সেনাপতি৷ সুন্দৰে ‘ৰেডিঅ’ অফিচাৰছ কোৰ্ছ’ নামৰ পাঠ্যক্ৰম এটাত নাম লগাবলৈ আহিছিল৷ দেউতাকে তাক মোৰ লগত পৰিচয় কৰি দি বিপদে-আপদে চোৱা চিতা কৰিবলৈ মোক দায়িত্ব দিলে৷ প্ৰথম তেওঁলোকক লগ পোৱা সময়তো আছিল দুপৰীয়া৷ ওচৰতে থকা উদিপী হোটেল নামৰ ৰেষ্টোৰাখনত দুপৰীয়াৰ সাঁজ খুৱাবলৈ মোকো লৈ তেওঁলোক ওলাই আহিল৷ মই লক্ষ্য কৰিলোঁ হোটেলৰ খাদ্যতালিকা চাই অৰ্ডাৰ দিয়া, তাৰ পিছত বিল পৰিশোধ কৰা আদি কামত আগ-ভাগ লৈ সুন্দৰে সাৱলীল ইংৰাজীত কথা পাতিছে৷ সুন্দৰ ভাৱ-ভাষাৰ নিৰ্ভুল ইংৰাজী! তাৰ ওপৰত থকা মোৰ পূৰ্ব-অনুমান মুহুৰ্ততে সলনি হ’ল৷ তাৰ দক্ষতাত মই মুগ্ধ হ’লো৷ লাহে লাহে মই লক্ষ্য কৰিলো সুন্দৰে যেতিয়া ইংৰাজী কয়, বহু ওপৰ ষ্টেণ্ডাৰ্ডৰ ইংৰাজী কয় কিন্তু হঠাতে সি মৌন হৈ যায় আৰু ইয়েছ, নৌ, একজেক্টলী, এবচৌলুটলি্‌ আদি শব্দৰেই বাকীখিনি চলাই নিয়ে৷ উৰহী গছৰ ওৰ এদিন উলিয়াম বুলি দৃঢ় সংকল্প হ’লো যদিও মই মোৰ কক্ষপথত আৰু সি তাৰ কক্ষপথত চলি থাকিলোঁ৷

এদিন সি মোৰ আগত ক’লে- ‘দাদা, ভাষাটোৰ কাৰণে বৰ বিপদ হৈছে, বৰ অসুবিধা পাইছোঁ!’ মই উচপ খাই উঠিলোঁ৷ কিন্তু তুমি দেখোন সুন্দৰ ইংৰাজী কোৱা, মই মনে মনে তোমাক ঈৰ্ষাহে কৰোঁ৷ ধেক্‌-ধেক্‌কৈ হাঁহি সি ক’লে – ‘কি জানে, মই অহাৰ আগে আগে, দেহাতী পুস্তক ভাণ্ডাৰৰ পৰা প্ৰকাশ কৰা ‘স্পীদলি ইংলিছ স্পিকিং কোৰ্ছ’ আৰু ‘ৰেপিড ইংলিছ স্পিকিং কোৰ্ছ’ কিতাপ দুখন মুখস্ত কৰি আহিছোঁ৷ গতিকে কিতাপত থকা পৰিৱেশ পালে মোৰ কোনো চিন্তা নাই৷ কিন্তু তাৰ বাহিৰত কথা ক’ব লগা হ’লেই মই বৰ বিপাঙত পৰোঁ, আপুনিতো জানেই মই বেছি ইংৰাজী শব্দও নাজানোঁ! জোলোঙাৰ মেকুৰী ওলোৱাত মই তাক প্ৰথমে ‘ৱৰ্ড-বুক’ এখন কিনি ল’বলৈ উপদেশ দিলোঁ৷

এবাৰ তাৰ জ্বৰ হৈছিল৷ তাক ডাক্তৰৰ ওচৰলৈ ময়েই লৈ গ’লো৷ তাৰ দৃঢ় বিশ্বাস ৰাতি তাক মহে কামুৰিছিল আৰু তাৰ মেলেৰীয়া হৈছে৷ ডাক্তৰৰ কোঠাটোৰ বাহিৰত মই বহি চাই আছোঁ, সুন্দৰে ডাক্তৰৰ লগত কথা পাতিছে৷ সি প্ৰাণপনে চেষ্টা কৰিছে ডাক্তৰক বুজাবলৈ যে ৰাতি তাক মহে কামুৰিছে৷ “ৰাতি”-ৰ ইংৰাজী শব্দটো তাৰ মনত আছে – নাইট্‌! কিন্তু মহক কি বুলি কয় সেই মূহুৰ্তত তাৰ মনত নপৰেহে নপৰে! বাৰে বাৰে বাফেল’ শব্দটো মনলৈ আহি আছে৷ ডাক্তৰেও উৎসাহ দিছে –‘কৈ যোৱা, কৈ যোৱা৷’ এসময়ত সি নিৰুপায় হৈ নিক্ষেপ কৰি দিলে – ‘নাইট্‌ টাইম, ফ্লাইং বাফেল’ ইটিং মি!’

(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ ইয়াৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব- http://utpalbaruah.blogspot.com)


No comments:

Post a Comment