Sunday, August 19, 2018

জীৱন বাটৰ ৰসঃ অলপ নিজৰ কথাৰে (৬১)












জীৱন বাটৰ ৰসঃ অলপ নিজৰ কথাৰে (৬১)

‘জীৱন বাটৰ ৰস’ নামৰ এইলানি ৰস ৰচনাৰ যোৱ ৬০টা খণ্ডৰ মাত্ৰ দুটা খণ্ড মই লিখিব পৰা নাছিলোঁ৷ এই বছৰৰে ২৫ ফেব্ৰুৱাৰীৰ দিনা হঠাতে শ্ৰীদেৱীৰ মৃত্যু হোৱাৰ দুখত আৰু ১০ জুন তাৰিখে অভিজিত-নিলোৎপলক নিৰ্মমভাবে হত্যা কৰাৰ শোকত অসমবাসী ম্ৰিয়মান হৈ থকাৰ সময়ত৷ আজি তৃতীয়দিন৷

১৬ জুলাই তাৰিখে মই যেতিয়া লগত দুটা শকত বেগ লৈ উত্তৰ কেৰালাৰ কন্নুৰ নামৰ ষ্টেচনটোত সন্ধ্যা সময়ত নামিছিলোহি তেতিয়া বাহিৰত মূষলধাৰে বৰষুণ হৈ আছে, ডবাপিটা বৰষুণৰ লগত হু-হু বতাহ, এয়াৰপৰ্টৰ ভাষাত উইণ্ড স্পীড্‌ ত্ৰিশ নটতকৈও বেছি হ’ব যেন লাগিছে৷ ষ্টেচনৰ এটা প্লেটফৰ্মৰ পৰা সংযোগী দলঙখনেৰে আন এটা প্লেটফৰ্মলৈ যোৱাৰ উপায় নাই, কাৰণ বতাহৰ শক্তিয়ে বৰষুণৰ গতি মাটিৰ প্ৰায় সমান্তৰাল কৰি পেলাইছে! আধাতিতা অৱস্থাত ত্ৰিশ কিলোমিটাৰ দূৰৰ মাট্টানূৰ নামৰ ঠাইখন, য’ত কন্নুৰ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠটো নিৰ্মান হৈ আছে  গৈ পাইছিলোগৈ তেতিয়া সন্ধ্যা লাগি ভাগিছিল৷ এই বছৰৰে ফেব্ৰুৱাৰী মাহৰ পৰা এই হোটেলখন আৰু ঠাইখনৰ লগত মোৰ চিনাকি৷ মই আহিছিলোঁ বিমানকোঠটো সক্ৰিয় কৰিবলৈ লোৱা অৰেট (ORAT- Operational Readiness and Airport Transfer) নামৰ প্ৰক্ৰিয়াটোৰ নেতৃত্ব দিবলৈ, যিটোৰ দায়িত্ব মই সম্প্ৰতি কাম কৰি থকা প্ৰতিষ্ঠানটোৱে পাইছিল৷ মোক সহায় কৰিবলৈ হায়দৰাবাদ আৰু দিল্লী বিমানকোঠৰ পৰা ছজন সহকৰ্মী আহি সময়ত যোগদান কৰিবহি৷

সেইদিনা গোটেই ৰাতি বৰষুণ হৈয়েই থাকিল৷ তাৰ পিছদিনাও, তাৰ পিছদিনাও, তাৰ পিছদিনাও!
-          এনেকৈ ইয়াত বৰষুণ একেৰাহে হৈয়েই থাকে নেকি?
-          নাথাকে, এইবাৰহে জানো কি হ’ল!

কেৰালাৰ পাৰিপাৰ্শ্বিক দৃশ্য অসমৰ লগত বহুখিনি একে৷ তামোল গছ, নাৰিকল গছ, কল গছ, কঠাল গছ, কচু-ঢেকীয়া-বিহলঙনীৰ জোপোহা আৰু লতাৰে ঢাকি ধৰা ঘৰৰ চৌহদৰে ঠাইখন অসম-অসম লাগে৷ মোৰ কোঠাৰ বাহিৰৰ নাৰিকল গছজোপাত কলহৰ কাণে ঢলা বৰষুণৰ ৰোমান্টিক শব্দই প্ৰথম কেইদিনমান মোক মোহাচ্ছন্ন কৰি ৰাখিছিল, শৈশৱতে গাঁৱৰ ঘৰখনত কটোৱা বৰ্ষামূখৰ দিনবোৰলৈ মনত পৰিছিল৷ লাহে লাহে সেই মোহ প্ৰচণ্ড বিৰক্তিত পৰিণত হ’ল৷ ‘বৃষ্টি পৰে টাপূৰ টুপূৰ’ অনুভৱ ‘জানো বতৰটোৰ গাত কি লাগিল’-লৈ সলনি হ’ল৷

কেৰালা ৰাজ্য্খনৰ পূৱে পশ্চিমঘাট পৰ্বতমালা আৰু পশ্চিমে আৰৱ সাগৰ৷ পৰ্বতৰ ওপৰত পৰা বৰষুণৰ পানী সততে কেৰালাৰ বুকুৱেদি বাগৰি আৰৱ সাগৰলৈ যায়৷ পানীৰ সু-ব্যৱহাৰ কৰিবৰ বাবে কেলালাৰ বুকুৱেদি বৈ যোৱা ৪৪খন নদীৰ ওপৰৰ ৪২ খনতে বান্ধ আছে৷ তাৰ পানী আৰু উৎপাদিত শক্তিয়ে কেৰালাৰ লগতে গাতে লাগি থকা তামিলনাডু আৰু কৰ্ণাটকক প্ৰচুৰ সহায় কৰে৷ এইবাৰ বৰষুণৰ প্ৰভাৱত এই বান্ধবোৰে ধৰি ৰখা পানী ভেটা দি ৰাখিব পৰা ক্ষমতাততৈ বেছি হ’বলৈ আৰম্ভ কৰিলে৷ পেৰিয়াৰ নামৰ নদীখনৰ ওপৰত থকা ইৰুক্কি (Idukki) নামৰ বান্ধটোৰ পানী খুলি দিবলৈ প্ৰশাসন বাধ্য হৈ পৰিল৷ লগে লগে কোচিন এয়াৰপৰ্টকে ধৰি কেৰালাৰ এটা অংশ জলমগ্ন হৈ পৰিল৷ কোচিন এয়াৰপৰ্টটো ২৬ আগষ্টলৈকে বন্ধ কৰি দিবলৈ বাধ্য হ’ল৷ লাহে লাহে আন বান্ধবোৰৰ পানীও খুলি দিব লগা হ’ল৷ ১০০ বছৰীয়া ইতিহাসৰ শ্ৰেষ্ঠ তামসিক বানে কেৰালাত প্ৰলয়ৰ সৃষ্টি কৰিলে৷ একেৰাহে হৈ থকা বৰষুণৰ পানীয়ে কোমল কৰি পেলোৱা বাবে পাহাৰৰ দাঁতিত থকা ঘৰদুৱাৰ তললৈ খহি পৰিবলৈ আৰম্ভ কৰিলে৷ এখন স্কুলৰ ছাত্ৰ-ছাত্ৰী-শিক্ষক সমন্বিতে সকলোকে খহাই তললৈ নমাই নিয়াৰ লোমহৰ্ষক দৃশ্যৰ ভিডিঅ’টো এই লেখাটোৰ লগত আপলোড কৰি দিছোঁ৷

যোৱা শনিবাৰে আমাৰ লগতে কাম কৰি থকা টেফী নামৰ সহকৰ্মীজন উধাতু খাই কোঠাটোলৈ সোমাই আহিল৷ কন্নুৰৰ পৰা এশ কিলোমিটাৰ দূৰত থকা সিহঁতৰ ঘৰত পানী সোমাবলৈ আৰম্ভ কৰিছে! ঘৰত মাক আৰু  এটি শিশুক লৈ তাৰ পত্নী! লৰালৰিকৈ তাক ঘৰলৈ আগবঢ়াই দিলোঁ৷ ৰাতি খবৰ আহিল, সি গৈ কালিকটত ৰৈ আছে, তাৰ আগলৈ যোৱাৰ বাট-পথ সকলো বন্ধ! পিছদিনা সি ঘুৰি আহিল৷ ৰিজিট নামৰ আন এজন সহকৰ্মীয়ে থোকাথোকি মাতেৰে কৈ গ’ল – ঘৈণীয়েক সন্তান-সম্ভৱা, দেওঁবাৰে সি যোৱাৰ কথা আছিল৷ হঠাতে এবুকু পানীত ডুবি থকা তাইক চাঙী এখনত বহুৱাই ওচৰৰ ষ্টেচনটোলৈ লৈ যোৱা হৈছে৷ যদি ৰেইল চলে ৰাতিলৈ তাইক হস্পিটেল থকা ঠাই এখনলৈ স্থানান্তৰিত কৰা হ’ব৷ টেনছিহা নামৰ ছোৱালীজনী সপ্তাহৰ অন্তত ঘৰৈল গৈ এতিয়া সপৰিয়েলে চৰকাৰী আশ্ৰয় শিবিৰত আছে৷ কন্নুৰ এয়াৰপৰ্টটো সাজি আছে এল এণ্ড টি (L&T)নামৰ বিখ্যাত কোম্পানীটোৱে৷ তাৰ দায়িত্বত থকা জি নায়াৰ নামৰ মানুহজন মই থকা হোটেলখনতে থাকে৷ খোৱাৰ সময়ত আমি প্ৰায়েই একেখন টেবুলতে বহোঁ৷ এলেপ্পীৰ পম্পা নামৰ নদীখনৰ দাঁতিত তেখেতৰ মূল ঘৰখন৷ তাত তেখেতৰ একাশী বছৰীয়া মাক আৰু অবিবাহিতা ভণীয়েক থাকে৷ পত্নী আৰু সন্তান থাকে চেন্নাইত৷ এদিন সন্ধ্যা ভণীয়েকে ফোন কৰি ক’লে, পানী আহি এইবাৰ ঘৰলৈ উঠা চিৰিটোৰ ওচৰ পালেহি৷ ৰাতিপুৱা তাই আতুৰ হৈ আকৌ ফোন কৰিলে পানী আহি মজিয়া সোমালহি৷ নায়াৰ চাহাবে লগে লগে তেওঁলোকক এঘৰ আত্মীয়ৰ ঘৰলৈ যাবলৈ উপদেশ দিলে, তেওঁলোকৰ ঘৰ এঢলীয়া পাহাৰ এটাৰ দাঁতিত৷ সেই ঘৰটোৰ বাৰান্দাৰ পৰা মাক-জীয়েকে নিজৰ ঘৰটো পানীৰ তললৈ লাহে লাহে বুৰি গৈ থকা দৃশ্য নিজ চকুৰে চাই থাকিল৷ এসময়ত ঘৰটোৰ ওপৰত থকা ক’লা ৰঙৰ পানী টেংকিটোৰ বাদে আন সকলো অদৃশ্য হৈ গ’ল! কিন্তু কি আচৰিত লাহে লাহে তেওঁলোকে আশ্ৰয় লোৱা আত্মীয়ৰ ঘৰখনলৈও পানী সোমাবলৈ আৰম্ভ কৰিছে৷
-          তাৰ পিছত?
তাৰ পিছত আৰু নায়াৰ চাহাবে কোনো খবৰ নাপায়৷ মোবাইল সেৱা বন্ধ হৈ গ’ল৷ যোগাযোগৰ কোনো ৰাস্তা নাই! পিছদিনা আবেলি খবৰ আহিল সেনা-বাহিনীৰ লোকে তেওঁলোকক উদ্ধাৰ কৰি এটা আশ্ৰয় শিবিৰত ৰাখিছে! গৈ দেখা কৰাৰো কোনো উপায় নাই৷ এসময়ত নায়াৰ চাহাবে হুকহুকাই কান্দি উঠিল – ‘জীৱনৰ সমস্ত উপাৰ্জন পানীৰ লগত উটি গ’ল!’

এমাহতকৈও অধিক সময় বৰষুণ হৈ থকাৰ ব্যতিক্ৰমী কোনো  সাৱধানবাণী বা ভৱিষ্যতবাণী নাছিল৷ বান্ধবোৰৰ পানী এনে বিপৰ্যয়ৰ সময়ত কেনেকৈ পৰিচালনা কৰিব লাগে তাৰে কোনো প্ৰশিক্ষণ এতিয়ালৈকে আমাৰ দেশত আৰম্ভই হোৱা নাই৷ ১৯৭৫ চনত চীনদেশত বেংকো দেম দিজেছটাৰ (Banqiao Dam Disaster) বুলি জনাজাত এটা ঘটনা ঘটিছিল৷ নদী এখনৰ বান্ধ এটা ভাগি পৰাত আঢ়ৈ লাখ লোকৰ সলিল সমাধি ঘটিছিল৷ ২০১১ চনত চহান ৰায় নামৰ লোকজনে ডেম-৯৯৯ (Dam 999) নামৰ এখন হিন্দী ছবি নিৰ্মান কৰি এনে দুৰ্যোগৰ এটা ইংগিত দি জনসাধাৰণক সজাগ কৰাৰ এটা চেষ্টা কৰিছিল৷ চিনেমাখনে কেৰালাৰ সপক্ষে মত পোষন কৰিছে বুলি তামিলনাডু চৰকাৰে ছবিখনৰ প্ৰদৰ্শন তামিলনাডুত বন্ধ কৰি দিছিল৷ একোটা বাস্তৱ সমস্যাক ৰাজনীতিয়ে কেনেকৈ ভ্ৰূক্ষেপ নকৰি জনগনলৈ বিপদ মাতি আনে এইয়া যেন তাৰেই এক নমুনা৷ স্বাস্থ্য, শিক্ষা আৰু প্ৰগতিত দেশৰ ভিতৰতে আগবঢ়ি থকা এই ৰাজ্যখনত এতিয়ালৈকে এই দুৰ্যোগত মৃত্যু হোৱা লোকৰ সংখ্যাই দুশ অতিক্ৰম কৰিছে৷ গৃহহীন আৰু সা-সম্পত্তি হানি হোৱাৰ পৰিমান জানিবলৈ আৰু কেইটামান দিন লাগিব৷

কালি তিনি বজাত এটা খবৰ আহিল, উদ্ধাৰকাৰীক সাহায্য দিবলৈ অহা বিমান এখনে কন্নুৰ এয়াৰপৰ্টত অবতৰণ কৰিব৷ বিমানকোঠটো সাজু হৈ উঠিবলৈ এতিয়াও আৰু অন্ততঃ এমাহ সময় বাকী, এৰোড্ৰোম লাইচেঞ্চেই পোৱা নাই! এনে অৱস্থাত বিমান অৱতৰণ কৰোৱাটো বিপদজনকেই নহয়, অপৰাধ!
-          ৰাণ ৱে ?
-          ৰাণ ৱে’টো সজা হৈ গৈছে৷
-          এয়াৰ নেভিগেচন ফেচিলিটি?
-          পৰীক্ষা-নিৰীক্ষা চলি আছে, ওপৰৰ পৰা তললৈ কথা পাতিব পৰাৰ সুবিধা আৰু এয়াৰ পৰ্টটোলৈ আহিব পৰা সুবিধা দুয়োটাই সাজু হৈছে কিন্তু আই-এল-এচ (ILS) নামৰ অৱতৰণ কৰিব পৰা সুবিধাটো এতিয়াও সাজু হোৱা নাই!
-          ৰাণ ৱে’-টো সাজু কৰা, আমি আহি আছো৷

নৌ-সেনা বিভাগৰ স্বয়ং পাইলটজনে ফোন কৰি ক’লে৷ যুদ্ধকালীন ক্ষীপ্ৰতাৰে দৌৰা-দৌৰি আৰম্ভ হ’ল৷ আৰু সঁচাকৈয়ে, আবেলি ছয় বজাৰ আগে আগে নৌ-সেনা বিভাগৰ সৰু চেহেৰাৰ বিমান এখন আহি সৰৱ-নতুন এয়াৰপৰ্টটোত প্ৰথম প্ৰথম লেণ্ড কৰিলেহি! খকুৱালৈ পাত কাটোতে নিখকুৱাই মাটিতে খালেহি!
বহু শুভাকাঙ্খীয়ে ফোন কৰি সুধিছে – ভালে আছনে?
হোটেলত ভাজি পাচলি কমি আহিছে৷ কেৰালালৈ আহিব লগা শ শ ট্ৰাক ৰাস্তাত ৰৈ আছে, পথ মেৰামতি হোৱালৈ৷ আহত দুৰ্গত জনৰ লগত মিলি ভাল দিন অহালৈ আমি সকলোৱে বাট চাই আছোঁ৷ আৰু আটাইতকৈ আনন্দৰ কথা, আজি পুৱাৰ পৰা ৰ’দ ওলোৱা আৰম্ভ হৈছে৷ হাস্য ৰস অহা সংখ্যালৈ থ’লো৷

 (“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ ইয়াৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব- http://utpalbaruah.blogspot.com)

No comments:

Post a Comment