Saturday, September 8, 2018

জীৱন বাটৰ ৰসঃ পুনৰ চন্দ্ৰপেহা (৬৩)

জীৱন বাটৰ ৰসঃ পুনৰ চন্দ্ৰপেহা (৬৩)

এইটোও পেহাই শিলঘাটৰ মৰাপাট কলত কাম কৰি থকা সময়ৰে কথা৷

মৰাপাট কলৰ ওচৰৰে গাওঁ এখনৰ যুৱক পুতুকণ পেহাৰ বিশ্বস্ত সহকৰ্মী আৰু নলেগলে লগা বন্ধু৷ আৰুবেলি পেহাই গাৱঁত ভাওঁনা হোৱাৰ সময়ত পুতুকণকো নিজৰ ঘৰলৈ লৈ আহিছিল৷ পেহাৰ ভাওঁ দেখি, পুতুকণে তবধ মানিলে৷ কেনেকুৱা গুণী মানুহ এজনৰ লগত সি চাকৰি কৰি আছে সেইয়া সি পেহাৰ ভাও দেখিহে উপলব্ধি কৰিবলৈ সক্ষম হ’ল৷ আনৰ কথাটো বাদেই সি নিজেই পেহাৰ প্ৰশংসাত পঞ্চমুখ হৈ উঠিল আৰু ঠিক কৰি পেলালে, নিজৰ গাৱঁৰ ভাওনাত পেহাক এবাৰ অসুৰৰ ৰূপত উলিয়াবই লাগিব৷ পাছে যোৱা দুবছৰত সেই সুবিধা অহা নাছিল, এতিয়া আহিছে৷
গাৱঁৰ স্বয়ং গাওঁবুঢ়া পুতুকণৰ লগত আহি পেহাক অফিচতে লগ ধৰিলেহি আৰু জম্ভাসুৰৰ ভাওঁটো পেহাই লৈ গাওঁবাসীক কৃতাৰ্থ কৰিব লাগে বুলি একপ্ৰকাৰ কাকূতি মিনতিয়েই কৰিবলৈ ধৰিলে৷ পেহাই ক্ষন্তেক চিন্তা কৰিলে আৰু অলপ বেছিকৈ গহীন হৈ দেখুৱাই ক’লে- হ’ব বাৰু, পাছে মোৰ দুটা চৰ্ত আছে৷ প্ৰথম, পেহা সদায় আখৰালৈ নাযায়, জম্ভাসুৰৰ ন-থেৱা বচন, দুটা পয়াৰ, এটা বিলাপ আৰু এটা মুক্তাৱলী তেখেতৰ মুখস্ত আছে৷ দ্বিতীয় চৰ্ত, ভাৱৰীয়াৰ পোছাক পেহাক নালাগে, তেখেতে জামুগুৰীহাটৰ পৰা নিজে ভাৰা কৰি আনিব৷ তেখেতৰ মতে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ভাৱৰীয়াৰ পোছাক তৈয়াৰ হয় উত্তৰপাৰে জামুগুৰীহাটত! পেহাৰ দুয়োটা চৰ্ত ততালিকে মানি লোৱা হ’ল৷ কথাটো বনজুই বিয়পাদি গঞাৰ মাজত বিয়পি পৰিল – অন্ততঃ অসূৰ চাবলৈকে এইবাৰৰ ভাওঁনাখন এৰিব নোৱাৰি!
পেহাই সেইদিনাই প্ৰয়োজনীয় নিৰ্দেশ দি নিগমালৈ এখন চিঠি লিখিলে৷ আৰু ভাওনাৰ দুদিনৰ আগতে জামুগুৰীৰ নগেন কৃষ্টিকেন্দ্ৰৰ স্পেছিয়েল ৰয়েল দ্ৰেছ আৰু চতিয়ালচুকৰ ভবেন সন্দিকৈয়ে কুহিলাৰে বনোৱা অসুৰৰ দাঁতদুটা লৈ নিগমা আহি শিলঘাট পালেহি৷ ৰাইজৰ মাজত উৎসাহৰ অন্ত নাই৷ এইবাৰ পুতুকণহ’তৰ গাওঁৰ ভাওনাত ইলেকট্ৰিক লাইট জ্বলিব৷ ইচ্ছা কৰিলেই আন্ধাৰ, ইচ্ছা কৰিলেই পোহৰ কৰি দিব পৰাৰ ব্যৱস্থা কৰা হৈছে৷ চন্দ্ৰপেহাৰ প্ৰৱেশৰ সময়ত লাইট নুমাই থাকিব৷ ভোৰতালৰ গেৰেম গেৰেম শব্দৰ মাজত নামঘৰৰ মজিয়াত পেহা যেতিয়া জাপ মাৰি আহি পৰিব নামঘৰৰ আটাইবিলাক লাইট একেলগে জ্বলি উঠিব৷ আগতে ভাওনাঘৰত লাইটৰ ব্যৱস্থা নাছিল, পেট্ৰমাক্স ব্যৱহাৰ কৰা হৈছিল৷ লাইটটোক আমি “মেন্ঠেল লাইট” বুলি কৈছিলো, চাইকেলৰ চকাত পাম্প দিয়াদি এই লাইটটোতো পাম্প দিব লাগিছিল৷ এনেধৰণৰ কেইবাটাও লেম ওলোমাই লৈ নামঘৰটো জ্যোতিষ্মান কৰি ৰখা হৈছিল৷ লেমবিলাকৰ পৰা ওলোৱা চিয়ঁ-চিয়ঁ শব্দ এটাই গোটেই নামঘৰটো জিনি পেলাইছিল৷ লেমটো ওলোমাই ৰখা ৰছীডাল খুটা এটাত বান্ধি থোৱা হয়৷ এটা সময়ত লেমটোৰ পোহৰ ম্লান পৰি আহে৷ তেতিয়া কোনোবা এজন আহি ৰছীডাল খুলি লাহে লাহে লেমটো তললৈ নমাই আনে আৰু তাত পাম্প দিয়ে৷ এটা হাতে লেমটো ধৰি লৈ ৰাখি আনটো হাতেৰে হাতৰ শিৰ ফুলাই আধা বহা অৱস্থাত লেমত পাম্প দি থকা দৃশ্যটোত এটা হিৰোসুলভ মাদকতা আছিল৷ আমাৰ গাওঁত এই কামটো প্ৰায়েই ভাইটিদা আৰু তৰুণখুৰাই কৰিছিল৷ কামটো কৰি থকা সময়ত তেখেতসকলে কাৰো লগত কথা নাপাতিছিল, আমি সোধা প্ৰশ্নৰো উত্তৰ নিদিছিল৷ ডাঙৰ হৈ আমিও লেমত পাম্প দিম বুলি তেতিয়াই এটা সংকল্প লৈছিলোঁ৷ পাছে তাৰ কিছুদিনৰ পাছৰে পৰা ইলেকট্ৰিক লাইটৰ প্ৰচলন হোৱাত আমাৰ সেই ইচ্ছা অপূৰণ হৈয়েই থাকি গ’ল৷ ইলেকট্ৰিক লাইট অহাত ৰং-বিৰঙৰ পোহৰো সম্ভৱ হৈ পৰিল৷ ইলেকট্ৰিক লাইটৰ লগে লগে আৰু এটা পৰিৱৰ্তন আহিল৷ ভাওনাত মাইক বজোৱা আৰম্ভ হ’ল৷ সুত্ৰধাৰীৰ কথা তিনিখন গাৱলৈকে শুনিব পৰাৰ ব্যৱস্থা হ’ল৷ পুতুকণ হ’তেও এইবাৰ মাইক আনিছে৷ মাইকৰ সমূখত বেঞ্চদুখন সংস্থাপন কৰা হৈছে৷ তাতে বহি লৈ গায়ন-বায়নসকলে তাল-খোল বজাব৷

মেক-আপ সম্পূৰ্ণ হোৱাৰ পিছত হাতীৰ দৰে বিয়াগোম দাঁতদুটা ওঠৰ তলত লগাই লোৱাৰ পিছতে, চকুদুটা চেলাই লৈ পেহাই যেতিয়া নিগমালৈ অসূৰৰ দৃষ্টি নিক্ষেপ কৰিলে, নিগমা দুহাতমান পিছুৱাই গ’ল৷
- হ’বনে? পেহাই নিগমাক সুধিলে৷
- হ’ব হ’ব, আইসকলে আজি ঢাৰি-কঠ তিয়াব যেন পাইছোঁ৷ নিগমাই উত্তৰ দিলে৷
পেহা আহি দুৱাৰদলিত থিয় হ’লহি৷ বাহিৰফালে থিয় দি থকা চেমনীয়াহত পলাই পত্ৰং দিলে৷ আগতে দিয়া নিৰ্দেশমতেই নিমাই ঠিকাদাৰে আটাইবোৰ লাইট নুমুৱাই দিলে৷ গেৰেম-গেৰেম-গেৰেম! জাপ মাৰি পেহা মজিয়াত পৰাৰ লগে লগেই লাইটবোৰ জ্বলি উঠিল৷ অকণ অকণ শিশুবোৰে চিঞঁৰ মাৰি মাক-জেঠায়েকৰ কোলাত তাপ মাৰিলে৷ তিনিখুজীয়া প্ৰৱেশ – “যামনে-নাযাম, যামনে-নাযাম, যামেই-যামেই-যামেই!” পেহাৰ চকুত পৰিল ভয়ত চকু কপালত উঠা আইসকলে দুয়োটা হাত একেলগ কৰি অসূৰলৈ সভক্তিৰে প্ৰণিপাত কৰিছে৷ পেহাৰ কাণত একেৰাহে বাজি আছে বছৰ বছৰ ধৰি সঞ্চিত হৈ থকা চিনাকি লয় “যামনে-নাযাম, যামনে-নাযাম, যামেই-যামেই-যামেই!” তিনিখুজীয়া তালত অসূৰৰ প্ৰৱেশ৷ পেহাৰ কাণত তাল-খোলৰ মাত যেন স্তিমিত হৈ আহিছে৷ সোঁ-হাতে বহা দৰ্শকৰ মাজৰ পৰা ঢাৰিৰ তলেৰে বৈ আহিছে এসোঁতা তপত পানীৰ সোঁত! মণিকূটৰ সিপাৰে পাকটো মাৰি আহি পেহাই দেখে ভাওনাঘৰটো খালী৷ সকলো দৰ্শক ভয়ত ত্ৰাহিমধূসুদন সুঁৱৰি ভাওনাঘৰৰ পৰা পলায়ন কৰিছে, গায়ন-বায়ন সমন্বিতে! উপায়ন্তৰ হৈ পেহাই নিজেই মাইকত ঘোষনা দিবলৈ আৰম্ভ কৰিলে – “ৰাইজসকল, আইসকল, মই সঁচা-সঁচি জম্ভাসুৰ নহয়, মৰাপাট কলৰ চন্দ্ৰপেহাহে, আপোনালোকে ভয় পৰিহাৰ কৰক, ঘুৰি আহক. ঘুৰি আহক!”
(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এইটো কাহিনীটো আমাৰ সকলোৰে চিনাকি চিম্পীৰ, চিম্পী শইকীয়াৰ৷ তাল-খোলৰ সুৰটোৰ শব্দচয়ন মনত পেলাই দিলে মোৰ ভাতৃসম বাবলুৱে, বাবলু (কৰুণা) হাজৰিকাই৷ ইয়াৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব-http://utpalbaruah.blogspot.com)

No comments:

Post a Comment