Friday, September 28, 2018

জীৱন বাটৰ ৰসঃ আকৌ চন্দ্ৰপেহা (৬৭)


জীৱন বাটৰ ৰসঃ আকৌ চন্দ্ৰপেহা (৬৭)
-        

          -   “কথাত লাগিবলৈ পালেই মানুহটোৱে গোটেই ভাৰস্ত পাহৰি যায়!” খঙৰ ভমকত কেতিয়াবা পেহীয়ে উগাৰে৷

পেহাৰ কথা কোনে কি কৈছে সেই লৈ পেহাই কাহানিও মূৰ ঘমোৱা নাই৷ প্ৰত্যেকৰে প্ৰত্যেকৰ কথা কোৱাৰ, সমালোচনা কৰাৰ আৰু গুৱালগালি পৰাৰ অধিকাৰ আছে৷ নিজৰ মনৰ ভাব বেকত কৰাৰ অধিকাৰ ভাৰতৰ সংবিধানে জনসাধাৰণক দিয়া মৌলিক অধিকাৰ৷ গতিকে এনে কথাত বেয়া পাই কাৰো মৌলিক অধিকাৰ খৰ্ব কৰাৰ পক্ষপাতি পেহা নহয়৷ সেয়ে পেহা নিৰ্বিকাৰ৷ এখন তালে যিমানে যি উফৰি ফুৰিলেও বাজনা বজাব নোৱাৰে, মাত উলিয়াব নোৱাৰে! কৈ থাক!

ৰাতিপুৱাৰে পৰা পেহীয়ে কৈ আছে ডালিমক চুলি কাটিবলৈ চেন্টাৰলৈ লৈ যাব লাগে৷ চমাৰদলনিৰ কেওঁ কিছু নথকা ন বছৰীয়া ডালিম নামৰ ল’ৰাটো পেহাৰ ঘৰত থাকিবলৈ আহিছে৷ তাৰ মাক দেউতাক কাহানিবাই ঢুকাল৷ ডলাৰ বগৰীৰ দৰে বাগৰি বাগৰি সি অৱশেষত পেহাৰ হাতত পৰিছেহি৷ ঘৰৰ কামত সি কি সহায় কৰিব তাকহে এতিয়া সহায় কৰাৰ সময়! নিঃসন্তান পেহা-পেহীৰ ল’ৰাটোলৈ মৰম লাগিল আৰু তাক লগত ৰাখিবলৈ লৈ আনিলে৷ পেহীয়ে তাক স্কুললৈ লৈ গৈ ক-শ্ৰেণীত নাম লগাই দিলে৷ কেওঁ কিছু নথকা ল’ৰাটোক ক-টোৰ চুককেইটা শিকাই থ’লে আন নহ’লেও অন্তত ধৰ্ম হ’ব৷ এনেকুৱা কত হাজাৰ হাজাৰ শিশুৰ ভৱিষ্যত লোকচক্ষুৰ সমূখতে ধূলিৰ লগত মিলি গৈছে! পেহীৰো এটা লগ হ’ল আৰু ল’ৰাটোৰো এটা গতি লাগিল৷

ডালিমৰ চুলিকেইডাল বাঢ়ি গৈ গৈ এতিয়া জপৰা হোৱাদি হৈছেগৈ৷ গতিকে পেহীয়ে আজি তিনিদিনমান ধৰি পেহাক বকি আছে তাক চেন্টাৰলৈ লৈ গৈ চুলি কটাই আনিব লাগে! পাছে ক’লেই নহব নহয়, ল’ৰাটোৱে চাইকেলত উঠিবলৈ ভয় কৰে৷ মাজৰ ৰদডালত গাৰু এটা দি পেহাই এদিন চেষ্টা এটা কৰি চাইছিল কিন্তু সি কান্দোন ধৰিলে৷ সেয়ে ‘আজি নিম - কালি নিম’ কৰি থাকোঁতেই কেইবাদিনো পাৰ হৈ গ’ল৷ পাছে, দেওঁবাৰে ৰাতিপুৱাই পেহাৰ মনত এটা নতুন বুদ্ধিৰ উদয় হ’ল৷ চাউল, ধান, আঠিয়া কলৰ থোক বা বস্তাত ভৰাই লোৱা বিভিন্ন সামগ্ৰী চাইকেলখনৰ কেৰিয়াৰত ভালকৈ বান্ধি লৈ গঞাই বজাৰলৈ অনা-নিয়া কৰে৷ বান্ধটো যদি ভাল হয়, মানে বন্ধা কামটো যদি পুৰণা চাইকেলৰ টিঊৱ এটাৰে আঁতি-আঁতি কৰা হয় তেনেহলে সেইটো নপৰে, সুকলমে বজাৰ পায়গৈ৷ পেহাৰ ঘৰৰ ঢেকীশালত দুটা পুৰণা চাইকেলৰ টিউৱ এনে কামৰ বাবেই ওলমি আছে৷ ডালিমকো তেনেকৈ বান্ধি লৈ গ’লে কেনে হয়? পেহীৰ লগত পৰামৰ্শ কৰি লাভ নাই৷ গতিকে পেহাই চাইকেলৰ কেৰিয়াৰখনত প্ৰথমে এখন সৰু পীৰা লগাই ল’লে, তাৰ ওপৰতে ডালিম বহিব৷ পেহীলৈ চাই ক’লে- “তুমি চাইকেলখন ধৰা৷” ডালিমক ডাঙি ধৰি পেহাই নিৰ্দেশ দিলে, ‘নামঘৰত মাহ-প্ৰসাদ খাবলৈ বহাদি বহ, ভৰি কেৰ মাৰি৷’ তাৰ পিছত তাক ককাল আৰু উৰু সামৰি  চাইকেলখনৰ লগত নিকপকপীয়াকৈ বান্ধি ল’লে৷ –“দুখ পাইছ নেকি?” পেহাই ভেকাহি মাৰি সুধিলে৷ ডালিমে কথা কম কয়, মূৰটো জোকাৰি সি বুজাই দিলে- নাই পোৱা! আধা ঘন্টাৰ বাটহে মাথোন, হৈ যাব৷
ৰাষ্টাৰ বুজন শিলগুটি আৰু দ গাঁতৰ পৰা চাইকেলখন বচাই পেহা লাহে লাহে আগবাঢ়িল৷

চেন্টাৰটোৰ আৰম্ভনিতে “মিষ্টান্ন পান ভাণ্ডাৰ” নামৰ তামোল-পাণ আৰু মনিহাৰী মালৰ দোকানখন আছে৷ ফুড চাপ্লাইৰ গুডামঘৰটোৰ বেৰখনতে, ছাঁ পৰা ঠাইত ডালিম সহিত চাইকেলখন ক্ষন্তেক আওজাই থৈ পেহাই তামোল এখন খাবলৈ দোকান খনলৈ আগবাঢ়িল৷

-          -  “পেহা?” হঠাতে অহা মাত এটাত পেহাই উভতি চালে৷
-          - “উৱা, গংগাধৰ দেখোন! কেতিয়া আহিলি?” আৰ্মিত চাকৰি কৰি থকা গংগাধৰ সেইটো, বেজৰহোলাৰ৷ বৰণটো তাৰ আগতকৈ বগা হৈছে৷
-          “তিনিদিন হ’ল আজি৷” গংগাধৰৰ নতুন পষ্টিং হৈছে ভূপালত৷ এবছৰ সি কাৰ্গিলত থাকি আহিলগৈ৷ তাৰ পৰাই পোনে পোনে ছুটী কটাবলৈ এতিয়া ঘৰলৈ আহিছে৷ আৰ্মিত আকৌ ছুটী কটোৱাটো বাধ্যতামূলক নহয়! জুট মিলত কিন্তু তেনে নাছিল, ছুটীবোৰ জমা হৈ গৈ থাকিছিল!
-          “চাহ একাপ খাই লওঁ, আহ৷” গঙাধৰৰ পিছে পিছে পেহা ভকতৰ চাহদোকানলৈ আগবাঢ়িল৷ তাতে আহি লগ লাগিলহি তিলক আৰু ভৱেশ্বৰ৷ তিলক গঙাধৰৰ লগত একেলগে পঢ়া৷ কথা গৈ গৈ অৱশেষত পেহাই মৰাপাট কলত চাকৰি কৰি থাকোঁতে লগ পোৱা নহাত দীঘল ঢেকীয়াপতীয়া বাঘটোৰ কথাত পৰিলগৈ৷ কি প্ৰকাণ্ড বাঘ! লুঙলুঙীয়া বাটটোৰ মাজে মাজে ৰজা অহা দি আহি আছে৷ পেহাহঁতৰ পাঁচটা ওভোটাফালৰ পৰা পাতি চাইকেল লৈ…৷

       চাইকেলৰ কেৰিয়াৰত বান্ধ খাই চাপ্লাই অফিচৰ বেৰত ভেজা লৈ থকা ডালিমৰ গাত ৰ’দ পৰিবলৈ আৰম্ভ কৰিলে৷ লৰচৰ কৰাৰ অকণো উপায় নাই৷ প্ৰথমে সি কিছু সময় উচপিচাই আছিল, তাৰপিচত উচুপিবলৈ আৰম্ভ কৰিলে৷ এসময়ত সেই উচুপনি কান্দোনলৈ সলনি হ’ল৷ তাৰ পিছত চিঞৰি চিঞৰি কান্দোন৷ এজন দুজনকৈ মানুহ গোট খাবলৈ আৰম্ভ কৰিলে৷ কোন ল’ৰা, কাৰ ল’ৰা, বান্ধি থৈছে কিয়, ধৰিব পাৰিছনে আদি প্ৰশ্নৰে মানুহৰ জুম এটাই চাইকেলখন আগুৰি ধৰিলে৷ ইফালে ডালিমে চিঞৰি চিঞৰি গছৰ পাত সৰাইছে৷ এনেতে এটা ল’ৰাই পেহাৰ চাইকেলখন চিনি পালে! আন এটা দৌৰিল ভকতৰ দোকানলৈ!
-       
      বাঘটো দেখিয়েই পেহাহ’তে ওভোটাই বাট ল’লে৷ আগে আগে পেহাহ’তৰ দলটো, পিছে পিছে বাঘটো৷ চাইকেল কেইখন তলতে পেলাই থৈ লৰালৰিকৈ পেহাহ’ত ওখ পাকৰি গছ এজোপাৰ ওপৰলৈ উঠি গ’ল৷ ওপৰত পাঁচটা ডেকাল’ৰা, তলত নহাত দীঘল ঢেকীয়াপতীয় বাঘ! এহাতমান দীঘল জিভাখন উলিয়াই চাইকেলৰ মুঠিয়াৰবিলাক চেলেকিবলৈ লৈছে!..
-          “পেহা, পেহা, পেহা, আপোনাৰ চাইকেলত ল’ৰা এটা বান্ধি থোৱা আছে, বেগাই আহক৷”
কাহিনীৰ ক্লাইমেক্সতে অবাঞ্চিত সমাচাৰে পেহাক বিৰক্ত কৰিলে৷ কাহিনীৰ গতিত যতি নেপেলোৱাকৈয়ে পেহাই উত্তৰ দিলে – “গৈ আছো বুলি ক গৈ যা৷”


(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ ইয়াৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব- http://utpalbaruah.blogspot.com)

No comments:

Post a Comment