Saturday, September 22, 2018

জীৱন বাটৰ ৰসঃ আকৌ চন্দ্ৰপেহা (৬৬)


জীৱন বাটৰ ৰসঃ আকৌ চন্দ্ৰপেহা (৬৬)

পেহাৰ ৰাতিপুৱাৰে পৰা খং উঠি আছে৷ খং উঠিলে মানুহটোৱে কথা-বতৰা বৰকৈ নকয়, জুপুকা মাৰি বহি থাকে৷ সেই সময়ত বেছিকৈ মাতবোল কৰি থাকিলে পেহাই কেতিয়াবা গেঙেৰি মাৰিও উঠে৷ সেয়ে তেনে সময়ত পেহীয়ে বৰকৈ আমনি কৰি নাথাকে৷ থাওক, খং জামৰিলে নিজে নিজেই ঘাঁই সুঁতিলৈ উভতি আহিব! আজিকালি সমাজ-বিজ্ঞানীসকলে গৱেষণা কৰি পাইছে যে পুৰুষৰ মানসিক চাপ বেছি হলে বা খং উঠিলে তেওঁলোকে অকলে থাকিব বিচাৰে৷ পেহীয়ে কথাটো তেতিয়াই জানিছিল যেন লাগে৷ বিজ্ঞানে এতিয়া আৰু কৈছে যে নাৰীৰ ক্ষেত্ৰত কিন্তু কথাটো একে নহয়৷ মানসিক চাপ বৃদ্ধি হলে বা খং উঠিলে নাৰীয়ে তেনে সময়ত সেই অনুভৱ আনৰ লগত সমবিতৰণ কৰিব খোজে৷ সেয়ে তেওঁলোকে খঙাল অৱস্থাত ঘন্টাৰ পিছত ঘন্টাৰ কথা পাতি কটাব পাৰে৷ কথাটো হবও পাৰে, কাৰণ পেহীৰ খং উঠিলে উচাত মাৰি গাত চাদৰ এখন মেৰিয়াই পেহী ঘৰৰ পৰা গো-গোকৈ ওলায় যায়৷ চুবুৰীটোৰ সিটোমূৰত পেহীৰ সম্বন্ধীয়া বায়েক ভোগিলা জেঠাইৰ ঘৰ৷ গোটেই দিনটো পেহী তাতে থাকে, তাতে খায়৷ পেহাই জানে জেঠাইৰ আগত এতিয়া পেহীয়ে গোটেইখিনি বাকিব৷ সেয়ে দিনটোৰ জঞ্জালবোৰ পেহাই তেনেকুৱা দিনত নিজৰ ডিঙিতে আঁৰি লয়৷ সন্ধিয়ালৈ গৰুজনী বা গৰুহাল এৰালৰ পৰা আনিবলৈ যাওঁতে ওভটা বাটত পেহা আহি জেঠাইৰ ঘৰত সোমায়, বাৰান্দাৰ চকীখনত বহি লৈ একান্তমনে পাগুলি পাগুলি পাত চাধা দি লোৱা তামোলখন মুহুদি লগাই খায়, আমেজত কেতিয়াবা চকুদুটা বন্ধ হৈ যায়, তাৰ পিছত চোতালৰ কাপোৰমেলা  ৰছীডাল বান্ধি থোৱা খুটাটোত পিকখিনি পেলাই গহীনকৈ মাতে – আহ্‌৷ পেহী পুৰুককৈ ভিতৰৰ পৰা ওলাই আহে৷ দিনটো এই বমভোলা মানুহটোৰ চৈধ্যগোষ্ঠী উজাৰি থাকি এতিয়ালৈ পেহীৰ মনটো শান্ত হৈ পৰে পেহাৰ প্ৰতি দৰদৰে অন্তৰখন ভৰি পৰে৷ পিৰালিৰ পৰা চোতালত ভৰি দিয়েই ‘তৃতিয় পুৰুষ’ ব্যৱহাৰ কৰি পেহীয়ে প্ৰথম প্ৰশ্নটো সোধে – ‘দিনত কিবা খোৱা-বোৱা হ’ল জানো ?’ শিলৰ ৰাস্তা৷ গাড়ী মটৰ চলা লিকদুটা সামান্য দ, তাত শিলেৰে ভৰি থাকে, তাৰ ওপৰেদি খোজকাঢ়ি যাব নোৱাৰি৷ দুয়ো দাঁতি আৰু মাজডোখৰত শিলৰ প্ৰকোপ কম৷ শিলৰ লিকটোৰ ওপৰেদি চাইকেলখন ঠেলি ঠেলি পেহীৰ সোঁহাতে একেশাৰিতে গাত গা লগাই কথা পাতি পাতি পেহা-পেহীক আহি থকা এই দৃশ্যটো দেখিলে কোনেও ক’ব নোৱাৰে যে আজি ৰাতিপুৱা দুয়োৰে মাজত এখন থৈয়া-নথৈয়া লাগি গৈছে৷ পুনৰ মিলনৰ আনন্দত ডাঙৰ ডাঙৰ শিলগুটিৰ ওপৰত হেন্দোলনি খাই খাই গৈ থকা পেহাৰ পুৰণি চাইকেলখনেও যেন দেও দি দি নাচিবলৈ ধৰে৷ সন্ধিয়া ডবা কোবোৱাৰ আগে আগে পেহা-পেহী দুয়ো মূল সূঁতিলৈ উভতি আহে আৰু ঘৰত দৈনিক পৰিক্ৰমাৰ আকৌ পুনৰাম্ভনি হয়৷

আমাৰ অঞ্চলটোত দুপৰীয়া আৰু গধূলি হৈছিল গোঁসাই ঘৰৰ ডবা কোবোৱাৰ শব্দত৷ প্ৰতিটো দিনটোৰ অগ্ৰসৰ কেইবাখনো গাৱঁৰ গঞাক নিখূঁটভাবে জনাই আছিল গোঁসাইঘৰৰ পৰা ভাঁহি অহা ডবা কোবোৱাৰ শব্দত৷ তেতিয়াৰ দিনত মানুহৰ ঘৰে ঘৰে ঘড়ী নাছিল৷ আমাৰ ঘৰতো দিনৰ বেলা আইতাই আমাক সময় সোঁৱৰাই দিছিল ছাঁ চাই৷ – “ছালৰ ছাঁ-ই মাটি চুলে, এতিয়াও তহঁতে গা ধোৱা নাই?” অৰ্থাৎ, পূৱফালে মুখ কৰি থকা পাকঘৰটোৰ ওপৰেদি বেলিটো পাৰ হৈ এসময়ত পশ্চিমলৈ অগ্ৰসৰ হয়, তেতিয়াই ছালৰ ছাঁ আহি পিৰালিত পৰেহি৷ পিৰালিৰ পৰা ছা মাটিলৈ নামিল মানে বেলি ভাটি দিলে৷ ডাৱৰীয়া বতৰত বেলিৰ ছাঁ নোলায়, তেতিয়া সময়টো সোঁৱৰাই দিয়ে গোঁসাই ঘৰৰ পৰা ভাঁহি অহা ডবা কোবোৱাৰ শব্দই৷ পূৱা আৰু গধূলি সময় লেখি লেখি ইমান নিখূঁটকৈ অকণমামাই কেনেকৈ ডবা কোবাইছিল মই আজিও ভাবিলে আচৰিত হওঁ৷ সন্ধিয়া ডবা কোবোৱাৰ শব্দ ভাঁহি আহিল মানে দিনটোৰ শেষ হৈছে, ৰাতি আৰম্ভ হ’বৰ হ’ল৷ ডবাৰ মাতৰ লগে লগে আইতাই ভগৱানৰ নাম উচ্চাৰণ কৰে – ৰাম কৃষ্ণ প্ৰভু! যাহ্‌ তহ’ত পঢ়া শুনাত লাগগৈ!

আজি পাছে পেহাৰ পেহীৰ লগত কিবা লাগি  খং উঠি থকা নাই, কাৰণটো অলপ বেলেগ, সামাজিক৷ পেহাৰ ঘৰৰ সমূখতে খনাজান নামৰ বিলখন আছে৷ সেইখনৰ চাৰিওফালে কাঠৰ জেওঁৰা এখন দি তাৰ ওপৰত চূণ সানি সমবায়ে ঠিক কৰিলে যে এইবাৰ এইখন ডাকত দিয়া হব৷ গেৰুৱাবাৰীৰ মুকুন্দ মাষ্টৰ নামতহে মাষ্টৰ৷ মাষ্টৰৰ দৰমহা কেইটাৰে নচলে বুলি মনে প্ৰানে বিশ্বাস কৰা মুকুন্দই সৰু সৰু ঠিকা-ঠুকলি কৰি “চাইদ-ইনকম” কৰে৷ ডাকত বিলখন মুকুন্দ মাষ্টৰে পালে৷ বিলখনত মুকুন্দই হেনো ওঠৰশ টকাৰ পোনা মাছ এৰিছে৷ এবছৰৰ পাছতে পোনা মাছবোৰৰ আকাৰ দুই-তিনি কিলোগ্ৰাম হ’বগৈ৷  পাছে অসুবিধা হ’ল তেওঁ থাকে ন মাইল আঁতৰত৷ বিলখন আছিল ওচৰৰ গাওঁকেইখনৰ বাসিন্দাসকলৰ মাছ-পুঠিৰ বাবে থকা প্ৰথম আৰু প্ৰাথমিক সুবিধা৷ মুকুন্দই নতুনকৈ কামত লগোৱা ওচৰৰে ডেকা লৰাদুটাই এতিয়া সকলোকে সাৱধান কৰি দিছে – খবৰদাৰ, বিলত জাল-জুলুকি নচলিব, আনকি কোনেও বৰশীও বাব নোৱেৰে! তলে তলে ডেকাল’ৰাবোৰ গৰম – জাল বাৰু নামাৰোঁ, কিন্তু আবেলি- আবেলি বৰশী টোপোৱাটোতনো জগৰ লাগিব লাগেনে! কথাটো ল’ৰাকেইটাই আহি পেহাক ক’লেহি৷ সিহঁতে সমবায়ৰ সভাপতিৰ ওচৰলৈ যায়েই – নালাগে ৰাস্তাত লাইট আমাক, বিলখনৰ টকা ওভোতাই দিয়ক মুকুন্দক! কথাটো শুনি পেহাও জাঙুৰ খাই উঠিল, -‘ হয়তো টকা-পইচাৰ পিছত পৰি স্থানীয় ৰাইজক এই সামান্য সুবিধাটোৰ পৰা বঞ্চিত কৰাটো অন্যায় হৈছে৷ দ পানীত কি মাছ পোহ পোহ, কিন্তু দাঁতিত ৰাইজৰ বৰশী  বোৱাৰ অধিকাৰটো অক্ষুন্ন থাকিব লাগে৷’
-          ‘সিহঁতদুটা আহিলে মোৰ ওচৰলৈ লৈ আহিবি৷ এতিয়া যা৷’ পেহাই ফি-ফিয়াই অহা ডেকাকেইটাক ওভোতাই পঠালে৷

সন্ধিয়ালৈ পেহাৰ খঙটো কমিল, ল’ৰাদুটা কিন্তু সেইদিনা নাহিল৷ আহিল তিনিদিন পিছত৷ পেহাই সিহঁতক বহুৱাই প্ৰথমে তামোল চাহ খুৱাই ল’লে , নিজেও তামোল এখন মুখত সুমুৱাই পাগুলি পাগুলি মুহুদি উঠাই চকুদুটা বহুত সময় বন্ধ কৰি মনে মনে থাকিল৷ তাৰ পিছত লাহে লাহে আদালতত বিচাৰকে ৰায় শুনোৱাৰ সুৰত আৰম্ভ কৰিলে – ‘বুইছ, যোৱাবছৰ মই কাজলী গাইজনী বেচিলোঁ, ঘাঁহি গাৱঁ ব্ৰাহ্মণ পৰিয়াল এটাই কিনি নিলে, এতিয়া তাতে আছে৷ আমাৰ ওচৰৰে দিগম্বৰে বাৰিৰ আমগছ এজোপা নাগশংকৰৰ ধনী মৌজাদাৰক বেছিলে, মৌজাদাৰে ছটা বনুৱা লগাই কাটি ফালি টেক্টৰত উঠাই লৈ গ’ল৷ শুনিছোঁ, মুকুন্দই হেনো বিলখন কিনিলে, তাক ক’বি যিমান সোনকোলে পাৰে বিলখন সি লৈ যাওঁক৷ নিনিয়ালৈকে আমাৰ ল’ছালিহ’তে বিলৰ পাৰত খেলাধূলা কৰিবই আৰু বৰশী বাবই৷ এবাৰ লৈ গ’লেইতো সকলো শেষ৷ মুকুন্দক এবাৰ মই লগ পাম বুলি কবি যাহ্‌!’

(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ ইয়াৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব- http://utpalbaruah.blogspot.com)

No comments:

Post a Comment