জীৱন
বাটৰ ৰসঃ মুকুন্দ খুৰাৰ মাক জেঠাই (৬৫)
মুকুন্দ
খুৰাৰ মাকক আমি জেঠাই বুলি মাতিছিলোঁ৷ চন্দ্ৰপেহাক যেনেকৈ সৰু বৰ সকলোৱা পেহা বুলি
মাতে, জেঠাইৰ ক্ষেত্ৰটো কথাটো আছিল তেনেকুৱাই৷ তথাপিও এটা ডাঙৰ পাৰ্থক্য আছে, পেহা
মাতটোৰ লগত মৰম, শ্ৰদ্ধা আৰু কিছু হাঁহিৰ প্ৰলেপ নিহিত থাকে কিন্তু এই জেঠাইৰ ক্ষেত্ৰত কথাটো
আছিল ওলোটা, মাতটোৰ লগত জড়িত আছিল লোকৰ প্ৰচণ্ড বিৰক্তি ৷ ইয়াৰ বাবেও প্ৰধানকৈ
দায়ী আছিল জেঠাই নিজেই৷ তেওঁ যদি এখনৰ পিছত এখনকৈ দুখন ঘৰ ফুৰি আহিছে তেতিয়াহলে তেওঁলোক
দুঘৰৰ মাজত দুৰ্বাদল কাজিয়া এখন লগাটো একপ্ৰকাৰ খাটাং৷ মুখখন মিঠা যদিও এঘৰৰ কথা সিঘৰত
লগোৱাত জেঠাইৰ সমকক্ষ এতিয়ালৈকে আমাৰ অঞ্চলটোত ওলোৱা নাই৷ তাৰোপৰি নিৰক্ষৰ গঞাই
বিশ্বাস কৰিছিল যে জেঠাইৰ দৃষ্টিত নজৰ লাগে৷ এবাৰ এঘৰত গৈ হেনো অমিতা এজোপালৈ চাই
জেঠাইয়ে স্বগঃতোক্তি কৰিলে – “বাঃ, ধুনীয়া ধুনীয়া অমিতা লাগিছে ঔ!” জেঠাই গৈ পদূলিমূৰ
নাপালেগৈয়ে, জৰজৰকৈ আটাইগাল অমিতা গছৰ পৰা সৰি পৰিল! এনেকুৱা ঘটনা “মই নিজেই দেখি আহিছো”
বুলি দাবী কৰা লোকো আমাৰ অঞ্চলটোত আছে৷ নিমাই মণ্ডলৰ ঘৰত এদিন ৰাতিপুৱাই ভৰি দি
জেঠাইয়ে দেখিলে মণ্ডলে কাজলী গাইজনী খিৰাবলৈ লৈছে৷ “মণ্ডল, গাখীৰ ওলায় নে?” জেঠাইয়ে
মাত লগালে৷ মণ্ডলে কওঁ-নকওঁকৈ ক’লেঃ “এই ল’ছালি কেইটাৰ মুখত টোপালটো পৰিল কি নপৰিল
জোখত পাই আছো জেঠাই!” সেইদিনাই আবেলিলৈ গাইজনীৰ পেট ফুলা আৰম্ভ হ’ল, দুদিন পিছত শেষ!
জেঠাইৰ দৃষ্টিত কিমান লাওঁ কোমোৰা চাঙৰ পৰা সৰি পৰে তাৰ লেখ-জোখ নাই৷ এইবোৰৰ বেছিভাগেই
শুনা কথা, মাজে মাজে একোজনে দেখা বুলিও দাবী কৰে! অঞ্চলটোৰ লোকসকলৰ ঘৰত সেয়ে বাৰিত
কৰা খেতিবোৰত পকা লাওঁ এটাৰ গাত চূণেৰে “নজৰ নলগাব” বুলি লিখি দিয়া হৈছিল৷ মূল উপলক্ষ্য
আছিল মুকুন্দ খুৰাৰ মাক জেঠাই৷
কিবা
অজ্ঞাত কাৰণত জেঠাইয়ে মোক মৰম কৰিছিল৷ “ঐ ভোলাৰ পুতেক” বুলি মোক তেখেতে প্ৰায়েই
ঘৰলৈ মাতি নিছিল৷
মাক-পুতেক
থকা সেই ঘৰখনলৈ সততে মানুহ কোনো নগৈছিল৷ তেওঁলোকৰ ঘৰৰ পদূলিত থকা খাজুৰি জোপাৰ
সোৱাদ আছিল অনুপম কিন্তু জেঠাইৰ সদায় দৃষ্টি পৰাৰ পিছতো সেইয়া কেতিয়াও সৰি পৰা নাছিল৷
বোৱাৰী পূৱাতে উঠি জেঠাইয়ে খৰাহী এটাত পকা-পকা খাজুৰিবোৰ গোটাই থৈছিল আৰু মই গ’লে
গোটেই খৰাহীটো মোৰ আগলৈ উলিয়াই দিছিল৷ ঠিক তেনেকৈ আম, মধূৰী আম, আনাৰস আদিৰো মই
নিসংকোচ ভাগ পাইছিলো আৰু ক’ব নোৱাৰাকৈয়ে জেঠাইৰ প্ৰতি মোৰ মনত শ্ৰদ্ধা আৰু মৰমে
ঠাই পাইছিল৷
জেঠাইক
মই মনত ৰাখিছোঁ আন এটা কাৰণত৷
এসময়ত
জেঠাইৰ ঘৰলৈ বেলটেক কম্পেনীৰ এটা টেলিভিছন আহিছিল৷ কোনেও আমনি নকৰে বাবে তাতে গৈ মই
কেতিয়াবা টেলিভিছনটোৰ আগত বহি থাকোঁ৷ জেঠাইয়ে টেলিভিছনটোত যি ওলায় তাকে চায়৷ “চাছ
ভি কভি বহু থী” নামৰ চিৰিয়েলখন চলি থকা সময়তে এদিন মোক জেঠাইয়ে সুধিলে – “ভোলাৰ পুতেক,
মই হিন্দী ক’ব পাৰিম নে ঔ?” মই উৎসাহ দিলোঁ – “পাৰিবতো জেঠাই, কিয় নোৱাৰিব, আপুনি
আৰম্ভ কৰকচোন!” জেঠাই তেতিয়া সত্তৰৰ উৰ্ধত৷
এদিন
চিৰিয়েল চাই থাকোঁতেই মই গৈ ওলালোঁ, জেঠাইয়ে হিন্দীতে মোক ক’লে – “হিয়া বৈঠ!” মই বুজি নাপালোঁ আৰু কি কৈছে সুধিলোঁ৷ জেঠাইয়ে
ক’লে – ইয়াতে বহ বুলি হিন্দীতে কৈছোঁ!
এদিন
সাধাৰু মেলালৈ মুকুন্দ খুৰাই জেঠাইকো লৈ গৈছিল৷ সেইখন মেলালৈ হিন্দীভাষী পোহাৰী অনেক
আহে৷ জেঠাই গৈ তেনে এখন দোকানত কাপোৰ কিনিবলৈ
সোমালগৈ৷ চাদৰ এখন পিটিকি পিটিকি জেঠাইয়ে ক’লে – “বেলেগ কালাৰ দেখাঔ৷” পোহাৰীয়ে ক’লা
বৰণৰ আন এখন চাদৰ জেঠাইৰ আগলৈ উলিয়াই দিলে৷ জেঠাইয়ে এইবাৰ গাৰ জোৰ দি চিঞৰিলে – “বেলেগ
কালাৰ দেখাঔ!” পোহাৰী ত্ৰস্তমান – কি কয় বুঢ়ীয়ে৷ শেষত মুকুন্দ খুৰাই দোকানীক বুজাই
দিলে – বেলেগ মানে ব্লেক নহয়, আউৰ কুছ! জেঠাইয়ে মুখৰ ভিতৰতে ভোৰভোৰালে – কটা নিধক্,
হিন্দীও নুবুজে!
এবাৰ
গোপিনী কেইগৰাকীমান বুঢ়াবাবা থানলৈ ওলাল৷ সেই সময়ত অসমৰ পৰিস্থিতি অশান্ত হৈ আছিল
আৰু ঠায়ে ঠায়ে সৈন্য বাহিনীৰ তালাচী চকী কিছুমান বহিছিল৷ সেই জোৱান বিলাকৰ কিছুমানে
সহজ সৰল অসমীয়ালোকক পালে পেংলাই কৰিছিল আৰু মানসিক উৎপীড়ণ চলাইছিল৷ জেঠাইহ’ত পুৱাতেই
লগত কোমল চাউল আৰু বুটৰ টোপোলা এটা লৈ মুকলি মনেৰে থানলৈ যাত্ৰা আৰম্ভ কৰিলে৷ পাছে
বাটতে অস্থায়ী তেখেতসকল তালাচী চকী এটাৰ সন্মূখীন হ’ল৷ লাঠি ডাঙি গাঠলু চেহেৰাৰ জোৱান
এজন আগবাঢ়ি আহিল আৰু কোমল চাউলৰ টোপোলাটোলৈ লাঠি টোঁৱায় সুধিলে – ক্যা হেই?
চিৰিয়েল
চাই চাই পকি থকা জেঠাই আগবাঢ়ি আহিল আৰু হিন্দীতে ক’লে – “কোমল চাউল হেই, খাতা পাতা
হেই কোনোদিন, বুট চাথ, জাহাজী কল চাথ?”
জেঠাই নোহোৱা হোৱা দহ বছৰৰো অধিক হ’ল কিন্তু
তেখেতৰ মুখত শুনা হিন্দী মোৰ আজিও মনত আছে৷
(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু
চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷
এইটো কাহিনী সৃষ্টি মাজনীৰ, মানে ৰুপালীম
বৰাৰ ৷ তাই আজিকালি নিজেই সুন্দৰ কাহিনী লিখিব পৰা হৈছে৷ ইয়াৰ যিকোনো এটা খণ্ড পঢ়িবৰ
মন গলে এই লিংকটোত পাব- http://utpalbaruah.blogspot.com)
No comments:
Post a Comment