Saturday, September 8, 2018

জীৱন বাটৰ ৰসঃ পুনৰ চন্দ্ৰপেহা (৬৪)

জীৱন বাটৰ ৰসঃ পুনৰ চন্দ্ৰপেহা (৬৪)

মৌজাদাৰৰ ঘৰৰ সিপাৰেই কান্ধুলিমাৰী বিলখন৷ বাৰিষা কালত বিলখন ফেনেফোটোকাৰে উপচি পৰে৷ তেনেকুৱা দিনত পেহাই প্ৰায়েই তাত লাঙি জাল পাতিবলৈ যায়৷ সন্ধিয়াতে পাতি থৈ অহা জালখন পিছদিনা দোকমোকালিতে গৈ পেহাই টানি পাৰলৈ উঠায়। জালখনত ফিন্দ খাই শাৰী শাৰীকৈ মাছ লাগি আহে – কাৱৈ, মাগুৰ, শিঙি, কেঞা বৰালি, গৰৈ, শ’ল, কান্ধুলি আদি হৰেক ৰকমৰ মাছ৷ কাৱৈ-মাগুৰৰ দৰে পিঠিত দীঘল হুল থকা মাছ বেছি লাগে, পিছল গাৰ গৰৈ-চেঙেলী সততে সৰকি যায়৷ হালধীয়া পেটৰ পকা কাৱৈমাছবোৰ শাৰী শাৰী কৈ লাগি থকা দৃশ্যটো চাইয়েই ভাল লাগে, অতি মোহনীয়৷ পিতল চকুৱা মৌজাদাৰৰ ঘৈণীয়েক মৌজাদাৰণী কাউৰীয়ে কা নকৰোঁতেই বিচনা এৰে৷ কাহিলী পুৱাতে পেহাৰ চাইকেলখনৰ কেৰেক-কেৰেক শব্দটো শুনিলেই মৌজাদাৰণীয়ে মজলীয়া চেহেৰাৰ চৰিয়া এটা পাকঘৰত সাজু কৰিবলৈ লয় আৰু পেহা উভতি অহালৈ চুচুক-চাচামকৈ অপেক্ষা কৰি থাকে৷ ওভটনি বাটত পেহাক মৌজাদাৰণীয়ে আগভেটি ধৰাদি ধৰে – ‘আহাচোন আহাঁ, চাহ একাপ খাই যাবা৷ আজিবা পেহাৰ জালত কি কি লাগিল?’ মৌজাদাৰণীৰ লুভীয়া স্বভাৱটোৰ কথা পেহাই ভালদৰে জানে৷ একাজলিমান মাছ চৰিয়াটোত বাকি দি পেহাই মৌজাদাৰৰ পিছ বাৰান্দাৰ বেটৰ চকিত বহি গাখীৰ দিয়া চাহ একাপ লাহে লাহে খায়, তাৰ পিছতহে মৌজাদাৰ বিচনাৰ পৰা উঠি আহে৷

মৌজাদাৰৰ ঘৰৰ চৌহদটো বৰ এটা, পিছফালে প্ৰকাণ্ড এখন বাৰি, বাৰিৰ সীমাই দুয়োফালে থকা দুটা বাট স্পৰ্শ কৰি আছে৷ তিনি আলিটো পাৰ হলেই বিশাল চৌহদটো চকুত পৰে৷ চাৰিওফালে পকী দেৱাল দি চৌহদটো সুৰক্ষিত কৰি ঘেৰা আছে৷ এখন দেৱালৰ কাষেদি দুয়োটা ৰাস্তা সংযোগ কৰিব পৰা লুঙলুঙীয়া পথৰুৱা ৰাস্তা এটাও আছে কিন্তু সেইটোৱেদি চাইকেল-মটৰ যাব নোৱাৰে, ঠেক৷ খোজকাঢ়ি অহা বাটৰুৱাইহে কেতিয়াবা সেইফালেদি বাট চমুৱায়৷ খৰালি কোৰ্শলা বনৰ প্ৰকোপত এখোজো আগবাঢ়িব নোৱাৰি!

তেতিয়াৰ দিনত ৰন্ধা-বঢ়া কৰিবৰ বাবে ৰন্ধন গেছৰ প্ৰচলন হোৱা নাছিল৷ ধনী-দুখীয়া সকলোৰে ৰান্ধনীশাল সক্ৰিয় হৈছিল একমাত্ৰ ফলাখৰিৰ সহায়ত৷ খাদ্য প্ৰকৰণৰ মূল ইন্ধন এই খৰি আছিল প্ৰধানতঃ দুই প্ৰকাৰৰ – জেঙনি খৰি আৰু ফলাখৰি৷ বাঁহ গছৰ আগডোখৰ, যিডোখৰ জিকা, ভোল, তিয়হ আদি লতা বগাবলৈ মাটিত গোজ মাৰি দিয়া হয়, তাৰ পৰা প্ৰস্তুত কৰা খৰি বিধৰ নাম জেঙনি খৰি৷ কোনো কোনোৱে ইয়াক লাঙনি খৰিও বুলিছিল। হাবিত থকা গছৰ পৰা শুকাই তললৈ খহি পৰা সৰু সৰু ডালবোৰো এইভাগতে পৰিছিল৷ সাময়িক অভাৱ পূৰণৰ বাবে এই খৰি আছিল অতি উত্তম৷ হঠাতে আহি পোৱা আলহীক চাহ একাপ বাকি দিবলৈ চুলাটো ক্ষন্তেকৰ বাবে জ্বলাব লাগে – কামটো জেঙনি বা লাঙনি খৰিৰেই সুকলমে সমাধা হৈ গৈছিল৷ ফলা খৰিৰ স্থান আছিল আন সম্ভ্ৰান্ত কামৰ বাবে৷ প্ৰায় সকলো পৰিয়ালতে তেতিয়াৰ দিনত খৰালি সময়তে গছ এজোপা কাটি আনি খৰিৰ বাবে সাঁচি ৰখাটো এটা নিয়মৰ দৰে আছিল৷ গছ এজোপা চিনাক্ত কৰাৰ পিছত তাৰ গুৰিত দুই-তিনিজন লোকৰ বাগি কুঠাৰ চলিছিল৷ কুঠাৰ চলাৰ ঘুপ্‌ ঘুপ্‌ ঘুপ্‌ শব্দটো আনকি চৰাই চিৰকতিৰো চিনাকি আছিল৷ শব্দটো চলি থকা সময়তে কেতিয়াবা অনেক চৰায়ে আহি গছজোপাৰ ওপৰত কোৰ্হাল কৰিছিল কাৰণ সিহঁতে জানিছিল যে ক্ষন্তেক পিছতে সেই গছজোপাত থকা সিহঁতৰ বাসস্থানসমূহো গছজোপাৰ লগতে চিৰদিনলৈ বতাহত বিলীন হৈ যাব৷ গছ নাকাটিবলৈ তেতিয়া কোনো নিয়ম হোৱা নাছিল৷ হৈছিল যদিও সেইটো এটা গ্ৰাহ্য কৰিব লগা কথাই নাছিল৷ এসময়ত গছজোপা সশব্দে বাগৰি পিৰছিল৷ পৰি যোৱা গছজোপা টুকুৰা-টুকুৰ কৰি গাড়ীৰে (গৰু গাড়ী বা ট্ৰেক্টৰৰ দ্বাৰা) কঢ়িয়াই আনি ঘৰৰ চোতালত পেলাই থোৱা হৈছিল৷ এনে কাঠৰ কুন্দাৰ ওপৰতে বহি সন্ধিয়া জীয়াৰী বোৱাৰীহ’তে বিয়নি মেল মাৰিছিল৷ গাত ৰ’দ লৈ তাৰ ওপৰতে বহি মা-বাইদেউহ’তে চুৱেটাৰ গুঠিছিল৷ ষ্টেণ্ড নথকা বাইচাইকেল এনে কাঠতে ভেজা লৈ থিয় দি থাকিব পাৰিছিল৷ সেই কাঠৰ কুন্দাবোৰ ফালি কৰা খৰিবোৰেই আছিল ফলাখৰি৷ কেচা অৱস্থাত ফালি উলিউৱা এই খৰিবোৰ শুকাবৰ বাবে পিৰালিত এডাল এডালকৈ ৰ’দ পৰিবলৈ মেলি দিয়া হৈছিল৷ সন্ধ্যা এই খৰিবোৰ পানী নপৰা ঠাইলৈ আকৌ সামৰি থ’ব লগা হৈছিল৷ এই কামটো কৰোঁতে প্ৰায়েই মোৰ হাতত খৰিত থকা হুলে বিন্ধিছিল আৰু নেমুগছৰ পৰা ছিঙি অনা কাঁইট এডালেৰে মায়ে মোৰ হাতৰ ছালৰ তলত সোঁমাই থকা এনে হুল চিকুটি চিকুটি উলিয়াই থকা দৃশ্যটো মোৰ শৈশৱৰ এটা বৰ সুলভ দৃশ্য আছিল৷ নখেৰে চিকুট মাৰি টানি আনিব নোৱাৰা হুলৰ বাবে মায়ে কটাৰীৰ ধাৰ থকা ফালটো ব্যৱহাৰ কৰিছিল৷ আম, মজ, সৌৰা, শিৰীষ, কঠাল, সোনাৰু, এজাৰ আদি কত গছৰ ফলাখৰিৰ মাজেদি আমাৰ শৈশৱ পাৰ হৈ আহিছিল!

মৌজাদাৰৰ ঘৰৰ কথাই বেলেগ৷ খৰালিতে কাটি অনা কেইবাডালো গছ কেইবাটাও বনুৱাই ফালি, শুকুৱাই, পাকঘৰৰ গাতে লাগি থকা খৰিৰ চাঙখনত জাপ জাপ কৈ জাপি থয়৷ এটা নহয় দুটা বাৰিষা ভোজে-ভাতে ৰান্ধিলেও সেই খৰি শেষ নহয়৷ এবাৰ মৌজাদাৰণীয়ে লক্ষ্য কৰিলে ৰাতি ৰাতি কোনোবাই খৰি চুৰ কৰিবলৈ লৈছে৷ মাটিত তিনিটা মানুহৰ ভৰিৰ খোজৰ চিনো দেখা গৈছে৷ মূৰটো দোঁৱালেই আঁৰ হোৱা দেৱালখনৰ ওপৰেদি কোনোবাই ৰাতি ৰাতি খৰি চুৰ কৰে! সাপেখাটিৰ ভাওঁনাৰ খা-খবৰ ল'বলৈ গৈ উভতি অহাৰ বাটত ঘৰৰ পদূলিতে পেহাৰ লগত মৌজাদাৰৰ দেখি-দেখি হ’ল৷ ‘চাহ একাপ খাই যাবি আহ্‌’- বুলি মৌজাদাৰে পেহাক ঘৰলৈ আথেবেথে মাতি আনিলে আৰু কথাৰ মাজতে খৰি চোৰৰ কথাটো কৈ এটা উপায় বিচাৰিলে৷ পেহাই বিশেষজ্ঞৰ দৰে পিতপিতকৈ খৰি থোৱা ঠাইখিনি, দেৱালখন আৰু চুৰ কৰা ৰাস্তাটো চাই ল’লে৷ দেৱালখন বেছি ওখ নহয়৷ দেৱালৰ বাহিৰত থকা মজলীয়া উচ্চতাৰ মানুহ এটাৰ মূৰটো ভিতৰৰ পৰা ভালদৰে দেখি থাকি, কিন্তু সামান্য কুঁজা হৈ দোঁৱাই দিলেই অদৃশ্য হৈ যায়! আজিকালি দেখাৰ দৰে দেৱালখনৰ ওপৰ ভাগত লোহাৰ কাঁইট বা আইনাৰ টুকুৰা নাই,- মসৃণ, জাপ মাৰি সুকলমে পাৰ হৈ যাব পৰা৷ অলপ সময় তভক মাৰি ৰৈ থাকি ‘চাওঁচোন চিন্তা কৰি’- বুলি পেহাই সেইদিনালৈ বিদায় ল’লে৷

দুদিনমান পিছত গধুলি সময়ত নিজৰ ঘৰৰ বাৰান্দাত বহি পেহাই মৌজাদাৰৰ ঘৰৰ সমস্যাটোৰ কথাই চিন্তা কৰি আছিল৷ পদুলিলৈ নিৰাসক্তভাৱে চাই থাকি সমস্যাটোৰ গভীৰৰ পৰা গভীৰলৈ পেহা লাহে লাহে সোমাই গৈ থাকিল৷ ঠিক সেই সময়তে চুবুৰীয়া তোষেশ্বৰৰ হাড়ক’লা ছাগলীজনী পেহাৰ পদূলিৰ কোমল ঘাঁহ খাই খাই নঙলাডালৰ তলেদি চৌহদটোলৈ সোমাই আহিল৷ ছাগলীজনীৰ ডিঙিত দেৰফুটমান দীঘল কামি এপাট ওলমি আছে৷ "হাঁহ চোৰৰ মূৰত পাখি, কঠাল চোৰৰ আঠাই সাক্ষী!" কামিডোখৰে প্ৰমান কৰিছে ছাগলীজনীৰ প্ৰকৃতি লুৰুকা-স্বভাৱৰ৷ জেওৰাৰ ফাকেদি মূৰ সূমুৱাই দিলে যাতে সহজে উলিয়াই আনিব নোৱাৰে তাৰ বাবেই ডিঙিত এইধাৰ গলপতা! তথাপিও তাইৰ গতি বিধিত এনে লাগিছে তাই যেন জেওৰাখনৰ সিপাৰে থকা পাচলিবাৰিখনৰ প্ৰতি সম্পূৰ্ণ উদাসীন, নিস্পৃহ! পাছে পেহা ভিতৰলৈ উঠি যাবলৈহে পালে, ছাগলীজনীয়ে চিঞঁৰত গগন ফালিবলৈ আৰম্ভ কৰিলে৷ সুযোগ বুজি পেহা উঠি যাওঁতেই তাই জেওৰাৰ ফাকেদি মূৰটো পাচলি বাৰিখনলৈ সুমুৱাই দিছিল, লাগি ধৰিলে!
দুদিন পাছত পেহা সন্ধিয়া আহি মৌজাদাৰৰ ঘৰ পালেহি৷ পেহা মৌজাদাৰৰ ঘৰত থাকিব আৰু ৰাতিলৈ চোৰ ধৰিব৷ লগত সকলো সা-সৰঞ্জাম লৈ আহিছে৷ ৰাতিলৈ ভাত-পানী খোৱাৰ পিছত পেহাই চোৰ পলোৱাৰ বাটত জুখি মাখি জেওৰা এখন দি আহিল৷ ফৰিং-ফুটা জোনাক৷ জোনটো গৈ গৈ অৱশেষত পশ্চিম দিশ পালেগৈ৷ তাৰ পিছত হঠাতে দেখা গ’ল, তিনিটা ল’ৰা দেৱালখন পাৰ হৈ সোমাই আহিছে, এটা মূৰ দেৱালখনৰ বাহিৰত ৰৈ আছে৷ পেহাই সুবিধাজনক ঠাইৰ পৰা সিহঁতৰ কাণ্ড লক্ষ্য কৰি থাকিল৷ সময় মিলি যোৱাত হঠাতে তিনি বেটাৰিৰ টৰ্ছটো জ্বলাই পেহা আগবাঢ়ি গ’ল৷ তিনিওটা জাপ মাৰি পলাই পত্ৰং দিব বিচাৰিছিল৷ মূৰটো দোঁৱাই দেৱালখনৰ আঁৰ হৈ দৌৰ ধৰোঁতেই সিহঁতৰ মূৰকেইটা পেহাই সন্ধিয়াতে পাতি থৈ অহা জেওৰাখনত সোমাই পৰিল৷ যিমানে আগলৈ জোৰ দিয়ে সিমানে সিহঁতৰ ডিঙিকেইটা জেওৰাখনে চেপি ধৰিলে – তোষেশ্বৰৰ ছাগলীজনীৰ নিচিনাকৈ৷ জেওৰাখন সহিত সিহঁত চাৰিওটাকে পেহাই যেতিয়া মৌজাদাৰৰ সমূখলৈ লৈ আহিছিল, কেইবাটাও ডাঙৰ বৰালি মাছ লগা লাঙিজাল এখন পানীৰ পৰা টানি অনা যেন পেহাৰ অনুভৱ হৈছিল৷

(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এইটো কাহিনী মোৰ ভাই মৃদুলে (মৃদুল বৰুৱা) মনত পেলাই দিলে৷ ইয়াৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব- http://utpalbaruah.blogspot.com)

No comments:

Post a Comment