Friday, August 21, 2020

ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্ - ১০

 

ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্
(প্ৰসিদ্ধ লেখক খুশৱন্ত সিঙৰ আত্মকথা Truth, love and a little malice-ৰ অনুবাদ - উৎপল বাদল বৰুৱা)
খণ্ড- ১০
শৈশৱৰ পৰা কৈশোৰলৈ - পঢ়াশালিৰ দিনবোৰ

আশাকৰা মতেই মই দ্বিতীয় বিভাগত মেট্ৰিক পৰীক্ষা পাছ কৰিলো৷ স্কুলখনৰ বেছিকৈ চিন্তা আছিল অশোক সেনকলৈ৷ সি স্কুলৰ পৰীক্ষাবোৰত অংক বিষয়টোত একেধাৰে শূন্য পাই আহিছিল৷ অংক আছিল কম্পালছৰী বিষয় - হয় পাছ কৰিব পৰা নম্বৰ পাব লাগিব, নহলে গোটেই পৰীক্ষাটোৱেই ফেইল কৰিব৷ কিন্তু দেখা গ’ল সিও দ্বিতীয় বিভাগত পাছ কৰিবলৈ সমৰ্থ হৈছিল৷ হাজাৰ হওক তাৰ দেউতাক আছিল দিল্লী বিশ্ববিদ্যালয়ৰ সেই সময়ৰ ৰেজিষ্ট্ৰাৰাৰ৷ মডাৰ্ণ স্কুলে মোক পাঠ্যক্ৰমৰ বাহিৰেও বাস্তৱৰ পৃথিৱীখনৰ অনেক আৱশ্যকীয় পাঠৰ প্ৰতিও সজাগ কৰি তুলিছিল৷
১৯২০ - ১৯৩০ চনলৈ, মই মডাৰ্ণ স্কুলত থকা সময়খিনিত আমাৰ পৰিয়ালটোৰ ওপৰতো যথেষ্ট পৰিৱৰ্ত্তন আহি পৰিল। কাপোৰ ব্যৱসায়ী হিচাপে প্ৰতিষ্ঠা লাভ কৰাৰ আশাক জলাঞ্জলি দি দেউতাই ঘৰ সজা কামৰ প্ৰতি বেছি মনোযোগ দিবলৈ আৰম্ভ কৰিলে। মিলৰ দুৱাৰমুখত থকা ঘৰটোৰ পৰা আমি ৰাইছিনাৰ নতুন ঘৰ এটালৈ উঠি আহিলো৷ পুৰণি মিল পথ, য’ত তেতিয়া চাৰিটা মিল আছিল, যিটোৰ এতিয়া নতুন নাম “ৰফী মাৰ্গ”, আমি সেই ঠাইৰ ছালি দিয়া ঘৰ এটালৈ উঠি আহিলোঁ। ঘৰটোৰ সমূখত যি আছিল সি এতিয়া স্বাধীন ভাৰতৰ “সংসদ ভৱন”৷ আমি থকা ঠাইডোখৰৰ ওচৰতে “নৰ্থ ব্লক” আৰু “ছাউথ ব্লক” নামৰ ঘৰ দুটাৰ নিমাৰ্ণৰ কথাও চলি আছিল৷ দেউতাই ছাউথ ব্লক নিমাৰ্ণৰ ঠিকা কামটো পালে। দেউতাৰ বন্ধু বিশাখা সিঙে নৰ্থ ব্লকৰ কামটো পাইছিল৷ বাৰ মাইল দূৰত থকা বদৰপুৰৰ পৰা পাথৰ কঢ়িয়াবৰ নিমিত্তে আমাৰ ঘৰৰ আগেদিয়েই এটা “নেৰ' গজ ৰেইল” পথ বহুউৱা হৈছিল৷ ৰেইল পথটো য’ত শেষ হৈছিল সেই ঠাইতেই পিছলৈ ‘‘কনাট প্লেছ’’ নামৰ ঠাইখনে গঢ় লৈ উঠিছিল৷ পাথৰৰ ডাঙৰ ডাঙৰ দ’ম আৰু কাটিবলৈ ব্যৱহাৰ কৰা ডাঙৰ ডাঙৰ মেছিনবোৰেৰে আমাৰ ঘৰৰ সমূখৰ ঠাইখন ভৰি আছিল৷ শিল কটা সেই মেছিনবোৰৰ মাততে আমি ৰাতিপুৱা সাৰ পাইছিলো আৰু ঘৰ সজা বিভিন্ন সঁজুলিৰ ঠুং-ঠাং শব্দৰ মাজতে দিনটো পাৰ হৈ গৈছিল। বন্ধৰ দিনত আমি বস্তু কঢ়িয়াই অনা এই “ইম্পিৰিয়েল দেল্‌হী ৰেইলৱে”-খন অহালৈ আগ্ৰহেৰে বাট চাই আছিলো৷ তাতে উঠি আমি কনাট প্লেছলৈ আৰু তাৰপৰা আকৌ ঘৰলৈ ৰেইলৰ ফ্ৰী যাত্ৰা কৰিছিলো৷
দেউতাই ঠিকা কৰি থকা সেই সুদিনত অন্তত ৬০০০ জন শ্ৰমিক, কেইবা ডজনো ছুপাৰভাইজাৰ আৰু কেৰাণীক নিযুক্তি দিছিল৷ শ্ৰমিক সকল আছিল প্ৰধানকৈ ৰাজস্থানৰ পৰা অহা বাগাড়ী মানুহ৷ মতা শ্ৰমিকে দৈনিক আঠ অনা অৰ্থাৎ পঞ্চাশ পইচা আৰু মহিলা শ্ৰমিকে ইটা-বালি বা আন সামগ্ৰী কঢ়িউৱাৰ বাবে ছয় অনাকৈ পাইছিল৷ ডাঙৰ ডাঙৰ শিলৰ টুকুৰা শ্ৰমিক সকলে এঠাইৰ পৰা আনঠাইলৈ কঢ়িয়াই বা বগৰাই নিব লগা হৈছিল৷ তেওঁলোকে একেলগে মিলি সুৰ লগাই গাৰ জোৰ লগাইছিল – “হেইছা, হেইছা, ৰাম ভৰোছে - হেইছা, জোৰ লগা দে – হেইছা”। গাৰ ঘাম ওলাই যোৱা টান কাম আছিল এইবোৰ৷ তেওঁলোকে কিন্তু কেতিয়াও অভিযোগ কৰা দেখা নাছিলো৷ তেওঁলোকৰ প্ৰাপ্য অধিকাৰৰ দাবী কৰিবৰ বাবে তেতিয়া কোনো শ্ৰমিক সংগঠনৰো গঠন হোৱা নাছিল৷ কামৰ বিনিময়ত যি পাইছিল সেয়াৰে সিহঁতৰ পেটকেইটা কোনোমতেহে ভৰাব পাৰিছিল৷ লাভ লোকচানৰ বিচাৰ কৰি সন্ধ্যাসময়ত দেউতা আৰু কেৰাণী কেইজনে যেতিয়া তৰ্ক-বিতৰ্ক বা চিঞৰ বাখৰ কৰিছিল, বাগাড়ি লেবাৰে তেতিয়া আপোন মনে গান গাই গাই নাচি বাগি কামৰ পৰা সিহঁতৰ পজাবোৰলৈ উভতি গৈছিল৷
তেতিয়াৰ দিনত ৰাষ্টাৰ কাষত ষ্ট্ৰীট্ লাইট নাছিল৷ গৰমৰ দিনত আমি বাহিৰত শোৱা বাবে আকাশৰ চন্দ্ৰকলা আৰু তাৰকামণ্ডলৰ গতিবিধি চাই সময়টো ঘড়ীতকৈও সঠিককৈ ক’ব পৰা হৈছিলো। পূৰ্ণিমাৰ নিশা একেলগে পিকনিক, বাগিছাত ফুৰাচকা বা নতুনকৈ গঢ়লৈ উঠা চাৰিআলি-পাঁচআলিৰ ‘ৰাউণ্ড-এবাউট’বোৰত তহল দি জোনাক উপভোগ কৰিছিলো৷ ৰাতি প্ৰায়ে শিয়াল, ফেউৰা, বাদুলি বা হুদুৰ মাত শুনা গৈছিল৷ ৰাতি মাজে মাজে পহৰাদাৰ চকীদাৰহ’ৰত চিঞৰ একোটা ভাঁহি আহিছিল – “হুচিয়াৰ৷”
চৰকাৰী ঘৰবোৰ নিমাৰ্ণ হোৱাৰ পিছত ঠিকাদাৰহ’তৰ নিজৰ বাবেও বহুত সামগ্ৰী ৰৈ গৈছিল৷ সেইঠাইতে মাটি কিনি লৈ তেওঁলোকে নিজৰ বাবেও ঘৰ সাজিবলৈ আৰম্ভ কৰি দিছিল৷ তেওঁলোক সকলোৱেই শিখ সম্প্ৰদায়ৰ আছিল৷ পাঞ্জাৱৰ বিভিন্ন প্ৰান্তৰ পৰা অহা তেওঁলোকৰ মাজত আগতে কোনো চিনা-পৰিচয় নাছিল কিন্তু দিল্লীলৈ অহাৰ পিছত এটা পৰিয়ালৰে সদস্যৰ দৰে হৈ পৰিছিল৷ হাতত প্ৰচুৰ কাম আৰু সুবিধাৰ অভাৱ নোহোৱাত অযথা ঈৰ্ষা, হিংসা-হিংসি বা ইটোৱে সিটোক লেং মৰাৰ কোনো প্ৰয়োজনেই নহৈছিল। যন্তৰ-মন্তৰৰ ৰাষ্টাতো ধনী শিখ ঠিকাদাৰৰ কলনীলৈ ৰূপান্তৰিত হৈছিল৷ দেউতাই এটা দুমহলীয়া ঘৰ সজাইছিল৷ ঘৰটোৰ পিছফালে কেৰানী কৰ্মচাৰী থাকিব পৰা কোৱাৰ্টাৰ, গাই-গৰু বা মহ ৰাখিবলৈ এটা গোহালি আৰু ঘোঁৰা ৰখা এটা আস্তাবলো আছিল৷ ঘৰটোৰ প্ৰস্থান দুৱাৰৰ ওচৰতে আলহী থাকিব পৰা দুটা কোঠাৰ লগতে দেউতাৰ অফিচ কোঠাটোও আছিল৷ ঘৰটোৰ সমূখত আছিল এখন ডাঙৰ চোতাল, এখন ফুলৰ বাগিছা, মাৰ্বলেৰে সজা এটা পানীৰ ফোৱাৰা আৰু একাষে এখন টেনিছ কৰ্ট। ফুল আৰু ফুলনিৰ প্ৰতি দেউতাৰ বৰ হেঁপাহ আছিল৷ কলিকতা আৰু বোম্বাইৰ পৰাও নতুন ফুলৰ সঁচ আনি আমাৰ বাগিছাত লগাইছিল৷ গোলাপ ফুলৰ প্ৰতি দেউতাৰ এটা বিশেষ টান আছিল আৰু ‘ইন’ গেইট খনৰ পৰা ‘আউট’ গেইটখনলৈকে বাগিছাখন বছৰটোৰ সকলো সময়তে বিভিন্ন ফুলেৰে জাতিষ্কাৰ হৈ আছিল৷ আন ঠিকাদাৰ সকলেও ডাঙৰ ডাঙৰ ঘৰ সাজিছিল৷ ধৰম সিং চেঠী নামৰ এজনে শিল আৰু মাৰ্বলেৰে আটাইতকৈ ডাঙৰ ঘৰটো সাজিছিল৷ তেওঁ ঢোলপুৰ শিলৰ কোৱাৰীৰ পৰা শিলৰ সৰবৰাহ কৰা একমাত্ৰ ঠিকাদাৰ আছিল৷ এইটো ঘৰত এতিয়া কেইবাটাও ৰাজনৈতিক দলৰ কাযাৰ্লয় হৈছে৷ কিন্তু ডিজাইনৰ ফালৰ পৰা বাগিছা কেইখনৰ সৈতে আমাৰ ঘৰটো সবাতোকৈ সুন্দৰ আছিল৷ দেউতাই গৌৰৱেৰে নাম থৈছিল –“বৈকুণ্ঠ”৷ তাৰ বহুবছৰৰ পিছত জনপথ আৰু আলবাকুৱাৰ্ক পথৰ (এতিয়াৰ ত্ৰিশ জানুৱাৰী মাৰ্গ) কেকুৰীটোত দেউতাই আৰু এটা ডাঙৰ ঘৰ সজাইছিল। বৈকুণ্ঠ নামটো এই নতুন ঘৰটোলৈ সলনি কৰি নিয়া হৈছিল৷ মই পঢ়াশালিৰ দিনবোৰ কটোৱা আচল ‘‘বৈকুণ্ঠ’’ ঘৰটো এসময়ত ট্ৰেভাংকুৰৰ মহাৰজাক বিক্ৰি কৰি দিয়া হৈছিল আৰু পিছলৈ সেইটো কেৰালা চৰকাৰৰ অতিথি নিবাস হৈছিলগৈ৷
পৰিয়ালৰ ভাগ্যচক্ৰ পৰিৱৰ্ত্তনৰ লগে লগে এই সময়খিনিত মোৰ নিজৰো দেহ মনৰ যথেষ্ট পৰিৱৰ্ত্তন হয়৷ আইতাৰ বুকুত সোমাই থকা দেহলাওটোৰ পৰা মই এটা যৌনাকাংক্ষী কিশোৰলৈ ৰূপান্তৰিত হৈছিলোঁ৷ এই বিকাশত আটাইতকৈ বেছি অৰিহনা যোগাইছিল আমাৰ ঘৰৰ পাকঘৰত কাম কৰা মোৰে সমবয়সীয়া ল’ৰাকেইটাই। মোৰ দৰে সিহ’তৰো সেই সময়ত একেই শাৰিৰীক বিকাশৰ সময়৷ নিজৰ গুপ্তাংগৰ পৰা কেনেকৈ সুখানুভৱ লাভ কৰিব পাৰি আমি একেলগে তাৰে অনুশীলন কৰিছিলো৷ এবাৰ আমাৰ ঘৰলৈ পৰিয়ালৰ ছোৱালী এজনী ঠাণ্ডাদিনৰ বন্ধত ফুৰিবলৈ আহিল৷ একে পৰিয়ালৰে ভাই-ভনীৰ দৰে হোৱাৰ বাবে মোক একেখন বিচনাতে শুবলৈ দিয়া হৈছিল। ৰাতি মই টোপনিৰ ভাও জুৰি তাইৰ পায়জামাটো তললৈ খহাই দি তাইৰ কৰঙন স্পৰ্শ কৰিলোঁ৷ তাইও টোপনিৰ ভাও ধৰি মোৰ কৰ্মকাণ্ড উপভোগ কৰি থাকিল৷ মুনিহ তিৰোতাই একেলগে বিচনাত শুই কি কৰে সেই সম্পৰ্কে আমাৰ এটাৰো কোনো জ্ঞান নাছিল, কেৱল আমি দুয়োটাই দুটোটাৰে গাত লাগি থাকি হেঁচা-হেঁচি কৰিয়েই পৰম তৃপ্তি পাইছিলোঁ৷ নগ্ন নাৰীৰ শৰীৰ চাবলৈ সেইসময়ত মোৰ বৰ মন গৈছিল কিন্তু তাৰ বাবে কোনো সুবিধা পোৱা নাছিলো৷ বাগাড়ী শ্ৰমিকৰ তিৰোতাবোৰ আমাৰ ঘৰৰ পিচফালে থকা চোতালৰ দমকলটোত গা ধুবলৈ প্ৰায়েই আহে ৷ মই ওচৰতে থকা নিম গছজোপাত উঠি সিহঁতে গা ধোৱা চাই থাকোঁ৷ সিহঁতে সম্পূৰ্ণকৈ কাপোৰ কেতিয়াও নোখোলে, ফলত মোৰ মনোবাঞ্চা পূৰ্ণ নহয়৷ আমাৰ ঘৰলৈ ফুৰিবলৈ অহা মানুহক যাবৰ সময়ত ৰে’লত উঠাই থ’বলৈ আমি মাজে মাজে দিল্লী ৰেইল ষ্টেচনলৈ গৈছিলোঁ৷ আহোঁতে কেতিয়াবা ছৌৰী বজাৰেদি আজমিৰী গেইট হৈ আহিলে বেশ্যালয়ৰ তিৰোতাবোৰ দেখা পোৱা যায়৷ এবাৰ সিহঁতৰ এজনীয়ে মোকো হাত বাউল দি মাতিছিল৷ মই কেইবাৰাতিও দৃশটো মনত পেলাই লৈ অলস চিন্তাৰ বিলাস কৰিছিলোঁ৷ বাৰ বছৰ নোহোৱালৈকে ৰতিক্ৰিয়া কেনেকৈ হয় মই একো নাজানিছিলো৷ এবাৰ জোনাক নিশাৰ কথা৷ আমি বাহিৰত গাতে গা লগাই বিচনা পাৰি শুই আছিলো৷ তেনেতে মই গম পালোঁ, দেউতা ৰাতি পাৰ্টিৰ পৰা ঘুৰি আহি কাপোৰ সলাই লৈ মাৰ বিচনাৰ ওচৰ পালেগৈ৷ মায়ে কিছু বাধা দিয়াও শুনিলো – “চাওঁ এৰা, ইহঁত ল’ৰা-ছোৱালীয়ে গম পাব।” কিন্তু বিলাতী সুৰাৰ ৰাগিত দেউতাৰ তেতিয়া মাৰ কথালৈ কাণ দিয়াৰ অৱসৰ নাই৷ মই লুকাই চুৰকৈ চাই থাকি দেখিলোঁ দেউতা মাৰ ওপৰত উঠি মাৰ পায়জামাটো খহাই ল’লে। তাৰপিছত নিজেও তেনে কৰি শৰীৰ সঞ্চালন কৰিবলৈ লাগিল৷ ক্ষন্তেক সময়ৰ পিছতে দেউতা মাৰ ওপৰতে শুই পৰিল৷ তাৰপিছত নিজৰ পায়জামাৰ ৰছী বান্ধি বান্ধি নিজৰ বিচনালৈ গুছি গ’ল৷ দেউতাইনো সেইয়া কি কৰিলে মই একো বুজি নাপালো কিন্তু কথাটো মোৰ একেবাৰে ভাল নালাগিল৷ কেইবাদিনো মোৰ মনটো বৰ অশান্তিত থাকিল৷ কেইবাদিনো দেউতাৰ চকুলৈকে মই চাব পৰা নাছিলো৷
এবাৰ গৰমৰ বন্ধত মিয়াছান্নুত থাকোঁতে আমাতকৈ অলপ ডাঙৰ ল’ৰা এটাই আমাক যৌন ক্ৰিয়াৰ কথা কৈছিল৷ তেতিয়ালৈকে যি বুজিছিলোঁ সেয়া হৈছে দেখনীয়াৰ ল’ৰাৰ লগত কৰা যৌন-ক্ৰিয়া৷ কিন্তু ছোৱালীৰ লগত আচলতে কৰে কি? সি আমাক বুজাই দিছিল – পাৰ্থক্যটো হৈছে ল’ৰাৰ লগত কৰিলে একো কথা নাই কিন্তু ছোৱালীৰ লগত কৰিলে ছোৱালীজনী অন্তঃসত্বা হৈ যাব৷ বছ সিমানেই! চৈধ্য বছৰ বয়সলৈকে মই নাৰীৰ গুপ্তাংগ দেখা নাছিলোঁ৷ এবাৰ আমি মডাৰ্ণ স্কুলৰ ছাত্ৰহ’ত বাৰানসীলৈ গৈছিলোঁ৷ তাতে বননিৰ ওপৰত এটা ভোজৰ আয়োজন কৰা হৈছিল৷ মই বহা শাৰীটোৰ সমূখতে বহিছিল শিক্ষকৰ শাৰীটো৷ তাতে শিক্ষয়িত্ৰী এগৰাকী বহিবলৈ লওঁতেই তেওঁৰ শাৰীখন দাঙ খাই গৈ দুই উৰুৰ মাজৰ সেই অসূৰ্যস্পৰ্শিত ববছা বনৰ অঞ্চলটো মোৰ চকুৰ আগত উন্মুক্ত হৈ পৰিল৷ মই স্তম্ভিত হৈ সেইপিনেই থৰ লাগিলোঁ।

মেট্ৰিক পৰীক্ষা পাছ কৰি মডাৰ্ণ স্কুল এৰি অহাৰ পিছতহে ছোৱালীৰ প্ৰতি মোৰ আকৰ্ষণ আৰু সচেতনতা বৃদ্ধি পাইছিল৷ এবাৰ মোৰ টাইফয়েদ হৈছিল৷ অসুখটোৱে মোক কথা ক’ব পৰা আৰু লৰচৰ কৰিব নোৱাৰাকৈ দুৰ্বল কৰি পেলাইছিল৷ মোৰ যত্ন ল’বৰ বাবে এগৰাকী নাৰ্চ নিয়োগ কৰা হৈছিল৷ যতদূৰ মনত পৰে তাই ক’লা বৰণৰ লাহী চেহেৰাৰ আছিল৷ স্তনদুটাও আছিল সৰু সৰু৷ কিন্তু তাইৰ চকুদুটা বৰ উজ্জ্বল আছিল৷ মোৰ শৰীৰৰ তাপ জোখাৰ লগতে তাই তিতা কাপোৰেৰে মোৰ শৰীৰটো মচিও দিছিল৷ এদিন এনেকৈ মচিবলৈ লওতেই তাই মোৰ দুভৰিৰ মাজত হাত ফুৰাই ক’বলৈ ধৰিলে – “এই, তোমাৰ এইঠাইত এতিয়া লাহে লাহে বন গজিবলৈ আৰম্ভ হৈছে৷ তুমি যেতিয়া আৰু ডাঙৰ হ’বা, তেতিয়া এই সৰুবাপুটোও ডাঙৰ আৰু শক্তিশালী হ’ব৷” তাইৰ কথাৰ উত্তৰ দিবলৈ মোৰ গাত তেতিয়া শক্তিয়েই নাছিল৷ মোৰ হাতটো নিজৰ হাতত লৈ তাই বুকুত হেঁচি ধৰিছিল৷ তাইক আলফুলে মৰম কৰিব পৰাৰ শক্তি মোৰ তেতিয়া নাছিল, কিন্তু যেতিয়া হ’ল, তাৰ লগে লগে তাইৰ কামো শেষ হ’ল৷ এই নাৰ্চজনীয়েই, যাৰ নাম মই আজিলৈকে নাজানিলোঁ, মোক প্ৰথমবাৰৰ বাবে নাৰীৰ শৰীৰৰ প্ৰতি সজাগ আৰু প্ৰলোভিত কৰি তুলিছিল৷ তেতিয়ালৈকে মই নাজানিছিলোঁ যে পুৰুষৰ দৰে নাৰীয়েও যৌন সম্ভোগৰ পৰা তৃপ্তি বিচাৰে৷ মই আগতে ভাবিছিলোঁ কেৱল পুৰুষক সন্তুষ্ট কৰিবলৈহে নাৰীয়ে ৰতিক্ৰিয়াত সহযোগ কৰে৷
সম্ভৱ মোৰ পঢ়াশালিৰ দিনবোৰৰো সেই সময়তেই সমাপ্তি ঘটিল৷ (আগলৈ..)

(ইয়াৰ আগৰ খণ্ড কেইটা এই লিংকটোত পাব www.utpalbadolbaruah.com)

No comments:

Post a Comment