Thursday, August 3, 2017

অনুবাদৰ পৰা কিয়দাংশঃ (৪)

শান্তিনিকেতনলৈ মই কৰা ৰে’ল যাত্ৰাটোৱেই আছিল মোৰ জীৱনৰ প্ৰথম ৰে’ল-যাত্ৰা ৷  ৰে’লৰ তৃতীয় শ্ৰেনীৰ ডবা এটাত যাত্ৰা কৰিছিলো ৷ হাওঁৰাত ৰে’লখন সলনি কৰি মই গৈ বোলপুৰত উপস্থিত হ’লোগৈ ৷  বাৰিষা আৰম্ভ হৈছেহে মাত্ৰ তেতিয়া ৷  হাওঁৰা আৰু বোলপুৰৰ আশ-পাশ ডোঙা পানীৰে ভৰি আছিল ৷ ষ্টেচনৰ পৰা গৰু-গাড়ী এখন ভাড়া কৰি লৈ গৈ এঘন্টাৰ পিছত মই বিশ্ববিদ্যালয়ৰ চৌহদত ভৰি দিলোগৈ ৷  বিশ্ববিদ্যালয়ৰ প্ৰশাসনীয় বিষয়াজনে মোক আচবাব পাতি নথকা ডাঙৰ কোঠা এটালৈ লৈ গ’ল, তাতেই শ্ৰীলংকাৰ পৰা অহা মঞ্জুশ্ৰী নামৰ বৌদ্ধ  ডেকা এজনৰ লগত মই থাকিব লাগিব ৷ তাৰপিছত তেখেতে মোক খোৱা ঘৰটো আৰুকলা ভৱন’-টো দেখুৱাই দিলে ৷  চৌহদটো এপাক চাই মই যেতিয়া কোঠালৈ উভতি আহিলো তেতিয়া এন্ধাৰ নামিবলৈ আৰম্ভ কৰিছিল ৷ টোপাটোপে বৰষুণ পৰা আৰম্ভ হ’ল৷ কোঠাটোত মই লগত অনা বিচনাখন মেলি দিলো৷  লেম্প এটা জ্বলাই লৈ মঞ্জুশ্ৰীয়ে কিবা পঢ়ি আছিল ৷ আমাৰ কোঠাটোত বিজুলী সংযোগৰ ব্যৱস্থা নাছিল৷  পৰিচয় হোৱাৰ পাছতে আমি ইংৰাজী ভাষাৰেই কথা বতৰা আৰম্ভ কৰিলো৷  মঞ্জুশ্ৰীয়ে ভাৰতীয় ভাষা নাজানিছিল ৷  শান্তিনিকেতনত সি পালি বৰ্ণৰ ওপৰত গৱেষণা কৰিবলৈ আহিছিল ৷ সি ব্ৰহ্মচাৰী ব্ৰত লৈ বিয়া নকৰাবলৈ শপত খাইছিল আৰু সিহঁতৰ নিয়মমতে কোনো নাৰীৰ লগতে কথা পাতিব নোৱাৰিছিল ৷ পৰিচয়ৰ পাছতে সি মোক সোধা প্ৰথম প্ৰশ্নটো আছিল - মই কেইজনী ছোৱালী চিনি পাওঁ!

টান মজিয়াত শোৱাৰ অভিজ্ঞতা মোৰ আগতে নাছিল৷  বাহিৰৰ বৰষুণজাক ক্রমান্বয়ে টান হৈ আহিছে ৷ ছয়াময়া সপোনৰ মাজত তন্দ্ৰালস হৈ মই বিচনাখনত পৰি আছো ৷ এনে লাগিছে কৰবাৰ পৰা যেন এক সংগীতৰ ধ্বনি ভাঁহি আহিছে , বৰ লাহে লাহে সেই সংগীত যেন ওচৰ চাপি আহি আছে ৷ অলপ সময়ৰ পাছত মোৰ অনুভৱ হ’ল এইয়া মই সপোন দেখা নাই! বিচনাখনত মই উঠি বহিলোহয়, বাহিৰৰ পৰা সংগীতৰ ধ্বনি এতিয়া ভাঁহি আহিছে, বেছ স্পষ্টকৈ!  কোঠাটোৰ দুৱাৰখন খুলি দিলো ৷ আহ্‌, কি এক দৃশ্য ! কুব্জটিকা ফালি ওলাই আহিছে এজাক ৰূপালী আলোক ৷  বৰষুণৰ মাজে মাজে শুধ বগা পোছাক পৰিহিত কিশোৰ-কিশোৰীৰ এটা দল গীত গাই গাই নৃত্য কৰি আগবাঢ়ি আহি আছে ৷ তেওঁলোকৰ এজনে হাতত কঢ়িয়াই লৈ আহিছে এটা লেন্টাৰ্ন আৰু হাতত কেইবাডালো মমবাতি ৷ এক মায়াময় পৰিৱেশ! সেই দৃশ্যৰ লগত চৌপাশৰ পৰিৱেশ এনেকৈ সংপৃক্ত হৈ পৰিছিল যে তেওঁলোক পাৰ হৈ নোযোৱালৈকে মই ৰুদ্ধস্বাসে তেওঁলোকলৈ একেথৰে চাই ৰ’লো৷ বৰ্ষা ঋতুক আদৰণি জনাবলৈ আয়োজন কৰা সেইয়া হৈছে ‘বৰ্ষা-মংগল’ - মঞ্জুশ্ৰীয়ে ক’লে ৷ বৰষুণক আদৰণি জনাবলৈ এনেকৈয়ে তেওঁলোকে গোটেই চৌহদটো ৰবীন্দ্ৰ সংগীত গাই গাই পৰিভ্ৰমণ কৰিব - মঞ্জুশ্ৰীয়ে আকৌ ক'লে ৷


শান্তিনিকেতনৰ আৰম্ভনিটো বৰ সুন্দৰকৈ হ’ল ৷ সেই সংগীত আৰু সুন্দৰৰ অপৰূপ মূহুৰ্তই মোক কেইবাবছৰলৈকে পিছ এৰা নাছিল৷ সেইদিনা সেইয়া মাথোঁ আৰম্ভনিহে আছিল ৷….. (আগলৈ)

No comments:

Post a Comment