Sunday, December 3, 2017

পতি-পত্নীৰ পোৱাৰ আনন্দ আৰু নোপোৱাৰ বেদনা


পতি-পত্নীৰ পোৱাৰ আনন্দ আৰু নোপোৱাৰ বেদনা

সৃষ্টিৰ আৰম্ভণিতে সৃষ্টিকৰ্তাই পুৰুষসকলক মঙল গ্ৰহত স্ৰজন কৰিছিল ৷ নাৰী সকল আছিল শুক্ৰ গ্ৰহত ৷ এটা গ্ৰহে আনটোৰ বিষয়ে সমূলি সম্ভেদ পোৱা নাছিল ৷ দুয়োটা গ্ৰহৰ পৰিৱেশ, জলবায়ু, জীৱন পদ্ধতি আৰু জীৱনদৰ্শন আছিল সম্পূৰ্ণ বেলেগ ৷ এসময়ত মঙল গ্ৰহত দূৰবীক্ষণ যন্ত্ৰৰ আৱিষ্কাৰ আৰু এই যন্ত্ৰৰদ্বাৰাই মঙলবাসীয়ে শুক্ৰ গ্ৰহত থকা নাৰীসকলক আবিষ্কাৰ কৰিলে ৷ সুদীৰ্ঘ সময় একধৰণৰ জীৱন প্ৰণালীত দুয়োটা গ্ৰহৰ বাসিন্দাসকল অতিষ্ঠ হৈ উঠিছিল, সেয়ে দুয়ো দুয়োকে লগ পাবলৈ উত্ৰাৱল হৈ উঠিল ৷ সোনকালেই মঙলবাসীয়ে মহাকাশযান আবিষ্কাৰ কৰিলে আৰু শুক্ৰ গ্ৰহত গৈ পদাপৰ্ণ কৰিলে ৷ শুক্ৰ গ্ৰহৰ নাৰীসকল যেন এই মুহুৰ্তৰ বাবেই যুগ-যুগ ধৰি উন্মূখ হৈ আছিল ৷ তেওঁলোকে মঙলবাসী পুৰুষসকলক হৃদয়ৰ সমস্ত আবেগ উজাৰি আঁকোৱালি ললে ৷ আৰম্ভ দুয়ো দুয়োকে জনা আৰু বুজাৰ প্ৰক্ৰিয়া , পঞ্চমুখ হৈ উঠিল পৰস্পৰ পৰস্পৰৰ প্ৰশংসাত ৷ এসময়ত মঙল গ্ৰহৰ পুৰুষ আৰু শুক্ৰ গ্ৰহৰ নাৰী একেলগ হৈ এটা বেলেগ জীৱনযাত্ৰা আৰম্ভ কৰাৰ সংকল্প ললে আৰু দুয়ো পৃথিৱীলৈ উৰি গুচি আহিল ৷ পৃথিৱীত আহি এটা নতুন গ্ৰহৰ নতুন পৰিৱেশত দুয়োৰে বৈবাহিক জীৱন আৰম্ভ ল ৷ এই নতুন পৰিস্থিতি আৰু পৰিবেশে দুয়োকে আগৰ গ্ৰহৰ, আগৰ জীৱনৰ কথা ক্ৰমান্বয়ে পাহৰাই আনিলে ৷ আৰু ঠিক সেই সময়ৰ পৰাই, দুয়ো নিজ-নিজ মূলৰ কথা পাহৰা মূহুৰ্তৰপৰাই আৰম্ভ পুৰুষ আৰু নাৰীৰ মনৰ নিৰন্তৰ সংঘাত!’

এয়া কোনো প্ৰাচীন মহাকাব্যৰ কিংয়দংশ বা ছায়াফিক উপন্যাসৰপৰা উদ্ধৃত কৰা অধ্যায় নহয়৷ জন গ্ৰে’ (John Grey) নামৰ লেখকজনে সফল বৈবাহিক জীৱনৰ বাবে লিখি উলিউৱামঙলৰ পুৰুষ আৰু শুক্ৰৰ নাৰী’ (Men are from Mars and Women are from Venus ) নামৰ কিতাপখনত সন্নিৱিষ্ট কৰা পুৰুষ আৰু নাৰীৰ পৃথক মানসতা বিচাৰৰ বাবে ব্যৱহাৰ কৰা হৈছে মূলসুত্ৰ৷ তেখেতৰ মতে নাৰী আৰু পুৰুষৰ দৃষ্টিভংগীৰ ইমানেই পাৰ্থক্য যে দুয়োকে দুটা গ্ৰহৰ প্ৰানী বুলি কল্পনা কৰি লোৱাই শ্ৰেয় ৷ দুয়ো দুয়োৰে বৈষম্য সম্পৰ্কে জ্ঞাত আৰু সচেতন নহলে বৈবাহিক জীৱনত শান্তি প্ৰতিষ্ঠাৰ প্ৰচেষ্ঠা কেৱল বৃথা ৷ প্ৰেমৰ যি শক্তিশালী অনুভুতি, যাৰ পৰশত জন্মদাতা আৰু অশেষ পৰিশ্ৰম কৰি তুলি-তালি সন্তানক ডাঙৰ কৰা পিতৃ-মাতৃকো তুচ্ছ কৰি যৌৱনৰ বেলা লগ পোৱা প্ৰেমিক বা প্ৰেমিকাক আজন্ম আপোন যেন লগা হয়, তেওঁলোকৰ ধেকুৰা কুকুৰটোতো স্বৰ্গীয় সৌন্দৰ্যৰ প্ৰকাশ হোৱা যেন লাগে৷ এই অনিৰ্বচনীয় উপলব্ধি মানুহৰ জীৱনত দীৰ্ঘকাল স্থায়ী নহয় কিয়? কিয় বিচ্ছেদ হয় প্ৰেম বিবাহৰ? কিহৰ বাবে দৈনিক গৃহ কন্দলেৰে ভৰি পৰে আতোলতোলকৈ গঢ়ি লোৱা বৈবাহিক সংসাৰ? প্ৰচলিত প্ৰেমৰ সংজ্ঞাক এশ শতাংশই প্ৰকাশ কৰি গীতিকাৰ ভূপেন হাজৰিকাই লিখিছিলপ্ৰেমৰ অৰ্থ একেটি মনৰ দুটি মানুহ! একেই ভূপেন হাজৰিকাই বৈবাহিক জীৱন সম্পৰ্কে পৰৱৰ্তী জীৱনত এইদৰে উপলব্ধি কৰিছে,- “তাৰ পাছত, অভিনয় কৰি যায় প্ৰায়বিলাক দম্পতীয়ে ৷ গোটেই জীৱন অভিনয় কৰাতকৈ ঠিক ডেকা কালতে বিচ্ছেদ হোৱাই ভাল ৷ (মই এটি যাযাবৰ গ্ৰন্থৰ পৃষ্ঠা নম্বৰ ১৮৩/১৮৪) পাশ্চাত্য দেশৰ তুলনাত আমাৰ সমাজত বিবাহ বিচ্ছেদৰ ঘটনা যথেষ্ট কম ৷ পুৰুষ আৰু নাৰীৰ সংসাৰৰ মূল সমস্যা সকলো ঠাইতে প্ৰায় একে ৷ বাহিৰৰ দেশত যি কাৰণৰ বাবে এৰাএৰি পৰ্যন্ত হৈ যায়, আমাৰ দেশত সেই অশান্তিৰ বীজ বহন কৰিও সংসাৰ চলি গৈ থাকে৷ সেয়ে গীতিকাৰে সুখী যেন লগা সম্পতীসকলেও অভিনয় কৰে বুলিয়েই সন্দেহ কৰিছে ৷ তেনেহলে দুটা মানুহ, পুৰুষ আৰু নাৰীৰ একেটা মন সম্ভৱনে? জনপ্ৰিয় গজল শিল্পী জগজিত সিঙে এবাৰ এটা সাক্ষাৎকাৰত নিজৰ বৈবাহিক জীৱন সম্পৰ্কে কৈছিল, - মই বিশ্বাস কৰোঁ, কোনো বিবাহিত পুৰুষ-নাৰীয়েই বিয়া কৰি সম্পূৰ্ণ সুখী নোৱাৰে ৷ কিহৰ বাবে সৃষ্টি হয় এনে ছন্দপতন? সুখৰ সন্ধান তেনেহলে? শেহতীয়াভাৱে সমাজবিজ্ঞানীসকলে এই অশান্তিৰ অনেক কাৰণ গৱেষণা কৰি উলিউৱাৰ লগতে প্ৰতিকাৰৰ - উপায়ো উদ্ভাৱন কৰিছে ৷ গ্ৰে মতে ইয়াৰ প্ৰধান কাৰণ পুৰুষ আৰু নাৰী উভয়ে উভয়ৰ ভিন্নতা সম্পৰ্কে চূড়ান্তভাৱেই অজ্ঞ ৷ Handbook for Husbands নামৰ কিতাপ এখনৰ লেখক গেৰি স্মেলিৰ মতেও এই ছন্দপতনৰ এটা প্ৰধান কাৰণ পুৰুষ আৰু নাৰী দুয়োৰে বৈবাহিক জীৱনৰ পূৰ্বেই পুঞ্জীভূত হোৱা অলীক কল্পনাবিলাসহে! নানা মুনিৰ নানা মত লেও এই সম্পৰ্কত জন গ্ৰে সূত্ৰ আৰু সমাধানেই আটাইতকৈ বেছিকৈ সমাদৃত আৰু ফলপ্ৰসূ বুলি প্ৰমাণিত হৈছে৷

পত্নীয়ে পতিৰ বিৰুদ্ধে সততে উত্থাপন কৰা অভিযোগটো , - পতিসকলে পত্নীৰ কথালৈ কাণসাৰ নকৰে ৷  কিবা এটা বলৈ মুখ মেলিলেই তেওঁলোকে সমাধান সূত্ৰ এটাৰে প্ৰসংগটোৰ মোখনি মাৰি থৈ দিয়ে ৷ মোৰ কথালৈ কাণ দিবলৈ তোমাৰ সময় আছেনে! একেদৰে পতিৰো পত্নীৰ বিৰুদ্ধে সঘনে উত্থাপিত অভিযোগটো হৈছে, - পত্নীয়ে তেওঁক পাকে-প্ৰকাৰে সলনি কৰিবলৈ অহৰহ চেষ্টা কৰি থাকে৷ ইয়াৰ বাবে তেওঁৰ কত যে পাকচক্ৰ, কিমান উপদেশ-অভিযোগ! তেওঁ নাজানে, তিৰোতাৰ কথাত উঠা-বহা কৰা তিৰোতা সেৰুৱা মই নহয় নিতান্তই স্বাভাৱিক এই মানসতাৰ বিশ্লেষণ কৰিবলৈ আলোকপাত কৰিব লাগিব সৃষ্টিৰ সেই পাতনিৰ দিনবোৰলৈ৷

মঙল গ্ৰহত তেতিয়াও দূৰবীক্ষণ যন্ত্ৰৰ আবিষ্কাৰ হোৱাই নাছিল৷ সেই গ্ৰহৰ বাসিন্দাসকলৰ মাজত নিজকে শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবৰ বাবে কৰা চেষ্টাৰ কোনো নিৰ্দ্দিষ্ট সীমা নাছিল৷ নিজৰ কৰ্মদক্ষতা, কুশলতা আৰু ইপ্সিত ফলপ্ৰাপ্তিৰ ওপৰতে মঙলবাসীসকলে আটাইতকৈ বেছি গুৰুত্ব দিছিল৷ হাতত লোৱা যিকোনো কামৰ ফলাফলৰ ওপৰতেই নিৰ্ণীত হৈছিল কৰ্মীজনৰ যোগ্যতা আৰু সন্মান সাধাৰণতে নিজৰ ব্যক্তিগত সমস্যাৰ কথা মঙল গ্ৰহত কোনেও কাৰো আগত প্ৰকাশ নকৰিছিল৷ অগত্যা যদি কোনোবাই কৰিব লগা হৈছিল, তাত নিহিত আছিল সমস্যা সমাধানৰ বাবে আশা কৰা আগন্তুকৰ উপদেশ বা অন্য কোনো উপাদানৰ সন্ধান ৷ সেয়ে মঙল গ্ৰহত কোনোবাই যদি নিজৰ সমস্যাৰ কথা কয়, আনে পোনে-পোনে তাৰ সমাধানৰ বাবে পৰামৰ্শ দিবলৈ যত্ন কৰে ৷ অৱশ্যে গভীৰ সমস্যাৰ সন্মূখীন নহলে তেওঁলোকে নিজৰ দুৰ্বলতা আনৰ আগত কেতিয়াও প্ৰকাশ নকৰে আৰু অনাৱশ্যক উপদেশ বা পৰামৰ্শই সাধাৰণতেই তেওঁলোকক বিৰক্ত কৰে মঙলৰ বাসিন্দাসকল আত্মাভিমানী আৰু বাস্তৱবাদী, সুখ-দুখ, স্নেহ-ঘৃণা, আদৰ-যত্ন আদি মানসিক অনুভূতিৰ লেন-দেনৰ চিন্তাৰে তেওঁলোকে সময় খৰচ কৰিব নোখোজে৷ খোজে শুক্ৰ গ্ৰহত শুক্ৰ গ্ৰহৰ দৰ্শন মঙল গ্ৰহৰ পুৰুষসকলৰ জীৱনদৰ্শনৰ বিপৰীত৷ কঠোৰ প্ৰতিযোগিতা, কৰ্মদক্ষতা, আশাশুধীয়া অনুশীলন, চমকপ্ৰদ প্ৰযুক্তিবিদ্যা আৰু সুফল প্ৰাপ্তিৰ সাধনাই জীৱন বুলি মঙল গ্ৰহৰ দৰে শুক্ৰ গ্ৰহৰ নাৰীসকলে বিশ্বাস নকৰে৷ তাতোকৈ তেওঁলোকে গুৰুত্ব দিয়ে শান্তি আৰু সহমৰ্মিতাৰে ভৰপূৰ বলিষ্ঠ সামাজিক বান্ধোনত ৷ পাৰস্পৰিক সহযোগ, পলব্ধিৰ সমবিতৰণ আৰু অপাৰ্থিৱ সৌন্দৰ্যৰ উপাসনাই শুক্ৰ গ্ৰহৰ মূল জীৱন মন্ত্ৰ নিজৰ যিকোনো সমস্যাৰ কথাই তেওঁলোকে বিনাদ্বিধাই আনৰ লগত আলোচনা কৰিব পাৰে৷ পুৰুষসকলৰ দৰে সমাধান প্ৰাপ্তিৰ গোপন আকাংক্ষা তাত নাথাকে৷ নাথাকে পুৰুষৰ দৰে নিজকে লঘু বুলি ভবাৰ হীনমন্যতা যিকোনো সমস্যা বা উপলব্ধিকে শুক্ৰ গ্ৰহৰ বাসিন্দাসকলে বিভিন্ন প্ৰকাৰে লুটিয়াই-বগৰাই আলোচনা কৰি ভাল পায়; সমাপ্তিত কিবা সমাধান সুত্ৰ ওলাওকেই বা নোলাওক!

পতিয়ে পত্নীৰ কথালৈ কাণসাৰ নকৰা আৰু পত্নীয়ে পতিক সলনি কৰাৰ বাবে অব্যাহত ৰখা নিৰৱিচ্ছিন্ন প্ৰচেষ্টাৰ গুৰি কথা আচলতে পুৰুষ আৰু নাৰীৰ বংশানুক্ৰমিক চাৰিত্ৰিক বৈশিষ্ট্য কোনো এটা সমস্যাৰ উত্থাপন মানেই পুৰুষৰ বাবে তাৰ সমাধান সুত্ৰৰ সন্ধান ! আৰু আশু সমাধান সুত্ৰ মানেই নাৰীৰ বাবে উপেক্ষা আৰু পৰিকল্পিত অৱহেলা ! দুটা সংক্ষিপ্ত উদাহৰণ লোৱা হওক অফিচৰ পৰা ক্লান্ত হৈ ঘুৰি আহি পত্নী অনুৱে পতি হৰিলালক লে, - ইমান কষ্ট, নোৱাৰি আৰু দেই! দৌৰি ফুৰোঁতেই দিনটো পাৰ হয়; নিজলৈ বুলি যদি অলপমানো সময় থাকিলহেঁতেন!
চাকৰি কৰিবলৈ বাদ দিয়া হৰিলালৰ পোনপটীয়া সমাধান
তুমি লেই নে কি? কি কৰি থাকিম মই দিনটো ! আজি গেছ ছিলিণ্ডাৰ অনা নহ নহয়!
কাইলৈ ৰঘুক পঠিয়াই দিম দিয়া
মই মনত নেপেলালে তোমাৰতো খবৰেই নাই ঘৰ কেনেকৈ চলি আছে
তোমাৰ পুৰণি ৰেকৰ্ডখন আকৌ নবজাবাচোন .
মই মুখ মেলিলেই আজিকালি তুমি দাং খাই উঠা
মনে-মনে থাকাহে !
তাৰ পাছত মান-অভিমান, ঠেহ-পেচ, উপবাসৰ এখন দীঘলীয়া কাৰ্যসূচী হৰিলালে সেই মূহূৰ্তত যদি শুক্ৰ গ্ৰহৰ জীৱনদৰ্শনলৈ এবাৰো মনত পেলালেহেঁতেন, ঘটনাটোৰ ৰূপেই বেলেগ লহেতেন
ইমান কষ্ট, নোৱাৰি আৰু দেই! দৌৰি ফুৰোঁতেই দিনটো পাৰ হয়; নিজলৈ বুলি যদি অলপমানো সময় থাকিলহেঁতেন!
হয় দেই, গৰমটোও এইকেইদিন ইমান বেছি হৈছে অফিছত তুমি মাজে-মাজে অলপ আৰাম কৰাৰ সুবিধা এটা উলিয়াই লব নোৱাৰানে?
হৈছে আৰাম কৰিবা ! এক মিনিট মই নহলে কাম নচলে আজি গেছ ছিলিণ্ডাৰটো অনা নহ নহয় !
মইও পাহৰি লো হঠাতে এইটো ছিলিণ্ডাৰ শেষ লে বিপদেই যেন পাইছোঁ শেষত কষ্টতো তোমাৰেই বগৈ
আৰু এসপ্তাহমান চলিব লাগে অৱশ্যে হেৰি নহয়, তুমি অফিছৰ পৰা আহি চাহ-তাহ কিবা খালা জানো ?
 গৌতম আৰু তনুজা জালুকবাৰীলৈ বন্ধু পুত্ৰৰ জন্মদিনলৈ ওলাইছিল বন্ধুৰ ঘৰ থকা অঞ্চলটোত সোমোৱাৰ পাছতেই গৌতমক পৰুৱাই পালে বলা এই পথটোৰ  তিনি নম্বৰ ঘৰটো ? – নাই, নহয় সিফালৰ ছয় নম্বৰটো ? নহয় তনুজাই লে, - “ইমানকৈ ঘুৰি আছা, সেই পিচিঅটোতে সুধি নোলোৱা কিয়?” গৌতমে গেঙেৰি মাৰি উঠিল, - “পাৰিমহে তুমি মোক কি বুলি ভাবিছা, সৌ সিদিনা আহি যোৱা দুমাহ হোৱা নাই !” অৱশেষত চল্লিছ মিনিট বিভিন্ন প্ৰকাৰে ঘুৰি-ঘুৰি গৌতমে বন্ধুৰ ঘৰ উলিয়ালে ঠিকেই, কিন্তু জন্মদিনৰ উৎসৱত থাকিব লগা আনন্দ আৰু উৎসাহৰপৰা মনটো বঞ্চিত হৈ তনুজাই ঠিকেই কৈছিল; কিন্তু আত্মাভিমানী মঙল গ্ৰহৰ অভ্যাসে কথা কেইষাৰ গৌতমৰ মগজুলৈ কঢ়িয়াই লৈ যাওঁতেই বেলেগ ৰূপ লে, - “তুমি এই সাধাৰণ ঘৰটো বিচাৰি উলিওৱা কামটোৱেই দক্ষতাৰে কৰিব পৰা নাই, অপদাৰ্থ ৰবাৰ !” সেই সময়ত তনুজাই মঙল গ্ৰহৰ জীৱন দৰ্শনলৈ মনত পেলোৱা উচিত আছিল পুৰুষসকল দক্ষতা আৰু পাৰদৰ্শিতাত গুৰুত্ব দিয়া লোক, অবাঞ্ছিত উপদেশ আৰু পৰামৰ্শই পুৰুষক বিৰক্ত কৰে একেই বাক্যষাৰ যদি তনুজাই – ‘পাৰিবা, ঠিকেইতো আহিছা, সেই পথটোও চাই আহোঁ লাচোনবুলি লেহেঁতেন, ঘটনাটোৰ ৰুপটো এনে নহলহেঁতেন৷

পতি আৰু পত্নীয়ে স্বাভাৱিকতে কৰা ভুলটো হৈছে, পত্নীয়ে বিভিন্ন সমস্যাৰাজিৰ আলোচনাৰে সম্পৰ্কটো ঘনিষ্ঠ কৰাৰ প্ৰয়াস কৰে; পুৰুষসকলে সমস্যাৰ পোনপটীয়া সমাধান সূত্ৰৰে পত্নীক সহায় কৰা বুলি ভাবে যদিও স্বভাৱজাত বৈশিষ্ট্যৰ বাবেই পত্নীসকল এনে ব্যৱহাৰত ক্ষুণ্ণ হয় আনহাতে পতিৰ ভুলক লৈ কৰা মন্তব্য আৰু সেই সন্দৰ্ভৰ উপদেশ, পৰামৰ্শই পতিসকলক বিৰক্ত কৰে৷ স্বভাৱজাত বৈশিষ্ট্যৰ বাবেই পত্নীয়ে পতিক কৰিব খোজা সহায়ত পতিয়ে পত্নীসকলৰ অবিশ্বাস আৰু অৱহেলাৰ গোন্ধ পায় ইয়াৰ অৰ্থ এইটো নিশ্চয় নহয় যে সময়সাপেক্ষে প্ৰয়োজনীয় উপদেশ, পৰামৰ্শ দিয়াৰপৰাও পত্নীসকল সদায় বিৰত থাকক বা অনাৱশ্যকভাৱে পতিসকল পত্নীৰ লগত নিৰ্লিপ্ত বাৰ্তালাপত নিমগ্ন হওক যুগ্মজীৱনৰ প্ৰতিটো মুহূৰ্তত পতি আৰু পত্নী অত্যন্ত সংযমশীল হোৱাটো আৱশ্যক তাতোকৈও আৱশ্যক পুৰুষ আৰু নাৰীৰ পৰস্পৰৰ প্ৰতি থাকিব লগা চাৰিত্ৰিক বৈষম্যৰ জ্ঞান আৰু সন্মান দুয়োৰে মানসতাৰ পাৰ্থক্য দুটা বেলেগ গ্ৰহৰ বাসিন্দাৰ মনৰ পাৰ্থক্যৰ দৰে এই সত্যক অস্বীকাৰ কৰাৰ উপায় নাই অন্ততঃ আগন্তুক এটা পষেক পুৰুষসকলে আশু সমাধান সূত্ৰ আগবঢ়োৱাৰ অভ্যাস পৰিহাৰ কৰি পত্নীৰ কথাত আন্তৰিকতাৰে ভাগ লৈ চাওকচোন আৰু পত্নীয়েও পতিসকলক অযথা পৰামৰ্শ দিয়াৰপৰা বিৰত থাকক গৱেষণাই প্ৰমাণ কৰিছে, ফলাফল আপোনালোক নিজেই অনুভৱ কৰিব পাৰিব


(প্ৰান্তিক ১৬ মে২০০৫ চনত প্ৰকাশিত ৷)

No comments:

Post a Comment