গেৰেলাচুক গাওঁত ভাওনা
কৰি পেহা ঘৰলৈ উভতিবলৈ ওলাইছে৷
সচৰাচৰ হোৱাৰ দৰে নামঘৰৰ
মজিয়াত পতা ভাওনা নহয়, ৰসাই বায়নৰ এঘাৰ পূৰা মাটিৰ গছীধান আনি মেজি সাজি ৰাখিব পৰা
আহল বহল চোতালত হোৱা ভাওনা এইখন৷ বায়ন পুহমাহৰ ওঠৰ তাৰিখে ঢুকাল৷ ভাওনা বুলিলে পৃথিৱীৰ
সমস্ত কথা পাহৰি আত্মউৎসৰ্গা কৰিব পৰা ৰসাই শইকীয়া এই অঞ্চলহে নালাগে গোটেই জিলাতে
ভক্তপ্ৰাণ বুলি পৰিচিত আছিল৷ মূৰত মথুৰা পাগ মাৰি খোলটো ওলোমাই লোৱাৰ পাছত বায়নে
সদায় স্থান কালৰ কথা পাহৰি যায়! গায়ন বায়নৰ যেতিয়া যোৰা উঠে ভকতসকলৰ মাজত মূৰত পাগ,
কপালত চন্দনৰ ফোট, ডিঙিত ডুগডুগী পিন্ধি লোৱা ৰসাই বায়ন ভোটা তৰা জিলিকাদি জিলিকি
থাকে৷ ভাওনাৰ দিনত যদি তেখেত কেতিয়াবা কেনেবাকৈ নৰিয়াত পৰে, ভাওনাৰ তাৰিখেই পিছুৱাই
দিয়া হয়!
পৰিয়ালে ধৰিলে তেখেতৰ
শ্ৰাৰ্দ্ধৰ দিনাই ৰাইজে এখন ভাওনা পাতক, খৰচ পাতি পৰিয়ালেই বহন কৰিব ৷ হওঁতে কথাটো
ঠিকেই আছিল কিন্তু সময়টোহে বৰ বেয়া হ’ল – ঠেতুৱৈ লগা ঠাণ্ডা পৰিছে৷ এইবাৰৰ জাৰৰ প্ৰকোপটো
আনবাৰতকৈও বেছি৷ ভাওনাত পেহাই নাৰদৰ ভাওটো দি সহায় কৰিব লাগে – বচন মাথো দুথেৱা৷
আধাতে পেহা যাবগৈ পাৰিব ৷ ৰসাই বায়ন এসময়ত পেহাৰো গুৰু আছিল, কাজেই পেহাই না কৰিব
নোৱাৰিলে৷
পাছে পেহাই যেতিয়া নাৰদৰ
মেক-আপ ল’লে, গা শিৰশিৰাই যোৱা ঠাণ্ডা! গাত ছেলেং চাদৰ এখন লৈ ওলাব লগা ভাওঁ, হাত
আৰু ডিঙিত দুধাৰি ফুলৰ মালা, হাতত বীণা! ভাওটো শেষ হোৱাৰ পাছতে পেহা উভতিবলৈ ওলাল৷
চাইকেলখন যেন বৰফ হৈ আছে৷
আধা আন্ধাৰ- আধা পোহৰ ৰাষ্টাটোৱেদি পেহা ঘৰলৈ আগবাঢ়িছে৷ হাতমূৰ শিৰশিৰাই ঠাণ্ডাত
দাঁতে-দাঁত লাগি গৈছে৷ গেঞ্জীটোত পিঠিৰ ফালে ফুটা কেইটামান হৈছিল সেইপিনেদিয়েই বৰফৰ
শেল একোপাতহে যেন শৰীৰটোৰ ভিতৰলৈ সোমাই গৈছে৷ গাত লৈ থকা এৰী চাদৰখন নামতহে, উম
শূণ্য ৷ পেহাৰ ভৰিহাল লাহে লাহে জঠৰ হৈ আহিবলৈ ধৰিছে৷ দলনিখন পাৰ হৈ যাওতে পেহাই লক্ষ্য
কৰিলে আজি বাঁকে মাছ খাই থকাৰ কোনো শাৰি শব্দ নাই৷ চাৰিওফালে নিৰৱ৷ তেওঁসবেও জাৰতে
তাপ মাৰিছে বোধহয়৷ পেহাৰ উশাহ নিশাহবোৰ ছুটি হৈ আহিবলৈ ধৰিছে৷ অলপ পাছতে তেখেতৰ অনুমান
হ’ল আৰু অলপ সময় এই ভাঁজে গৈ থাকিলে তেখেতৰ মৃত্যু ধুৰুপ! দেহৰ ভিতৰলৈ উশাহটো কঢ়িয়াই
নিবলৈকে কষ্ট হৈছে!
সকলো বিপদৰে এটা সমাধান
থাকে – পেহাই নিজকে কোৱাৰ দৰে ক’লে আৰু তাৰ পাছতে চাইকেল খনৰ পৰা নামিল – কি কৰা যায়
এতিয়া ? সেইখিনিতেই ৰাষ্টাতোৰ ওপৰত পুল এটা আছে৷ পেহাই তাতে ক্ষন্তেক বহি লৈ চিন্তা
কৰিবলৈ ধৰিলে – ক’ত আছে এই বিপদৰ সমাধান সূত্ৰ! হঠাতে তেখেতৰ আৰ্কিমিডিছৰ দৰে ইউৰেকা
ইউৰেকা বুলি চিঞৰি উঠিবৰ মন গ’ল৷ ভৰিদুটা পুলটোত উঠাই লৈ তেখেতে বুক-ডাউন মাৰিবলৈ
আৰম্ভ কৰিলে – এক, দুই, …. আঠান্নৱৈ, নিৰান্নৱৈ…. তিনশ এক, তিনিশ দুই…৷ চাৰিশ তেইশ
আৰম্ভ হোৱাৰ লগে লগে পেহাৰ কাষলতি তল ঘামিবলৈ আৰম্ভ কৰিলে৷ ছশৰ ভাগ আৰম্ভ হোৱাৰ লগে
লগে কপালত ঘামৰ টোপালবোৰে ভুমুকি মাৰিলে৷ সাতশ আশীত শেষ কৰি তেখেতে গাত লবলৈ অনা
এৰী চাদৰখন ভাঁজ কৰি জাপি চাইকেলৰ কেৰিয়াৰত লগাই ল’লে৷ তাৰ পাছত কপালৰ ঘাম চুচি চুচি
পেহা যেতিয়া ঘৰ পালেহি তেতিয়াও গাৰ ঘাম ওলোৱা সম্পূৰ্ণকৈ বন্ধ হোৱাই নাছিল, মাত্ৰ ঘাম মচি আহি
থকা চুৰিয়াখনৰ আগটোহে চেঁচা চেঁচা লাগিছিল!
(“জীৱন বাটৰ
ৰসঃ চন্দ্ৰপেহা”-ৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব –
http://utpalbaruah.blogspot.com)
No comments:
Post a Comment