জীৱন বাটৰ
ৰসঃ চন্দ্ৰপেহা (২১)
ভাওনা
আৰু পেহাৰ ভাৱে লোকৰ ওপৰত কিমান প্ৰভাৱ বিস্তাৰ কৰিব পাৰে সেই কথা প্ৰতিপন্ন কৰিবলৈ
চন্দ্ৰপেহাই কোনো কিতাপ বা কাৰো উক্তিৰ আশ্ৰয় নলয়, নিজৰ অভিজ্ঞতাৰেই কয় - চপ-চপকৈ ৰস বৈ থকা ৰসাল কাহিনী !
চীনা
যুদ্ধৰ সময়৷ চীনা সৈন্যই প্ৰায়েই গাৱঁখনত পি-পিয়াই ফুৰেহি৷ সিহঁতৰ আকাৰ চুটি চাপৰ,
পিঠিত শক্তিশালী বন্দুক ওলোমাই লয়৷ কিচিৰ-মিচিৰ ভাষাৰে নিজৰ ভিতৰতে কথা পাতে৷ গাৱঁৰ
থলুৱা লোকক দেখিলে বুঢ়া তামোল খোজে – নাই বুলি কলে বন্দুক উলিয়াই লয়৷ গাওঁৰ মাজৰ
ৰাস্তাটোৱেদি সিহঁত যেতিয়া গিৰিপ গিৰিপকৈ পাৰ হৈ যায়, গাৱঁৰ গঞাই দুৱাৰ খিৰিকি মাৰি
ঘৰৰ ভিতৰতে তাপ মাৰি থাকে৷ সিহঁতে ক’ত বাহৰ পাতি থাকে জনা নাযায়, হঠাতে আবিৰ্ভাৱ হয়,
তাৰ পাছত আকৌ কেইদিনমানলৈ অন্তৰ্ধান ৷
সকাম
এভাগ খাই চন্দ্ৰপেহা ঘুৰি আহিছিল বেজৰ হোলাৰ পৰা ৷ চাইকেল নাই, খোজ কাঢ়ি কাঢ়ি৷
কথাত লাগি থাকোতেই সকাম ঘৰতে সন্ধ্যা লাগিল৷ বাৰিষা পাৰ হ'ল, খাল ডোঙৰ পানী শুকাইছে, কেইবাখনো ঘৰৰ গোঁহালি আৰু
পদূলিমূখত দিয়া জাকৰ ধোঁৱাই অঞ্চলটোত এটা ফুৰফুৰীয়া গোন্ধ বিয়পাই দিছিল৷ পথাৰৰ মাজৰ
চমু বাটটোৱেদি পেহা আহি গাওঁখনত উঠিবলৈ ধৰোঁতেই সমূখত দেখিলে এদল চীনা সৈন্য – হাতত
উন্মুক্ত বন্দুক ৷ প্ৰসাদৰ টোপোলা তাতে পেলাই পেহাই মাৰিলে লৰ ৷ আগে আগে পেহা, পিছে
পিছে চীনা সৈন্যৰ দলটো৷ কেমেৰা বৰাৰ ঘৰখনৰ পিছফালে পুখুৰী এটা আছে, পেহাই ভাবিলে তাতেই
বুৰ মাৰি পলাওঁ৷ ঠিক কঠাল গছ জোপাৰ তল পোৱাৰ লগে লগে বন্দুকৰ গুলী ফুটাবলৈ টানি লোৱা
কেৰেককৈ উঠা শব্দটো পেহাই শুনিবলৈ পালে৷ কঠালগছ জোপাৰ তলতে খাল এটা আছিল, ত্ৰাহি
মধুসুদন সুঁৱৰি প্ৰাণটো বচাবলৈ পেহাই তাতে জাপ মাৰি দিলে ৷ সেই মূহুৰ্ততে বন্দুকৰ
শব্দ পেহাৰ কাণত পৰিল – গুৰুম, গুৰুম, গুৰুম ৷ পেহালৈ বুলি চীনা সৈন্যই কঠাল গছ জোপালৈকে
ধাৰাষাৰে গুলী বৰষিবলৈ লাগিল৷
খালটোত
জাপ মাৰিয়েই পেহাই গম পালে আগৰে পৰাই তাত দুজনমান পৰি আছে৷ গাৰ গোন্ধে ক’ল তেওঁলোক
চীনা সৈন্য নহয়, ভয়ত পলাই থকা ভাৰতবৰ্ষৰে নাগৰিক ৷ কেইজন আছে গম পোৱা নায়ায় ৷ সাৰ
সুৰ নোহোৱাকৈ পেহাই মাথো বন্দুকৰ শব্দবোৰ শুনি গ’ল ৷ এসময়ত গুলীৰ শব্দ বন্ধ হ’ল আৰম্ভ হল এটা নতুন শব্দ - টপৰ-টপৰ-টপৰ৷ বন্দুকৰ গুলীত কঠাল গছজোপাত ওলমি
থকা কেইবাটাও কঠালত ফুটা ওলাইছিল৷ এতিয়া তাৰপৰা কঠালৰ এঠা ওলাই তললৈ পৰিবলৈ আৰম্ভ কৰিছে
– টপৰ- টপৰ-টপৰ ৷ সেই এঠা পেহাহঁতৰ গাৰ ওপৰতো পৰিবলৈ ধৰিছে৷
সাৰ
সিকতি নোহোৱাকৈ গোটেই ৰাতিটো পেহা তেনেকৈয়ে পৰি থাকিল ৷
পাছদিনা
ৰাইজে পেহাক খাৱৈটোৰ পৰা যেতিয়া তুলি আনিলে গাৱঁত ব্ৰহ্মাৰ আবিৰ্ভাৱ হৈছে বুলি হুলস্থুল
লাগি গ’ল ৷ আয়তীসকলে উৰুলী দিবলৈ আৰম্ভ কৰিলে৷
এজনে গাৱঁৰ নামঘৰত দবা কোবাবলৈ আৰম্ভ কৰিলে ৷ খোল-তালৰ শব্দত গোটেই চুবুৰীটো ৰজনজনাই
গ’ল৷ কঠালৰ আঠাই খাৱৈটোত পৰি থকা তিনিওজনকে ঘেৰি ধৰি বগা কৰি পেলাইছে , মাথোঁ মূৰ
তিনিটা ওলায় আছে– দেখিলে শুভ্ৰ-বসন পৰিহিত ব্ৰহ্মা যেন লাগে ৷ আনকি আঠায়ে মূৰত পাগুৰী
এটাৰো সৃষ্টি কৰিছে৷ মুখৰ পৰা তললৈ ওলমি থকা আঠাই দাড়িৰ আকাৰ লৈছে৷ পেহাই বাৰে বাৰে ব্ৰহ্মাৰ ভাও দি থকাৰ কাৰণে দেৱতাজনৰ
মুখখন গাৱঁবাসীৰ চিনাকি হৈ গৈছিল ৷ ব্ৰহ্মা
নহয় পেহাহে, সেই কথাটো বিশ্বাস কৰিবলৈ ৰাইজসকলক সময় লাগিছিল৷
অৱশেষত,
কন্দুৰা বায়নে চাপৰিৰ ঘানিত পেৰি আনি থোৱা সৰিয়হৰ খাটি তেল এটিঙ মানুহ তিনিটাৰ ওপৰত
ঢালি দিলে৷ লাহে লাহে তিনিওটা মানুহ মুক্ত হ’ল৷ এটা ভাওঁনাত গান্ধাৰীৰ ভাও দিয়া হৰকান্ত
আনটো ভোলোক মণ্ডলৰ ঘৰত থকা গৰুপলীয়াটো, নাম চুকৰাম! চীনা সৈন্যই ভাৰতবৰ্ষ এৰি থৈ
গুছি যোৱাৰ তিনিমাহ পাছলৈকে পেহাৰ চুলিৰ পৰা কঠালৰ এঠাবোৰ সম্পুৰ্ণকৈ যোৱাই নাছিল
৷
(বিঃদ্ৰঃ
এইটো কাহিনীৰ শ্ৰোতা আছিল আমাৰ মৃদুল – মৃদুল বৰুৱা)
No comments:
Post a Comment