নামে কি আনে ?
আনৰ কথা নাজানো, মোৰ কিন্তু নামৰ প্ৰতি আজন্ম দুৰ্বলতা৷ ভাল শ্ৰুতিমধূৰ নামে মোক বৰ আকৰ্ষণ কৰে৷ ৰঞ্জু হাজৰিকাই তেওঁৰ গল্প-উপন্যাসৰ চৰিত্ৰসমুহৰ বৰ আমোদজনক নাম দিছিল৷ কৈশোৰৰ দিনত তেখেতৰ লিখাৰ প্ৰতি থকা তীব্ৰ আকৰ্ষণৰ সিও আছিল এটা অন্যতম কাৰণ ৷ নিৰঞ্জন দত্ত – নামটোৰ প্ৰতি ড˚ ভবেন্দ্ৰনাথ শইকীয়া ছাৰৰ কিবা এটা দুৰ্বলতা আছিল যেন লাগে ৷ কেইবাটাও গল্পত দেউতাকৰ দৰে চৰিত্ৰত তেখেতে এই নামটো ব্যৱহাৰ কৰিছিল৷ মনোজ কুমাৰ গোস্বামীয়ে গল্প লেখা কালত অনাদি নামটো প্ৰায়েই ব্যৱহাৰ কৰিছিল৷ অতনু ভট্টাচাৰ্যই গল্পৰ চৰিত্ৰত প্ৰায়েই ব্যৱহাৰ কৰা এটা নাম – ইলিয়াচ৷ অথচ অতনুদাই ইলিয়াচ নামৰ কোনো ব্যক্তিকে বাস্তৱতে চিনি নাপায়৷ এটা বয়সত মোৰ সীমনা নামৰ ছোৱালী এজনীৰ লগত প্ৰেম কৰিবলৈ মই বৰ অধৈৰ্য হৈ উঠিছিলো৷ মোৰ জীৱনৰ প্ৰথমখন আধালিখা উপন্যাসৰ নায়িকাগৰাকীৰ নাম আছিল সীমনা – সীমা!
নামৰ প্ৰতি থকা মোৰ দুৰ্বলতাৰ অন্ত নাই ৷ অথচ নাম মনত ৰখাত মই পুতৌজনক ভাবে কেঁচা৷ আনৰ কথা বাদেই দিছো, হঠাতে সুধিলে, মোৰ পত্নীৰ নামটোও মনত পেলাওঁতে মোৰ খেলিমেলি লাগে! সদায় লগ পাই থকা ব্যক্তিৰ নাম মনত পেলাব নোৱাৰি জীৱনত মই কিমানবাৰ যে লাজত নপৰিছো ৷ এসময়ত ভনীক শিকাই থৈছিলো – মোৰ লগত থাকোতে তাই যেতিয়া লগৰ কাৰোবাক লগ পায়, মই শুনাকৈ আগন্তুকৰ নামতো যাতে তাই একাধিকবাৰ উচ্চাৰণ কৰে! আধুনিক মেনেজমেন্টে কয় যে দক্ষ প্ৰশাসকৰ এটা উল্লেখযোগ্য গুণ হৈছে সকলোৰে নাম মনত ৰাখিব পৰাতো, সকলোকে নাম ধৰি মাতিব পৰাতো ৷ মই নোৱাৰো৷
নিজৰ নামটোলৈ থকা মানুহৰ মোহৰো অন্ত নাই ৷ নামটো ভুলকৈ লিখিলে পঢ়িব জনা সকলোলোকে মনত বেয়া পায় ৷ কোৱাৰেটুল আইন হাইদৰ, লুটফা হানুম ছেলিমা বেগম, ছানছুমা খুংগুৰ বিচমূতিয়াৰী আদি নাম লিখাৰ সময়ত সচেতন হোৱা দৰকাৰ, নহলে নামটোৰ গৰাকী ক্ষুন্ন হোৱাৰ সম্ভাৱনা থাকে৷ ১৯৯০ চনত এদিন মই শইকীয়া ছাৰৰ লগত মাদ্ৰাজৰ (এতিয়াৰ চেন্নাই) শংকৰ নেত্ৰালয়ত বহি আছোঁ ৷ যিকোনো এটা মুহুৰ্তত ছাৰৰ নামটো উচ্চাৰণ হব পাৰে, আৰু লগে লগেই আমি ডাক্তৰৰ কোঠালৈ সোমাই যাব লাগিব৷ দক্ষিণ ভাৰতীয়ৰ মুখত ছাৰৰ নামটো বা কেনেকৈ ফুটে !– সেই আশংকাতে মই সন্ত্ৰষ্ট হৈ আছো৷ মোৰ উৎকন্ঠালৈ লক্ষ্য ৰাখি ছাৰে কৈছিল – যিমান কোলাহলৰ মাজতে নহওক কিয়, নিজৰ নামটো কোনোবাই উচ্চাৰণ কৰিলে থলৰ-কৈ কাণত পৰে, নহয় নে? তাৰ ক্ষন্তেক পাছতে সঁচাকৈয়ে থলৰ-কৈ আমাৰ কাণত পৰিছিল – ভাবেন্দ্ৰনাথ !
সংস্কৃতত এটা গল্প আছিল, গল্পত থকা লৰাটোৰ নামটো আছিল পাপক৷ লৰাটোৱে নিজৰ নামটো লৈ বৰ লাজ কৰে আৰু এদিন গুৰুক গৈ নামটো সলনি কৰি দিবলৈ খাটনি ধৰিলেগৈ৷ গুৰু সন্মত হল কিন্তু তাৰ আগতে পাপকক এবাৰ জগতখন এপাক ঘুৰি আহিবলৈ ক’লে আৰু যিমান পাৰে মানুহৰ নাম জানি আহিবলৈ ক’লে৷ পাপক গৈ প্ৰথমে ভিক্ষাৰী এজন লগ পালে তাৰ নামটো আছিল ৰাজা ৷ ৰাজা ভিক্ষাৰী৷ তাৰ পাছত দেখা পালে মানুহ এজনৰ মৃত্যু হোৱা - মৃতকৰ নাম চিৰঞ্জীৱি ৷ চিৰদিন জীৱিতটোৰ মৃত্যু হৈছে, ইত্যাদি, ইত্যাদি, ইত্যাদি৷ শেষত পাপকই মানি ল’লে যে নামত আছলতে একোৱেই নাই ! নামে কি কৰে গুণেহে সংসাৰ তৰে৷
আগৰদিনত সন্তানৰ মৃত্যু হলে অপদেৱতাৰ কোপদৃষ্টি লাগি মৰা বুলি বহুতে ভাবিছিল৷ ভাল নামৰ প্ৰতি দেৱতা কূলৰো হেনো দুৰ্বলতা আছে ৷ সেয়ে অপদেৱতাৰ কোপদৃষ্টিৰ পৰা ৰক্ষা পাবলৈ নৱজাতকৰ নামবোৰ বৰ বেয়াকৈ দিয়া হৈছিল – গেন্ধেলা, গোবৰ, জাবৰ, দোমাই, মেদেলা, গোজৰ ইত্যাদি৷ পাছে এনে নামৰ কেইবাজনো ব্যক্তি আমাৰ অঞ্চলটোত আছে যি আমাৰ বাবে পৰম শ্ৰদ্ধেয় ৷
জন্মতে মই কিমান গ্ৰাম আছিলো নাজানো৷ দগা-পাল্লা লৈ কেচুৱা জোখাৰ নিয়ম সম্ভৱ তেতিয়া নাছিল৷ দেউতাৰ হিচাপ মতে মই এটা কেৰ্কেটুৱাৰ সমান আছিলো৷ আমাৰ পেহীয়ে মৰমতে সেই কেৰ্কেটুৱাটোৰ নাম দিলে বাদল৷ তিনিখন স্কুলত টিকিব নোৱাৰি এদিন চতুৰ্থখন স্কুললৈ ভাইটোৰ লগত একেলগে ওলালো ৷ প্ৰথম প্ৰথম মোৰ স্কুলত লিখা নামটো আছিল – বাদল বৰুৱা ৷ সেই সময়তে দেউতাই গণনাট্য সংঘৰ সংস্পৰ্শলৈ আহি বাংলা ভাষাৰ যুগান্তৰকাৰী নাটক – কল্লোল, মানুষেৰ অধিকাৰ, লৌহ মানৱ আদি চাবলৈ পায়৷ এই নাটসমুহৰ অভিনেতা আৰু স্ৰষ্টা গ্ৰুপটোৰ অন্যতম নায়ক আছিল উৎপল দত্ত৷ (পাছলৈ “গোলমাল” নামৰ হিন্দী ছবিখনত তেখেতে কৌতুক অভিনয় কৰি জনপ্ৰিয় হৈছিল৷) কি ভাবি নাজানো দেউতাইও পুতেকৰ নামটো উৎপল ৰখাতো ঠিক কৰিলে৷ এই কাৰ্যটোৰ অন্তৰালত বেছি চিন্তা চৰ্চা, আশা ভাৰসা আছিল বুলি মই কেতিয়াও নাভাবো৷ চতুৰ্থ শ্ৰেনীৰ পৰা উত্তীৰ্ণ হোৱা প্ৰমান পত্ৰখনত সেয়ে মদন ছাৰে মোৰ নামটো দেউতাই কোৱাৰ দৰেই লিখি দিলে – উৎপল বৰুৱা ৷
‘মহাকাব্যৰ প্ৰথম পাত’ৰ স্ৰষ্টা কবি বিপুলজ্যোতি শইকীয়াই ‘আকাশ’ নামৰ শিশু আলোচনীখনৰ নিয়মীয়া গ্ৰাহক কৰিবৰ বাবে মোৰ নামটো লিখোতে ১৯৮২ চনত এদিন কৈছিল – তোৰ নামটো বৰ শুৱলা অ’! বছ সিমানেই৷
চাৰিটা দশক তেনেকৈয়ে চলি আহিল৷ একে নামৰে অসমত আৰু অন্ততঃ পাঁচজন লোক থকা কথাটো মই নিজেই জানো৷ উৎপল বৰুৱা (এক) – তেখেত এজন বিখ্যাত ফটোগ্ৰাফাৰ, ব্যক্তিগত ভাবে চিনি নাপাও, কিন্তু তেখেতৰ কৰ্মৰাজিৰ লগত পৰিচয় আছে৷ তেখেতে লিখে নে নিলিখে মই সেইটোও নাজানো কিন্তু মই যদি কালিলৈ ফটোগ্ৰাফিৰ ওপৰত কিবা এটা লিখো পঢ়ূৱৈৱে মোকেই তেখেত বুলি ভবাৰ থল আছে৷ নতুবা তেখেতে যদি এটা ভাল লেখা লিখে স্থান কাল পাত্ৰ ভেদে মইয়েই সেইটো লিখিছো বুলি গোমৰ ফাকি এটা দিয়াৰ মোৰ এটা অনাকাংক্ষিত সুবিধা আছে! এই সুবিধা থকাটো আচলতে অনুচিত৷ উৎপল বৰুৱা (দুই ) – তেখেত এজন বিখ্যাত সাংবাদিক৷ বাতৰি কাকত বা আলোচনীত প্ৰকাশ হোৱা মোৰ নামটো তেখেতৰেই বুলি বহুতে ধৰি লব পাৰে বুলি থকা মোৰ মনত থকা শংকাটো যুক্তিহীন নহয়, তেনে সম্ভাৱনা একে আষাৰে নুই কৰিব নোৱাৰি ৷ তাৰোপৰি মোৰ এটা অপৰিপক্ক লেখাই তেখেতকো কেতিয়াবা অশ্বস্তিত পেলাব পাৰে! কিয় এনে হব লাগে, এনে হোৱা উচিত নে? উৎপল বৰুৱা (তিনি) – তেখেত অসামৰিক বিমান পৰিবহন বিভাগতে কাম কৰা এজন জেষ্ঠ্য এয়াৰ ট্ৰেফিক কন্ট্ৰোলাৰ ৷ আমি ফেচবুকৰ বন্ধু ৷ ব্যক্তিগত চিনাজনা নাই যদিও আমাৰ দুয়োৰে কৰ্মস্থানৰ মিল আছে, আমাৰ দুয়োকে চিনি পোৱা এয়াৰপৰ্ট অথৰিটিত অনেক বন্ধু আছে ৷ উৎপল বৰুৱা (চাৰি) - মোৰ পুৰণি বন্ধু, এতিয়া ছিংগাপুৰত থাকে৷ তেওঁৰ লগত এনেধৰণৰ খেলিমেলিৰ সম্ভাৱনা কম৷ উৎপল বৰুৱা (পাঁচ) হৈছে মোৰ পত্নীৰ এজন ভতিজা ৷ ইমানদিনে ঠিকেই আছিল কিন্তু তেওঁ এতিয়া কবিতা লিখিবলৈ লৈছে! গতিকে কেতিয়াবা তেওঁৰ লগতো একেবাটতে ভেটাভেটি হোৱাৰ সম্ভাৱনাক একেবাৰে নৎসাত কৰিব নোৱাৰি!
ইমানদিনে এই কথাটো মই গ্ৰাহ্যই কৰা নাছিলো৷ পাছে অলপতে মই আকাশবাণীৰ বিষয়ে লিখা নিৱন্ধ এটা প্ৰকাশ হোৱাৰ পাছত ফেচবুকত বৰ্ণালী বৰুৱা দাসে তেখেতৰ নামটো্ক লৈ হোৱা বিভ্ৰান্তিৰ এটা আমোদজনক কাহিনী জানিবলৈ দিলে৷ মোৰ ভন্টীয়েও কথাটোত হয়ভৰ দি মোৰ নামটো একক (ইউনিক) হোৱাটোত গুৰুত্ব দিলে – তেনে কৰিলে, মই যে হঠাতে বিখ্যাত হৈ যাবও পাৰোঁ, তেনে এটা সম্ভাৱনাৰ কথাও মোক কোৱা হল৷ নাম সলনি কৰি লেখক, সাংবাদিক, অভিনেতা সকল বিখ্যাত হৈ যোৱা মই শুনাই নহয়, নিজেই দেখিছো৷
সেয়ে এতিয়াৰে পৰা মই “উৎপল বাদল বৰুৱা” হিচাপেহে বিখ্যাত হম বুলি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ ৷
No comments:
Post a Comment