Sunday, October 8, 2017

জীৱন বাটৰ ৰসঃ চন্দ্ৰপেহা (১৭)

জীৱন বাটৰ ৰসঃ চন্দ্ৰপেহা (১৭)
জাৰকালি ৷ গাৱঁৰে ল’ৰা দিগম্বৰৰ মাজু ছোৱালীজনীৰ বিয়া ৷ পেহাই নিজে আগত থাকি ডেকা ল’ৰাহতক বুদ্ধি-ভাৰসা দি বিয়াঘৰৰ গেইট, ৰভা-পৰলা দিয়া আদি কামবোৰৰ তদাৰক কৰিছিল৷ বেলি ডুবাৰ পিছত, বিয়াঘৰৰ আছল হুচ-টো পাৰ হৈ যোৱাৰ পাছত পেহাই আহি গেইটৰ ওচৰত থিয় দি ডিঙিত থকা বৰফুলৰ গামোছা খনেৰে মুখখন মচিছে৷ তেনেতে দিগই, মানে কইনাৰ দেউতাকে আহি পেহাক ক’লেহি – আচল ভিৰটো পাৰ হৈ গৈছেই, এতিয়া দৰা পাৰ্টিটোৰ সময়খিনি ভালে ভালে পাৰ হলেই পাৰ পাম আৰু! পেহাই গহীনাই ক’লে – মই আছো যা, তই চিন্তা নকৰিবি ৷
তাৰ অলপ পাছতে নিমন্ত্ৰিতৰ ভিৰ একেবাৰেই নাইকিয়া হ’ল ৷ মাথো চেঙেলীয়া কেইটামানে গেইটখনৰ ওচৰতে ঢোল-তাল-তকা লৈ টুকটুকাই থাকিল৷ পেহাই সিহঁতক দৰা ভেটাৰ আয়োজন কৰিবলৈ দূৰলৈ আতঁৰাই পঠালে৷ তাৰপিছত তেখেতে মন কৰিলে – আকাশখন গোমা ৷ পশ্চিমফালে বিজুলীয়াইছেও ৷
ৰাতিলৈ গাজি গুমৰি মূষলধাৰে বৰষুণ আহিল ৷ ভাগ্যে যেনিবা দৰা পাৰ্টি আহি তাৰ আগে আগে ৰভাৰ তল পালেহি ৷ পৰিস্থিতি পৰ্যৱেক্ষণ কৰিবলৈ পেহা খোৱাঘৰৰ পৰা এবাৰ ৰভাতললৈ আহিল৷ বাহঁৰ কেচা খৰিৰে ৰভাঘৰ ধোঁৱাইছে৷ ত্ৰিপালৰ ওপৰত বহি থকা নামতী আইসকলে যেতিয়া পৰীক্ষা নকৰাকৈয়ে ‘ৰভা-খুটা হেলেকা’ বুলি গাই দৰাঘৰৰ লৰাবোৰৰ চকুত ধৰিলে, পেহাই দেখিলে মহিলাসকলৰ ওপৰত বান্ধি থোৱা চন্দ্ৰতাপখনত পানীৰ টোপালৰ চিন ৷ তেনেকুৱা টোপাল কেইটামান তলত বহি থকা মহিলাসকলৰ উদং পিঠিত পৰিবলৈ যে আৰু বেছি সময় নাই পেহাৰ বুজিবলৈ বাকী নাথাকিল ৷ এতিয়া চকুতহে ধৰিছে, তেতিয়া ক’ত ধৰে একো থিক নাই! পুৰুষ বৰ-যাত্ৰীসকলে ইতিমধ্যেই টিনৰ চকী টনা-টনি কৰিবলৈ আৰম্ভ কৰিলেই ৷ ঠিক তেনে সময়তে লাইটবোৰ নুমাই থাকিল – কাৰেন্ট গ’ল! সোনকালে বৰষুণ এৰাৰ লক্ষণ নাই! পেহাই যিটো ভয় কৰিছিল সেইটোৱেই হ’ল ! পূৱফালৰ ৰভাৰ মাৰলিটো এহাত মান ওপৰলৈ ভৰালৰ বাটামটোৰ লগত বান্ধি নিদিলে টিনৰ মাজেৰে অলপ পিছতে হৰহৰাই পানী পৰিবলৈ আৰম্ভ কৰিব৷ পেহাই কথাটো ৰভাখন দিওঁতেই জানিছিল কিন্তু এইটো বৰষুণৰ বতৰ নহয় বাবে কথাটোত গুৰুত্ব দিয়া নাছিল৷ এতিয়া গাওঁখনৰ মান-সন্মানৰ কথা আহি পৰিল৷ পেহাক লগে লগেই দীঘল জোৰ থকা ৰচী এডাল লাগে – ঘৰখন আৰু গাওঁখনক উদ্ধাৰ কৰিবই লাগিব !
ভৰালটোৰ পিছফালৰ গাধৰি আৰু তলৰ মাটিত গৰু এৰাল দিয়া লেজুবোৰ পেলাই থোৱা হয়৷ জেগাডোখৰ অন্ধকাৰ হৈ আছে! বৰফুলৰ গামোছাখন পেহাই মূৰত মেৰিয়াই লৈ নিজৰ কৰ্তব্য থিক কৰি ল’লে ৷ হাতেৰে খেপিয়াই চোৱাত শকত ৰছী এডালত হাত লাগিল৷ তাৰেই পেহাই মাৰলিটো বাটামটোৰ লগত মজবুতকৈ বান্ধি দিলে৷ এতিয়া পানী সুকলমে বাগৰি যাব, বৰযাত্ৰীৰ গাত আৰু পানী পৰাৰ সম্ভাৱনা নাই ৷ সেই সময়ত ৰভাতলত মেণ্ঠল লাইটৰ পোহৰত জাত জাত বিয়া নামেৰে কইনাঘৰক থকা-সৰকা কৰি থকা আইসকলে উৰুলী দিবলৈ আৰম্ভ কৰিছিল৷ কইনাক ৰভাতললৈ উলিয়াই অনা হৈছে৷ পেহা আশ্বস্ত হৈ খোৱা ঘৰলৈ সোমাই গ’ল ৷
বৰযাত্ৰী সকলৰ খোৱা-বোৱা হৈ যোৱাৰ পাছত বৰষুণ অলপ শাঁত পৰিল৷ পানীপতাইদি বৈ যোৱা পানীৰ সোঁতৰ লগত মিলাই বৰযাত্ৰীসকলে তেতিয়া তামোলৰ পিক পেলাইছে ৷ টিনত পৰা বৰষুণৰ টোপালৰ শব্দ মাৰ যোৱাৰ পাছত, বিয়ানামৰ গুণগুণনি স্তব্ধ হোৱাৰ পাছত এটা সময়ত হঠাতে ৰভাঘৰৰ আটাইবোৰ লাইট একেলগে জ্বলি উঠিল ৷ ক’ৰবাত ফেটী সাপ এটাই ফোচ-ফোচাই উঠা শব্দ শুনা গ’ল ৷ তেতিয়াই বৰযাত্ৰী মুনিহ-তিৰোতা সকলোৱে একেলগে আৱিষ্কাৰ কৰিলে – ৰভাঘৰৰ মাৰলি এটাত ওলমি আছে এটা বিয়াগোম কলা বৰণৰ ফেটী সাপ! ফণা তুলি ৰাইজলৈ চাই ফোচ-ফোচাই আছে!
পেহাই আন্ধাৰতে খেপিয়াই ভৰালৰ তলৰ পৰা টানি অনা ৰচীডাল আচলতে আছিল ছহাত দীঘল এডাল কলী ফেটী সাপহে!
(কৃতজ্ঞতাঃ এই কাহিনীক পাহৰণিৰ গৰ্ভৰ পৰা উদ্ধাৰ কৰিছে এসময়ত পেহাৰ মধুপান কৰাৰ অভিজ্ঞতা থকা শ্ৰী নৱ ওজাই৷ ধন্যবাদ নৱ ৷)

No comments:

Post a Comment