জীৱন বাটৰ ৰসঃ চন্দ্ৰপেহা (১৬)
পেহাৰ পাকঘৰৰ পৰা বাহিৰলৈ ওলোৱা দুৱাৰখনৰ চৌকাঠৰ ওপৰৰ
বাটামটোত চকুত পৰি থকাকৈ এটা প্ৰকাণ্ড দা-ৰ ঘাপৰ চিন দেখা পোৱা যায় ৷ সেইযে
পিৰালিতে লাগি থকা, মূলা খান্দোতে হোৱা কুঁৱাটো – সেইফালৰ দুৱাৰখনৰ কথা কৈছো ৷
চিনটো চকুত নপৰাকৈ থকাৰ কোনো উপায় নাই ৷
- পেহা, দুৱাৰখনৰ
ওপৰত ইমান ডাঙৰকৈ ঘাপটো কোনে মাৰিলে- দা নে কুঠাৰৰ ঘাপ?
- এ, এইটোৰ কাহিনী
বেলেগ, কওঁ শুন ৷
পেহা আৰামী চকীখনত ভৰি উঠাই
বহি ল’লে ৷ আমি ওচৰ চাপি আহিলোঁ ৷
তেজ বেলিৰ কথা ৷ গৰুজনীক এৰাল
দিবলৈ পেহা প্ৰায় তিনি কিলোমিটাৰমান দূৰলৈ যাব লগা হয় ৷ লগতে দীঘল লেজু এডাল আৰু
দুপৰীয়া গাইজনীক পানী খুৱাবলৈ চাইকেলতে বাল্টি এটাও বান্ধি লয় ৷ গাইজনীক এৰাল দি
পেহাই ভাৰস্ত ভ্ৰমি ফুৰে ৷ সময়টো মিলাই লৈ দুপৰীয়া তেখেত আকৌ সেইখিনি ওলাইগৈ৷
ওচৰৰে কোনোবা এঘৰৰ পৰা পানী এবাল্টি আনি গাইজনীক খুৱাই থৈ একেবাৰে আহৰি হৈ পেহা
আহি ঘৰ সোমায়হি ৷
এদিনৰ কথা ৷ আগে আগে গৰুজনী, পিছে পিছে পেহা ৷ এৰালদিয়া পথাৰখনৰ
কাষতে নদী এখন আছে ৷ পেহাই লক্ষ্য কৰিলে নদীখনৰ একাষে পানীখিনি এটা বিশেষ ধৰণে লৰি
আছে, মাজে মাজে বুৰবুৰণি উঠিছে, তাৰ পাছত আকৌ লৰিছে ৷ পেহাৰ বুজিবলৈ বাকী নাথাকিল
- এইয়া গভাইত মাছৰ সংকেত ! হয় শাল নহয় বৰালি ! পেহাই লগে লগে বৰশী এটাৰ অভাৱ অনুভৱ
কৰিলে ৷ এনে সুযোগ সতকাই পোৱা টান ৷
- কিন্তু কি বুজিছ,
যেতিয়াই সমস্যা হয়, বুজিবি তাৰ এটা সমাধান লগতে আছে! বিজ্ঞৰ দৰে পেহাই আমাক মাৰ্গ দৰ্শন
কৰায় ৷
কি কৰা যায় কিছু সময় ভবাৰ পিছতে পেহাৰ মনটো হঠাতে পোহৰ হৈ
উঠিল ৷ বাল্টিটোৰ হেণ্ডেলদাল খুলি হেঁচা এটা মাৰি দিয়াত লোহাডালে এটা বৰশীৰ আকৃতি
ল’লে ৷ বৰশী দোল কৰিবলৈ হাতত গাইজনী এৰাল দিবলৈ নিয়া পঘাডাল আছিলেই৷ বৰশী তৈয়াৰ
হৈ গ’ল - মজবুত, ডাঙৰ মাছৰ বাবে একেবাৰে উপযুক্ত! সেই বৰশীটোৰেই যিটো বৰালী মাছ পেহাই
ধৰিলে, সেইটো মাছ যেতিয়া তেখেতৰ ২৪ ইঞ্চি বাইচাইকেলৰ কেৰিয়াৰত বান্ধি লৈছিল, তাৰ
মূৰ আৰু ফিছাই দুয়োফালে বাটতো চুই আহিছিল, মাজে মাজে চাইকেলখনৰ আগচকাটোও দাঙ
খাই গৈছিল ৷
সেইটো মাছ এঘাৰটা মানুহে লগ লাগি ধৰাধৰি কৰি পেহাৰ পাকঘৰত
সুমুৱাইছিল৷ সেই তেতিয়াই মাছৰ পিঠিৰ ফানছটাৰ কাঁইট এডাল লাগি বাটামটোত এই চিনটো
বহিল, বহুতে তাকেই দা বা কুঠাৰৰ ঘাপ বুলি ভাবে !
(বিঃদ্ৰঃ পেহাৰ এইটো কাহিনীৰ উৎস আমাৰ মৰমৰ পূৰৱী বাইদেউ, পূৰৱী হাজৰিকা ৷)
No comments:
Post a Comment