প্ৰভাতদাৰ বিশ্বপ্ৰেম
উৎপল বৰুৱা
উৎপল বৰুৱা
প্ৰভাতদাৰ কথাও চন্দ্ৰপেহাৰ কাহিনীৰ দৰেই – ৰসাল, আমোদজনক,
শুনি থাকিবলৈ মন যোৱা ৷ পাৰ্থক্য এটাই, সেইবোৰ বিশ্বাসযোগ্যতাৰ সীমা পাৰ হৈ
চন্দ্ৰপেহাৰ সমান দূৰ নাপায়গৈ ৷
তেখেতৰ লগত মোৰ প্ৰথম দেখাদেখি হোষ্টেলত ভৰ্তি হোৱাৰ দুদিনমান
পাছতে ৷ প্ৰথম এটা বা দুটা ক্লাছৰ পাছত হোষ্টেললৈ চুচুক-চামাককৈ উভতি আহোঁতে,
কৰিডৰটোত মুখত টুথব্ৰাছ লৈ বাতৰিকাকত পঢ়ি থকা ওখ, শকত মোছৰ ল’ৰাজন যে দেখোঁ,
সেয়াই প্ৰভাতদা ৷ সাংঘাতিক বস্তু ৷ সমনীয়াৰতো কথাই নাই, চিনিঅ’ৰ ল’ৰাইও হেনো
সমীহ কৰিহে চলে ৷ দুৰ্দান্ত সাহসী ৷ তাৰ এসপ্তাহমান পাছতে চিনাকি হ’বলৈ ন নম্বৰ
কোঠালৈ মোৰ যোৱাৰ পাল পৰিল৷ সেইটোৱেই প্ৰভাতদাৰ কোঠা ৷ দুৱাৰত নক কৰিলো ৷
ভিতৰৰ পৰা গৰগৰীয়া শব্দ এটা ভাহি আহিল – সোমা ৷ সাধাৰণতে এই শব্দটো ‘ইয়েছ’ হয় ৷
মই ভাবিলো শুদ্ধ অসমীয়া শব্দ প্ৰয়োগ কৰি মোক নিশ্চয় কোঠালৈ আমন্ত্ৰণ কৰা হৈছে ৷
সোমায়েই আৰম্ভ কৰিলো – নমস্কাৰ দাদা, মোৰ নাম.... মই মেট্ৰিকত .... মোৰ পিতাৰ
নাম.... গাঁও৷ প্ৰভাতদাই কিবা এটা চিকুটি আছিল৷ টেবুলৰ পৰা মূৰ নোতোলাকৈয়ে
তেখেতে গুৰু-গম্ভীৰ কন্ঠেৰে ক’লে – সোমা৷ মই বুজি নোপোৱাৰ ভাও ধৰি থিয় দি ৰ’লো
৷ তাৰ পাছতেই প্ৰভাতদাই প্ৰথমবাৰৰ বাবে মোৰ চকুলো মূৰ তুলি চালে আৰু মই সাউৎকৈ
বিছনাৰ তললৈ সোমাই গ’লো ৷ ইতিমধ্যেই তলত এজন সোমাই আছিল ৷ মই ভয়ে ভয়ে সুধিলো –
কি কৰিবলৈ দিছে? – মাইকী মহ বিচাৰিবলৈ দিছে! আবাসী জীৱনত পাছলৈ ঘনিষ্ঠ হোৱা এইজনেই
প্ৰভাদদাৰ বিছনাৰ তলত প্ৰথম লগ পোৱা কুঞ্জমোহন ৷ এনে শাস্তি আনৰ কোঠাত কিবা
দোষ কৰাৰ বাবেহে হৈছিল ৷ প্ৰভাতদাৰ কোঠাত কিন্তু দুৱাৰত নক কৰাৰ লগে লগেই এই
শাস্তিৰেহে চিনাকি প্ৰক্ৰিয়া আৰম্ভ হৈছিল ৷
আন্ধাৰ হোৱাৰ পাছত হোষ্টেলৰ বাৰাণ্ডাত আমি আটাইবোৰ নতুন
ল’ৰা (মক্কেল) শাৰী পাতিছোঁ ৷ প্ৰভাতদাই পাঠদান কৰিছে ৷ নগাঁৱৰ দিগন্তক সমূখলৈ
আনি ক’লে, - ই কথাই কথাই মুখখন কেনেকৈ বিকৃত কৰে দেখিছ, গতিকে আজিৰ পৰা ইয়াৰ
হোষ্টেল নাম হ’ল গেলা;
কি নাম? আমি আটায়ে সমস্বৰে চিঞৰো – গেলা ৷ যোৰহাটৰ নিলোৎপলক মাতি নি ক’লে, - ই বৰগীত
গায়, খোল বজাব পাৰে, ইয়াৰ নাম থলো প্ৰভু ৷ বৰপেটাৰ চম্পকৰ চুলি পাতল, তাৰ নাম
তালু ৷ এসময়ত মোৰ পাল পৰিল৷ প্ৰভাতদাই ঘোষনা কৰিলে, - ইয়াৰ দুজনী ভনীয়েক আছে;
এজনীক মই বিয়া কৰাম, ই হ’ল মোৰ জেঠেৰী ৷ গতিকে আজিৰ পৰা তহঁতেও ইয়াক জেঠেৰী বুলিবি
৷
নতুন ল’ৰাবোৰক
একোটাকৈ হোষ্টেল নাম দিয়াৰ পাছত প্ৰভাতদাই বাক্যৰ বিপৰীত অৰ্থ বুজোৱা নিয়ম শিকালে
৷ বাক্যৰ মাজত অকথিত শব্দ একোটা ব্যৱহাৰ কৰি তেখেতে দেখুৱাই দিলে ক’ব নলগা শব্দ একোটাৰো
জোৰ কিমান! ‘নাই’ক আছে আৰু ‘আছে’ক নাই কৰিবলৈ ইয়াৰ সুবিধা কিমান ৷ এইবোৰেই হ’ল হোষ্টেলৰ
ভাষা ৷ ঠিক তেনেতে ভাতৰ বে’ল বাজিল৷ লগে লগে প্ৰভাতদাই আৰম্ভ কৰিলে, -ডাইনিং হল; আমি
চিঞৰিলো – জিন্দাবাদ৷ তেজ দিম; আমি কওঁ – ডাইনিং হল নিদিওঁ৷ মৰে ডাইনিং হল জীয়ে কোন…,
লেফট্ ৰাইট্ লেফট্..৷
এয়া প্ৰভাতদাৰ
লগত চিনাকি হোৱা সময়ৰ কথা৷ আৰ পাছৰ দুবছৰ প্ৰভাতদাই ঘটোৱা বিভিন্ন ঘটনা আৰু কাণ্ডৰ
লগত পৰিচয় হ’লো; যিবোৰৰ ৰূপ চন্দ্ৰপেহাৰ কাহিনীৰ লেখীয়া৷ কিহৰ বলত তেনেকুৱা আচৰিত
কাণ্ড একোটা কৰিবলৈ প্ৰভাতদাই সাহস কৰিছিল ভাবিলে মোৰ এতিয়াও আচৰিত লাগে ৷ হোষ্টেল
এৰাৰ পাছত যেতিয়াই একেলগে থকা পুৰণি বন্ধুক লগ পাইছোঁ, তেতিয়াই প্ৰভাতদাৰ কথা ওলাইছে
৷ সেই দুবছৰত প্ৰভাতদাই ঘটোৱা ঘটনা একাটাক সুঁৱৰি কিমানযে স্ফূৰ্তি কৰিছোঁ, কত শ্ৰোতাক
বিস্ময় মনাইছোঁ ৷
নিউ ইয়েৰছ
ডে’৷ একত্ৰিছ তাৰিখে নিশা হোষ্টেলৰ সমূখৰ
পথাৰত ৰান্ধি-বাঢ়ি খোৱাৰ আয়োজন চলিছে৷ হঠাতে প্ৰভাতদা আহি হাজিৰ , - স্ফূৰ্তি কৰিব
লাগে, জমাব লাগে, বিহাৰীৰ ঢোলটো ক’ত? কোনোবা এটাই কুঞ্জমোহনৰ (বিহাৰী তাৰ হোষ্টেল
নাম) ঢোলটো আনিলে৷ গেলাই কাঁহী আৰু হেতা এখনেৰে তাল বজালে ৷ এসময়ত ছেকেণ্ড মেছ আৰু
চন্দ্ৰকান্ত হোষ্টেলো লগ লাগিলহি৷ প্ৰভাতদাৰ নেতৃত্বত দলটো কেম্পাছৰ পৰা ওলাই গৈ
ছাত্ৰী নিবাসটোৰ কাষতে যান্ত্ৰিক বিজুতি হোৱা গাড়ীৰ দৰে ৰৈ গ’ল৷ অগাপিছাকৈ হোষ্টেলটোৰ
দুয়োটা মহলাৰ লাইটবোৰ জ্বলি উঠিল, এটা-দুটাকৈ ছায়ামূৰ্তি লগ লাগি ছাদত জুম বান্ধিলেহি৷
প্ৰভাতদাহঁতে চিঞৰ একোটা মাৰি ৰৈ যায়; চেপা মৰা কণ্ঠৰ অনুৰূপ প্ৰতিধ্বনি ছাদৰ পৰা
উফৰি আহে ৷ ডায়লগ আদান-প্ৰদান কিছু সময় চলিছিল ৷ এবাৰ ওখ দেৱালখন জাঁপ মাৰি প্ৰভাতদা
হোষ্টেলটোলৈ সোমাই গ’ল ৷ বাঘ দেখা হৰিণীৰ দৰে নিমিষতে জুমটো ছেদেলি ভেদেলি হৈ গ’ল
৷ আনন্দৰ আতিশয্যত কিনো কৰিলে প্ৰভাতদাই প্ৰথমে গমেই পোৱা নাছিল৷ যেতিয়া সম্বিৎ ঘুৰি
আহিল, কি কৰোঁ কি নকৰোঁ হৈ বাৰাণ্ডাত মেলি থোৱা কাপোৰ কেইখনমানকে আঁজোৰ মাৰি লৈ
প্ৰভাতদা ওলাই আহিল৷
আমাৰ হোষ্টেলটোৰ
অধীক্ষকে আবাসটোৰ ছাত্ৰসকলৰ প্ৰতি কিছু নজৰ ৰাখিছিল ৷ পৰীক্ষাৰ আগে আগে কাৰোবাৰ মেজত একেৰাহে কেইবাদিনো
লাইট নজ্বলিলে কথাটো ছুপাৰে গম পাইছিল ৷ চকীদাৰে কেইবাদিনো খবৰ আনিলে, -ছাৰে প্ৰভাতদাক
মাতিছে ৷ প্ৰভাতদাৰ খবৰেই নাই! এদিন গম পালো- কোঠাত থকা অৱস্থাত ছুপাৰে নিজেই আহি
হেনো প্ৰভাতদাক সাৱধান কৰি দিবহি; মানুহটো কেতিয়া ৰুমত থাকে চকীদাৰে মাথোঁ খবৰটো
দিলেই হ’ল ৷
এদিন সন্ধ্যা
আমাৰ কোঠাত হুৰমূৰকৈ টেঙা আৰু কবিৰাজ সোমালহি – আহিছে, আহিছে, ছুপাৰ আহিছে৷ প্ৰভাতদাও
ৰূমতে আছে৷ তেৰ নম্বৰ কোঠাৰ খিৰিকিয়েদি আমি জুমি চাই ৰ’লো৷ ধীৰ খোজেৰে ছাৰ আহি ন
নম্বৰ কোঠাৰ সমূখ পালেহি৷ দুৱাৰত প্ৰথমবাৰ টোকৰ পৰিল৷ কোনো সাৰ-সিকতি নাই৷ দ্বিতীয়বাৰ
টোকৰৰ প্ৰত্যুত্তৰত প্ৰভাতদাৰ চিৎকাৰ শুনিলো-ইয়েছ৷ আগে পিছে ‘জোৰ থকা’ কেইবাটাও
অকথিত শব্দ৷ ছাৰ সোমাই গ’ল৷ পাছ মূহুৰ্ততে দেখিলো তীব্ৰ বেগেৰে ছাৰ ওলাই আহি ডাইনিং
হলৰ ফালে আঁতৰি গ’লগৈ৷ আচৰিত কথা৷ দুদিনমান পাছতে প্ৰভাতদাই ৰসাল ভাষাৰে বৰ্ণনা কৰিলে৷
দুৱাৰত ছাঁটো দেখিয়েই হেনো তেখেতে বুজিছিল – গালিভাৰ ৰণত পৰিল৷ গতিকে কি কৰোঁ কি
নকৰোঁ হৈ হঠাতে তেখেত বিছনাত শুই পৰিল আৰু তেখেতক দেখিয়েই ছুপাৰ ফুট!
-
শুই থকা দেখিয়েই?
-
হয়, শুই থকা দেখিয়েই৷
তেতিয়া তেখেতৰ গাত আছিল মাত্ৰ জন্মতে পিন্ধি অহা বাৰ্থডে ছ্যুট – তেনেই আদিম মানৱ!
প্ৰভাতদাৰ ৰূমমেট নগালেণ্ডৰ খালং আংগামী৷ পূজাৰ সময়৷ হোষ্টেলৰ
আবাসীৰ সংখ্যা কমিছে বাবে ডাইনিং হল বন্ধ৷ ল’ৰাবোৰে ৰূমে ৰূমে ৰান্ধি খাইছে৷ তেনেতে
ওলাল প্ৰভাতদাৰ বাৰ অক্তোবৰত জন্মদিন৷ তেখেতে আংগামীৰ সৈতে হোষ্টেলৰ প্ৰতিটো কোঠাৰে
আবাসীক জন্মদিনৰ নিমন্ত্ৰ্ণ জনালে৷ আমিও আনন্দতে জন্মদিনৰ উপহাৰ একোটা লৈ প্ৰভাতদাৰ
কোঠাত গোট খালোগৈ৷ চাৰিডোখৰ শ্লাইছ ব্ৰেড আৰু এক প্লেট মাংসৰে মহা উৎসাহেৰে দুয়ো
ৰূমমেটে আমাক আপ্যায়িত কৰিলে৷ প্ৰভাতদাক অভিনন্দন জনাই বেছ আনন্দেৰে আমি গধূলিটো উপভোগ
কৰিলো৷ পাছদিনাৰ পৰা সকলোৰে চকুত পৰিল – হোষ্টেলৰ নোদোকা কুকুৰজনী নাই!
এনেকুৱা একোটা
অদ্ভুত কাণ্ডৰে প্ৰভাতদাই আমাৰ হোষ্টেলটোত নতুন ৰং সানিছিল৷
এসময়ত মই কাৰিকৰী
শিক্ষা গ্ৰহণৰ বাবে অসমৰ বাহিৰলৈ গুচি গ’লো৷ দুবছৰমানৰ পাছত গম পাইছিলো শিক্ষা শেষ
নকৰাকৈয়ে প্ৰভাতদাই হেনো কয়লাৰ ব্যৱসায়ত লাগিছে, বেলতলাত থাকে৷ তেখেতক দেখা কৰাৰ মোৰ
কোনো সুবিধা হোৱা নাছিল৷ পঢ়া শেষ কৰি তাৰ পাছত অসমৰ বাহিৰত আঠ বছৰ চাকৰি কৰি পুনৰ
অসমলৈ মই যেতিয়া ঘুৰি আহিলো তেতিয়া প্ৰভাতদা অসম মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰী! তেখেতক
সকলোৱা চিনি পায়৷
কেন্দ্ৰীয় চৰকাৰৰ
যিটো বিভাগত মই চাকৰি কৰোঁ, সেইটো বিভাগে অসমত নিৰ্মাণ কৰা প্ৰতিষ্ঠান এটাৰ উদ্বোধনী
অনুষ্ঠানত অসম চৰকাৰৰ দুজন মন্ত্ৰীক নিমন্ত্ৰণ কৰাৰ সিদ্ধান্ত হৈছিল৷ এজন হৃদয় সমুদ্ৰ
বৰা আৰু আনজন প্ৰভাতদা৷ তেখেতসকলক নিমন্ত্ৰণ কৰি অনাৰ দায়িত্ব মোৰ ওপৰতে পৰিল৷ এনেকৈয়ে
এঘাৰ বছৰৰ মূৰত প্ৰভাতদাক দেখা পোৱাৰ এটা সুযোগ পালো৷
দিনৰ এঘাৰমান
বজাত মই তেখেতক লগ কৰিবলৈ তেখেতৰ কাৰ্যালয়ৰ কোঠাৰ সমুখত উপস্থিত হ’লোগৈ৷ পিয়নজনে
মোৰ নামটো তেখেতৰ হাতত দিয়াৰ ক্ষন্তেক পাছতে স্বয়ং প্ৰভাতদা দুৱাৰমুখলৈ ওলাই আহিল
আৰু সেই তেতিয়াৰে পৰিচিত চিনাকি সুৰত ক’লেহি – জেঠেৰী আহিলি, আহ, আহ ৷ তেখেতৰ ব্যৱহাৰত
মই আপ্লুত হ’লো৷ এই সম্বোধনেৰে ঘনিষ্ঠ হোৱা অনেক বন্ধুৱে হোষ্টেল এৰাৰ কেইবছৰমান
পাছতে লগ পালে ‘তুমি-আপুনি’ সম্বোধনেৰে আগৰ সম্পৰ্কটো বিকৃত কৰি পেলোৱা দেখিছোঁ৷
প্ৰভাতদাই তেনে নকৰাত মই ভাল পালো৷ তেখেতৰ কোঠাত তিনিজন ভদ্ৰলোক বহি আছিল৷ মই নিৰৱে
তেখেতসকলৰ প্ৰস্থানলৈ অপেক্ষা কৰি ৰ’লো৷ তেখেতসকলে কিবা এটা ‘অৰ্ডাৰ’ৰ বাবে প্ৰভাতদাক
খাটনি ধৰিছিল৷ প্ৰভাতদায়ো আন্তৰিকতাৰে এটা ৰেফাৰেঞ্চ্ নম্বৰ তেখেতৰ মেজৰ ওপৰত পৰি
থকা শকত লেফাফা এটাৰ ওপৰত লিখি লোৱা দেখিলো৷ নিৰ্ভয় আৰু প্ৰতিশ্ৰুতি আদায় কৰি তিনিও
ভদ্ৰলোকে বিদায় ল’লে৷
ইমানদিনে প্ৰভাতদাও
নোদোকাটো হ’ল৷ পোছাক পৰিপাটি৷ কণ্ঠস্বৰ আগৰ দৰেই গুৰুগম্ভীৰ৷ আগতে কম হাঁহিছিল,
এতিয়া কথাই কথাই আত্মতৃপ্তিৰ এক মিচিকিয়া হাঁহি৷ এটা কথা লক্ষ্য কৰি মই বৰ আমোদ পালো৷
কথা পাতি থাকোঁতে তেখেতে কিবা এটা চিকুটি থাকি ভাল পাইছিল৷ অভ্যাসটো এতিয়াও আছে৷
মোৰ লগত কথা পাতি থকা সময়খিনিত তেখেতে মেজত পৰি থকা লেফাফাটো চিকুটি চিকুটি বখলিয়াই
আনিছিল৷ লেফাফাটোৰ ভিতৰত থকা টকাৰ বান্দিলটো ঢাকিবলৈ তেওঁ কোনো চেষ্টা নকৰিলে৷
কিছু সময়ৰ পাছতে মই লক্ষ্য কৰিলো সম্পূৰ্ণ লেফাফাটো অসংখ্য সূক্ষ্ম টুকুৰা কিছুমানত
পৰিণত হৈ গ’ল৷ নিৰ্ভয় আৰু প্ৰতিশ্ৰুতি প্ৰদানেৰে তেখেতে লিখি লোৱা নম্বৰটোও লেফাফাটোৰ
লগতে অদৃশ্য হৈ গ’ল৷
১১ ফেব্ৰুৱাৰীত আমাৰ উদ্বোধনী অনুষ্ঠান৷ হৃদয় সমুদ্ৰ বৰাই নিমন্ত্ৰণ
ৰক্ষা কৰিব নোৱাৰিব৷ তেখেত সেইদিনাই মূখ্যমন্ত্ৰীৰ প্ৰতিনিধি হৈ দিল্লীলৈ যোৱাৰ কথা৷
কথাটো শুনি প্ৰভাতদা কিছু সময় মনে মনে ৰ’ল৷ তাৰ পাছত ক’লে- মই লৈ যাম যা; বৰাকো লৈ
যাম, তই চিন্তা নকৰিবি, তেখেত সেইদিনা দিল্লীলৈ নাযায়; তহঁতে সভাৰ আয়োজন কৰ৷
মন্ত্ৰীসভা কলেজৰ
হোষ্টেল নহয়৷ তথাপিও প্ৰভাতদাই যেনেকৈ আশ্বাস দিলে মোৰ এনে লাগিল যেন তেখেতে ৰুমমেটক
লৈ নিশা ছেকেণ্ড শ্ব’ ছিনেমা চোৱাৰ কথাহে কৈছে৷
আৰু মোক বিস্ময়ৰ
শেষ সীমাত উপনীত কৰাই প্ৰভাতদা হৃদয় সমুদ্ৰ বৰাৰ লগত আহি নিৰ্ধাৰিত সময়ত সভাত উপস্থিত
হ’লহি৷ আমাৰ প্ৰতিষ্ঠানটোৰ উজ্জ্বল ভবিষ্যত কামনা কৰি প্ৰভাতদাই এটা চুটি ভাষণো দিলে৷
চাহৰ টেবুলত মই তেখেতক অকলশৰে পাই সুধিলো – প্ৰভাতদা, দিল্লী যাত্ৰা বাতিল কৰি বৰাক
আনিব পৰা ৰহস্যটো কি? কন্ঠনলীৰ একেবাৰে গভীৰৰ পৰা সেই বিশেষ মাতটো উলিয়াই তেখেতে
ক’লে – ইয়াকে বোলে পলিটিকছ্৷ বৰা হৈছে জ্যোতিষীৰ কথাত উঠা-বহা কৰা লোক৷ এঘাৰ তাৰিখে
পশ্চিম দিশত উৰণ বিপদজনক৷ ৰাহুৰ প্ৰভাৱত কুম্ভৰাশিৰ শনিৰ দশা আৰম্ভ হৈছে দহ তাৰিখে
নিশা তৃতীয় প্ৰহৰৰ পৰা; এতেকে বৰাৰ যাত্ৰা স্থগিত৷ তাৰ পাছত মাতটো আৰু গম্ভীৰ কৰি
তেখেতে ক’লে, - খৰচ কিমান পৰিল জান, পূৰা দুহাজাৰ এটকা! তোৰ বাবে, মানে জেঠেৰীৰ বাবে
খৰচ কৰিলো আৰু দে, এনেয়ে জ্যোতিষীৰ নামত মোৰ এটকাও খৰচ নহয়৷
প্ৰভাতদাৰ বুদ্ধিৰ
প্ৰশংসা নকৰি নোৱাৰিলো৷ খন্তেক অন্যমনস্ক হৈ তেখেতে ক’লে – মই ভালকৈ ইংৰাজী ক’ব নোৱাৰোঁ
বুজিছ, নহ’লে মই ষ্টেট পলিটিকছৰ পৰা অতদিনে ওলাই গ’লোহেঁতেন৷
আমাৰ বিভাগে প্ৰচাৰ
কৰা ৰঙীন লিফলেট এখনৰ টুকুৰা এটা প্ৰভাতদাই চিকুটি আছিল৷ খুব সাৱধানে জুখি-মাখি চিকুটি
চিকুটি তেখেতে এখন অসমৰ মেপৰ আকৃতি বনালে৷ ক্ৰমান্বয়ে লক্ষীমপুৰ, ধুবুৰী আৰু কাছাৰৰ
পৰিবৰ্তন কৰি তাক ভাৰতবৰ্ষৰ ৰূপ দিয়া হ’ল৷ তাৰ পাছত খননকাৰ্য চলিল উত্তৰ-পূৰ্বাঞ্চল,
গুজৰাট, কাশ্মীৰ আৰু দাক্ষিণাত্যৰ ওপৰত৷ ৰঙা বৰণৰ কাগজখনে বৃত্তাকাৰ ৰূপ ধাৰণ কৰিলে,
ৰবাব টেঙাৰ দৰে দুয়োমূৰ চেপেটা পৃথিৱীৰ আকাৰ৷ মোৰ এনে লাগিল প্ৰভাতদাৰ মন আৰু প্ৰতিভাই
অসমৰ বাহিৰ হৈ ভাৰতবৰ্ষইদি পৃথিৱীৰ বুকুত মিলি যোৱাৰ বাট বিচাৰিছে৷
No comments:
Post a Comment