Tuesday, September 5, 2017

মদনছাৰ আৰু ৰাষ্ট্ৰপতিৰ সন্মান



মদনছাৰে ৰাষ্ট্ৰপতিৰ পৰা এতিয়ালৈকে কোনোধৰণৰ পদক পোৱা নাই আৰু সম্ভৱ নাপাইও৷ একেবাৰে সাধাৰণ স্কুলৰ ছাৰ এজন সাধাৰণ শিক্ষক৷

এসময়ত হেনো এখন দেশত এজন বৰ গুণী-জ্ঞানী ৰজা আছিল৷ তেওঁ এবাৰ আদেশ দিলে – সমাজলৈ প্ৰকৃত সেৱা আগবঢ়োৱ এজন গুণীলোকক ৰাজসভালৈ আনি দিব লাগে৷ যিয়ে তেওঁ বিচৰা মানুহজনক আনি দিব পাৰিব, তেওঁকেই ৰজাই বিশেষভাৱে পুৰস্কৃত কৰিব৷ লগে লগেই সমগ্ৰ ৰাজ্যত বিচাৰ-খোচাৰ আৰম্ভ হ’ল৷ ৰজাৰ আগলৈ ৰাজ্যৰ আটাইতকৈ প্ৰসিদ্ধ বৈদ্যজনক অনা হ’ল – তেওঁ ৰাজ্যৰ অগণন নাগৰিকলৈ স্বাস্থ্য সেৱা আগবঢ়াইছে৷ ৰজাই ভাল পালে, কিন্তু তেওঁ বিচৰা মানুহজন ডাক্টৰ নহয়! আন এজনে ৰজাৰ আগলৈ এজন বিখ্যাত ইঞ্জিনিয়াৰ লৈ আহিল৷ তেওঁ ৰাজ্যখনৰ অনেক অট্টালিকা, দলং, বান্ধ আদি নিৰ্মাণ কৰি ৰাজ্যৰ অগ্ৰগতিত প্ৰভূত বৰঙনি আগবঢ়াইছে, তেওঁৰ সেৱা অতুলনীয়৷ ৰজা প্ৰসন্ন হ’ল, তথাপিও কিন্তু তেওঁ বিচৰা মানুহজন অভিযন্তা নহয়! এইবাৰ ৰজাৰ সমূখলৈ এজন বিজ্ঞ উকীলক অনা হ’ল৷ তেওঁ আইন সুৰক্ষা সেৱাৰে সমাজলৈ বিস্তৰ সেৱা আগবঢ়াইছে৷ কিন্তু ৰজাই বিচৰা বিচৰা মানুহজন এইজনো নহয়! অৱশেষত ৰজাৰ আগলৈ এজন সাধাৰণ শিক্ষকক অনা হ’ল৷ ৰজাৰ মুখখন উজলি উঠিল৷ – হয়, তেওঁ বিচৰা মানুহ এইজনেই! ডাক্টৰ, ইঞ্জিনিয়াৰ, উকীল – এই সকলোৱে নিজৰ নিজৰ পৰিসৰত সেৱা আগবঢ়াই থকাতো সঁচা কথা কিন্তু সমাজলৈ অতুল্য বৰঙনি আগবঢ়াই নিৰৱে সেৱা কৰি থকা লোকজন আৰু আনকি ডাক্টৰ, ইঞ্জিনিয়াৰ, উকীল এই পেছাদাৰী লোকসকলকো গঢ় দিব পৰাজন কেৱল শিক্ষকহে! শিক্ষকেহে আচলতে গঢ় দিব পাৰে এখন দেশক বা এটা জাতিক৷

            মদনছাৰ তেনে এজন সাধাৰণ শিক্ষক৷ আলিগুৰী প্ৰাইমাৰী স্কুল নামৰ এখন অখ্যাত স্কুলৰ ছাৰ তিনি দশকৰ আগৰ এজন প্ৰধান শিক্ষক৷

            এটা ব্যস্ত ৰাস্তাৰ ঠিক মাজতে হঠাতে এদিন এটা ডাঙৰ শিল পৰি থকা দেখা গ’ল৷ গাড়ী চলাই পথিক আহে, মাজ বাটতে শিলটো দেখি অসন্তুষ্ট হয়, মুখৰ ভিতৰতে ভোৰ-ভোৰণি তুলি নতুবা কাৰোবাক গুৱাল গালি দি শিলটোৰ কাষেদিয়েই সাৱধানে গাড়ী চলাই চালক পাৰ হৈ গুছি যায়৷ মাজ বাটতে পৰি থকা শিলটোৱে সকলোকে অসুবিধা কৰিছে, তথাপিও বিভিন্ন গাড়ী-বাছ-চাইকেল চলিয়েই আছে, বাটৰুৱাৰ অহা-যোৱাও কমা নাই৷ কোনোবাই চৰকাৰক গালি  পাৰিছে, কোনোবাই পৌৰ নিগমক, কোনোবাই আকৌ তেনে কাম কৰা অসভ্য নাগৰিকক৷ মুঠতে শিলটো পৰিয়েই আছে৷ এদিন দেখা গ’ল এজন মানুহে চাইকেলখন ৰখাই অনেক কষ্ট কৰি শিলটো পথৰ মাজৰ পৰা দাঁতিলৈ আঁতৰাই আনিলে৷ কিন্তু কি আচৰিত, শিলটোৰ তলত এখন চিঠি! তাত লিখা আছে – You are the true wealth of the nation  - আপুনিয়েই জাতিৰ পৰম সম্পদ! আমোদজনক কথা, মানুহজন আছিল এজন শিক্ষক! সম্ভৱ মদনছাৰৰ দৰেই৷

            মদনছাৰ মোৰ ল’ৰালিৰ শিক্ষাগুৰু৷ গেৰেকী নামৰ এখন অখ্যাত গাওঁৰ এই বাসিন্দাজন আছিল মোৰ ল’ৰালিৰ প্ৰথম শিক্ষাগুৰু৷ কিন্তু জীৱনৰ প্ৰথম শিক্ষাগুৰু কাৰণেই মই তেখেতক আজি চল্লিশ বছৰৰ পিছতো শ্ৰদ্ধাৰে সোঁৱৰো নে?

            আমাৰ তেতিয়াৰ দিনবোৰ এতিয়াৰ দৰে নাছিল৷  আমি চিলথ (slate) কিতাপ আৰু বহিবৰ বাবে বিলাতী মাটিৰ খালী বস্তা এটা লৈ পঢ়াশালীৰ জীৱন আৰম্ভ কৰিছিলো৷  আমাৰ স্কুলখনো ৰাইজে সাজি দিয়া খেৰ-বাঁহৰ এটা সাধাৰণ জুপুৰী ঘৰ আছিল৷ স্কুলখন যি ঠাইত অৱস্থিত সেই ঠাইৰ বেছিভাগ বাসিন্দাই আছিল অতীতত চাহ বাগিছাত কাম কৰা পৰিয়ালৰ৷ স্কুলীয়া শিক্ষাৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ বৰ কম আছিল৷ কিন্তু অখ্যাত ঠাইৰ এই স্কুলখনৰ গুৰী ব’থা ধৰিছিল মদন গোঁহাই নামৰ এই শিক্ষকজনে৷ এখন বাঁহৰ বাৰীয়ে বছৰটোৰ আটাইকেইটা মাহেই  স্কুলৰ চোতালখন ঢাকি ধৰি সেমেকাই ৰাখিছিল৷ চোতালখনত কামোৰ খাই ধৰি ৰখা বাঁহপাতবোৰ চিকুটি চিকুটি আমি স্কুল আৰম্ভ হোৱাৰ আগতে দৈনিক “চাফাই” কাম কৰিছিলো৷ কিন্তু তেনে কাম কৰি উঠাৰ পিছতো কাৰো হাতৰ নখ ক’লা হব নোৱাৰিছিল৷ নোৱাৰিছিল আৰু নাছিলো৷ এতিয়া কেতিয়াবা  চুট-টাই মাৰি অহা লোকৰ হাতত যেতিয়া ক’লা –ক’লা ৰঙৰ কুন্ধছ নখ দেখো সেই তেতিয়াৰ দিনতে মদনছাৰৰ হাতত থকা স্কেলপাত আৰু স্কেলপাতৰ আঙুলিৰ গাঠিত লাগি হোৱা টকৰ-টকৰ শব্দটোলৈ মনত পৰে৷ “আজি ডাঙৰ ল’ৰাটো আহিব নোৱাৰিলে, সৰুটোৰেই কাম চলোৱা আৰু”- বুলি কোৱা অভিভাৱকৰ মাজৰ পৰাই ছাৰে ছাত্ৰ-ছাত্ৰী সংগ্ৰহ কৰিব লগাত পৰিছিল কিন্তু তেনে ছাত্ৰ-ছাত্ৰীকেই আমাৰ স্কুল আৰু গাওঁৰ বাহিৰত যে এখন বিচিত্ৰ জগত আছে সেই কথা চিনাকি কৰি দিবলৈ ছাৰে অহোপুৰুষাৰ্থ কৰিছিল৷ পাঠ্যক্ৰমত নথকা সত্বেও তেনে প্ৰচেষ্টা আছিল ছাৰৰ ব্যক্তিগত, নিস্বাৰ্থ আৰু আন্তৰিক৷ সেই সময়ত তেজীমলাৰ সাধু বা বুঢ়ীআইৰ সাধুৰ উপৰিও ছোভিয়েট দেশৰ সাধুকথা কিছুমান শিশুৰ মনত লগাকৈ প্ৰকাশ কৰি প্ৰচলন কৰা হৈছিল৷ মনত আছে মদন ছাৰ আৰু কিৰণ বাইদেউৱে তেনে কিতাপ অতি যত্নেৰে সংগ্ৰহ কৰি আনি আমাক ঘৰলৈ নি পঢ়িবলৈ দিছিল৷ ছাৰে বিশ্বকোষ আমাৰ হাতত তুলি দিব পৰা নাছিল ঠিকেই কিন্তু বিশ্বকোষ নামৰ এখন প্ৰয়োজনীয় কিতাপ যে আছে সেই সূচনা তেতিয়াই মনত লগাকৈ সুমুৱাই দিব পাৰিছিল৷ সৰস্বতী পূজা আদিত গাঁৱে গাঁৱে ঘুৰি কলঠোক, ঢাৰি-পাতি বিচাৰি অনা, বছৰত এবাৰকৈ স্কুলঘৰৰ মজিয়াখন পথাৰৰ পৰা মাটি কাটি আনি ওখ কৰা আদি কামবোৰেৰে ছাৰে শিকোৱা সামাজিক দায়বদ্ধতা আৰু শাৰিৰীক পৰিশ্ৰমৰ আদিপাঠ কিমান মূল্যবান আছিল পিছৰ জীৱনতহে বুজিব পাৰিছো৷ নিয়মানুবৰ্তিতাৰ ক্ষেত্ৰত ছাৰ পৰ কঠোৰ আছিল৷ পঢ়াশুনা নোৱাৰেলে টেবুলৰ তলত মূৰটো সুমুৱাই পেন্টটো আঁঠুলৈকে খহাই লৈ ছাৰে মোৰ বাঁহৰ চেকনিৰে টিকাত ‘বেট’ দিছিল৷ চতুৰ্থ শ্ৰেনীত যেতিয়া বৃতি পৰীক্ষা দিবলৈ পথাইছিল, স্কুল ছুটীৰ পিছত বা বন্ধৰ দিনতো ছাৰে মোক ঘৰলৈ আহি কেইবামাহো পঢ়াইছিল৷ তাৰ বাবে তেখেতে দেউতাৰ পৰা এক পইচাও লোৱা নাছিল৷ ছাৰৰ ইচ্ছা মই পূৰণ কৰিব পৰা নাছিলো, পাৰিছিল মোৰ ভন্টীয়ে কেইবাবছৰৰো পিছত৷ নিজৰ পাঠ্যপুথি আৰু পাঠ্যক্ৰমৰ উপৰিও জীৱনটো সমৃদ্ধ কৰিব পৰা বিভিন্ন উপাদানৰ জ্ঞান ছাৰে আমাক সেই বয়সতে দিবলৈ চেষ্টা কৰিছিল৷  অংকত এশৰ ভিতৰত এশ নাপালেই জীৱনটো অথলে নাযায়৷ অকল পৰীক্ষাৰ বহীত পোৱা নম্বৰ কেইটাই জীৱনৰ ভেটিৰ মূল আধাৰ হোৱা উচিত নহয়৷ সেই ভেটি দৃঢ় কৰিব লাগে মানৱীয় গুণ আৰু সুদৃঢ় প্ৰমূল্যৰে৷ ব্যবহাৰিক মূল্য নাই যদিও ছাৰে আমাক জ্ঞান আৰু অভুজ্ঞতাৰ বাবেই পাখি কলমেৰে লিখিবলৈ শিকাইছিল, সেক দিয়া কলপাতত বাঁহৰ কাঠিৰে বন্ধৰ দিনত অংক কৰিবলৈ শিকাইছিল৷ পাঠ্যপুথিৰ শিক্ষাৰ বাহিৰে আন দিশলৈ হাত মেলাৰ সামৰ্থ্য আমাৰ স্কুলখনৰ নাছিল৷ তথাপিও ছাৰে আমাক নিয়মীয়াকৈ খেলিবলৈ দিছিল, গান গাবলৈ দিছিল, ছবি অঁকাৰ লগতে ৰং-তুলিকাৰ লগতো চিনাকি কৰি দিছিল৷ উল্লেখযোগ্য যে প্ৰকৃতিৰ কোলাত নিৰৱে উমলি থাকোঁতে আধুনিক ধ্যান-ধাৰণাৰ পৰা যাতে আমি নিলগত থাকিব নালাগে তাৰ বাবে তেখেতে স্কুলখনত এটা ৰেডিঅ’ লোৱাৰ ব্যৱস্থা কৰিছিল৷ এসময়ত ছাৰৰ পৰিধিৰ পৰা আমি ওলাই আহিলো৷ শিক্ষা জীৱনৰ পিছৰছোৱাত মহেন্দ্ৰ বৰকটকী ছাৰ, জিতেন বৰকটকী ছাৰ, মন্মথ ছাৰ, লীলা ছাৰ, সৰ্বেশ্বৰ ছাৰ, নিৰূপ ছাৰ, তালুকদাৰ ছাৰ (জগদীশ), মূলভা ছাৰ, ৰমন ছাৰ, শ্ৰীনিবাসন ছাৰ আদিৰ সান্নিধ্যই জীৱনটো বিভিন্ন প্ৰকাৰে সমৃদ্ধ কৰিছে কিন্তু মদন ছাৰে ছাত্ৰ জীৱনৰ আদিতে যি কঠীয়া সিচিলে তাৰ তুলনা পাবলৈ নাই৷ ছাত্ৰ জীৱনৰ শেষৰ ফালে কেতিয়াবা কৰবাত মোৰ লেখা প্ৰকাশ হলে ছপা আখৰত নিজৰ নামটো দেখি বৰ আনন্দ পাইছিলো৷ তেনে এটা দিনতে এদিন ছাৰে ৰাষ্টাত চাইকেলৰ ওপৰৰ পৰাই মাত লগাই ক’লে- প্ৰান্তিকত তোৰ চিঠি পাইছো, ভাল হৈছে যা৷  অকল সেই আষাৰেই কথা কিন্তু কি তাৰ সঞ্জীৱনা সুধা, কি তাৰ প্ৰেৰণাদায়ক শক্তি!

            এদিন ছাৰ সেইখন স্কুলৰ পৰা বদলি হৈ গুছি গ’ল৷ আমিও নিজ নিজ কক্ষপথত আপোন গতিৰে ঘুৰিবলৈ লঁলো৷ শৈশৱৰ কথা মনত পৰিলে ছাৰৰ প্ৰতি শ্ৰদ্ধাৰে মনটো ভৰি উঠে – বছ সিমানেই৷

            তিনি দশকৰ পিছত সৌ-সিদিনা সময় উলিয়াই লৈ ছাৰক এবাৰ দেখা কৰিবলৈ গ’লো৷ সেইটো আছিল বসন্ত কালৰ এটি আবেলি৷ মই আৰু ভন্টি যেতিয়া ছাৰৰ ঘৰৰ দুৱাৰদলিত উপস্থিত হ’লোগৈ ছাৰ ঘৰত নাছিল ৷ অলপ সময়ৰ পিছত ছাৰ যেতিয়া আহিল দুয়োপক্ষৰে চকু কপালত! সেই একেই মদন ছাৰ, মুখত এমোকোৰা তৃপ্তিৰ হাঁহি৷  বিভিন্ন কথাৰ মাজতে এবাৰ সুধিলো – ছাৰ, আপোনাৰ হাতৰ আঙুলিটোতযে হৈছিল, খুউৱ খজুৱাই থাকে, অসুখটো ভাল হ’ল নে? তোৰ এতিয়াও মনত আছে, মাজতে কেইবছৰমান ভাল হৈছিল, পাছত আকৌ হ’ল, এইয়া চা ৷ ছাৰৰ সোঁহাতৰ তৰ্জনী আঙুলিটোৰ একাংশত খৰৰ দৰে সেই অসুখটো তেতিয়াই হৈছিল, এতিয়াও আছে!

            এসময়ত ছাৰৰ মাত প্ৰায় থোকা-থোকি হোৱাৰেই উপক্ৰম হ’ল৷ সোনৰ শৈশৱ কালৰ স্মৃতিয়ে আমাকো ব্যথিত কৰিছিল৷ আহিবৰ সময়ত ছাৰে ক’লে – ইমান বছৰৰ মূৰত তহঁতযে এনেকৈ আহিলি মোৰ কিবা ৰাষ্ট্ৰপতিৰ সন্মান পোৱা যেন লাগিছে অ’৷

            কথাষাৰ মোৰ কাণত এতিয়াও বাজি আছে৷ পুৰণি ছাত্ৰ-ছাত্ৰীৰ ক্ষন্তেক উপস্থিতিয়ে এজন শিক্ষকক ইমান আনন্দ দিব পাৰে যে সেইয়া ৰাষ্ট্ৰপতিৰ সন্মানৰ সমতুল্য৷ কালক্ৰমত শিক্ষা আৰু শিক্ষকৰ ৰূপৰ সলনি হৈছে কিন্তু এতিয়াও যিকেইজন শিক্ষাগুৰুৰ প্ৰতি আমাৰ মন আৰু অন্তৰ ভক্তিৰে ভৰি আছে তেখেতসকলৰ কাষত ক্ষন্তেক সময় ঠিয় হৈ শ্ৰদ্ধা জনোৱাৰ উপায় আমি নিশ্চয় চিন্তা কৰিব পাৰোঁ৷ মোৰ বিশ্বাস, পৃথিৱীৰ পৰা আঁতৰি যোৱাৰ পিছত জনোৱা বিভিন্ন সন্মানতকৈ জীৱিত কালতে তেখেতসকলক দিব পৰা কিছু সময় আৰু সন্মান দুয়ো পক্ষৰ বাবেই অধিক সন্তোষজনক৷

            এনে উপলব্ধি হৈছে, মদনছাৰৰ পৰা এতিয়াও যেন শিকিয়েই আছোঁ৷ সম্ভৱ এই জীৱনত ছাৰে আৰু মোক শিকাবলৈ নেৰে!


No comments:

Post a Comment