জীৱন বাটৰ ৰসঃ চন্দ্ৰপেহা (১৫)
ফেঁহুজালি নিদিওতেই পেহা
গৈ পথাৰত হাল যুৰিছিলগৈ ৷ তেখেতৰ হিচাপ মতে ডেৰপূৰা মাটিত হাল বাই– মৈয়াই পেহা যেতিয়া
ঘৰ পালেহি তেতিয়া ভৰ দুপৰীয়া, ছালৰ ছাঁই পিৰালি চুইছেহি ৷ ভাগৰত গোটেইতো লেবেজান
৷ পেহী আখলত ৷ গাতো তিয়াই লোৱাৰ আগতে পেহাই সুধিলে – দুপৰীয়া সাঁজৰ কাৰণে আছেনে
কিবা মাছ-পুঠি? পেহীৰ মুডটো ভাল নাছিল হ’বলা,
গোজোৰা মাৰি উত্তৰ দিলে – মাছ-পুঠি পাচলি বাৰীত নালাগে নহয়, ৰ’ব মই জুলুকিটো লৈ
ওলাম এতিয়া! পেহাৰ টিঙিচকৈ মাৰিলে৷ পিছে, পেহীৰ কথাষাৰে এটা ইংগিত বহন কৰিছিল ৷ সেয়ে,
বেৰত ওলোমাই থোৱা খেৱালি জালখন টান মাৰি লৈ পেহা খনাজানলৈ বুলি ওলাই আহিল ৷
জানটো ওচৰতে, তামোল এখন খোৱাৰ
বাট হয় কি নহয় ৷ হিমালয়ৰ পৰা বৈ অহা নিৰ্মল পানীৰ ধাৰা এটা খনাজানেদি দক্ষিণলৈ বৈ গৈছে
৷ পেহা বাস কৰা অঞ্চলটোৰ বাবে মাছ-পুঠি থাওকতে পোৱা ইয়েই হৈছে সুলভ উৎস ৷ ফটিক যেন
নিৰ্মল পানীৰ ধাৰা, কুল-কুল সুৰে আপোনমনে বৈ থাকে ! জাল এখেৱা পানীত পেলোৱাৰ আগে
আগে পেহাৰ হেনো দেহাটো শাঁত পেলাবৰ বাবে পহিলাতে জোবোৰা এটা মাৰি লোৱাৰ কথা মনলৈ
আহিল ৷ কথা মতেই কাম, জালখন একাষত থৈ পেহাই পানীত ডুব মাৰিলে ৷ আহ্, কি নিৰ্মল পানী,
দেহা মন শাঁত পৰি যোৱা উষ্ণতা! দ পানীত পেহা তললৈ গৈ থাকিল ৷ একেবাৰে তলত গৈ পেহাই
দেখিলে, ৰং বিৰঙৰ কিছুমান মসৃণ শিলগুটি মুকুতা পৰাদি পৰি আছে৷ তাৰ এমূৰে এটা সৰু কাঠৰ
কুণ্ডা ৷ দেখিলে এনে লাগে চিত্ৰলেখাই যেন নিজে আগত থাকি সখীহঁতৰ দ্বাৰা উষা-অনিৰুদ্ধৰ
কাৰণে শয়ন-পাতি সজাই থৈছে ৷ পেহাই লোভটো সামৰিব নোৱাৰিলে ৷ পানীৰ ওপৰলৈ উঠি আহি
থাপ মাৰি বতাহ এমুঠি লৈ পেহা আকৌ তললৈ ডুব মাৰিলে৷ পানীৰ তলত উষা-অনিৰুদ্ধৰ কাৰণে
সজাই থোৱা বিচনাখনতে পেহাই গাটো ঢালি দিলে৷ হাতৰ মুঠিটো নাকৰ ওচৰ চপাই ধৰি থাকিল
৷
-
তাৰ পাছত?
তাৰ পাছত পেহাৰ যেতিয়া
টোপনি ভাগিল পানীৰ ওপৰত কানি-মুনি এন্ধাৰ!
বিঃদ্ৰঃ- এই কাহিনীটো
উদ্ধাৰ কৰিলে পেহাৰ কাহিনীৰ পোনপটীয়াকৈ সোৱাদ লোৱাৰ সুবিধা পোৱা আমাৰ মৰমৰ নিতুমনি
ভূঞাই৷
No comments:
Post a Comment