Saturday, October 14, 2017

জীৱন বাটৰ ৰসঃ চন্দ্ৰ পেহা (১৮)

জীৱন বাটৰ ৰসঃ চন্দ্ৰ পেহা (১৮)
আকৌ ভাওনা ৷
চলাহোলাত বকাসুৰ বধ ৷ দুদিনীয়া ভাওঁনাৰ পহিলা ৰাতি ৷ ভীমৰ ভাওত স্বয়ং পেহা ৷ নামঘৰৰ মজিয়াত পাঁচফুট দ গাত খন্দা হৈছে ৷ সোঁ-হাতে গদা দাঙি ধৰিত্ৰীৰ বক্ষত পেহাই গদাঘাত কৰিব ৷ তাৰপিছতেই ভূমি ভেদি ওলাই অহা বাটেদি কুন্তীসহ চাৰি ভাতৃক বাওঁহাতে দাঙি লৈ পেহাই কৌৰৱৰ ৰাজ্য ত্যাগ কৰিব ৷ গাতত জাপ দিয়াৰ লগে লগেই নামঘৰৰ আটাইবোৰ লাইট নুমাই যাব ৷ আকৌ যেতিয়া লাইট জ্বলি উঠিব, কুন্তীসহ পঞ্চপাণ্ডৱ গৈ ওলাবগৈ বকাসুৰৰ নগৰ ! ভাওনাৰ কাইদা-কিটিপ চাবলৈ অঞ্চলটোৰ আটাইকেইখন গাওঁৰ ৰাইজ ভাগি ভুঁহৰি আহিছে৷
সকলো ঠিকেই চলি আছিল৷ কিন্তু লাইট নুমুউৱাৰ দায়িত্বত থকা বগাই বায়েনৰ সৰুটো পুতেকৰ হাত এটা চুইচত নপৰিল ৷ বকাসুৰৰ সিংহাসনৰ ওপৰত আঁৰি দিয়া ষাঠী পাৱাৰৰ লাইট এটা ট ট-কৈ জ্বলিয়েই থাকিল ৷ ইফালে গাতৰ ভিতৰত কুন্তী আৰু পঞ্চ পাণ্ডৱে ক্ষণ গণি আছে - লাইটটো নুনুমায়হে নুনুমায়! অৱশেষত ‘যায়ে লাং-থাকে লাং’ বুলি সেই পোহৰতেই পেহাহ’ত বাওঁনাৰ দৰে মণিকূটৰ ফালে লৰ ধৰিব লগা হ’ল৷ দৌৰি যোৱা দৃশ্যটো ছটা গাধক কোনোবাই খেদি নিয়া যেন দেখা গৈছিল ৷ বিশেষকৈ কুন্তীৰ ভাওঁ দিয়া নিমাইয়ে মেখেলাখন ককাললৈকে কোচাই মৰা দৌৰটো দেখি দৰ্শকে গিৰ্জনি মাৰি হাঁহি উঠিল ৷
পেহাৰ মুডটো অফ্‌ হৈ গ’ল ৷ সেইয়ে খৰমান তাল বজাৰ আগতেই পেহা ঘৰলৈ বুলি ওলাল ৷ কুন্তীয়ে তেতিয়া পয়াৰ মাতি আছে ৷ ভাওনা চাবলৈ পেহা-পেহীৰ লগত থকা আঠবছৰীয়া ভতিজাক আমাৰ মুকুল ককাইদেউকো পেহাই লগত লৈ গৈছিল ৷ মানিকী জেঠাইৰ কাষতে ভদ্ৰাসন ভংগীত বহি লৈ গোটেই ৰাতি চকুৰ টিপ নমৰাকৈ ভাওনা চাই থকা মুকুল ককাইদেউক পেহাই ক’ল – ব’ল, উঠ এতিয়া !
প্ৰথমে পেহাই পিন্ধি থকা ভাৱৰীয়াৰ পোছাকযোৰৰেই ওভতাৰ কথা ভাবিছিল৷ পিছে কথা এটা মনত পৰি থমকি ৰ’ল ৷ যোৱা বেলি গাৱতে সম্ভাসুৰৰ ভাও দি সেইটো ৰূপতে পেহা ঘৰলৈ ঘুৰি আহিছিল, ভৰিত জুনুকাৰ নুপূৰ ধ্বনি ৷ নঙলা খোলাৰ লগে লগেই খিৰতী গাইজনীয়ে পেহাক দেখি এক্কে টানে বান্ধ ছিঙি নেগুৰ ডাঙি মাৰিলে ভিৰাই লৰ ৷ গতিকে, পেহাই খৰধৰকৈ মুখত লাগি থকা লিকুইডৰ প্ৰলেপটো কিছু ধুই ল’লে ৷ ভীমৰ চকুৰ আশে পাশে থকা ৰুলেক্স-মাইকাৰ চামনিটো ঘৰত গৈহে এৰুৱাব লাগিব৷ পোছাকযোৰ? জামুগুৰীহাটৰ পৰা নিজে ভাৰা কৰি অনা ৰয়েল পোছাক, বেয়া হলে দাম ভৰিব লাগিব ৷ পীত বৰণৰ ধুতিখন খুলি পেহাই নিজৰ গেৰুৱা বৰণৰ লং পেন্টটো পিন্ধি ল’লে ৷ ঘৰমুৰি মাহ-প্ৰসাদ ভাগৰ লগতে পোছাকযোৰো টঙালিখনেৰে বান্ধি লৈ চাইকেলখনৰ হেন্দেলডালত ওলোমাই ল’লে৷ পেহাৰ ওভটনি যাত্ৰাৰ আয়োজন সম্পূৰ্ণ ৷ লোহাৰ ৰদডালত অনা ভাজেই মুকুল ককাইদেউক তুলি লৈ পেহা নামঘৰৰ পৰা ওলাই আহিল ৷ ভাওনাৰ লাইটে চকাচমকাকৈ পোহৰাই ৰখা অংশটো পাৰ হোৱাৰ পাছতেই বাটতোত কেকুৰী এটা আছে৷ তেতিয়াহে পেহাই অনুভৱ কৰিলে – এতিয়া কৃষ্ণ পক্ষ, চোৰে চৰ মাৰিলেও চিনিব নোৱাৰা এন্ধাৰ ৷ ঢলফোট দিবলৈ এতিয়াও বহুত সময় বাকী আছে৷ আন কীত-পতঙ্গৰ লগতে বামুণ ভেকোলাৰ ছন্দোবদ্ধ মাতে নিশাটো গহীন কৰি ৰাখিছে৷
পেহাই কথা পাতি যাবলৈ মন কৰিলে - ভয়ো ভাগিব, মনটোও পাতলিব৷
- এটা কথা মন কৰিছনে? আকাশত যিমানেই তৰা নাথাকক, পৃথিৱীৰ বুকুত পোহৰ দিব নোৱাৰে, কিন্তু জোনবাই এটা হলেই পাৰে, কিয় বাৰু ক ?
- সৰু কাৰণে নোৱাৰে চাগে’, জোনটোৰ সমান ডাঙৰ হোৱা হলে তৰাইও পাৰিলেহেঁতেন ৷ আত্মবিশ্বাসী মুকুল ককাইদেউৰ উত্তৰ৷
- কবিয়ে কি কৈছে শুন, এক চন্দ্ৰে জগতৰ অন্ধকাৰ হৰে, অসংখ্য তৰাই তেনে কদাচ নোৱাৰে ৷ মানে, আমাৰ যজ্ঞ ককাইদেউকে ধৰ, ককাইদেই আমাৰ স্কুলখনৰ পৰা ফাৰ্ষ্ট ডিভিজনত মেট্ৰিক পাছ কৰা প্ৰথম ল’ৰা, জান নে নাই? বিলাতত গৈ কচুগছৰ পৰা পেট্ৰল উলিউয়াৰ গবেষণা কৰি আহিছে৷ ককাইদেউৰ পদ্ধতিটো যেতিয়া লাগু হব, এডাল কচুথোৰৰ দাম এশ টকা হব, জাননে নাই?
- জানো ! - মুকুল ককাইদেউৱে যিটো জানো কলে তাৰ অৰ্থ জানো আৰু নাজানো দুয়োটা হয়!
- অৰ্থাৎ, ককাইদেউ হৈছে জোনটো, চন্দ্ৰ- তাৰ পোহৰ আমাৰ ইয়াতো পৰিল, গুৱাহাটীতো পৰিল আৰু বিলাততো পৰিল! আৰু আমি হলো তৰা, থাক গাই বাই গাৱঁতে ! নামটো চন্দ্ৰ হলে কি হ’ব! মানুহ সেই কাৰণে চন্দ্ৰ হবলৈ চেষ্টা কৰিব লাগে বুইছ, তই চন্দ্ৰ হবলৈ চেষ্টা কৰিবি, পাৰিবিনে নাই?
লোহাৰ ৰদডালত মুকুল ককাইদেউক বহিবলৈ যিটো গাৰু পাৰি দিয়া হৈছিল, সেইটো নামতহে গাৰু! তুলাখিনি দুয়োপাৰে বহি গৈ কাপোৰখনহে লোহাডালত আছেগৈ৷ চাইকেলৰ জোকাৰণিত ৰাজহাড়ডালৰ শেষাংশ টনটনাই উঠিছে৷
ঘৰ-ঘৰ শব্দ কৰি হোকাজানৰ বাহঁৰ দলংখন পাৰ হ’ল ৷ এতিয়া এইখিনি বৰ জয়াল ঠাই৷ দুয়োপাৰে গেজেপনি মৰা হাবি৷ বিৰা নামৰ ভূতবিধৰ এইবাটতোৱেই হেনো ৰম্যভূমি৷ জিয়াঁ আৰু কোনোবা অচিন প্ৰাণীৰ ৰৈ ৰৈ মতা গহীন মাতে পৰিৱেশটো ভয়লগা কৰি থৈছে ৷ কেইদিনমানৰ আগতে এই খিনিতেই বেদেলা ককাইক কুকুৰে কামুৰিছিল৷ ভতুৱা কুকুৰ কেইটামানে হেনো ৰাতি ৰাতি এইডোখৰতে খাপ পাতি থাকে৷
হঠাতে পেহাই অনুভৱ কৰিলে চাইকেলখনৰ লগে লগে যেন কিবা এটা দৌৰি দৌৰি আহি আছে ৷ পেহাৰ বুকুখন চিৰিং কৰি উঠিল ৷ আন্ধাৰত একো মনিব নোৱাৰি৷ লগে লগে পেহাই চাইকেলৰ গতিবেগ বঢ়াই দিলে৷ তাৰপিছত পেহাৰ বাওঁভৰিৰ সৰু গাঠিটোত কিহবাই চেলেকা যেন অনুভৱ হ’ল ৷ অকস্মাতে পেহাৰ মনলৈ কুন্তীপুত্ৰ ভীমসেনৰ মেজাজ ঘুৰি আহিল আৰু বাওঁ হাতেৰেই প্ৰাণীটোৰ গাত এটা ঢকা লগাই দিলে !
ঘৰ যেতিয়া পালেহি তেতিয়া পূৱে ফেহুজালি দিছে৷
সেইদিনা পেহা যেতিয়া শোৱাৰ পৰা উঠিল তেতিয়া স্কুলৰ ঘন্টা বাজিছে ৷ গৰু-ছাগলী কেতিয়াবাই এৰাল দিয়া হৈ গ’ল ৷ গাটো তিয়াই লৈ আগফালে আহি পেহাই দেখে ৰাস্তাত মানুহৰ দৌৰাদৌৰি লাগিছে ৷ কেৰকণৰ মাজুটোৱে বাপেকৰ চাইকেলখন লৈ চিটত বহি হাফ পেডেল মাৰি মাৰি স্কুললৈ যায়, এতিয়া সি চিটতো কাষলতিৰ তলত লৈ ফুল পেডেল মাৰি মাৰি বিম্বশৱদে উধাতু খাই অহাদি আহিছে ৷- ক’ত কি হৈছে? পেহা পদূলিলৈ ওলাই আহিল৷
গোটেইখন হুলস্থুল লাগিছে৷ হাবিখনৰ মাজতে ৰাস্তাৰ দাঁতিতে ঢেকীয়াপতীয়া বাঘ এটা মৰি পৰি আছে৷ তাৰ জিভাখন এহাতমান বাহিৰলৈ ওলাই আছে৷ বাঘটোৰ পিঠিত কোনোবাই ঢকা মৰাৰ চিন এটাও দেখা গৈছে!
তেতিয়াহে পেহাই উৰহী গছৰ ওৰ পালে ৷ ৰাতি ৰাস্তাত পেহাই কুকুৰলৈ বুলি মৰা ঢকাটো আচলতে ঢেকীয়াপতীয়া বাঘটোৰ গাতহে পৰিছিল!
(কৃতজ্ঞতাঃ শ্ৰী নৱ ওজা ৷ ধন্যবাদ নৱ ৷)

No comments:

Post a Comment