জীৱন বাটৰ ৰসঃ চন্দ্ৰপেহা (২০)
আঘোন
গ’ল, পুহ মাহ আৰম্ভ হৈছে ৷ পথাৰৰ সেউজীয়াই
ক্ৰমশঃ বৰণ সলাবলৈ লৈছে৷ বাৰীৰ শাকনিত লাই, পালেং, ধনীয়া, বাবৰি, বন্ধা কবি, ওল কবি, ফুল
কবিয়ে “আজি মোক খা – আজি মোক খা “ কৰি থকাৰ সময়৷ বোৱাৰী পুৱাতে পেহা যেতিয়া শাকনিত সোমাইছিল তেতিয়া
কুৱঁলীয়ে গোটেইখন ঢাকি থৈছে৷ বাৰীখনৰ এফাল কেঞাবন চিকুনাই পেহা যেতিয়া আজৰি হ’ল তেতিয়া কুঁৱলী আঁতৰিছে, বেলিৰ পোহৰ শাকনিত পৰিছে, দূবৰি বনৰ ওপৰত নিয়ৰৰ টোপাল বিলাক মুকুতা জিলিকাদি জিলিকিবলৈ লৈছে
৷
কোৰ-খন্তি সামৰি থৈ গাটো তিয়াই আহি পেহাই এতিয়া জালখনত হাত দিছেহি৷ বাৰান্দাৰ খুটা
এটাত ওলোমাই লৈ পেহাই খেৱালী জাল এখন গুঠি আছে৷ দুহাত পাৰ হওঁ হওঁ ৷ আগৰবাৰ চগমলালৰ
দোকানৰ পৰা অনা সূতাবিধ ঠিক নাছিল, মাজে মাজে ফিচিকি যায়৷ নতুন সূতালৈ ৰৈ থাকোঁতেই
এমাহ সময় এনেয়ে পাৰ হ’ল৷ দুহাত হ’লেই যেতিয়া বাৰিষাৰ আগে আগে ওলাবগৈ লাগে!
পুৱফালৰ
পিৰালিটোত থৈলা এটাত লেপেতা কাঢ়ি বহি, পিঠিত ৰ’দ পেলাই বহি লৈ মুকুল ককাইদেউৱে ইংৰাজী
গ্ৰামাৰ পঢ়িছে – কিং-কুইন, লায়ন-লায়নেছ, ফক্স-ভিক্সেন
!
ঠিক
সেই সময়তে মূৰত গামোছাৰ খোপা পিন্ধি কাষলতিৰ তলত নুৰিয়াই লোৱা তিতা কাপোৰ এসোপা
লৈ পেহী আহি আগ চোতাল পালেহি৷
পেহাৰ মুখখন খজুৱাই আছিল, চাহ একাপৰ কথাও মনলৈ আহিছে ৷ এনে অৱস্থাত তেখেতে প্ৰায়েই
পেহীক খোচ এটা মাৰে ৷ পেহীয়ে যেতিয়া দাঁত মূৰ কৰচি কয় – এই মানুহটোৰ গাত কি জখিনী
লাগিল জানো ! পেহাইও গুজুব কৈ উত্তৰ দিয়ে – আইনাখন চালেই দেখা পাবা জখিনীজনী, যোৱা
চোৱাগৈ! এতিয়া তেনে এটা সময় সমাগত হৈছে বুলি পেহাৰ মনে ক’লে৷ পেহীয়ে চোতালৰ তাঁৰডালত কাপোৰবোৰ মেলিবলৈ লৈছে৷
ঠিক সেই সময়তে মুকুল ককাইদেইৱে সুধিলে – পেহা, উলফ্, মানে কুকুৰ নেচীয়া বাঘৰ স্ত্ৰীলিংগ
কি ?
পেহাই
গহীনাই উত্তৰ দিলে - কিয়, কিতাপত নাই নেকি?
- - নাই
পোৱা দেখোন! মুকুল ককাইদেউৰ উত্তৰ৷
পেহাই লগে লগে ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিলে - নাই যদি পেহীয়েৰৰ নামটোকে লিখি দে, মিলি যাব!
এই মানুহটোৱে ল’ৰাটোৰ
মূৰটো খাব! গো-গোৱাই পেহী আখলঘৰলৈ সোমাই
গ’ল – চাহ বাকিবলৈ ৷
No comments:
Post a Comment