জীৱন বাটৰ
ৰসঃ চন্দ্ৰপেহা (২২)
চন্দ্ৰপেহাই
মহাদেৱৰ ভাও দিব এইবাৰ৷ গোটেই জিলা উখল মাখল৷ ভাৱৰীয়া সজাবলৈ আহিব কুমাৰকুৰিৰ খোদ
গজেন মজুমদাৰ৷ গজেনৰ হাতত পুতলাইও প্ৰাণ পায়, শিলৰ মূৰ্তিয়ে কথা কয়, নামঘৰৰ মজিয়াত
যেতিয়া যমুনা আঁকে, পাৰ হবৰ সময়ত তিতিব বুলি লোকে চুৰিয়া কোচায় ৷ ভবেন সন্দিকৈয়ে
একাবেকা কাঠৰ টান লতা এডাল নিজ হাতে কাটি কুটি ফেটী সাপ এটা সাজি উলিয়াইছে, শিৱই ডিঙিত
ল’বৰ কাৰণে ৷দেখিলেই ফেট তুলি উঠিব যেন লাগে! অঞ্চলটোত কথিত আছে যে ভবেন সন্দিকৈয়ে
বনোৱা মূৰ্তি আৰু গজেনে সজোৱা ভাৱৰীয়া দেখি মানুহটো বাদেই, জীৱ-জন্তুৰো আউল লাগে৷
ইয়াৰ প্ৰমান অনেক আছে যদিও এটা উল্লেখযোগ্য৷ সেইবাৰো পেহাই শিৱৰ ভাৱেই দিছিল৷ নামঘৰৰ
এমূৰে মণিকূটৰ কাষতে কৈলাস পৰ্বত - তক্তাপোচ এখনৰ চাৰিওকোণত চাৰিটা কলপুলি পুতি শিৱৰ
সিংহাসন নিৰ্মান কৰা হৈছিল ৷ পিছফাল বগা পৰ্দা এখনত গজেনে চূণ আৰু নীলৰ গুড়ি ছতিয়াই
কৰা ৰঙেৰে কৈলাস পৰ্বতৰ দৃশ্যৰাজি৷ তক্তাপোচৰ ওপৰত ধৰ্ম মণ্ডলৰ দ্ৰয়িংৰুমৰ পৰা উঠাই
অনা বেতৰ আৰামী চকীত বিৰাজমান মহাদেৱৰ ভাওত স্বযং আমাৰ চন্দ্ৰপেহা৷ ভাওনা চলি থকাৰ
মাজতে হঠাতে হৈ-চৈ লাগি গ’ল৷ পেহাৰ গাতে লাগি থকা কলপুলি এটাৰ আগলতি কলপাতখিলাত মেৰ
খাই আছে এটা ফেটী সাপ ৷ ভবেন সন্দিকৈয়ে বনোৱা কাঠৰ নহয়, সঁচা-সঁচি ফেটী সাপ ! পেহাৰ
ডিঙিলৈ চাই হঠাতে ফোচ-ফোচ কৈ ফনা মেলি ফেট তুলি উঠিল৷ ৰাইজৰ মাজত হুৱা-দুৱা লাগি
গ’ল৷ পেহাও জাপ মাৰি কৈলাসৰ পৰা, মানে তক্তাপোচ খনৰ পৰা নামি আহি মাটি পালেহি৷ পাছত
জনা গ’ল পেহাৰ ডিঙিত থকা সাপটোকে মাইকী সাপ বুলি ভাবি মতা ফেটী সাপ এটাই জোৰ লবলৈ
আহিছিল!
পেহাই
মুখৰ পিকখিনি পেলাই বেকাকৈ হাঁহি এটা মাৰি হিন্দী শব্দ মিহলাই কয় – বুইছ, গুৰু ভাল
আছিল, বাল-বাল বাছি গ’লো! সিমানেই জীৱন্ত আমাৰ ভবেনৰ ভাস্কৰ্য আৰু গজেনৰ মেক-আপ্!
আলি
মহৰী জগন্নাথে সুত্ৰধাৰী নাচে৷ মানুহটো ওখ-পাখ, নাচেও ভাল৷ কিন্তু তাল-খোলৰ ছেৱে
ছেৱে পাকটো মাৰোতে সুত্ৰধাৰীৰ গাউনটো মাজে মাজে ছাতিটোৰ দৰে ককাললৈকে উঠি আহে৷
সেয়ে জগন্নাথে আঠুলৈকে পৰা কলপতীয়া ৰঙৰ আঁচ টনা কপাহী কাপোৰৰ পেন্ট এটা চিলাই লৈছে,
তলত পিন্ধি লয় – নিশ্চিন্ত হৈ যায়, উৰি থাক কিমান উৰ ওপৰৰ পাংখা! জগন্নাথৰ সুত্ৰধাৰী
নাচৰো আবেদন কম নহয়, উপভোগ কৰিবলৈ দূৰ-দূৰণিৰ পৰা দৰ্শক আহে - কি হাতৰ পাক, কি চকুৰ
চাৱনি! ভৰিৰ গেৰোৱাত ভৰ দি মহৰীয়ে যেতিয়া পাকটো মাৰে, দূৰৰ পৰা চকৰী এটা ঘুৰি থকা
যেন দেখি৷ সেইজীয়া খুটাৰ ওপৰত ভাঁহি থকা চলন্ত ছাতি এটাৰ দৰে উৰি থাকে বস্ত্ৰ সম্ভাৰ
– কি মোহনীয় দৃশ্য!
এইবাৰ
আৰু এখোপ চৰা ৷ মৌজাদাৰৰ মাজু লৰাটো তেনেই চিৰি চেপেটা ওলোৱা, মাইকী ভাৱেহে তাক
শুৱায়৷ তাক আকৌ লাগে অসুৰৰ ভাও৷ গায়নবৰা সন্মত নহয়হে নহয়৷ তভক মাৰি শুনি থকা পেহাই মৌজাদাৰৰ
পুতেকৰ দাবীটোত এটা সম্ভাৱনা শুই থকা দেখিলে৷ তেখেতে মাত লগালে - তই যদি তহতৰ চ’ৰা
ঘৰত ওলোমাই থোৱা ঢেকীয়া পতীয়া বাঘৰ ছালখন দুদিনৰ বাবে শিৱৰ ভাও দিবলৈ আনি দিয়াৰ দায়িত্বটো
লৱ, তেনেহলে সম্ভাসুৰৰ ভায়েকৰ ভাওটো তইয়েই ল৷ মাজুল’ৰা লগে লগে সন্মত হ’ল৷ সেয়ে পেহাই এইবাৰ সঁচা-সঁচিকৈয়ে বাঘৰ
ছাল পিন্ধি ওলাব৷ উৎসাহ আৰু জল্পনা-কল্পনাৰ অন্ত নোহোৱা হ’ল৷
পেহাৰ
সোঁৱে-বাঁৱে নন্দী-ভৃঙ্গী হৈ ওলাব পানী টেংকিৰ চকীদাৰ হৰমোহন আৰু থানু দোকানী ৷
ধানখেৰৰ জুমুঠি এটা জ্বলাই লৈ দুয়োটাই মহাদেৱৰ পিছফালে অহৰহ ধোঁৱাৰ যোগান ধৰি থাকিব৷
পৰিকল্পনাটো হৈ থাকোঁতেই থানু দোকানীৰ মনত এটা নতুন বুদ্ধিৰ উদয় হ’ল– পৰিৱেশটো
আৰু জীৱন্ত কৰিবৰ বাবে পেহাৰ বাওঁহাতত ভাঙৰ চিলিম এটা দি দিলে কেনে হয় – সোঁ হাতত
ত্ৰিশূলডাল, বাওঁহাতটোতো ফ্ৰী হৈয়েই থাকে, গতিকে হাতত চিলিমটোও থাকক ৷ আখৰাত কথাটো
ওলাওতে গায়ন বৰাই হাই-হাই কৰি উঠিছিল৷ ডেকা লৰা কেইটাইও কম নহয়, সমানে জাঙুৰ খাই উঠিল
– গায়নবৰাই নাই বুলি কলেই নহব নহয়, ইয়াতেইটো প্ৰকৃত কলাটো প্ৰকাশ পাব, তাতেইতো আচল
নতুনত্ব লুকাই আছে! অৱশেষত, ‘যি ভাল দেখিছ কৰ’ বুলি বয়সীয়া সকলে এৰি দিলে৷ সৰ্বশেষত
সিদ্ধান্ত হল, অকল চিলিমটোৱেই নহব, তাত অঙঠাৰ সৈতে ভাঙ অকণমানো থাকিব লাগিব৷ শিৱ
মন্দিৰৰ আশে পাশে বতাহত উৰি ফুৰাৰ দৰে ফুৰফুৰীয়া গোন্ধটো ওলাই থাকিলেহে সঁচা-সঁচিকৈ
পেহাক মহাদেৱ যেন লাগিব! পেহাই মাজে মাজে চিলিমটোত এনেয়া হোঁপা একোটা মৰাৰ দৰে অভিনয়
কৰিব – ধোঁৱাখিনি নিগিলিলেই হ’ল!
ভাওনা
আৰম্ভ হ’ল৷ জগন্নাথে প্ৰাণ ঢালি সুত্ৰধাৰী নাচিলে৷ ধোঁৱা নিগিলাৰ কথা আছিল যদিও প্ৰৱেশৰ
পাছতে মৰা টানটোত বেছিখিনি ধোঁৱায়েই গৈ পেহাৰ পেট পালেগৈ৷ কি সুন্দৰ ভাওঁ৷ আই সকলে
দুহাত যুৰি পেহালৈ চাই প্ৰনাম কৰিছে৷ ডেকা-বুঢ়া সকলোৱা গদগদ ভক্তিৰে পেহাৰ আগত মূৰ
দোঁৱাইছে৷ ত্ৰিশূলডাল কলপুলি এটাত আওজাই থৈ পেহা ৰুদ্ৰৰূপত কৈলাসত বহি আছে৷ আন ভাৱৰীয়াৰ
প্ৰৱেশ, প্ৰস্থান, বচন আৰু যুদ্ধৰ ফাকে ফাকে পেহাই দম্বৰু বজাই নিজৰ অস্তিত্ব ঘোষনা
কৰি থাকে৷
সৰস্বতী
হৈ কাষতে বহি থকা হৰকান্তৰ চিলিমটোত চকু, পিৰিক পাৰাককৈ পেহালৈ চাই আছে, মাজে মাজে
অঙঠা কেইটাত ফু একোটা মাৰে, তাৰ পাছত চাদৰৰ আচঁলেৰে জিভাৰ পানী মোচে! অভিজ্ঞ বুলি
ভাবি পেহাই তাকেই এবাৰ সুধিলে – হেৰি নহয় হৰ, মোৰ গাটো দেখোন বৰকৈ ৰাইজাই কৰিছে,
কিবা উৰাই নিয়া – উৰাই নিয়া যেন লাগিছে, আদা দিয়া চাহ একাপকে খাই অহা ভাল হব নেকি?
স্বয়ং মহাদেৱৰ ফেমিলিৰ সদস্য হোৱাৰ পাছতো আজি এতিয়ালৈকে সুবিধাটো নোপোৱাত্ হৰকান্ত
ভিতৰি ভিতৰি ক্ষূব্ধ হৈ আছিল ৷ সুবিধাটো পায়েই সি তপৰাই মাত দিলে – হয়, হয়, ব’ল, মই
ভাবিয়েই আছিলো , হাত-ভৰি কেইটাও পোন হওক! দুয়ো বাহিৰ ওলাল৷
তাৰ
কিছু সময়ৰ পাছত দেখা গল, নামঘৰৰ এচুকত থকা হেলনীয়া বাঁহৰ চাংখনত আউজি অৱসভাৱে মহাদেৱে
গাটো ঢালি দিছে , চিলিমৰ সলনি হাতত এতিয়া ফিকাচাহৰ গিলাচ৷ মণিকূটৰ পৰা সৰকি অহা উজ্জ্বল
পোহৰ এচমকাই পেহাৰ কোলাত পৰি মৌজাদাৰৰ ঘৰৰ বাঘৰ ছাল উজ্বলাই তুলিছে৷ কাষতে আৱেশত
চকু মুদি বহি আছে আই সৰস্বতী, হাতত চিলিমটো৷ নামঘৰৰ মজিয়াত তেতিয়া প্ৰৱল উত্তেজনা,
ভীমৰ যুদ্ধ চলিছে৷ ভীমৰ ভাও লোৱা সোমেশ্বৰে পদাঘাত কৰি নামঘৰৰ মজিয়া কঁপাই দিছে৷
সকলো বীৰ ৰস পান কৰাত ব্যস্ত৷ পাছৰফালে বহা দৰ্শকসকলে দৃশ্য চাবলৈ থিয় হৈ লৈছে৷ দাঙিব
পৰা কণ কণ মইনাহঁতক জেষ্ঠ্যজনে কান্ধত উঠাই লৈ ভীমৰ ভাও দেখুৱাইছে! ভাগৰত চকু মুদ খাই
অহা পেহাই এপাকত ভৰি এখনো চাংখনত তুলি ল’লে ৷
তাৰ
পাছত পেহাৰ চিলমিলকৈ টোপনি আহিছিল নেকি বুজা নাযায়, কিন্তু তেখেতৰ যেতিয়া সম্বিৎ ঘুৰি
আহিল, দেখা পালে, ভাওনা চাই থকা দৰ্শকে উভতি পেহালৈ চাই মুখ টিপি টিপি হাঁহিবলৈ ধৰিছে,
ল’ৰা, বুঢ়া, মুনিহ, তিৰোতা – সকলোৱে৷ পেহাৰ একাষে বহি থকা সৰস্বতী ঘোৰ টোপনিত,
চিলিমটো মাটিত৷ জগমোহন দৰ্শকৰ মাজৰ পৰাই দৌৰি আহাদি আহি ‘হেই হেই কি কৰিছ - কি কৰিছ,
খালি, খালি ..’ বুলি গাত ধৰি জোকাৰি জোকাৰি সাউৎকৈ পেহাৰ ভৰিখন চাংখনৰ পৰা তললৈ ওলোমাই
দিলে৷ পেহাৰ উপলব্ধি হ!ল, জগন্নাথৰ দৰে কলপতীয়া ৰঙৰ দীঘৰ-দীঘল আঁচ টনা কাপোৰৰ পেন্ট
এটা চিলাই ননাটোৱেই মহা ভুল হ’ল!
(এইটো কাহিনীৰ জনক আমাৰ মৰমৰ মুকুল ককাইদেউ- কৰুণানন্দ
হাতীবৰুৱা ৷ বি.দ্ৰঃ “জীৱন বাটৰ ৰসঃ চন্দ্ৰপেহা”-ৰ ১ম পৰা ২১তম খণ্ডৰ যিকোনো এটা
খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব – http://utpalbaruah.blogspot.com)
No comments:
Post a Comment