Tuesday, July 11, 2017

অনুবাদৰ পৰা কিয়দাংশঃ (৩)

অনুবাদৰ পৰা কিয়দাংশঃ (৩)

স্কুলত পঢ়ি থকা সেই দিনতেই মোৰ মনত সাংঘাটিক ভূতৰ ভয় সোমায় ৷ আমাৰ ঘৰত কামকৰা মানুহবোৰে আমাক ভূতৰ সাধু কৈ শুনাইছিল ৷  বন্ধৰ সময়ত ছিমলাত থাকিবলৈ যাওঁতে সিহঁতেমুমিৱাইৱালী” নামৰ এদল ভূতৰ কথা কৈছিল৷ সিহঁতে হেনো চিকাৰ বিচাৰি ৰাতি ৰাতি ঘুৰি ফুৰে আৰু মানুহ পালেই ধৰি লৈ গৈ ওভোতাকৈ জুইৰ ওপৰত ওলোমাই লৈ তাৰ পৰাৰাম তেল” উলিয়ায় ৷ তেনে তেলে হেনো মানুহৰ শৰীৰৰ ছিগি যোৱা অংগ-প্ৰত্যংগ আকৌ জোৰা লগাই দিব পাৰে ৷ সেই দলটো হেনো আচলতে বৃটিছৰ এজেন্ট, কাৰণ ইংৰাজৰ সৈন্যসকলক এই তেলৰ বৰ প্ৰয়োজন হয় ৷ মুমিৱাইৱালীক চিনিবৰ একমাত্ৰ উপায় হৈছে সিহঁতৰ ভৰিলৈ চাব লাগে ৷ ভৰিৰ পতাখন সিহঁতৰ ওলোটা ৷ গেৰোৱাটো আগলৈ আৰু আঙুলিবোৰ পিছফালে থাকে ৷ তেতিয়ালৈকে মুমিৱাইৱালীক কোনেও দেখা নাই কিন্তু যেতিয়া সিহঁত ওলোৱা বুলি কথাটো প্ৰচাৰ হয় তেতিয়া আন্ধাৰত হোৱাৰ পিছত সততে কোনো বাহিৰলৈ নোলায় ৷

মোৰ মনত ভূতৰ ভয়ে থিতাপি লোৱাৰ আৰু কাৰণ আছে ৷ একেবাৰে কম বয়সতে মই কেইবাটাও মৃত্যু প্ৰত্যক্ষ কৰিছিলো৷ মই গাৱঁত থকাৰ সময়ৰ কথা ৷ ককাদেউতাৰ বয়স তেতিয়া ষাঠিৰ ঘৰত৷ হঠাতে তেখেত অসুখত পৰিল ৷ এসময়ত ডাক্তৰ আহিল৷ ককায়ে পাঁচ মিনিটৰ মূৰে মূৰে দৰৱৰ কাৰণে চিঞৰি আছিল ৷  তাৰপিছত এবাৰ হঠাতে মুখখন বহলকৈ মেলি তেখেত গাৰুটোৰ ওপৰত নিথৰ হৈ পৰিল৷ আইতাই গগন বিদাৰি চিঞৰ এটা মাৰি ঈশ্বৰক প্ৰাৰ্থনা কৰিবলৈ লাগিল৷ তাৰপিছত কপালত চপৰিয়াই চপৰিয়াই হাতত থকা খাৰুবোৰ ভাঙিবলৈ ধৰিলে৷ দেউতা-মা, খুড়াদেউ আৰু ঘৰৰ আন মানুহ বিলাকেও চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে৷  মোৰ ভীষন ভয় লাগিল আৰু স্তম্ভিত হৈ অলপ দূৰত ৰৈ থাকিলো৷ ঘৰত কাম কৰা মানুহে ক’লে সিহঁতে হেনো ককাৰ আত্মাটো কোঠাটোৰ পৰা জুইৰ ধোঁৱাৰ দৰে ওলাই গৈ আকাশত অদৃশ্য হৈ যোৱা দেখিছিল ৷

তাতোকৈও ভয়ানক মৃত্যু দেখিছিলো মোৰ খুড়ীৰ মৃত্যুৰ সময়ত৷  সেইটোও গাৱঁৰে ঘটনা৷ খুড়ী সন্তান-সম্ভৱা আছিল আৰু তেখেতৰ যত্ন ল’বলৈ মা যাওঁতে মাৰ লগত মইও গৈছিলো৷  খুড়ীৰ হ’ব লগা সন্তানটোৰ গৰ্ভতে মৃত্যু হৈছিল আৰু তাৰ পৰাই খুড়ীৰ তেজৰ লগত বিষ মিহলি হ’বলৈ আৰম্ভ কৰিছিল৷ তেনে সময়তে খুড়ীক যেতিয়া বিচনাৰে সৈতে ডাঙি বাহিৰলৈ উলিয়াই অনা হৈছিল, তেখেতে ভ্ৰম বকি আছিল আৰু এফালে আঙুলি টোৱাঁই হঠাতে চিঞৰি উঠিছিল - চা, চা, সেইজনী ডাইনী আহিছে, ডাইনী ৷  মা আৰু আইতাই  খুড়ীক প্ৰবোধ দিছিল - নাই, নাই কোনো অহা নাই! কিন্তু তাৰপিছতে তেওঁলোকে একাগ্ৰচিতে ডাইনা খেদা মন্ত্ৰ মাতিছিল ৷  মাইকী মানুহবিলাকে ফুচফুচাই কথা পাতিছিল - খুড়ীয়ে হেনো আন্ধাৰ হোৱাৰ পিছত বাৰীৰ পৰা নেমু ছিঙি আনিবলৈ যাওঁতে ডাইনী গাত লগাই লৈছিল৷  সেইসময়ত সকলোৱে বিশ্বাস কৰিছিল যে ডাইনী বা ভূতে ধৰিলে অকল জৰা-ফুকাৰেহে তাক আৰোগ্য কৰিব পৰা যায়৷  বাকী সকলো প্ৰচেষ্টা মিছা৷ খুড়ীৰ শিতানত ধৰ্মপুঠি এখন ৰখা হৈছিল৷ এদিন তেওঁ থকথককৈ কপিবলৈ ধৰিলে৷ চকুদুটা লুটিখাই গৈ অকল বগা অংশটোহে ওলায় থাকিল৷ জিভাখন দাঁতৰ মাজত সোমায় কাট খাই গ’ল আৰু তাৰপৰা ধাৰাষাৰে তেজ ওলাবলৈ ধৰিলে৷ সাংঘাটিক কষ্টৰ মাজত খুড়ীৰ এসময়ত মৃত্যু হ’ল৷ আকৌ কপাল চপৰিয়াই চপৰিয়াই ঘৰৰ মানুহবোৰে কান্দিবলৈ লাগিল৷ খবৰটো প্ৰচাৰ হোৱাৰ লগে লগে ওচৰৰ গাওঁৰ মানুহো আহি খুড়ীৰ মৃতদেহটোৰ ওচৰত জুম বান্ধি হায় হায় বুলি কান্দিবলৈ লাগিলহি৷ সকলোৰে বিননিয়ে পৰিৱেশটো ভয়াবহ কৰি তুলিছিল৷ খুড়ীৰ ল’ৰাটো সেই সময়ত আতঁৰত থকা বাবে মইয়ে তেখেতৰ মুখাগ্নি কৰিব লগা হৈছিল৷


ইমান কম বয়সতে এনেকুৱা বিভীষিকাময় পৰিৱেশলৈ কিয় সৰু ল’ৰা এটাক লৈ গৈছিল মই আজিও বুজিব নোৱাৰিলো ৷……

No comments:

Post a Comment