Thursday, July 13, 2017

বিমান এখনৰ যোগাযোগ বিচ্ছিন্ন হোৱা মানে কি?





মৰমৰ ভাতৃসম বন্ধু সুভাষৰ মৰমৰ নিৰ্দেশত উৰি যোৱা উৰাজাহাজৰ কথা ক’বলৈ লৈছোঁ৷ তিতাবৰৰ শ্ৰী অনিৰ্বাণ বৰাই সকলোৰে মনত উদ্ভৱ হোৱা এটা প্ৰশ্ন সুধিছে – বিমান দুৰ্ঘটনা হোৱাৰ পাছত যোগাযোগ বিচ্ছিন্ন হয় কিয়?

পোনেই উত্তৰ দিয়াৰ আগতে বিমান পৰিবহনৰ কেইটামান প্ৰাথমিক কথা বুজি ল’লে প্ৰশ্নটোৰ উত্তৰ নিজে নিজেই ওলাই আহিব৷

মাটিৰ পৰা প্ৰায় দহ-বাৰ কিলোমিটাৰ (সমূদ্ৰপৃষ্ঠৰ পৰা চল্লিশ হাজাৰ ফুট ওপৰ মানে বাৰ কিলোমিটাৰতকৈও বেছি) ওপৰেদি উৰাজাহাজ এখন গন্তব্যস্থানলৈ কেনেকৈ আগবাঢ়ে? বৰ আমোদজনক প্ৰশ্ন! অমাৱশ্যাৰ নিশা ঘোৰ অন্ধকাৰৰ মাজত আপোনাৰ চিনাকি বলখেলা পথাৰ এখনৰ মাজলৈ আপোনাক যদি লৈ আহি ‘গল-পোষ্ট’-টো বিচাৰি উলিয়াবলৈ কয়, পাৰিবনে আপুনি? যিটো মুহুৰ্তত উত্তৰ-দক্ষিণ-পূৱ-পশ্চিমৰ কথা আপুনি একোৱেই নাজানে, পথাৰখনৰ কোন দাঁতিত বা কিমান মাজত আপোনাৰ অৱস্থিতি সেই কথাৰো একো ভূ নাপায়, তেনে অৱস্থাত এখোজ আগবঢ়াটোও আপোনাৰ বাবে সম্ভৱপৰ নহয়! ধৰি লওক, ঠিক তেনে অৱস্থাতে কোনোবাই ‘গল-পোষ্ট’-টোৰ ওপৰৰ কাঠডালত মমবাতি এডাল জ্বলাই দিলে – এতিয়া পাৰিবনে? এতিয়া আপুনি য’তেই নাথাকক কিয় পোনে পোনে ‘গল-পোষ্ট’-টোৰ ফালে আগবাঢ়ি যাব পাৰিব৷ আৰু এডাল মমবাতি যদি আন ক’ৰবাত লগাই দিয়া হয়, আপুনি তেতিয়া তালৈও আগবাঢ়ি যোৱাত কোনো অসুবিধা নহয়৷

সুবিশাল আকাশৰ মাজত বিমান এখনত বহি আপুনি যেতিয়া দিক্‌-বিদিক্‌ৰ কোনো সম্ভেদ নাপায়, সেই অৱস্থাত আপোনাক সহায় কৰিবলৈ মাটিৰ ওপৰত জ্বলি থাকে এনে বহু মমবাতি৷ ইয়াক কোৱা হয় নেভিগেচন এইদ (Navigation Aid - NAVAIDS)৷ বিমানৰ ‘ককপিটত’ থকা ‘এ-দি-এফ্‌’ (Automatic Direction Finder) নামৰ যন্ত্ৰটোৱে এই মমবাতিবোৰ চিনি পায়৷ এডাল মমবাতিৰ পৰা আন এডাললৈ, তাৰপিছত আৰু আন এডাললৈ, সেইখিনি অতিক্ৰম কৰাৰ পিছত আৰু আন এডাললৈ – এনেকৈয়ে আকাশমাৰ্গত বিমান এখন একা-বেকা পথেৰে সমুদ্ৰপৃষ্ঠৰ পৰা নিৰ্দ্দিষ্ট ওপৰত গন্তব্য স্থানলৈ গতি কৰে৷ মমবাতি বুলি মই বুজাবলৈ চেষ্টা কৰা এই যন্ত্ৰবিধৰ নাম – এন-দি-বি (Non Directional Beacon - NDB) বা ভি-অ’-আৰ্‌ (Very-high-frequency Omni Directional Range - VOR)৷

ধৰিলওঁক, এডাল মমবাতিৰ পৰা আন এডাললৈ আপুনি গৈ আছিল৷ ঠিক সেই সময়তে আন এখন বিমানো ওভোটা দিশত একেই উচ্চতাত আপোনাৰ ফালে আহি আছে! ইয়াৰ ফলাফল নিৰ্ঘাট মুখামুখি সংঘৰ্ষ! সেয়ে আপোনাক যাওক বুলি ক’বলৈ আৰু আন বিমানক সেই সময়ত অহাৰ অনুমতি নিদিবলৈ আপোনাক তলৰ মানুহৰ সহায়ৰ প্ৰয়োজন৷ এই সহায়ৰ নামেই Air Traffic Controlling৷ এই দায়িত্ব পালন কৰা সকলক Air Traffic Controller- ATCO বুলি কয়৷ বিমানখন পাইলটে পৰিচালনা কৰে যদিও যাত্ৰাৰ সকলো সময়তে তেওঁলোকে এ-টি-চিৰ লগত সংযোগ ৰক্ষা কৰি পৰিচালনাৰ সকলো নিৰ্দেশ মানি চলিব লাগে৷ মাটিৰ লগত বিমান এখনৰৰ সংযোগ সকলো সময়তে ধৰি ৰাখিবলৈ ব্যৱহাৰ কৰা পদ্ধতিটোৰ নাম VHF Ground to Air Communication৷ আমি ৰেডিঅ’ৰ কম্পনাংক মিলাই যেনেকৈ গুৱাহাটী বা ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ মাত শুনো, ঠিক তেনেকৈ পাইলটৰ লগত থকা ৰেডিঅ’ এটাৰে (VHF Set) তলত থকা এয়াৰপৰ্ট কন্ট্ৰল টাৱাৰ এটাৰ লগতো এখন বিমানে সংযোগ স্থাপন কৰিব পাৰে! দুয়োটাৰে মাজত থকা ডাঙৰ পাৰ্থক্যটো হৈছে – ৰেডিঅ’ত অকল শুনিবহে পাৰি, কিন্তু বিমান যোগাযোগৰ ক্ষেত্ৰত শুনাৰ লগতে ক’বও পাৰি, অৰ্থাৎ কথা পাতিব পাৰি৷ শিৱসাগৰৰ ওপৰত উৰি থকা বিমান এখনে যোৰহাট কন্ট্ৰল টাৱাৰৰ নম্বৰ মিলাই যোৰহাট এটাৰপৰ্টৰ লগত নতুবা ডিব্ৰুগড় কন্ট্ৰল টাৱাৰৰ নম্বৰ মিলাই ডিব্ৰুগড় এটাৰপৰ্টৰ লগত কথা পাতিব পাৰে৷ কিন্তু পাইলটজনে ইচ্ছা কৰিলেই এই কাম কৰিব পাৰেনে? - নোৱাৰে!সুবিধাটোহে থাকে৷ গোটেই বিশ্বতে আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহন সংস্থাই (International Civil Aviation Organization - ICAO) সকলো দেশৰ বাবেই একে ধৰণৰ কটকটীয়া নিয়ম বান্ধি থৈছে আৰু সেইবাবেই বিমান যাত্ৰা সদায়েই সুৰক্ষিত৷

ধৰিলোৱা হ’ল গুৱাহাটী এয়াৰপৰ্টৰ পৰা পৰিচালনা কৰি থকা বিমান এখন অৰুণাচলৰ ওপৰত খহি পৰিল (ঈশ্বৰে কাহানিও নকৰক)৷ বিমানখন যদি পাহাৰৰ টিং এটাত পৰিছে আৰু পাইলট তথা ভি-এইছ-এফ্‌ যন্ত্ৰটো যদি বিমানখনত অক্ষত অৱস্থাত আছে তেতিয়াহলে তেনে অৱস্থাতো পাইলটে কন্ট্ৰল টাৱাৰৰ লগত কথা পাতিব পাৰিব৷ বিকল্প হিচাপে পাইলটৰ লগত আৰু কেইবাটাও যন্ত্ৰ থাকে কিন্তু সেইবোৰ দুৰ্ঘটনাৰ পাছত অক্ষত অৱস্থাত আছেনে নাই- সেইটোৱেই আটাইতকৈ ডাঙৰ কথা৷ যদি বিমানখন দুটা পাহাৰৰ মাজত থকা গভীৰ খাদত পৰিছে তেনেহলে যন্ত্ৰসমূহ ভাল হৈ থাকিলেও বিমানৰ পৰা বিদুৎ তৰংগ বাহিৰলৈ ওলাই আহিব নোৱাৰে৷ তেতিয়াই যোগাযোগ বিচ্ছন্ন হয়৷ নতুবা, যদি যোগাযোগৰ আহিলা হিচাপে থকা আটাইকেইটা যন্ত্ৰ বিকল হৈ যায়, তেতিয়া পাইলট জীয়াই থাকিলেও যোগাযোগ সম্ভৱ নহয়৷ বিমানত ই-এল-টি (Emergency Location Transmitter - ELT) নামৰ এটা যন্ত্ৰ থাকে, বিমানখন কোনঠাইত ভূপাতিত হৈছে সেই কথা জনাই থাকিবৰ বাবে এই যন্ত্ৰটোৱে অহৰহ বিমানখনৰ পৰা তৰংগ বিকিৰণ কৰি থাকে – বিকল হৈ নপৰালৈকে৷ কিন্তু এই সকলো যদি দুৰ্ঘটনাত ছাৰখাৰ হৈ যায় আৰু বিমানখন পাহাৰৰ মাজত দ গিৰিখাদ বা সাগৰৰ গৰ্ভত থকা কোনা ওখোৰা-মোখোৰা অংশত লুকায় পৰে, তেতিয়া তাক বিচাৰি পোৱা বৰ সহজ নহয়৷ বিমানত থকা উজ্জ্বল কমলা ৰঙৰ ‘ব্লেক বক্স’ বুলি কোৱা যন্ত্ৰটোবে ১১১০ ডিগ্ৰী তাপমাত্ৰা পৰ্যন্ত সহ্য কৰিব পৰা শক্তি আছে৷ ই বিমানখনৰ সকলো ধৰনৰ তথ্য ধৰি ৰাখিব পাৰে ঠিকেই, কিন্তু ই নিজে তৰংগ বিকিৰণ কৰি ক’ত আছে সেই কথাটোৰ সম্ভেদ দিব নোৱাৰে৷

Global Positioning System বা জি.পি.এছ. ব্যৱহাৰ নকৰে কিয়? কৰে৷ কিন্তু অকল ইয়াৰ দ্বাৰাই বিমান এখন পৰিচালনা কৰি লৈ যাব পৰা নিৰ্ভৰযোগ্যতা জি-পি-এছৰ এতিয়াও হোৱা নাই! ভাৰত চৰকাৰৰ Airports Authority of India আৰু Indian Spare Research Organization-য়ে সংযুক্তভাবে GAGAN - GPS Aided GEO Augmented Navigation নাম দি এটা গৱেষণা চলাই এবিধ অতি উন্নতমানৰ বিমান পৰিবহন ব্যৱস্থা উদ্ভাৱন কৰিছে৷ কিন্তু ইয়াক ব্যৱহাৰ কৰিবৰ বাবে প্ৰয়োজন হোৱা গ্ৰাহক যন্ত্ৰটোৰ নিৰ্মান পদ্ধতি যথেষ্ট ব্যয়বহুল হোৱা বাবে বিমানত এই ব্যৱস্থা এতিয়াও সুলভ হোৱা নাই৷ এমিৰেটচ (Emirates) এয়াৰ লাইনচকে ধৰি কেইবাটাৰ এয়াৰলাইনচে আজিকালি বিমানৰ ভিতৰতে মোবাইল সেৱা আৰু ভি়ডিঅ’ কনফাৰেঞ্চৰ সুবিধা দিব পৰা হৈছে! কিন্তু বিমান দুৰ্ঘটনাৰ সময়ত এই আহিলাসমূহ সচল হৈ থকাৰ সম্ভাৱনা অতি কম৷ আপোনাৰ মোবাইলটোৰ লোকেচন সুবিধাটো চলাই দিলে আপুনি য’লৈকে নাযাওক কিয় উপগ্ৰহৰ দ্বাৰা সেই ঠাইৰ কথা আনে গম পাব পাৰে৷ কিন্তু আপোনাৰ মোবাইলটো যদি অচল বা বন্ধ হৈ যায়, তেতিয়া ?

ৰাডাৰ (RADAR)ব্যবহাৰ নকৰে কিয়? কৰে৷ ৰাডাৰ সেৱা সাধাৰণতে বিমান এখনৰ অৱতৰণ আৰু প্ৰস্থানৰ সময়তহে বিমানকোঠত ব্যবহাৰ কৰা হয়৷ সেয়ে বিমানকোঠৰ সমীপত হোৱা দুৰ্ঘটনাটো সুক্ষ্মভাবে ৰাডাৰত ধৰা পৰে৷ বিমানযাত্ৰাৰ সমস্ত যাত্ৰাপথত ৰাডাৰৰ ব্যবহাৰ সম্ভৱ নহয়৷ তাৰোপৰি ৰা়ডাৰত নিৰ্ভুলভাবে ধৰা পৰিবলৈ বিমানত থকা ‘ট্ৰেন্সপণ্ডাৰ’ (Transponder) নামৰ যন্ত্ৰটো ঠিক হৈ থকাটো অতি জৰুৰী৷ আপুনি যদি www.flightradar24.com নামৰ ৱেবপে’জটোলৈ যায়, তাত পৃথিৱীৰ ওপৰত উৰা থকা সকলো উৰাজাহাজ দেখা পাব৷ ধৰক দহ বজাত আপোনাৰ ভাগিন হায়দৰাবাদৰ পৰা গুৱাহাটীলৈ আহি তিনি বজাত গুৱাহাটী পোৱাৰ কথা৷ আপুনি এই ৱেব ছাইটটোলৈ গৈ বিমানখনৰ নম্বৰটো টাইপ কৰি দিয়ক, আপুনি ‘লাইভ’ দেখা পাব আপোনাৰ ভাগিন কোনখিনি পাইছেহি৷ এইটো সম্ভৱ হৈছে বিমানখনত থকা ‘ট্ৰেন্সপণ্ডাৰ’ নামৰ যন্ত্ৰটোৰ বাবে৷ কিন্তু পাইলটে কিবা কাৰণত তাক বন্ধ কৰি দিলে বা দুৰ্ঘটনাৰ বাবে এই যন্ত্ৰটো বিকল হৈ গ’ল, তেতিয়া আৰু বিমানখনৰ অৱস্থান বিচাৰি উলিউৱাৰ কোনো সুগম উপায় নাথাকে৷

দুডাল মমবাতিৰ মাজত গৈ থকা অৱস্থাত বিমান এখনৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ যোৱাৰ অৰ্থ – বিমানখনত থকা ভি-এইছ-এফ্‌ৰ আটাইকেইটা যন্ত্ৰ, এইছ্‌-এফ ৰিছিভাৰ, ছে’ল-কল যন্ত্ৰ আদি আটাইবোৰ আহিলা বিকল বা ধ্বংস হৈ যোৱা৷ উপগ্ৰহ বা তলত থকা ৰাডাৰে ধৰিব নোৱাৰাৰ অৰ্থ বিমানখনত থকা ‘ট্ৰেন্সপণ্ডাৰ’ বা জি.পি.এছ, ৰিছিভাৰ সমূহ বিকল হৈ পৰিছে বা ধ্বংস হৈ গৈছে৷ এনে পৰিস্থিতিত তলত থকা মানুহৰ একমাত্ৰ কৰ্তব্য হৈছে অতি সোনকালে Search and Rescue পদ্ধতিৰ দ্বাৰা বিমানখনৰ অৱস্থিতি যিমান সোনকালে পৰা যায় নিশ্চিত কৰা৷

আশাকৰোঁ বিমান পৰিবহনৰ যোগযোগ সম্বন্ধে এটা সম্যক ধাৰণা দিব পাৰিলোঁ৷ মোৰ গুৰু নমস্য ব্যক্তি ভবেন্দ্ৰ নাথ শইকীয়া ছাৰে বিমান পৰিবহনৰ এই কথাবোৰ প্ৰান্তিকৰ যোগেদি ৰাইজক জনাবলৈ কৈছিল৷ সুভাষ আৰু অনিৰ্বাণ বৰাৰ মাৰফৎ এই কথাখিনি লিখি থাকোতে ছাৰৰ মাতষাৰ মোৰ কাণত আজি আকৌ বাজি উঠিছে৷
আটাইলৈ ধন্যবাদ জনালোঁ৷

No comments:

Post a Comment