মৰমৰ মনালিছা,
মৰম ল’বা৷ কাংকান আৰু মনোৰমকো মোৰ প্ৰীতি শুভেচ্ছা জনাবা৷
তোমাৰ ‘শংখনিনাদ’ উপন্যাসখন পঢ়াৰ পিছত তোমাক মোৰ মতামত জনোৱাৰ এটা মৌখিক প্ৰতিশ্ৰুতি আছিল৷ মই সেই প্ৰতিশ্ৰুতি সময়মতে ৰক্ষা কৰিব নোৱাৰিলো৷ লিখিম লিখিম বুলি ভাবি থাকোঁতেই কথাটো পুৰনি হ’লগৈ অথচ মোৰ ক’ব লগা কেইবাটাও দৰকাৰী কথা আছিল! কেতিয়াবা আকৌ পঢ়িলে ক’ম বুলি মনটো এতিয়া বান্ধি থৈছো৷
যিহওঁক, যোৱা দেওঁবাৰে প্ৰান্তিকৰ পাতত তোমাৰ গল্প ‘বৰপিতাই’ পঢ়িলো৷ আৰু পঢ়ি মুগ্ধ হ’লো৷ গল্পটো পঢ়ি যাওঁতেই স্মৃতি-কাতৰতা আৰু মোৰ নিজৰ ল’ৰালিৰ স্মৃতিয়ে কোনো ক্ষণত চকুদুটা সেমেকাই তুলিলে, ওঁঠদুখনো কঁপি উঠিল মাজে মাজে ৷ সংক্ষেপে ক’ব পাৰোঁ – যোৱা তিনিমাহ মানৰ ভিতৰত মই পঢ়া এইটো এটা শ্ৰেষ্ঠ গল্প!
কিয় কৈ নিদিলে তুমি মোৰ মন্তব্যক তোষামোদ বুলি ভবাৰ থল আছে নেকি বাৰু?
দুকুৰীৰ উৰ্ধত থকা মধ্যবিত্ত পৰিয়ালৰ অনেক লোকৰ বাবে ক্ৰমশঃ হেৰাই আহিব ধৰা শৈশৱৰ এখণ্ড সময়ক তোমাৰ গল্পটোৱে বান্ধি ৰাখিব পাৰিছে৷ এনেকুৱা বৰপিতাই, বৰদেউতাৰে (বৰ্তা) ভৰা এটা গাওঁৰ পৰিৱেশতে আমিও ডাঙৰ হৈছিলো৷ কমকৈ কথা কোৱা বা একেবাৰে নোকোৱা সেই অশিক্ষিত বা অল্পশিক্ষিত
লোকসকলৰ পৰাই আমি শিকিছিলো জীৱনৰ আদিপাঠ ৷ তথাকথিত শিক্ষিতৰ চতুৰালি বৰপিতাইহ’তে নাজানিছিল ৷ বাঁহৰ কামিৰে ইস্কেল সাজি দিয়া আৰু খৰাহী গাঠিবলৈ কাঠি তুলাই দিয়া বৰপিতাইহ’তক পাহৰো কেনেকৈ! হাতত থকা দা খনেৰে কামিদালৰ ওপৰত দুটামান কোব মাৰি বেতৰ গাঠি দি থকা বৰপিতাইহ’তক বেৰখনৰ সিফালৰ পৰা যে বেতদালৰ মুৰটো বেকা কৰি সুমুৱাই দিব লাগে – সেইয়া অভিজ্ঞতা পাহৰা কথা নহয়৷ কথা কোৱাৰ আগতে এসোঁতা কান্দি লোৱা পেহী-মাহী-জেঠাইহ’তেৰেও ভৰি আছিল আমাৰ শৈশৱ পৃথিৱী ৷
আৰু এতিয়া বৰদেউতা বুলিব পৰা মানুহ লেখিব পৰা হ’লগৈ৷
কত জনে সাহে পিতে গদাধৰ হৈ
মূৰ তুলি আছিল গাঁৱত
নিৰৱে বজাই ধ্বনি কতবা শংকৰে
শেষ শান্ত ল’ৰে শ্মশানত
গাওঁৰ সৰল জীৱনৰ বিশ্বাসী চিত্ৰ ‘কণ’ চৰিত্ৰত প্ৰস্ফূটিত হৈছে৷ ৰ-টোক উহ্য ৰাখি দিয়া সংলাপত তুমি যি ভাষা ব্যৱহাৰ কৰিছা সিয়ে গল্পটিক বাস্তৱৰ একেবাৰে ওচৰ চপাই নিছে৷ তেজপুৰৰ ফালে যেনেক্য এঘাৰ-ক ইঘাৰ, লক্ষীমপুৰত যেনেকৈ ‘খাওঁতে, যাওঁতে’ ক’বলৈ খাওঁতেনে, যাওঁতেনে বুলি কয়, কথিত ভাষাৰ এই মৰম লগা ৰূপটো তোমাৰ গল্পটোত ভালকৈ ওলাই পৰিছে৷ বৰিপতাইৰ সমাপ্তিৰ বৰ্ননাও বাস্তৱ হৈছে৷ কথাখিনি পঢ়ি যাওঁতে ধৰনীৰ মাক আহিনীৰ (জীৱনৰ বাটত) শেষ সময়ৰ দৃশ্যটোলৈ মনত পৰি গ’ল৷
শিমলু তলৰ সেই ঠাইখিনিতেই
কতজনে নিশব্দে পৰি
চিৰকাললৈ হায় মুদিলে নয়ন
ভাই বন্ধু সকলো পাহৰি
এতিয়া কিমান নিঃসঙ্গ হৈ আহি আছে মানুহ!
পুংখানুপুংখ বৰ্ননাৰে সময়ক বন্দী কৰি ৰাখি থব পৰা লেখা অসমীয়া ভাষাত বৰ কম যেন লাগে৷ লিখি যোৱা মনালিছা৷ তোমাৰ পৰা এনে লেখা আৰু আশা কৰিছো ৷
শেষত তোমাৰ সু-স্বাস্থ্য আৰু মংগল কামনা কৰিলোঁ৷
মৰমেৰে-
উৎপলদা
৭
জুন, ২০১৭ চন, নিশা ১১-৫৫, হায়দৰাবাদ৷
No comments:
Post a Comment