Monday, July 3, 2017

জীৱন বাটৰ ৰসঃ চন্দ্ৰ পেহা (২)

জীৱন বাটৰ ৰসঃ চন্দ্ৰ পেহা (২)
পেহাৰ কাহিনী বিশ্বাসভাজন হ'বই লাগিব বুলি কোনো কথা নাই ৷ তথাপিও কোৱাৰ কৌশল আৰু নিখূট বৰ্ননাই আমাৰ চকু কপালত তোলে আৰু পেটৰ নাৰী ডাল ডাল হয় ৷
বৰ আচৰিত ঘটনা এটা দেখিলো অ' আজি - আঘোণমহীয়া ৰাতিপুৱা এটাত পেহাৰ বাইচাইকেল আহি আমাৰ গাৱঁৰ তিনিআলিত ৰ'লহি ৷ আমি আটায়ে ওচৰ চাপি আহিলো ৷ পথাৰত ধানে গেৰ ধৰিছে৷ জাক জাক ভাটৌ চৰাই আহি পথাৰ ঢাকি পৰা আৰু গাখীৰ লগা কোমল কোমল ধানবোৰ খাই শষ্য নষ্ট কৰাটো আমাৰ অঞ্চলৰ আঘোণৰ পথাৰত দেখা এটা সুলভ দৃশ্য ৷ পেহা গৈছিল নিজৰ পথাৰৰ শষ্য ভাটৌ চৰাইৰ পৰা ৰক্ষা কৰিবলৈ৷ পেহাৰ মাটিৰ ওচৰতে খগাই খুৰাৰ মাটি ৷ তাতে পথাৰ ঢাকি পৰিলহি এজাক ভাটৌ চৰাই - প্ৰকাণ্ড জাক ! কিচিৰ মিচিৰ শব্দত গোটেই ঠাইখিনি মুখৰিত হৈ উঠিল ৷ খগাই খুৰাৰ ঘৰত থকা গৰখীয়া ল'ৰা পৱন হাতত কেটেপা লৈ আগৰে পৰা সাজু হৈয়ে আছিল ৷ এটা গুটিতে দুটা চৰাই ৰৈ গ'ল নহয় ! তাৰপিছত, আচৰিত কথা, গোটেইজাক ভাটৌ ওচৰৰ ইলেকট্ৰিক লাইনডালত এশাৰী হৈ বহি পৰিল ৷ ভৰত তাঁৰডাল ভিৰ খাই গৈছে৷
- তাৰপিছত?
- তাৰপিছত আটাইবোৰ চৰায়ে এক মিনিট সময় তললৈ মুৰ কৰি থাকি আটাইবোৰ একেলগে উৰি গুচি গ'ল ৷
চৰাই চিৰিকতিয়েও শোক সভা পাতে বুজিছ !!!

No comments:

Post a Comment