Saturday, July 29, 2017

বিমান পৰিবহনৰ নেদেখাফালটোৰ কেইটামান জানিবলগীয়া কথা



     বিমানযাত্ৰীৰ বৃদ্ধিৰ হাৰ আমাৰ দেশত এতিয়া বিশ্বৰ ভিতৰতেই সৰ্বাধিক - কুৰী শতাংশতকৈও অধিক৷ পৃথিৱীৰ শ্ৰেষ্ঠ দহখন অসামৰিক বিমান পৰিবহন বজাৰৰ ভিতৰত ভাৰত এতিয়া নৱম স্থানত আছে৷ ২০২০ চনৰ প্ৰথম ভাগতে আমাৰ স্থান পঞ্চম পাবগৈ আৰু সেই বছৰৰে শেষৰফাললৈ আমাৰ দেশখন অসামৰিক বিমান পৰিবহনৰ তৃতিয় সৰ্ববৃহৎ দেশ হিচাপে বিশ্বত পৰিগণিত হ'ব আমেৰিকা আৰু চীন দেশৰ পিছতে৷ ইতিমধ্যেই বিমান সেৱা সৰ্বসাধাৰণ লোকৰ বাবে সহজ হৈ আহিছে৷ আগন্তুক দিনবোৰত এই সেৱা আৰু সুলভ হ'ব৷ সেয়ে বিমান পৰিবহনৰ নেদেখাফালটোলৈও আমাৰ এতিয়া লাহে লাহে আকৰ্ষন বাঢ়ি অহাৰ সময় হৈছে৷

     সাধাৰণ মানুহৰ মনত সততে উদয় হোৱা এটা প্ৰশ্ন হৈছে বিমান এখনৰ লগত হঠাতে যোগাযোগ বিচ্ছিন্ন হয় কেনেকৈ? দুৰ্ঘটনাৰ সময়ত যে কোৱা হয় বিমানখনৰ লগত যোগাযোগ হেৰাই গৈছিল, তাৰমানে কি? আজিকালি মানুহৰ হাতে হাতে থকা মোবাইলতে 'জি-পি-এছ'-ৰ সুবিধা আছে, কোন ক'লৈ গৈছে সেইয়া আনে চাই থাকিব পৰাৰ সুবিধা হৈছে, তাৰপিছতো বিমান এখন হেৰাই কেনেকৈ? দুৰ্ঘটনা হলে লগে লগে ৰাডাৰত ধৰা নপৰে কিয়? কি ব্যৱস্থাৰে বিমান এখন এঠাইৰ পৰা গৈ আন এঠাইত ওলাইগৈ - নানান প্ৰশ্ন!

      ইয়াৰ পোনে পোনে উত্তৰ দিয়াৰ আগতে বিমান পৰিবহনৰ কেইটামান প্ৰাথমিক কথা বুজি ল'লে প্ৰশ্নটোৰ উত্তৰ নিজে নিজেই ওলাই আহিব৷ 

      মাটিৰ পৰা প্ৰায় দহ-বাৰ কিলোমিটাৰ ওপৰেদি (সমূদ্ৰপৃষ্ঠৰ পৰা চল্লিশ হাজাৰ ফুট ওপৰ মানে বাৰ কিলোমিটাৰতকৈও অধিক) উৰাজাহাজ এখন গন্তব্যস্থানলৈ কেনেকৈ আগবাঢ়ে? এই কথাটো বুজিবৰ বাবে এটা সহজ উদাহৰণ ল'ব পাৰো৷ অমাৱশ্যাৰ নিশা ঘোৰ অন্ধকাৰৰ মাজত চিনাকি বলখেলা পথাৰ এখনৰ মাজলৈ আপোনাক যদি লৈ আহি 'গল-পোষ্ট'-টো বিচাৰি উলিয়াবলৈ কয়, পাৰিবনে আপুনি? যিটো মুহুৰ্তত উত্তৰ-দক্ষিণ-পূৱ-পশ্চিমৰ কথা আপুনি একোৱেই নাজানে, পথাৰখনৰ কোন দাঁতিত বা কিমান মাজত আপোনাৰ অৱস্থিতি সেই কথাৰো একো ভূ নাপায়, তেনে অৱস্থাত এখোজ আগবঢ়াটোও আপোনাৰ বাবে সম্ভৱপৰ নহয়! ধৰি লওক, ঠিক তেনে অৱস্থাতে কোনোবাই 'গল-পোষ্ট'-টোৰ ওপৰৰ কাঠডালত মমবাতি এডাল জ্বলাই দিলে এতিয়া? এতিয়া আপুনি য'তেই নাথাকক কিয় পোনে পোনে 'গল-পোষ্ট'-টোৰ ফালে আগবাঢ়ি যাব পাৰিব৷ আৰু এডাল মমবাতি যদি আন ক'ৰবাত লগাই দিয়া হয়, আপুনি তেতিয়া তালৈও আগবাঢ়ি যাওঁ বুলিলে একো অসুবিধা নোহোৱাকৈ যাব পাৰিব৷ 
সুবিশাল আকাশৰ মাজত বিমান এখনত বহি আপুনি যেতিয়া দিক্বিদিক্ৰ কোনো সম্ভেদ নাপায়, সেই অৱস্থাটোক আপুনি নিশাৰ সেই বলখেলা পথাৰখনৰ লগত তুলনা কৰিব পাৰে৷ নিশাৰ ভাগত চাৰিওফালে মাথো ক'লা-ক'লা-ক'লা আৰু দিনৰ ভাগত মাথো নীলা-নীলা-নীলা৷ সেই ৰাতিৰ মমবাতিডালৰ দৰে সেই অৱস্থাতো আপোনাক সহায় কৰিবলৈ মাটিৰ ওপৰত জ্বলি থাকে এনে বহু মমবাতি৷ ইয়াকে কোৱা হয় নেভিগেচন্এইদ (Navigation Aid - NAVAIDS)৷ বিমানৰ 'ককপিটত' থকা 'এ-দি-এফ্' (Automatic Direction Finder) নামৰ যন্ত্ৰটোৱে এই মমবাতিবোৰ চিনি পায়৷ এডাল মমবাতিৰ পৰা আন এডাললৈ, তাৰপিছত আৰু আন এডাললৈ, সেইখিনি অতিক্ৰম কৰাৰ পিছত আৰু আন এডাললৈ এনেকৈয়ে আকাশমাৰ্গত বিমান এখন একা-বেকা সৰল পথেৰে সমুদ্ৰপৃষ্ঠৰ পৰা নিৰ্দ্দিষ্ট ওপৰত গন্তব্য স্থানলৈ গতি কৰে৷ মমবাতি বুলি বুজাবলৈ চেষ্টা কৰা এই যন্ত্ৰবিধৰ নাম এন-দি-বি (Non Directional Beacon - NDB) আৰু ভি-অ'-আৰ্(Very-high-frequency Omni Directional Range - VOR)৷ এয়াৰপৰ্টৰ ভাষাত এই যন্ত্ৰসমূহক ঘৰমুখী পৰিচালন যন্ত্ৰ অৰ্থাৎ Homing Navigational Aid বুলি কয়৷

ধৰিলওঁক, এডাল মমবাতিৰ পৰা আন এডাললৈ আপুনি গৈ আছিল৷ ঠিক সেই সময়তে আন এখন বিমানো ওভোটা দিশত একেই উচ্চতাত আপোনাৰ ফালে আহি আছে! আপুনি নিশ্চয় ধৰিব পাৰিছে, ইয়াৰ ফলাফল নিৰ্ঘাট মুখামুখি সংঘৰ্ষ! সেয়ে আপোনাক 'যাওক' বুলি ক'বলৈ আৰু আন বিমানক সেই সময়ত অহাৰ অনুমতি নিদিবলৈ আপোনাক তলৰ মানুহৰ সহায়ৰ প্ৰয়োজন৷ এই সহায়ৰ নামেই Air Traffic Controlling৷ এই দায়িত্ব পালন কৰা সকলক Air Traffic Controller- ATCO বুলি কয়৷ বিমানখন পাইলটে পৰিচালনা কৰে যদিও যাত্ৰাৰ সকলো সময়তে তেওঁলোকে 'এ-টি-চি'-ৰ লগত সংযোগ ৰক্ষা কৰি পৰিচালনাৰ সকলো নিৰ্দেশ মানি চলিব লাগে৷ মাটিৰ লগত বিমান এখনৰৰ সংযোগ সকলো সময়তে ধৰি ৰাখিবলৈ ব্যৱহাৰ কৰা পদ্ধতিটোৰ নাম VHF Ground to Air Communication৷ আমি ৰেডিঅ'ৰ কম্পনাংক মিলাই যেনেকৈ গুৱাহাটী বা ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ মাত শুনো, ঠিক তেনেকৈ পাইলটৰ লগত থকা ৰেডিঅ' এটাৰে (VHF Set) তলত থকা এয়াৰপৰ্ট কন্ট্ৰল টাৱাৰ এটাৰ লগতো এখন বিমানে সংযোগ স্থাপন কৰিব পাৰে! দুয়োটাৰে মাজত থকা ডাঙৰ পাৰ্থক্যটো হৈছে ৰেডিঅ'ত অকল শুনিবহে পাৰি, কিন্তু বিমান যোগাযোগৰ ক্ষেত্ৰত শুনাৰ লগতে ক'বও পাৰি, অৰ্থাৎ কথা পাতিব পাৰি৷ শিৱসাগৰৰ ওপৰত উৰি থকা বিমান এখনে যোৰহাট কন্ট্ৰল টাৱাৰৰ নম্বৰ মিলাই যোৰহাট এটাৰপৰ্টৰ লগত নতুবা ডিব্ৰুগড় কন্ট্ৰল টাৱাৰৰ নম্বৰ মিলাই ডিব্ৰুগড় এটাৰপৰ্টৰ লগত কথা পাতিব পাৰে৷ কিন্তু পাইলটজনৰ খেয়াল-খুচী মতে ইচ্ছা কৰিলেই এই কাম কৰিব পাৰেনে? - নোৱাৰে! আৰম্ভনিৰে পৰা যাত্ৰাৰ শেষলৈকে যি পদ্ধতিৰে বিমানখন পৰিচালনা কৰা উচিত স্বাভাৱিক অৱস্থাত পাইলটে সেই নিয়মৰ তিলমাত্ৰও ইফাল-সিফাল কৰিব নোৱাৰে৷ গোটেই বিশ্বতে আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহন সংস্থাই (International Civil Aviation Organization - ICAO) সকলো দেশৰ বাবেই একে ধৰণৰ কটকটীয়া নিয়ম বান্ধি থৈছে আৰু এই নিয়মবোৰেই বিমান যাত্ৰাক সদায় সুৰক্ষিত কৰি ৰাখিছে৷

       ধৰিলোৱা হ'ল গুৱাহাটী এয়াৰপৰ্টৰ পৰা পৰিচালনা কৰি থকা বিমান এখন অৰুণাচলৰ ওপৰত খহি পৰিল (কাহানিও এনে নহওক)৷ বিমানখন যদি পাহাৰৰ টিং এটাত পৰিছে আৰু পাইলট তথা 'ভি-এইছ-এফ্' যন্ত্ৰটো যদি বিমানখনত অক্ষত অৱস্থাত আছে তেতিয়াহলে তেনে অৱস্থাতো পাইলটে কন্ট্ৰল টাৱাৰৰ লগত কথা পাতিব পাৰিব৷ অকল 'ভি-এইছ-এফ'-য়েই নহয়, বিকল্প হিচাপে পাইলটৰ লগত যোগাযোগ কৰিব পৰাৰ আৰু কেইবাটাও যন্ত্ৰ থাকে কিন্তু দুৰ্ঘটনাৰ সময়ত সেইবোৰ সুৰক্ষিত হৈ ৰৈছেনে নাই - সেইটোৱেই আটাইতকৈ ডাঙৰ কথা৷ যদি বিমানখন দুটা পাহাৰৰ মাজত থকা গভীৰ খাদত পৰিছে তেনেহলে যন্ত্ৰসমূহ ভাল হৈ থাকিলেও সেই ঠাইৰ পৰা বিদুৎ তৰংগ বাহিৰলৈ ওলাই আহিব নোৱাৰে৷ তেতিয়াই যোগাযোগ বিচ্ছন্ন হয়৷ নতুবা, যদি যোগাযোগৰ আহিলা হিচাপে থকা আটাইকেইটা যন্ত্ৰ বিকল হৈ যায়, তেতিয়া পাইলট জীয়াই থাকিলেও যোগাযোগ সম্ভৱ নহয়৷ বিমানত 'ই-এল-টি' (Emergency Location Transmitter - ELT) নামৰ এটা যন্ত্ৰ থাকে, বিমানখন কোনঠাইত ভূপাতিত হৈছে সেই কথা জনাই থাকিবৰ বাবে এই যন্ত্ৰটোৱে অহৰহ বিমানখনৰ পৰা তৰংগ বিকিৰণ কৰি থাকে বিকল হৈ নপৰালৈকে৷ কিন্তু এই সকলো যদি দুৰ্ঘটনাত ছাৰখাৰ হৈ যায় আৰু বিমানখন পাহাৰৰ মাজত দ গিৰিখাদ বা সাগৰৰ গৰ্ভত থকা কোনা ওখোৰা-মোখোৰা অংশত লুকায় পৰে, তেতিয়া তাক বিচাৰি পোৱা বৰ সহজ নহয়৷ বিমানত থকা উজ্জ্বল কমলা ৰঙৰ 'ব্লেক বক্স' বুলি কোৱা যন্ত্ৰটোবে ১১১০ ডিগ্ৰী তাপমাত্ৰা পৰ্যন্ত সহ্য কৰিব পৰা শক্তি আছে৷ ব্লেক বক্সে বিমানখনৰ সকলো ধৰনৰ তথ্য ধৰি ৰাখিব পাৰে ঠিকেই, কিন্তু ই নিজে তৰংগ বিকিৰণ কৰি ক'ত আছে সেই কথাটোৰ সম্ভেদ দিব নোৱাৰে৷

      Global Positioning System বা জি.পি.এছ. বিমান সেৱাত ব্যৱহাৰ নকৰে কিয়? কৰে৷ কিন্তু অকল ইয়াৰ দ্বাৰাই বিমান এখন পৰিচালনা কৰি লৈ যাব পৰা নিৰ্ভৰযোগ্যতা 'জি-পি-এছ'-ৰ এতিয়াও হোৱা নাই! ভাবি চাওকচোন ৰানওৱে বুলি বিমান এখন তললৈ আহি উপগ্ৰহৰ ভুলৰ বাবে ৰানৱেৰ পৰা ৩০ মিটাৰ আতঁৰৰ মাটি চুলেহি! ভাৰত চৰকাৰৰ Airports Authority of India আৰু Indian Spaমe Research Organization-য়ে যুতীয়াভাবে GAGAN - GPS Aided GEO Augmented Navigation নাম দি এটা গৱেষণা চলাই এবিধ অতি উন্নতমানৰ বিমান পৰিবহন ব্যৱস্থা উদ্ভাৱন কৰিছে৷ কিন্তু ইয়াক ব্যৱহাৰ কৰিবৰ বাবে প্ৰয়োজন হোৱা গ্ৰাহক যন্ত্ৰটোৰ নিৰ্মান পদ্ধতি যথেষ্ট ব্যয়বহুল হোৱা বাবে বিমানত এই ব্যৱস্থা এতিয়াও সুলভ হোৱা নাই৷অতি সোনকালে হোৱাৰ সম্ভাৱনা আছে৷ তেতিয়া আৰু মমবাতি চাই চাই আগবঢ়াৰ সলনি বিমান ওপৰলৈ উঠিয়েই নাকৰ পোনে পোনে গৈ গন্তব্য স্হান পাবগৈ পাৰিব৷ এমিৰেটচ (Emirates) এয়াৰ লাইনচকে ধৰি কেইবাটাও এয়াৰলাইনচে আজিকালি বিমানৰ ভিতৰতে মোবাইল সেৱা আৰু ভি়ডিঅ' কনফাৰেঞ্চৰ সুবিধা দিব পৰা হৈছে! কিন্তু বিমান দুৰ্ঘটনাৰ সময়ত এই আহিলাসমূহ সচল হৈ থকাৰ সম্ভাৱনা অতি কম৷ আপোনাৰ মোবাইলটোৰ লোকেচন সুবিধাটো চলাই দিলে আপুনি য'লৈকে নাযাওক কিয় উপগ্ৰহৰ দ্বাৰা সেই ঠাইৰ কথা আনে গম পাব পাৰে৷ কিন্তু আপোনাৰ মোবাইলটো যদি অচল বা বন্ধ হৈ যায়, তেতিয়া ? 

         ৰাডাৰ (RADAR)ব্যবহাৰ নকৰে কিয়? কৰে৷ ৰাডাৰ সেৱা সাধাৰণতে বিমান এখনৰ অৱতৰণ আৰু প্ৰস্থানৰ সময়তহে বিমানকোঠত ব্যবহাৰ কৰা হয়৷ সেয়ে বিমানকোঠৰ সমীপত হোৱা দুৰ্ঘটনাটো সুক্ষ্মভাবে ৰাডাৰত ধৰা পৰে৷ বিমানযাত্ৰাৰ সমস্ত যাত্ৰাপথত ৰাডাৰৰ নিৰ্মান আৰু ব্যৱহাৰ সম্ভৱ নহয়৷ তাৰোপৰি ৰা়ডাৰত নিৰ্ভুলভাবে ধৰা পৰিবলৈ বিমানত থকা 'ট্ৰেন্সপণ্ডাৰ' (Transponder) নামৰ যন্ত্ৰটো ঠিক হৈ থকাটো অতি জৰুৰী৷ আপুনি যদি www.flightradar24.com নামৰ ৱেবপে'জটোলৈ যায়, তাত পৃথিৱীৰ ওপৰত উৰি থকা সকলো উৰাজাহাজ দেখা পাব৷ ধৰক দহ বজাত আপোনাৰ ভাগিন ছিংগাপুৰৰ পৰা আহি তিনি বজাত গুৱাহাটী পোৱাৰ কথা৷ আপুনি এই ৱেব ছাইটটোলৈ গৈ বিমানখনৰ নম্বৰটো টাইপ কৰি দিয়ক, আপুনি 'লাইভ' দেখা পাব আপোনাৰ ভাগিন কোনখিনি পাইছেহি আৰু সেই মূহুৰ্তত কোনখন দেশৰ ওপৰত আছে৷ এইটো সম্ভৱ হৈছে বিমানখনত থকা 'ট্ৰেন্সপণ্ডাৰ' নামৰ যন্ত্ৰটোৰ বাবে৷ কিন্তু এই যন্ত্ৰটো বন্ধ হৈ গ'লে বা দুৰ্ঘটনাৰ বাবে এই যন্ত্ৰটো বিকল হৈ পৰিলে, তেতিয়া আৰু বিমানখনৰ অৱস্থান বিচাৰি উলিউৱাৰ কোনো সুগম উপায় নাথাকে৷ 

        দুডাল মমবাতিৰ মাজত গৈ থকা অৱস্থাত বিমান এখনৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ যোৱাৰ অৰ্থ বিমানখনত থকা 'ভি-এইছ-এফ্'ৰ আটাইকেইটা যন্ত্ৰ (মেইন, ষ্টেণ্ড-বাই, ইমাৰ্জেঞ্চী), এইছ্এফ যন্ত্ৰ, ছে'ল-কল যন্ত্ৰ আদি আটাইবোৰ আহিলা বিকল বা ধ্বংস হৈ যোৱা৷ উপগ্ৰহ বা তলত থকা ৰাডাৰে ধৰিব নোৱাৰাৰ অৰ্থ বিমানখনত থকা 'ট্ৰেন্সপণ্ডাৰ' বা জি.পি.এছ, ৰিছিভাৰ সমূহ বিকল হৈ পৰিছে বা ধ্বংস হৈ গৈছে৷ এনে পৰিস্থিতিত তলত থকা মানুহৰ একমাত্ৰ কৰ্তব্য হৈছে অতি সোনকালে Search and Rescue পদ্ধতিৰ দ্বাৰা বিমানখনৰ অৱস্থিতি যিমান সোনকালে পৰা যায় নিশ্চিত কৰা৷ আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহন সংস্থাই এই কাৰ্যৰ বাবেও কটকটীয়া ফলপ্ৰসু নিয়ম বান্ধি থৈছে৷

No comments:

Post a Comment