জীৱন বাটৰ ৰসঃ চন্দ্ৰপেহা (৩)
পেহাৰ কাহিনীৰ পৰিচয় দিব পৰা একমাত্ৰ বাক্যশাৰী হৈছে - গছত গৰু উঠা, হোলোঙাৰে কাণ খজুউৱা ৷ কোনোবাই বিশ্বাস কৰক-নকৰক তাৰ প্ৰতি পেহাৰ কোনো ভ্ৰূক্ষেপ নাই! কাৰোবাৰ বিশ্বাসেও পেহাৰ কাহিনীক বাস্তৱৰ ওচৰ চপাই আনিব নোৱাৰে অবিশ্বাসেও পেহাক নিৰাশ কৰিব নোৱাৰে৷
বিহুৰ সময়৷
পেহাৰ ঘৰত সোমালো বিহু খাবলৈ ৷ পেহাই প্ৰায়ে পেহীৰ লগত মৰম-চেনেহৰ মুখ চুপতি মাৰি থাকে৷ পেহী শিক্ষয়িত্ৰী ৷ পেহাইও হেনো এসময়ত শিলঘাটৰ মৰাপাট কলত চাকৰি কৰিছিল৷ ভাল নালাগি এৰি থৈ গুচি আহিল৷
চাহ জলপান খাই উঠি পাকঘৰৰ পৰা পিছফালে বাহিৰলৈ ওলাই দেখিলো পিৰালিৰ গাতে লাগি আছে কুঁৱাটো৷ পেহাক সুধিলোঁ - পেহা, কুৱাঁটো দেখোন একেবাৰে পিৰালিতে খন্দালে, অকণমান আতঁৰত হোৱা হলে ভাল আছিল নেকি ?
- এহ্ কিনো ক'বি অ', এইটো খান্দো বুলি খন্দা কুৱাঁ নহয় নহয় ৷ এবাৰ এইডোখৰ মাটিতে মূলা খেতি এদৰা হৈছিল ৷ পিৰালিৰ কাষতে এটা মূলা ইমান ডাঙৰ হ'ল যে খন্দাৰ পিছত মাথো ৰিং কেইটাহে বহুৱাই দিয়া হৈছে !
No comments:
Post a Comment