Thursday, July 7, 2016

চতিয়াত গঁড়...

চতিয়াত গঁড়

আমাৰ ঘৰৰ সমূখৰ বহল পথাৰ খনত এবাৰ এটা গঁড় ওলাইছিল৷ দিনটো আছিল বুধবাৰ৷ আগবেলাই গঁড় এটা আহি পথাৰখনৰ দলনিত বোকাৰ ঘুলি এটা সাজি তাতে হেনো শুই আছে৷ প্ৰথমে কথাটো কোনে প্ৰত্যক্ষ কৰিলে জনা নগ’ল৷ বুধবাৰ মানে বজাৰৰ দিন৷ অহা-যোৱা কৰা আলিবাটটোৰ পৰা মাত্ৰ ৪০০ মিটাৰ মান আঁতৰত সেইজীয়া ৰোৱাৰে ঢাকি ধৰি থকা ঠাইখিনিতে গঁড় এটা বোকাৰ মাজত শুই আছে৷ আবেলি সময়৷ বজাৰৰ পৰা উভতি অহা বাটৰুৱা ৰৈ যাবলৈ আৰম্ভ কৰিলে৷ গঁড়ৰ গালৈ পকা চপৰা, শিলগুটী আদি ফৰ্মুটিও আৰম্ভ হ’ল৷ গঁড়টো শোৱাৰ পৰা এবাৰ উঠে, পাক এটা মাৰে, আকৌ শোৱে! এসময়ত গাওঁৰ বয়সস্থ কেইবাজনো আলিবাটলৈ ওলাই আহিল৷ কোনো কোনোৱে ক’লে- আমনি কৰি নাথাকিবি, গঁড়ে মানুহতকৈও বেগাই দৌৰিব পাৰে, সাৱধান! তেনেতে সেই ঠাইত পতিয়াগাওঁৰ চাকিৰাম আহি ওলালহি, হাতত বজাৰ কৰি ওলোমাই অনা বেগ এটা৷ মানুহজনে গঁড় চাবলৈ আলিবাটৰ পৰা নামি পথাৰখনলৈ আগবাঢ়িবলৈ ল’লে৷ গঞাই হৈ হৈ কৰি উঠিল – ককাই, তুমি ভালকৈ খোজেই কাঢ়িব নোৱাৰা, ক’লৈ গৈছা, নাযাবা, নাযাবা৷ মানুহজন আছিল সামান্য খোনা৷ উত্তৰ দিলে- হে’ৰা, জনাই জানে, গঁড়ে মাৰিলে স্বৰ্গবাসী হ’ম, ভয় কিহৰ হে’? তেওঁ আগবাঢ়ি গৈ থাকিল৷ ঠিক তেনেতে হঠাতে শোৱাৰ পৰা উঠি গঁড়টোৱে খেদি আহিল৷ আলিবাটত ৰৈ থকাসকলে বিম্বাশৱদে লৰ ধৰিলে৷ গঁড়টোৱে মুহুৰ্ত্ততে মানুহটোক ওফোৰাই পেলালে, তাৰপিছত ৰে’ল লাইনটোৰ ফালে দৌৰি দৌৰি আঁতৰি গ’ল৷
চাকিৰামৰ থিতাতে মৃত্যু হৈছিল৷ কৰঙনৰ পৰা বুকুলৈকে মানুহজনক গঁড়ৰ খৰ্গটোৱে ফালি পেলাইছিল৷ কাষতে পৰি আছিল হাতত লৈ থকা মোনাটো৷ মোনাটোৰ পৰা ওলাই ছেদেলি ভেদেলি হৈ পৰি আছিল বজাৰৰ পৰা কিনি অনা কেইবাবিধো পাছলি আৰু কেইবাটাও মৰা মিৰিকা মাছ!

তেখেত স্বৰ্গবাসী হ’ল নে নহ’ল গম পোৱা নগ’ল৷

আমি খ-শ্ৰেনীত পঢ়ি থাকোতে এদিন দুপৰীয়া হঠাতে ৰাইজ আলিবাটলৈ ওলাই আহিল – গঁড় ওলাইছে, গঁড় ওলাইছে! ৰে’লৰ আলিৰ দাঁতিয়ে দাঁতিয়ে গঁড় এটা দৌৰি দৌৰি গৈ আছে৷ – সেইটো, সেইটো, সকলোৱে আঙুলিয়াই দেখুৱাইছিল, মই কিন্তু নেদেখিলো ৷ স্কুলৰ পাঠ্যপুথিত “ধাননি পথাৰ” নামৰ পাঠ এটা আছিল৷ তাত গঞাই গঁড় খেদি থকা দৃশ্যৰ ছবি এটা আছিল৷ গঁড়ে জুইলৈ ভয় কৰে বুলি তাত লিখা আছিল৷ সেইসময়ত মোৰ সেই কাহিনীটোলৈ মনত পৰি আছিল৷

১৯৭৮-৭৯ চন৷ বিদেশী বহিষ্কাৰ আন্দোলন আৰম্ভ হওঁ হওঁ৷ ডেকা ল’ৰাহত ঘৰলৈ ৰাতি পলমকৈ ওভতাৰ অভ্যাস ঠিক আৰম্ভ হোৱাৰ সময় সেইটো৷ ৰাতি দহমান বাজিছে, ঘোপমৰা আন্ধাৰ! মাগুৰমৰা গাওঁৰ শশীদা (শশী বৰা ওৰফে পেৰুকাদা) চেন্টাৰৰ (আমাৰ স্থানীয় সৰু চহৰখন) পৰা চাইকে’ল লৈ ঘৰলৈ উভতি আহিছে৷ আন্ধাৰত বেছি দূৰলৈ মনিব নোৱাৰি – তথাপিও অসুবিধা পোৱা নাই, চিনাকী ৰাষ্টা৷ উদয়পুৰত, ঠিক ৰাষ্টাৰ ওপৰতে, হঠাতে সমূখত ক’লা ৰঙৰ কিবা এটা ৰৈ থকা যেন অনুমান হ’ল৷ শশীদাই পেডেল মৰা বন্ধ কৰিলে৷ পিছমূহুৰ্ত্ততে তেঁও নিশ্চিত হ’ল- হয়, ভুল হোৱা নাই, সেইয়া সমূখত আৱিৰ্ভাৱ হৈছে অসমৰ জাতীয় প্ৰতীক -পোৱালী হাতী এটাৰ সমান আকাৰৰ এটা প্ৰকাণ্ড এশিঙীয়া গঁড়৷ কিংকৰ্তব্যবিমূড় হৈ শশীদাই ব্ৰেক মাৰিবলৈও পাহৰি গ’ল৷ মাথোঁ গঁড়টোক খুন্দা নামাৰিবলৈ গাটো কিছু হলাই দিলে৷ কমল হাজৰিকাৰ ঘৰৰ কাষেদি সোমাই যোৱা গলিটোৰ কোণটোতে দ হোলা এটা আছিল৷ তাতে বিহলঙনী-ঢেঁকীয়া-কঁচু-মেটেকাৰ ওপৰত চাইকেল সহিত শশীদা এখাৱৈ হৈ পৰিলগৈ! সেইমূহূৰ্ত্তত তেওঁৰ হেনো ভালুক দেখা দুই বন্ধুৰ সাধুটো চেৰেং কৈ মনত পৰি গ’ল আৰু তাতে সেইফালেই নিতাল মাৰিলে! গঁড়টোৱেও আগতে নেদেখা দৃশ্য এটা দেখাত আৰু আগতে নোহোৱা অভিজ্ঞতা এটা হোৱাত এখোজ দুখোজকৈ খাৱৈটোলৈ আগবাঢ়ি গ’ল৷ শশীদাক এবাৰ শুঙি চালে৷ বিশ্বাসী বন্ধুৰ সাধুটোত ভালুকটোৱে তলত মৰা ভাওঁ ধৰি শুই থকা বন্ধুটোক যেনেকৈ শুঙিছিল, তেনেকৈ! তাৰপিছত জাতীয় প্ৰতীক গুৰু-গম্ভীৰ খোজেৰে সেই গলিটোৱেদি বাবুল বৰকাকতীৰ ঘৰৰ আগেদি চতিয়া ৰে’ল ষ্টেচনৰ ফালে আঁতৰি গুচি গ’ল৷

ঘটনাটো ৰাতিপুৱাই ৰাষ্ট্ৰ হৈ পৰিল৷ শশীদাই হেনো কৈছে – মই যদি জাপ মাৰি নামি গাৰ ওপৰত চাইকেলখন জাপি নল’লোহেঁতেন, মোৰ ফালে আধ্যাই পৰিলহেঁতেন! তেখেতৰ লগত ঘনিষ্ঠ দুজনমানে অধিক তথ্য লাভ কৰাৰ সুঁৰত ক’লে- গঁড়টোৱে হেনো জিভাখন লগাই শশীদাৰ ভৰিত চেলেক এটা মাৰিও চাইছিল৷ বন্যপ্ৰানী সম্পৰ্কে বিস্তৰ অভিজ্ঞতা জাহিৰ কৰি কেইজন মানে কথাষাৰ কাটিলে – থ হেৰৌ, গঁড়ে চেলেক মাৰিলে গাৰ ছাল এৰাই যাব, মঙহৰ এফাল এৰুৱাই লৈ যাব৷ আন কোনোবা চকু চৰহাই ক’লে- গোলাপী নিচাতে সি চৰাইজনীয়া গাওঁৰ কাৰোবাৰ ঘৰৰ গোনা মহ দেখি আহিল! দেখাটো মিছা, এখাৱৈ হৈ পৰি থকাটো সঁচা!

কিন্তু গঁড় ওলোৱা কথাটো সঁচা আছিল৷ পিছদিনা বয়সস্থ অভিজ্ঞজনে গলিটোত পৰি থকা গঁড়ৰ খোজ চিনি পাইছিল৷
আমি সপ্তম শ্ৰেনীত পঢ়ি থাকোতে পহুছোৱা গাওঁত গঁড় এটা ওলোৱাৰ খবৰ ওলাইছিল৷ পহুছোৱা পাৰ হৈ চাপৰিয়েদি গঁড়টো হেনো নিজে নিজে গৈ লুইত পাৰ হৈ কাজিৰঙা পাইছিলগৈ৷

আমি পঢ়ি থাকোতেই চতিয়াৰ এখন গাওঁৰ সমনীয়া হ’তক “গঁড় বুলি হাতী খোৱা” বুলি জোকাইছিলো৷ গঁড়ৰ মাংস হেনো খাব পাৰি, হাতীৰ নোৱাৰি৷ এবাৰ গঁড় এটা মাৰি গাওঁখনে হেনো ভগাই খালে৷ পিছতহে আৱিষ্কাৰ হ’ল, সেইটো গঁড় নহয় হাতীহে আছিল৷ মনে সজা কাহিনীয়েই হব ছাগৈ, তথাপিও সমনীয়াহ’তৰ খং উঠিছিল৷
তেতিয়াৰ দিনত গঁড় মাৰি তাৰ খৰ্গ কাটি নি ধন ঘটাৰ কথা সম্ভৱ কোনেও চিন্তা কৰা নাছিল৷ এনে কামক গৰ্হিত বুল ভবা হৈছিল৷ আমাৰ জিলাৰ ভূঞা নামৰ ডাক্তৰ এজনৰ গাড়ীত এবাৰ গঁড়ৰ খৰ্গ এটা  পোৱা হৈছিল৷ তাৰপিছত তেখেতক ৰাইজে খৰ্গ ভূঞা নাম দিছিল৷


তাৰপিছত এইয়া প্ৰায় ত্ৰিশ বছৰ বাগৰি গ’ল৷ টেলিভিছনত দেখিলো চতিয়াত আকৌ গঁড় ওলাইছে৷ গঁড়টোক সুৰক্ষিত ভাবে স্থানান্তৰিত কৰাত গঞাইও সহায় কৰা দেখি মনটো বৰ ভাল লাগিছে৷ তাতোকৈও বেছি আনন্দ পালোঁ স্থানচ্যুত হৈ দিক বিদিক নাজানি দিশহাৰা হোৱা প্ৰানীটোক গঁড়-কন্যা থকা আশ্ৰমত জোঁৱাই হিচাপে আকোৱালি লোৱা দেখি! মাথোঁ আমনি কৰি আছে এটা দৃশ্যই – গঁড়টোৰ গাত লাগি আছে চাৰিটা গুলীৰ চিহ্ন! ভৰিত গুলী সোমাই যোৱা সেই দগমগীয়া গুলপীয়া ৰঙৰ ঘাঁটোৰ দৃশ্য৷

No comments:

Post a Comment