জীৱন
বাটৰ ৰসঃ পূৰ্ণেশ্বৰ ছাৰ (৪৪)
অৱশেষত পূৰ্ণেশ্বৰ ছাৰে কোৱাটোৱেই
হ’ল, নিতায়ে খেল মাষ্টৰৰ চাকৰি পালে৷
নিতাইৰ পোছাকী নাম নিতুমনি সোনোৱাল৷
অসমীয়া ভাষাত “বাঘৰ আগতেল খোৱা” বুলি বাক্য এষাৰ আছে; সাহসী, অঘাইতং, পাছলৈ নাচাই
যিকোনো কাম কৰিব পৰা এবিধ অভং লোকক বুজাবলৈ বাক্যটো ব্যৱহাৰ কৰা হয়৷ পাছে, নিতাইৰ
কৰ্মকাণ্ড বুজাবৰ বাবে এইষাৰ বাক্যত থকা অৰ্থটো কম পৰে৷ পঞ্চমমানৰ পৰা দশমমান শ্ৰেণীলৈ
ছবছৰ, তাৰ লগতে আন্দোলনৰ আৰু এবছৰ যোগ দি, মুঠতে সাত বছৰ স্কুলত পঢ়া সময়খিনিত নিতাই
আছিল সহপাঠী সকলৰ পৰম বিষ্ময় আৰু আতংকৰ কাৰণ, শিক্ষকসকলৰ বাবে দৈনন্দিন সংশয় আৰু বিভীষিকাৰ
এক নিছিগা ধাৰ!
ষষ্ঠ শ্ৰেনীৰ কথা৷ স্কুল চৌহদৰ
ভিতৰত গেইটখনৰ ওচৰতে বননিডৰা কোৰ্শলা বনৰে ভৰি পৰিছিল৷ খেলৰ পিৰিয়দটোত মৌলৱী ছাৰে
ছাত্ৰহঁতক এই কোৰ্শলা বনবোৰ উভালিবলৈ লগাই দিলে৷ সেই সময়তে ক্লাছ টেনত ইংৰাজী পঢ়াবলৈ
ফিল্ডখনৰ মাজেদি আহি আছিল বৰজিতেন ছাৰ! মৌলৱী ছাৰৰ লগত দুই এটা কথাৰ আদান-প্ৰদান কৰি
ছাৰে স্কুলৰ পদূলিমূখত থকা নাহৰ গছ জোপালৈ চকু দিলে৷ গছজোপাৰ মাজতে ঠাল এটা মৰি শুকাই
আছে, কোন সময়ত খহি পৰে ঠিক নাই৷ ছাৰে স্বগত্যোক্তি কৰাৰ দৰে ক’লে – এই ঠালটো কাটি
পেলাব লাগিব, হঠাতে খহি পৰি দুৰ্ঘটনা ঘটাব যেনহে লাগিছে! বাক্যষাৰ ছাৰৰ মুখৰ পৰা ওলাই
শেষ হ’ল কি নহ’ল, ওচৰতে উৎকৰ্ণ হৈ ঘাঁহ চিকুটি থকা নিতাই একে দৌৰে গৈ নাহৰ গছজোপাৰ
ওপৰ পালেগৈ৷ দুয়োজন ছাৰে হেই, হেই কৰি থকাতে থাকিল৷ প্ৰথমে ক্লাছ টেনৰ, তাৰ পিছত গোটেই
স্কুলখনৰ ছাত্ৰহ’ত ওলাই আহিল৷ নাহৰ গছৰ শীৰ্ষত নিতুমনি সোনোৱাল! ফেৰেঙনি এটাত থিয়
হৈ এটা হাতে গছৰ ডাল এটাত ধৰি ভৰি এটাৰে শুকান ডালটো হেঁচুকিবলৈ লৈছে৷ যিকোনো মূহুৰ্ততে
ডালটোৰ লগতে নিতাই আহি ৰাষ্টাটোৰ কাষৰ হোলাটোত পৰাটো ধুৰুপ৷ শুকান ঠালটোত কেৰেক্কৈ
এটা শব্দ হ’ল, তলৰ তিনিশ ছাত্ৰ আৰু একৈশজন শিক্ষকে আৰ্তনাদ কৰি উঠিল৷ অলপ সময়ৰ পিছত
আকৌ এটা কেৰেক্৷ তাৰ পিছতে প্ৰকাণ্ড ডালটো আহি তলত পৰিলহি৷ মলুৱা বান্দৰ নমাদি নিতাই
সোঁ-সোঁকৈ তললৈ নামি আহিল৷ জিতেন ছাৰে কাণ এখনত ধৰি তাক অধ্যক্ষৰ কোঠালৈ লৈ গ’ল৷
অষ্টমমান শ্ৰেনীলৈ উত্তীৰ্ণ হোৱাৰ
পিচৰ পৰাই নিতায়ে চাইকেল লৈ স্কুললৈ আহে৷ চাইকেলখন সি চিধাকৈ নচলায়, গুৱলা সাপ যোৱাদি
অকাই পকাই যায়, মাজে মাজে ৰাষ্টাত শুই পৰাদি একতীয়া হৈ পৰে, আকৌ পোন হয়৷ গাৰ্লছ স্কুলখনৰ
সমূখভাগ পাৰ হৈ আহোঁতে হয় চাইকেলখন কেৰিয়াৰত বহি চলাই, নহয় হেন্দেলডালত ওভোটাকৈ বহি
পেদেল মাৰে৷ ছোৱালীবোৰে মুখ তিপি তিপি হাঁহে৷ কেতিয়াবা তীব্ৰ বেগত আহি চাইকেলখনৰ
আগ চকাৰ ব্ৰেকডাল টানি ধৰে, পাছ চকাটো দাঙ খাই যায়, মূহুৰ্ততে ভৰিৰে দোপ এটা দি চাইকেলখন
ওভোটা কৰি পেলাব পাৰে৷ চাই থকা দৰ্শকৰ চকু কপাললৈ উঠে৷ বাৰ্ষিক অধিৱেশনত এবাৰ আধামৰা
সাপ এটা ডিঙিত আঁৰি লৈ মঞ্চত অভিনয় কৰিবলৈ উঠিলগৈ৷ দৰ্শকটো বাদেই খোদ বিচাৰকসকলৰ
মাজতে হাঁহাকাৰ লাগি গৈছিল৷
আমাৰ চেন্টাৰৰ বাছ ষ্টেণ্ড্টোৰ
পাছফালেই পোনাদাহঁতৰ ঘৰ৷ তেখেতসকলৰ ভাড়াঘৰ এটা আছে৷ তাতে ডাকঘৰত কাম কৰা পৰিয়াল এটা
আছিল৷ সন্ধিয়া লাগিল কি নালাগিল গিৰিয়েক ঘৈণীয়েকৰ দুৰ্বাদল কাজিয়া৷ শাওঁন মহীয়া মেঘে
ৰৈ ৰৈ গাজনি মাৰি থকাৰ দৰে ৰাতি আধাডোখৰলৈকে পতি-পত্নীৰ বিজুলী ঢেৰেকণি চলি থাকে৷
“মানুহঘৰ আঁতৰাব পৰা হলে ভাল আছিল৷” পোনাদাৰ মুখৰ পৰা কথাষাৰ ওলোৱাৰ দিনাই আধা ৰাতি
নিতাই গৈ পোনাদাহঁতৰ ঘৰ ওলালগৈ, লগতে সৰু টোপোলা এটা৷ ক্ষন্তেক পিচতে কাপোৰ-কানি
খুলি গোটেই গাতে টোপোলাত অনা ক’লা ছাঁই সানি ল’লে৷ তাৰ ওপৰত চূণৰ প্ৰলেপ দি কামি
হাড়, ৰাজ হাড় আঁকি ল’লে৷ তাৰ পিছত এটা লয়ত খুটি তাল বজাই বজাই নিতাই আন্ধাৰৰ মাজলৈ
ওলাই গ’ল৷ ভাড়াঘৰটোৰ চাৰিওফালে তাল বজাই নাচি নাচি এবাৰ ঘুৰে, তাৰ পাছত বাঁহগছজোপাৰ
আঁৰত অলপ ৰয়, তাৰ পিছত আকৌ ঘুৰে৷ সত্যজিত ৰায়ৰ “গোপী গায়ন বাঘা বায়েন” ছবিখনত থকাৰ
দৰে পিশাঁচৰ নৃত্য৷ পিছৰ দেওঁবাৰে ৰাতিপুৱাই ঘৰটো খালি হৈ গ’ল!
পৰিস্থিতি অশান্ত, কাৰ্ফিউ চলিছে৷
স্কুল-কলেজ, দোকান-পোহাৰ বন্ধ৷ বাছত উঠি খিৰিকিৰে বন্দুকৰ বেয়নেট বাহিৰলৈ উলিয়াই
“চি-আৰ-পি”-ৰ গাড়ী গাঁৱত ঘুৰি ফুৰে৷ ডেকাল’ৰা পালে গাড়ীত উঠাই থানালৈ লৈ যায়৷ বয়সীয়া
লোককো অপদস্থ কৰে৷ এদিন নিতাইয়ে জংঘলৰ পৰা কোদো এবাঁহ আনি টেকেলি এটাত সুমুৱাই
গাঁৱৰ পুল এটাৰ ওপৰত টেকেলিটো উবুৰিয়াই থৈ দিলে৷ পিছদিনা “চি-আৰ-পি”-ৰ বাছখন আহি নিৰাপদ
দূৰত্বত ৰৈ গ’ল৷ সু-সজ্জিত দল এটা বাছৰ পৰা নামি আহিল৷ বস্তুটো বোমা হয়নে নহয় অলপ
সময় নিৰীক্ষণ কৰিলে৷ তাৰ পিছত কলা নোদোকা সৈন্য এটা আগবাঢ়ি গৈ গোৰ মাৰি টেকেলিটো
ওলোটাই দিলে৷ কি হৈছে গম পোৱাৰ আগতেই কোদোজাকে দলটোক ঘেৰি ধৰিলে৷ বচাঔ, বচাঔ বুলি
দেদাউৰি পাৰি দলটোৰ মাজত হৈচৈ লাগি গ’ল৷ যিমান জোৰত আহিছিল তাতকৈ দুগুণ বেগত বাছখন
উভতি গ’ল৷ সেইদিনা ৰাতিলৈ গাৱঁখনত ৰেইড্ হৈছিল আৰু মুনিহ তিৰোতা সমন্বিতে সকলোলোককে
গাঁৱৰ গোপছাৰখনত আধাৰাতিলৈকে পুলিছে থিয় কৰাই ৰাখিছিল৷
আমাৰ চেন্টাৰটোৰ দোকান-পোহাৰ
যিঠাইত শেষ হৈছে তাতে “চি-আৰ-পি”-য়ে এটা চেক্গেট পাতিছিল৷ বাটৰুৱাৰ দৈ টেকেলিৰ ঢাকোন
খুলি লাঠিৰ আগটো লগাই “চি-আৰ্-পি”-য়ে “কিয়া
হাই, কিয়া হাই” বুলি সুধিবলৈ লাগিল৷ পুৰণি গাওঁৰ পিতই পকা কল একাশী নিজে নাখাই বজাৰত
বেছিবলৈ নিছিল, চেক গেইটতে “চি-আৰ-পি”-ৰ দলটোৱে খাই অন্ত কৰিলে৷ পিতলৈ লাঠি দাঙি ক’লে
- হটৌ! মটৰ চাইকেল লৈ যোৱা ডেকা ল’ৰা ঠাইডোখৰ পাৰ হৈ যাবলৈ ভয় কৰা হ’ল৷ সেই চেক্
গেইটতে এদিন গামোছা এখন পিন্ধি ওলালগৈ নিতাই ৷ ক’লা মজবুত চেহেৰাৰ “চি-আৰ-পি” এটাই
লাঠিডাল তপিনাত লগাই মাটিত ভেজা লৈ আড্ডা মাৰি আছিল৷ সুবিধা বুজি নিতাইয়ে লাঠিডালত
লগালে এটা প্ৰচণ্ড গোৰ৷ ক’লা ধমহকৈ মাটিত বাগৰি পৰিল৷ নিতাইয়ে তৰানৰা চিঙি বকুল বৰদলৈৰ
ঘৰৰ চৌহদটোৰ বাৰিখনলৈ মাৰিলে এটা জাপ৷ পিচে পিচে আহিল কেইটামানে লাঠি দাঙি খেদি৷
চৌহদটোৰ সীমাতে হোলা এটা আছিল, চিপাহীৰ খোজ পৰোঁতেই দুটা চিপাহী বন্দুকে বাৰুদে
বোকাত হৰ হৰকৈ সোমাই গ’ল৷ সিপাৰৰ নিৰাপদ ঠাইৰ পৰা সোঁহাতৰ তৰ্জনী আৰু বুঢ়া আঙুলিটো
জিভাৰ তলত সুমুৱাই নিতায়ে সিহঁতলৈ চাই দুবাৰমান সুহুৰি মাৰিলে, তাৰ পিছত অন্তৰ্ধান৷
পিছদিনা, দুখলপীয়া টুপী পিন্ধা পুলিচ এটাৰ লগত “চি-আৰ-পি” কেইটামান স্কুললৈ আহি জিতেন
ছাৰৰ কোঠাত সোমালহি, কিন্তু কি কথা পাতিলে পাছত কোনেও গম নাপালে৷
খঙৰ ভমকত এদিন পূৰ্ণেশ্বৰ ছাৰে নিতাইক
কমন ৰূমলৈ মাতি আনিলে৷ আধা ঘন্টামান বকাৰ পিছত ছাৰে সুধিলে – সোমাল নে তোৰ মূৰত?
পৃথিৱীৰ একো পাকচক্ৰৰ আওভাও নোপোৱা বেঙাৰ দৰে সি ছাৰৰ ডিঙিৰ ঘটিকাটোলৈ একেথৰে চাই
আছে৷ ছাৰে ক’লে - এইবিলাক অতপালিৰে তোৰ ভৱিষ্যত অন্ধকাৰ, বুজিছনে নাই, খেল-ধেমালি
বিলাককে চিৰিয়াচলৈ লৈ কিবা এটা কৰ, সময়ৰ শৰ সময় থাকোঁতেই মাৰ, নহলে পষ্টাবি!
নিতায়ে সেইদিনা কি বুজিছিল বুজা
নাযায়৷ কিন্তু কলেজৰ পৰা পোনে পোনেই সি গৈ পুণা ওলালগৈ৷ ‘ইনষ্টিটিউট অৱ স্পৰ্টছ ছায়েঞ্চ
এণ্ড টেকনলজি’-ৰ পৰা কিবা ডিপ্লমা কৰ্ছ এটা কৰি আহি আমাৰ স্কুলখনতে সি খেলৰ শিক্ষক
হিচাপে জইন কৰিলেহি৷ ৰত্নাকৰ বাল্মীকি হোৱাৰ সময় আৰম্ভ হ’ল৷ অগত্যা বাহিৰত কাম নোহোৱা
হলে শিক্ষক বহা বেঞ্চখনৰ শেহৰ পিনে আওহতীয়া ঠাইকণত নিতাই বহে৷ তাক স্কুলত লগ পোৱা
বেছিভাগ শিক্ষকেই লাহে লাহে অৱসৰ লৈছে৷ নতুনকৈ সোমাৱা শিক্ষককেইজন আৰু শিক্ষয়িত্ৰী
কেইগৰাকীৰ আগত সুবিধা পালেই সি কথাৰ জোলোঙা মেলে৷ কামত আগৰ অতপালি এতিয়া আৰু নাই,
কিন্তু সেই একেই দস্তুৰ এতিয়া সলনি হৈছে কথালৈ৷ সি হেনো পূণাত থাকোঁতেই মাৰাঠী শিকি
পেলালে আৰু তাতে মাৰাঠী ছোৱালী এজনীৰ প্ৰেমত পৰিল৷ এতিয়া ছোৱালীজনী হেনো মাৰাঠী
চিনেমাৰ হিৰোইন৷
নৱেম্বৰ মাহৰ কথা৷ শিলচৰত খেল-ধেমালিৰ
প্ৰশিক্ষণ শিবিৰ এটা হৈছিল৷ তাতে দহ দিন থাকি নিতায়ে বেংগলী ভাষা শিকি আহিছে৷ এতিয়া
সামান্য অন্যমনস্ক হ’লেই নিতাইৰ মুখেদি বেংগলী ভাষা সৰসৰকৈ ওলাই আহে৷ মানসী আৰু ৰশ্মিয়ে
বেঙাৰ দৰে শুনি থাকে, নিতায়ে সুবিধা পাই কথা বঢ়াই নি থাকে! শিলচৰৰ পৰা ঘুৰি অহাৰ পথত
নিতাই হোটেল এখনত খাবলৈ বহিল৷ সলসলীয়া বেংগলী ভাষাত কথোপকথন চলি আছে৷ হোটেলৰ মেনেজাৰো
আহি নিতাইৰ সমূখৰ চকীখনতে বহিলহি, পৰিচয় হ’বলৈ৷ খাদ্য কেনে হৈছে সুধিলে৷ তাৰপিছত মেনেজাৰে
নিজেই নিতাইৰ কাৰণে মাংস এবাটিৰ অৰ্ডাৰ দি দিলে৷
ঠিক মাংস বাটিতো নিতাইৰ খোৱা টেবুলত
পৰাৰ সময়তে কমন ৰুমত সোঁমালহি পূৰ্ণেশ্বৰ ছাৰ৷ ছাৰেই সুধিলে – তাৰ পিছত, তই মেনেজাৰক
কি ক’লি? মই মাছ মাংস দুয়োটাৰে চাৰ্টিফিকেট দি দিলো! ছাৰে ক’লে – কি কলি, বেংগলীতে
কৈ শুনা৷ নাই ছাৰ, এতিয়া নহয়, পিছত এদিন - আদি কথাৰে নিতায়ে পৰিস্থিতিটো চম্ভালিবলৈ
চেষ্টা এটা কৰিছিল, কিন্তু নোৱাৰিলে৷ শিক্ষয়িত্ৰী কেইগৰাকীয়েও চেলাপেতি জোক লগাদি
লাগি গ’ল৷ অৱশেষত নিতায়ে বশ্যতা স্বীকাৰ কৰিবলৈ বাধ্য হ’ল – “মই মেনেজাৰক কৈ দিলোঁ,
মাছৰ জোলতাটো ভালই হইছেন, লেইকিন, মাংছৰ জোলটা কেমন আছে হামু এতিক্ষণে জানয় নাহি৷
ইধৰ মে ঔৰ এক টুকৰা মাছ দিয়াই দেন!”
(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷
কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এই কাহিনীটো কৈ পেটৰ নাৰী ডাল কৰিছিল
আমাৰ মৰমৰ ভনী মাজনীয়ে, ৰূপালীম বৰাই৷ “জীৱন বাটৰ ৰস”-ৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন
গলে এই লিংকটোত পাব – http://utpalbaruah.blogspot.com)
No comments:
Post a Comment