জীৱন বাটৰ ৰসঃ সৰ্বেশ্বৰ ছাৰ (৩২)
সময়ৰ হিচাপেৰে বৰ বেছি দিনৰ আগৰ কথা নহয়,
কিন্তু পৰিৱৰ্তনৰ দিশৰ পৰা সেয়া এতিয়া মধ্যযুগৰ ঘটনা যেন লগা হৈছে৷ মই আমাৰ পঢ়াশালীৰ
দিনবোৰ আৰু তেতিয়াৰ দিনৰ শিক্ষণ পদ্ধতিৰ কথা কৈছো৷
আমাৰ স্কুলত একেটা শ্ৰেনীৰে কেইবাটাও শাখা
আছিল আৰু প্ৰতিটো শাখাতে এজন ছাত্ৰক কিছুদিনৰ বাবে “বৰ্গ
মন্ত্ৰী” বুলি এটা বিশেষ দায়িত্ব দিয়া হৈছিল৷ সেইটোক ইংৰাজীত কেতিয়াবা ‘কেপ্তেইন’,
কেতিয়াবা ‘মনিটৰ’ বা কেতিয়াবা ‘প্ৰিফেক্ট্’ বুলি কোৱা হয়৷ শব্দ আৰু অৰ্থৰ লগত
লেনদেন নথকা ছাত্ৰহ’তে কেতিয়াবা ইয়াক ‘গৰ্বমন্ত্ৰী’ বুলিও কৈছিল৷ অৰ্থৰ দিশৰ পৰা
ভুল হলেও দায়িত্বটোৰ লগত একধৰণৰ গৰ্ব মিহলি হৈ থকাতো মিছা কথা নহয়৷ পিৰিয়দৰ ঘন্টা
বজাৰ পাছত শিক্ষক যেতিয়া শ্ৰেনীকোঠাৰ পৰা ওলায় যায়, পিছৰজন শিক্ষক নহালৈকে সেই
সময়খিনিত ছাত্ৰহ’তে বৰ কোলাহলৰ সৃষ্টি কৰে৷ বৰ্গমন্ত্ৰীৰ দায়িত্ব আছিল সেই সময়খিনিত
হুলস্থুল কৰা তেনে ছাত্ৰৰ নামবোৰ কাগজৰ টুকুৰা এটাত লিখি থ’ব লাগে৷ পিছৰ ক্লাছৰ
শিক্ষক আহি তাৰ বিচাৰ কৰেহি৷ কোনোবাজন শিক্ষক সোমায়েই কেতিয়াবা পোনে পোনে কয় –
দে ৷ মানে, হুলস্থূল কৰা অঘাইতং কেইটাৰ নামকেইটা দে ৷ এনে দোষৰ শাস্তিৰ পৰিমান কিমান
হ’ব লাগে সেইয়া স্কুলৰ কোনো সংবিধানে নিৰ্ধাৰণ কৰি দিয়া নাছিল আৰু শাস্তিৰ
পৰিমান নিৰ্ভৰ কৰিছিল মূলতঃ শিক্ষকজনৰ মন-মেজাজৰ ওপৰতেই৷ বেঞ্চৰ ওপৰত অলপ সময় থিয়
কৰি ৰখাটো আছিল আটাইতকৈ সহজলভ্য শাস্তি! কাঢ়া বুলি নাম থকা কোনো কোনো
শিক্ষকে কেতিয়াবা এই দোষৰ বাবে বেট দিছিল নতুবা বাহিৰত আঠু কঢ়াই থৈছিল৷ সেয়ে
বৰ্গমন্ত্ৰীজনক সেই টুকুৰাটোত নাম নিলিখিবলৈ অঘাইতং ল’ৰাহ’তে ভাৰভেটিও দিছিল –
জলফাই, শিলিখা, আমলখি, কলমৰ নিব, পেঞ্চিল, স্কেল ইত্যাদি আছিল ঘোচৰ নমুনা৷
বৰ্গমন্ত্ৰীয়ে ক্ষমতাৰ অপব্যৱহাৰ কৰি কেতিয়াবা শান্ত-শিষ্ট ছাত্ৰকো “তোৰ নাম
লিখিছো, ৰ” বুলি ভীতি প্ৰদৰ্শন কৰিছিল আৰু অন্যায়ভাবে কিছু অতিৰিক্ত সন্মান দাবী
কৰিছিল৷ এনেবোৰ কাৰণতে এই দায়িত্বৰ ম্যাদ এমাহমানহে আছিল৷ বিভিন্ন কাৰণত আধাতে
মন্ত্ৰীত্বৰ পৰা অপসাৰণ কৰাৰো অনেক উদাহৰণ আছিল৷
বৰ্গমন্ত্ৰীৰ আন এটা দায়িত্ব আছিল বৰ্ডখন চাফা কৰি ৰখা আৰু একোণত গোট গোট
আখৰেৰে দিনাংক লিখি ৰখাটো৷ সেই বৰ্ডখনৰ পাছফালেই এডাল চেকনি ৰখাৰ দায়িত্বও
বৰ্গমন্ত্ৰীজনৰে আছিল৷ আজিকালি ছাত্ৰ-ছাত্ৰীক স্কুলত প্ৰহাৰ কৰাটো (স্কুলত বেট
দিয়া কাৰ্যটোক প্ৰকৃততে প্ৰহাৰ কৰা বুলিলে নুশুৱায়) অপৰাধ বুলি গণ্য কৰা হয়৷
বিদেশতটো আৰু এখোপ চৰা৷ তাত ছাত্ৰ-ছাত্ৰীক বেট দিয়াটোতো দূৰৰে কথা, টানকৈ কথা ক’লেই
শিক্ষক বা পিতৃমাতৃক পুলিছে আটক কৰি লৈ যোৱাৰ দৰে ঘটনাও ঘটে৷ প্ৰাথমিক বিদ্যালয়ত
মদন ছাৰে মোক টেবুলৰ তলত মূৰটো সুমুৱাই লৈ পেন্টটো ককালৰ পৰা খহাই লৈ আন সকলো
ছাত্ৰ-ছাত্ৰীৰ সমূখতে উন্মুক্ত তপিনাত চেকনিৰে বেট দিছিল৷ ক্লাছ চেভেনত্ ৰম্বাছ
আৰু ট্ৰেপিজিয়ামৰ পাৰ্থক্য ক’ব নোৱাৰা বাবে তালুকদাৰ ছাৰে মোৰ হাতৰ তলুৱাত পাঁচ
বেট দিছিল৷ মদন ছাৰৰ শাস্তিয়ে নোক নিয়মানুবৰ্তী হ’বলৈ বাধ্য কৰিছিল যাৰ সুফল মই সমগ্ৰ
জীৱনটোত পাই আহিছো ৷ তালুকদাৰ ছাৰৰ শাস্তিয়ে মোক ৰম্বাছ-ট্ৰেপিজিয়ামৰ ধৰ্মৰ
লগতে জ্যামিতি এনেকুৱাকৈ শিকালে যে আজিও গণিত মোৰ প্ৰিয় বিষয়৷ মোক উপহাৰ দিয়া সেই শাস্তিৰ বাবে মই দুয়োজন শিক্ষাগুৰুৰ ওচৰতে
চিৰজীৱন ঋণী হৈ আছোঁ৷
আজিকালিৰ বিদ্যালয়ে গৃহকাৰ্য (হোম ওৰ্ৱক) দিয়ে মাক-দেউতাকৰ বাবে৷ মাক-দেউতাকে
ঘৰত বহি আঠা-কেঁচী, কাগজ-কলম লৈ পুতেক-জীয়েকৰ হোমৱৰ্ক কৰে আৰু সেই সময়ত পুতেক
জীয়েকে মোবাইল বা কম্পিউটাৰত ভিডিঅ’ গেইম খেলি থাকে নতুবা টেলিভিছনত চিৰিয়েল চায় !
সময়ৰ সলনি হৈছে!
সৰ্বেশ্বৰছাৰে কিন্তু কেতিয়াও চেকণি ব্যৱহাৰ কৰা নাছিল৷
ষষ্ঠমান শ্ৰেনীৰ কোঠাতোত এদিন হঠাতে সৰ্বেশ্বৰ ছাৰ আহি সোমালহি৷ ইংৰাজীৰ
ক্লাছ আছিল৷ সেই সময়ত ষষ্ঠ শ্ৰেনীত দিনবোৰ বুজাবলৈ আৰু তাৰ লগত ক্ৰিয়াৰ কাল শিকাবলৈ এটা পাঠ আছিল – Yesterday, Today,
Tomorrow–ৰ পাঠ৷ ছাৰে বৰ আগ্ৰহেৰে আমাক বুজাবলৈ লাগিল৷ মাজে মাজে ছাৰে লক্ষ্য কৰি
আছে দ্বিতীয় বেঞ্চত বহা নেত্ৰ বাহাদুৰৰ চকু ৰাষ্ট্ৰীয় ঘাই পথত! পাঠটো পঢ়াই শেষ হোৱাৰ
পিছত ছাৰে পাঠটোৰ শাৰীবিলাক ছাত্ৰহ’তক পঢ়িবলৈ লগালে৷ থিয় দি এটা শাৰী পঢ়িব লাগে
আৰু তাৰ অৰ্থটো অসমীয়াত ক’ব লাগে৷ ইয়েষ্টাৰদে’ ৱাজ ফ্ৰাইদে’, কালি শুক্ৰবাৰ আছিল, টুদে’ ইজ্ ছেটাৰদে’, আজি শনিবাৰ,
টুমৰো উইল বি ছানদে’,কালিলৈ ৰবিবাৰ, স্কুল উইল ৰিমেইন ক্লজড্ - স্কুল বন্ধ থাকিব,
ইত্যাদি৷ নেত্ৰ বাহাদুৰৰ ভাগত পৰা বাক্যটো আছিল – টুমৰো উইল বি হলিদে’৷ বাক্যটো
মাতি সি অলপ সময় মনে মনে থাকিল৷ তাৰ পিছত হঠাতে অসমীয়ালৈ ভাঙনি কৰিলে – টুমৰো কালিলৈ স্কুললৈ নাহে! গোটেই
ক্লাছটোৱে গিৰ্জনি মাৰি হাঁহি উঠিল৷ ছাৰে নিৰ্দেশ দিলে – উঠ্, বেঞ্চৰ ওপৰত উঠ্৷ এটাৰ পিছত এটাকৈ পঢ়া আগবাঢ়ি গৈ আছে,
নেত্ৰবাহাদুৰ বেঞ্চৰ ওপৰত৷ এফালে শেষ হৈ শ্ৰেনীটোৰ সিফালে বহা ছাত্ৰহ’তে পঢ়িবলৈ
লৈছে৷ ছাৰে চকিত বহি শুনি আছে৷ নেত্ৰৰ চকু তেতিয়াও মাজে মাজে ৰাষ্ট্ৰীয় ঘাইপথলৈ৷
এসময়ত সি মাত লগালে – ছাৰ, ঠেং বিষাইছে!
ছাৰে ক্ষন্তেক তালৈ তধা লাগি চাই ৰ’ল ৷ তাৰ পিছতে নিক্ষেপ কৰিলে – ঠেং থকা
প্ৰানীৰ ঠেং বিষাবই, ঠেং নহৈ ভৰি বিষাবনে? বহ, বহ!
(“জীৱন
বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত
– অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এই কাহিনীটো মনত ৰাখিছিল আমাৰ দুই নম্বৰটোৱে,
মোৰ ভাই মৃদুলে৷ “জীৱন বাটৰ ৰস”-ৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব
– http://utpalbaruah.blogspot.com)
No comments:
Post a Comment