জীৱন বাটৰ ৰসঃ সৰ্বেশ্বৰ ছাৰ (৩১)
সৰ্বেশ্বৰ ছাৰে যেতিয়া স্কুলখনৰ অধ্যক্ষৰ
আসন শুৱনি কৰি আছিল, তেতিয়াই স্কুলখনত যোগদান কৰিবলৈ আহিছিল ৰেশমা৷ ৰেশমাক স্কুলখনৰে
নহয় অঞ্চলটোৰ সকলোৱেই চিনি পাইছিল আৰু মৰম কৰিছিল৷ তাই পঢ়ি থাকোঁতেই খেলাধূলাত যথেষ্ট
পাৰদৰ্শিতা দেখুৱাব পাৰিছিল আৰু এসময়ত ৰাজ্যখনক প্ৰতিনিধিত্ব কৰি অসমৰ বাহিৰৰ কেইবাঠাইতো
খেলিবলৈ গৈছিল৷ তাইৰ ফটো বাতৰিকাকততো ওলাইছিল৷
পঢ়াশুনা শেষ কৰি ঘৰলৈ অহাৰ কিছুদিন পাছতেই
এদিন তাইক স্থানীয় সংঘ এটাই নাটক এখনত অভিনয় কৰিবলৈ মাতি পঠিয়ালে৷ সংস্কৃতিৰ গোবৰ-পানীয়ে
সাৰুৱা কৰি ৰখা অঞ্চলটোত এনে ঘটনা প্ৰায়েই ঘটে৷ লাজ আৰু শংকা মিহলি মাতেৰে তাই দলটোক
সুধিছিল – পাৰিম জানো?
-
আমি
দেখুৱাই দিম নহয় ৷ বিশিষ্ট পৰিচালক বুলি অঞ্চলটোত পৰিচয় থকা দাদাজনে তপৰাই মাতিলে৷
ৰেশমাক আচলতে একো দেখুৱাই দিব লগা নহ'লেই৷
চৰিত্ৰ একোটাৰ ভিতৰলৈ সোমাই গৈ তাক তলিলৈকে উপলব্ধি কৰি ৰূপায়িত কৰিব পৰাৰ দক্ষতা
তাইৰ তেজৰ লগত মিহলি হৈ আহিছিল৷ বিমুগ্ধ হৈ দৰ্শকে একেস্বৰে স্বগঃত্যোক্তি কৰিবলৈ
বাধ্য হৈছিল– বৰ ভাল কৰিছে দেই!
তাৰ কিছুদিনৰ পিছতেই ভিডিঅ’ ছবি এখনত অভিনয়
কৰাৰ সুবিধা পালে ৰেশমাই৷ তাৰ পিছত দূৰদৰ্শনৰ ধাৰাবাহিকত৷ অলপদিনৰ ভিতৰতে ৰেশমাৰ মুখখন
দৰ্শকৰ পৰিচিত হৈ পৰিল৷ কথাই কথাই চাদৰৰ আঁচলেৰে চকুপানী মচি সোঁত-সোঁতাই উচুপি থকা তিৰোতাৰ
ভাওত ৰেশমাই কৰা অভিনয়ৰ তুলনা নোহোৱা হ’ল৷ গ্লিচাৰিন নলগোৱাকৈয়ে সৰসৰকৈ চকুৰ পৰা
ওলাই অহা চকুপানী মচি ফেঁকুৰি ফেঁকুৰি ৰেশমাই যেতিয়া কেমেৰাৰ আগত অভিনয় কৰে, কেমেৰামেনো
ভোল যায়, চকুৱে ক’ব নোৱাৰাকৈয়ে লেঞ্চ্ৰ বাহিৰলৈ আহি তাইৰ অভিনয় উপভোগ কৰিবলৈ লাগে৷
প্লাষ্টিকৰ চকীত বহি ডিৰেকচন দি থকা ডিৰেক্টৰে কাট্-কাট্ কোৱাৰ সলনি মিচিককৈ হাঁহি
এটা মাৰে আৰু পিছত কেমেৰামেনক ডবিয়াই – মই ক্ল’জ আপ কৰিবলৈ কৈছিলো নহয়, আধাতে এৰিলি
কিয়?
সেইজনী ৰেশমা আহিল শিক্ষকৰ চাকৰিত যোগদান
কৰিবলৈ আমাৰ স্কুলখনলৈ৷ কাৰ্যালয়ত নথি-পত্ৰসমূহ জমা দি তাই অধ্যক্ষৰ কোঠাত সোমাল৷ আমাৰ
চেন্টাৰটোত মুঠতে তিনিখন হাইস্কুল আছিল – ল’ৰাৰ হাইস্কুলখন, ছোৱালীৰ কন্যা বিদ্যালয়খন আৰু
একাডেমী স্কুলখন৷ উল্লেখযোগ্য কথা যে স্কুলকেইখনৰ
শিক্ষক-শিক্ষয়িত্ৰীসকলক আটাইকেইখন স্কুলৰ বিদ্যাৰ্থীকূলে সমানে সন্মান কৰিছিল৷ ৰেশমা
ছাৰৰ কোঠাত সোমাই টেবুলৰ সিফালে পোন হৈ থিয় হ’ল আৰু ছাৰক নমস্কাৰ জনাই আৰম্ভ কৰিলে
– ছাৰ, চাকৰিটো পাই যিমান ভাল লাগিছিল, আপুনি থকা বাবে আৰু বেছি ভাল পাইছো৷
তামোল চোবাই চোবাই ভৰিৰ পৰা মূৰলৈকে
ছাৰে তাইলৈ এবাৰ চালে, তাৰ পিছত সুধিলে – সঁচাকৈ কৈছ, নে অভিনয় কৰিছ?
-
নাই,
নাই ছাৰ ৷ ৰেশমাই উথপথপ লগালে৷ ছাৰে ওপৰলৈ চাই পাগ উঠা তামোলৰ মাজেদি এসময়ত উচ্চাৰণ
কৰিলে – হব, যাহ, কমন্ৰুমতে বহগৈ!
সেইয়াই আৰম্ভণি৷
ৰেশমাই মাষ্টৰৰ চাকৰিত যোগদান কৰিলে যদিও
অভিনয় নেৰিলে৷ আচলতে অভিনয়ে ৰেশমাক নেৰিলে নে ৰেশমাই অভিনয়ক নেৰিলে সেইটো কোৱাটো
টান৷ আমাৰ ৰাজ্যত অকল কলা-সংস্কৃতিৰ সাধনাৰেই পেট নভৰে৷ ১৯৯১ চনতে ৰাষ্ট্ৰীয় অভিনেত্ৰীৰ
সন্মান পাইও মলয়া বাইদেউৱে কলেজৰ চাকৰি বাদ দিব পৰা নাই, ৰেশমাই কেনেকৈ পাৰিব? সেয়ে
ভাল নাপালেও ৰেশমাই ঘনে ঘনে সৰ্বেশ্বৰ ছাৰৰ টেবুলখনৰ সিফালে গৈ থিয় হ’ব লগা হয় – ছাৰ,
এইবাৰ মাত্ৰ তিনদিনৰ ছুটি লাগে, ডিৰেক্টৰ গুৱাহাটীৰ, অভিনয়ৰ বাবে ডিব্ৰুগড় আৰু বোকাখাতৰ
পৰা মানুহ আহিছে….
ছাৰে সোধে - সঁচাকৈ কৈছ, নে অভিনয় কৰিছ?
ছাৰে সদায় সোধা এই প্ৰশ্নটোত ৰেশমাৰ বেয়া নেলাগে, তাত একধৰণৰ আন্তৰিকতা নিহিত আছে
বুলি তাই নিশ্চিত৷ ছাৰৰ একমাত্ৰ পুত্ৰইও ডাক্টৰি পাছ কৰি ৰাজধানী চহৰত থাকি লৈ অভিনয়ত
নামিছে! সদায় শেষত কয় – যাহ্!
পঢ়োৱাও নাই, ওচৰৰ পৰা পোৱাও নাই, তথাপিও
ছাৰৰ সমূখত থিয় হ’লেই ৰেশমা কিয় ইম্মান নাৰ্ভাছ হয় তাই নিজেই নাজানে৷ বাঘা বাঘা কলাকাৰ,
পৰিচালকৰ সমুখত ফেট তুলি ঠিয় দি থাকিব পৰা ছোৱালীজনী সৰ্বেশ্বৰ ছাৰৰ আগত কিয় পামযোৱা
সাপ বেলুনৰ দৰে লেতুসেতু হৈ পৰে সেয়া তাই নিজেই নুবুজে - ভয়, ভক্তি, সন্মান নে কি?
পূজাৰ সময়৷ চেন্টাৰটোত মানুহৰ সমাগম বাঢ়িছে৷
শৰতৰ আগমনে চেন্টাৰটোৰ দোকানকেইখনতো ৰঙ লগাইছে৷ ৰেশমাই চাইকেলখন লৈ সন্ধিয়া সময়ত
পুৰণা চেন্টাৰৰ পৰা ঘৰলৈ উভতি আহিছে৷ মনৰ মাজত অলস চিন্তাৰ বিলাস লৈ আপোন মনে চাইকেলৰ পেডেল মাৰি মাৰি-মাৰি মাৰি আহি থকা ৰেশমাৰ মডাৰ্ণ ড্ৰাগ হাউচৰ সমুখতে বাৰাণ্ডাত থিয়
দি থকা ছাৰৰ লগত ভেটাভেটি হ’ল – আচম্বিতে! তাইক দেখিয়েই ছাৰেও হঠাতে তামোল চোবোৱা
বন্ধ কৰিলে আৰু প্ৰশ্নবোধক চাৱনিৰে তাইলৈ চাই সুধিলে – ক’ৰ পৰা?
কি জানো হ’ল ৰেশমাৰ, হঠাতে তাইৰ মুখেদি
ওলাই গ’ল – “সৰ্বেশ্বৰৰ ঘৰৰ পৰা আহিলো”!
নিমিষতে ছাৰৰ চকুদুটা ঘোপা হৈ গ’ল৷ সম্বিৎ
ঘুৰাই পোৱাৰ লগে লগে ৰেশমাৰ মুখখনে প্ৰথমবাৰৰ বাবে মেক-আপ নোলোৱকৈয়ে কমলা টেঙাৰ
বৰণ ল’লে৷ কি কৰিলো- কি কৰিলো বুলি বাকৰূদ্ধ
হৈ পৰা ৰেশমালৈ চাই মিচিককৈ হাঁহি এটা মাৰি ছাৰে ক’লে – যাহ্, যাহ্, বুজিছো!
(“জীৱন
বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত
– অৰ্ধেক মানৱী তুমি, অৰ্ধেক কল্পনা ৷ এই কাহিনীটো উদ্ধাৰ কৰাত সহায় কৰিলে ভন্টি
(মানসী দেৱী), মাজনী (ৰূপালীম বৰা) আৰু মোৰ সহপাঠী ৰশ্মিয়ে (ৰশ্মি বৰুৱা)৷ তিনিওলৈ
কৃতজ্ঞতা জনাইছো ৷ “জীৱন বাটৰ ৰস”-ৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত
পাব – http://utpalbaruah.blogspot.com)
No comments:
Post a Comment