জীৱন
বাটৰ ৰসঃ আকৌ সৰ্বেশ্বৰ ছাৰ (৫৩)
কুঁৱা
আৰু শৌচাগাৰ ওচৰা-ওচৰিকৈ থকাটো এসময়ত অসমীয়া মানুহে স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক বুলি
ভাবিছিল৷ ইঠাইৰ পৰা সিঠাইলৈ দূৰত্ব কম হলে মাটিৰ তলে তলে বেকটেৰীয়াবোৰ চলি গৈ পানীৰ
লগত মিহলি হৈ যোৱাৰ সম্ভাৱনা থাকে, আৰু সেই পানীৰ পৰা বিভিন্ন বেমাৰৰ সূত্ৰপাত হয়
বুলি অসমীয়া মানুহে তেতিয়াই এটা “বৈজ্ঞানিক মনোভাৱ” পোষণ কৰিছিল৷ সেয়ে বহুতৰ ঘৰৰে
শৌচাগাৰটো আছিল মূলঘৰৰ পৰা নিলগত - বাৰিচুকত৷ কুঁৱাটোৰ ওচৰতে একাষৰীয়াকৈ পুৰণা ভেঁমেচা,
চিমেন্ট লাগি থকা বাল্টি এটা দেখা পোৱা গৈছিল,
তাতে কুঁৱাৰ পৰা পানী এবাল্টি লৈ লোক “বাহিৰ ফুৰিব”লৈ গৈছিল৷ এই অভ্যাসটোৰ পৰা এটা
কথা আওঁপকীয়াকৈ প্ৰমান কৰিব পাৰি যে সেইসময়ত অসমীয়া মানুহৰ স্বাস্থ্য এতিয়াতকৈ যথেষ্ট
উন্নত আছিল আৰু সঘনে এতিয়াৰ দৰে শৌচাগাৰ ব্যৱহাৰ কৰিব লগা নহৈছিল৷ সঘন পেটৰ অসুখত
ভুগিছিল নে নাই আৰু যদি ভুগিছিল, তাৰ লগত ভেজাল সামগ্ৰী বা ৰাসায়নিক সাৰৰ কি সম্পৰ্ক
আছিল সেইটো এটা বেলেগ গৱেষণাৰ বিষয়৷ মন কৰিবলগীয়া
কথা, গা-ধোৱা ঘৰটো কিন্তু সদায় কুঁৱাটোৰ সমীপতে আছিল৷ তামোলৰ ঢকুৱা বা বাঁহৰ কামিৰে
(চ’ছলি) গা-ধোৱা ঘৰৰ বেৰকেইখন দিয়া হৈছিল, তলত শিলগুটি বা সহজে পানীয়ে নষ্ট কৰিব নোৱাৰা
কাঠ পাৰি মজিয়াখনৰ ব্যৱস্থা কৰা হৈছিল৷ ছাল নাছিল৷ এনেধৰণৰ গা-ধোৱা ঘৰৰ অৱস্থানটো নিৰাপদ হোৱাটো
বৰ প্ৰয়োজনীয় কথা আছিল, কাৰণ তামোলৰ ঢকুৱা বা বাঁহৰ কামিৰ মাজেৰে সৰকি যাব পৰা দৃষ্টিশক্তিক
শ প্ৰতিশদ বাধা দিয়াৰ ক্ষমতা এই বেৰবোৰৰ নাছিল৷ আন এটা দৃষ্টিকোণৰ পৰা চাবলৈ হ’লে
ভিতৰৰ পৰা বাহিৰখন দেখি থকাৰ এটা অনাকাংক্ষিত সুবিধাও আছিল এই ব্যৱস্থাত৷ কোনো কোনোৱে
বেৰত পুৰণি উৱঁলি় যোৱা টিনপাত লগাই দিও আবুৰটো অধিক সুৰক্ষিত কৰিব বিচাৰিছিল৷ প্লাষ্টিকৰ
ব্যৱহাৰ তেতিয়া বৰ কম আছিল৷ এবাৰ তেনে এটা গা-ধোৱা ঘৰত সোমাই মই হঠাতে উচপ খাই উঠিছিলোঁ
- মুগাৰ কাপোৰ, ডিঙিত ডুগডুগী আৰু হাতত গাম খাৰু পিন্ধা ধুনীয়া গাভৰু ছোৱালী এজনীয়ে
মোলৈ চাই হাঁহি আছে! পিছমূহূৰ্ততে ভ্ৰম ভাগিছিল
৷ স্থানীয় বিহুমেলা এখনত ব্যৱহাৰ কৰিবলৈ অঁকা সেইখন আছিল এখন চাইনবৰ্ড৷ পেলাই দিয়াতকৈ
এলুমিনিয়ামৰ পাতল টিনখন গৰাকীয়ে আনি গা-ধোৱা ঘৰতে স্থাপন কৰি থৈছিল,কোনোবা চিত্ৰকৰে
নিখূঁটভাবে অঁকা ছবিখন তেতিয়াও জীৱন্ত হৈয়েই আছিল৷
পকা
চেনিটেৰি ব্যৱস্থা আৰম্ভ হোৱাৰ লগে লগে এই ব্যৱস্থা আৰু সুবিধাবোৰৰ ব্যাপক সলনি ঘটিল৷
কুৰী বছৰমান সময়ৰ ভিতৰতে অসমৰ ঘৰে ঘৰে চেনিটেৰি বাথৰুমে গা কৰি উঠিল৷ কুঁৱাৰ ওচৰতে
ওখ ভেটিত দুটা সৰু সৰু কোঠা থিয় হ’ল– এটা
শৌচাগাৰ, আনটো স্নানাগাৰ৷ বিলাতী মাটিৰে গঢ়া পক্কা ব্যৱস্থা, বেকটেৰীয়া সৰকিব নোৱাৰে৷
ভেমেচা বাল্টিৰ ঠাই ল’লে প্লাষ্টিকৰ ৰঙ বিৰঙৰ পাত্ৰই৷ স্নানাগাৰৰ ডাঙৰ ডাঙৰ বাল্টিত
আলধৰা ল’ৰা-ছোৱালীয়ে সময়মতে কুঁৱাৰ পৰা পানী তুলি ৰঙ-বিৰঙৰ পাত্ৰ চপচপীয়াকৈ ভৰাই থোৱাৰ
সুবিধা ওলাল৷ এসময়ত সেই ব্যৱস্থাৰো সলনি হৈ ‘ৰানিং ওৱাটাৰ’ আহিল, টেইপ খুলিলেই পানী
পৰে৷ এনেকৈয়ে এদিন গোটেই ব্যৱস্থাটো আহি এসময়ত ঘৰৰ ভিতৰ সোমালহি আৰু “বাহিৰ-ফুৰা”
শব্দ দুটা অসমীয়া সমাজৰ পৰা বাহিৰ ওলাল৷
সৰ্বেশ্বৰ
ছাৰৰ এই কাহিনীটো সেই সময়ৰ যেতিয়া বাথৰুম আহি কুঁৱা-পাৰ পাইছেহি কিন্তু তেতিয়াও ঘৰৰ
ভিতৰ সোমোৱাহি নাই৷ ৰানিং ওৱাটাৰ আৰম্ভ হৈ গৈছে অৱশ্যে৷ ‘বৰা ব্ৰাদাৰ্ছ’ নামৰ দোকানখনে
ছটা পানী উঠোৱা মেছিন আনিছিল, তাৰে এটা ছাৰে ল’লে৷ লোহাৰ ফ্ৰেমৰ ওপৰত ছিনটেক্স পানী
টেংকি উঠিল৷ চুইছ টিপিলেই তালৈ কলকলাই পানী উঠে! প্ৰধান সমস্যা হ’ল ছুইচটো বন্ধ কৰিবলৈ
মনত ৰখাটোহে! আজি গা-ধোৱা ঘৰত সোমায়েই ছাৰে লক্ষ্য কৰিলে পাইপ এডালৰ জইন্ট এটাৰ
পৰা পানী বিৰিঙিছে৷ তাতে ৰবৰ এডাল পকাই পকাই বান্ধি থাকোঁতে ভালিখিনি সময় লাগিল, ইপিনে
এঘাৰ বজাত ছাৰক নিবলৈ অহাৰ কথা৷ নীলিমা ভৱনত ইষ্টান্তিক ক্লাবে বিজ্ঞান বিষয়ৰ আলোচনা
চক্ৰ এখনৰ আয়োজন কৰিছে, ছাৰ তাৰেই মূখ্য বক্তা৷ এসময়ত কটন কলেজত বিজ্ঞান শিক্ষা গ্ৰহণ
কৰা ছাত্ৰ ছাৰ৷ এতিয়াৰ দৰে তেতিয়া বিজ্ঞানৰ শিক্ষকে হাতৰ আঙুলিত গ্ৰহদোষ খণ্ডণ কৰিবলৈ
ৰত্ন ধাৰণ কৰা দৃশ্য সুলভ নাছিল৷ ছাৰে লগ পোৱা কেইবাজনো চাহাব কথাই কামে বিজ্ঞানৰ
শিক্ষক আছিল৷
কেতিয়াবা অঞ্চলটোত গধূলিতে
কাৰেন্ট যায়৷ চোতালত, মুকলি আকাশৰ তলত আৰামী মুঢ়া এটাত বহি লৈ গামোছা এখনেৰে মহ
খেদি খেদি ছাৰে বিজ্ঞানৰ কাহিনী কিছুমান ঘৰখনক কৈ শুনায়৷ কথাখিনি ঘৰৰ সকলোৰে বাবে
কয়, কিন্তু কথাৰ মাজে মাজে নাইনতে স্কুল এৰি ছাৰৰ ঘৰত কাম কৰিবলৈ অহা প্ৰফুল্লৰ নামটো
মাজে মাজে লৈ থাকে৷
-
বুইছ প্ৰফুল্ল, আমাক জীৱবিজ্ঞান পঢ়াইছিল
পিটাৰছন বোলা চাহাব এটাই৷ কি সুন্দৰ পঢ়ায়!
প্ৰফুল্লই
শলাগি যায়৷ সি বুজি পায় কথাখিনি তাৰ বাবে নহয়, মূলতঃ নিলয় আৰু বাইদেউৰ বাবেহে৷ এদিন
ছাৰে জীৱতত্ববিদ ছালৰ্ছ ডাৰউইনৰ বিবৰ্তন সুত্ৰৰ কথা কৈ আছিল৷ মানুহৰ পুৰ্বপুৰুষ হেনো
বান্দৰ আছিল৷ কালক্ৰমত গাৰ নোম, নেগুৰ আদি নোহোৱা হৈ গৈ মানুহ হ’লগৈ৷ বিজ্ঞানীজনৰ
“নেচাৰেল চিলেকচন্” নামৰ বিখ্যাত তত্ব এটা আছে হেনো৷ ভবিষ্যতেও মানুহৰ ৰূপটো বেলেগ
হোৱাৰ সম্ভাৱনা আছে! তলকা লাগি শুনি থকা প্ৰফুল্লই পিছদিনা ছাৰ নাথাকোঁতে বাইদেউক
সুধিলে, - “বাইদেউ, ছাৰে যে ক’লে মানুহ বান্দৰৰ পৰা সৃষ্টি হৈছে বুলি কথাটোত কিন্তু
মোৰ সন্দেহ আছে৷ আমাৰ ঘৰৰ পিছফালৰ বাৰীখনত এজাক মলুৱা বান্দৰ আছে, আমি অতকালে সিহঁতৰ
এটাৰো গাৰ নোম সৰি মানুহ হোৱা নেদেখিলোঁ, আনকি নেগুৰডাল ছুটী হোৱাই দেখা নাই!
ছাৰে নো সেইখন ক’ত কি পঢ়ি আহিল!” হোঁহোৱাই হাঁহি বাইদেউৱে ক’লে- “হেৰৌ, সেইবোৰ
হ’বলৈ বহুদিন লাগে, এটা জীৱনকালতে হোৱা কথা নহয় এইবোৰ!” কেতিয়াবা পুত্ৰ নিলয়ক ছাৰে
পঢ়াবলৈ লয় আৰু বহুত ধুনীয়া ধুনীয়া কাহিনী কৈ যায়৷ প্ৰফুল্ল আৰু বাইদেউৱে তলকা মাৰি
শুনি থাকে৷
ছাৰে
ফুটা মাৰিবলৈ পুৰণি চাইকেলৰ টিউব বিচাৰি বাইদেউক চিঞৰি থকা সময়তে ঘনশ্যাম পণ্ডিত পদূলিয়েদি
সোমাই আহিল৷ বাইদেউৰ হিচাপটোত খেলিমেলি লাগি গ’ল৷ এঘাৰ বজাৰ পিছত মতা বামুণটো এঘন্টাৰ
আগতেই আহি উপস্থিত! একমাত্ৰ পুত্ৰ নিলয়ৰ সম্বন্ধ বিচাৰি বাইদেউৱে নগাৱঁত, নিজৰ ঘৰত
খবৰ দি ছোৱালী দুজনীৰ কুণ্ডলীদুখন অনাই থৈছিল, ছাৰে গম নোপোৱাকৈ৷ দুয়োজনীয়েই দেখাত
ওখ-পাখ, চকুত লগা ছোৱালী, নিলয়ৰ লগত মিলিব৷ এজনীয়ে বি.এ. পাছ কৰি ‘ল’ পঢ়িছে৷ সিজনীয়ে
এইবাৰ অসমীয়াত এম.এ. দিব৷ ৰাহি-যোৰা আহিবনে নাহে তাকে গণনা কৰি চাই দিবৰ বাবে বাইদেউৱে
অঞ্চলটোৰ প্ৰসিদ্ধ গণক ঘনশ্যাম পণ্ডিতক মতাই পঠাইছিল৷ বাৰে বাৰে কৈছিল – এঘাৰ বজাৰ
পিছত আহিবলৈ ক’বি, কিন্তু দহ নৌ-হওঁতেই পণ্ডিত আহি হাজিৰ৷
গ্ৰহৰত্ন,
পৰজন্ম, ভূত, আত্মা, নেদেখাজনা – এইবোৰত ছাৰৰ একেবাৰেই বিশ্বাস নাই৷ ইংৰাজী ভাষাত
‘এগনষ্টিক্’ বুলি এটা শব্দ আছে, শব্দটোৰ অসমীয়া ৰুপান্তৰ অজ্ঞেয়বাদী৷ ছাৰ অজ্ঞেয়বাদী,
অৰ্থাৎ ঈশ্বৰ আছে নে নাই সেই সম্পৰ্কে ছাৰ নিশ্চিত নহয়, জানিবলৈ ইচ্ছুকো নহয়৷ সেয়ে
পূজা-পাৰ্বণ, যাগ-যজ্ঞ, মন্দিৰ-দেৱালয় দৰ্শন আনি কামবোৰ ছাৰে বাইদেউলৈ এৰি দিছে –
‘যি মন যায় কৰি থাকা, কিন্তু মোক নাটানিবা৷’ কাৰেন্ট নোহোৱা সময়ত মুকলি আকাশৰ তলত
বহি লৈ এইটো প্ৰসংগত ছাৰে কেতিয়াবা কয় – “বুইছ প্ৰফুল্ল, মই এবাৰ বিলাতলৈ যোৱাৰ সুবিধা
পাইছিলোঁ৷ ইজিপ্তৰ কাইৰো নামৰ বন্দৰটোত আমাৰ জাহাজখন এদিনৰ বাবে ৰৈছিল৷ তেতিয়াই
আমাক এটা মছজিদ দৰ্শন কৰিবলৈ লৈ গৈছিল৷ তালৈ উঠি যোৱা চিৰিটো আছিল মাৰ্বলেৰে নিৰ্মান
কৰা, ইমান পৰিষ্কাৰ যে জোতাত লাগি যোৱা ধূলিয়ে লেতেৰা কৰিব বুলি জোতাযোৰ নিজৰে
খুলি যাবৰ মন যায়৷ খুলি থৈ যোৱা ব্যৱস্থাও আছে৷ কিন্তু আমাৰ দেশত কি হয় কোৱাচোন?
ইয়াত জোতা-চেন্দেল পিন্ধি যোৱা নিষেধ! চাইনবৰ্ড ওলমি আছে৷ অথচ, গেলা কলৰ বাকলি, তামোলৰ
পিক, থু-খেকাৰৰ মাজত ভৰি দিবলৈ উপায় নাই৷ ভক্তগণেতো সেয়া শ্ৰীকৃষ্ণৰ থু-খেকাৰ বুলিয়েই
ফেনেকি যাব, মইতো নাযাম!” সেয়ে এইটো বিভাগ বাইদেউৰ৷
ডাঠ পাৱাৰৰ চশমাৰ মাজেদি
দৃষ্টি বান্ধি পণ্ডিতে তন্ন তন্নকৈ কাগজদুখন চালে৷ আন এখন কাগজত কিবাকিবি লিখিলেও৷
– ‘আহিছে, দুয়োজনীৰ লগতে মিল খাইছে৷ পুৰণিগুদামৰ জনীৰ লগত যদি গোত্ৰ মিলে তেনেহলে
ৰাজজোৰা৷’
-
আপোনালোকৰ গোত্ৰ কি?
বহুদিন আগতে এই প্ৰশ্নটো
এবাৰ ছাৰকো সোধা হৈছিল, ছাৰে তপৰাই উত্তৰ দিছিল – বান্দৰ! ছাৰ গহীন হৈ আছিল, পণ্ডিত
বিব্ৰত হৈছিল, বাইদেউৱে লাজ পাইছিল৷ বিয়াৰ সময়ত, তেত্ৰিছ বছৰৰ আগতে গোত্ৰৰ কথা ওলাইছিল
নিশ্চয়, কিন্তু বাইদেউৱে এতিয়া সেইবোৰ পাহৰিলে৷
নাভিটোৰ ওপৰত ধুতিখন
লুঙিৰ দৰে পিন্ধি লৰালৰিকৈ ছাৰ গো-ধোৱাঘৰৰ পৰা আহি শোৱনীকোঠা পাইছেহি৷ ঠিক সেই
সময়তে প্ৰফুল্লও চাহ একাপ হাতত লৈ আহি চ’ৰাঘৰ পালেহি৷
পণ্ডিতে বাইদেউক আকৌ
সুধিলে – “ল’ৰাৰ গোত্ৰ কি? মানে আপোনালোকৰ পূৰ্বপুৰুষৰ পৰিচয়টো, পৰিয়ালৰ মূল পিৰীটো,
গোত্ৰটো কি?”
বাইদেউৱে একো উত্তৰ দিব
নাপালেই৷ ছাৰৰ লগত থাকি পাগত উঠা প্ৰফুল্লই তেপেৰকৈ মাত লগালে – “বান্দৰ, মলুৱা বান্দৰ,
আমাৰো বান্দৰ, আপোনাৰো বান্দৰ, সৱৰে পূৰ্বপুৰুষ একেই!”
(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু
চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷
এইটো কাহিনীৰ জনক স্বয়ং সৰ্বেশ্বৰ ছাৰৰ ল’ৰা সৌৰভ, আটাইৰে চিনাকি জনপ্ৰিয় অভিনেতা
সৌৰভ হাজৰিকা৷ “জীৱন বাটৰ ৰস”-ৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব-
http://utpalbaruah.blogspot.com)
No comments:
Post a Comment