জীৱন
বাটৰ ৰসঃ (৫২)
(সপ্তাহৰ
হিচাপেৰে ৫২টা সপ্তাহে এটা বছৰৰ সৃষ্টি কৰে৷ সেই হিচাপত “জীৱন বাটৰ ৰসে” যোৱা ৰবিবাৰে
এটা বছৰ সম্পূৰ্ণ কৰিলে৷ যোৱা বছৰৰ ২৫ জুন তাৰিখে মুম্বাই বিমানকোঠত এখন বিমানৰ পৰা
নামি আহি আন এখনলৈ ৰৈ থকা সময়ছোৱাতে মই প্ৰথম খণ্ডটো লিখি উলিয়াইছিলো৷ সেই খণ্ডটো
৪৯ জন লোকে ‘লাইক’ কৰিছিল আৰু ৪৫ জনে তেওঁলোকৰ মন্তব্য দিছিল৷ হাস্যৰস মোৰ প্ৰিয়
ৰস, লিখিবলৈ মনত আছে এটা প্ৰৱল আসক্তি৷ এই দুয়োটাকে মূলধন কৰি মই এই সুৰৰ সপ্তাহত
এটাকৈ লিখা প্ৰকাশ কৰিবৰ বাবে সেইদিনাই দঢ় প্ৰতিজ্ঞ হ’লো৷ যোৱা ৫১ টা সপ্তাহত অনেকৰে
চিনাকি চন্দ্ৰপেহা, শ্ৰদ্ধাৰ সৰ্বেশ্বৰ ছাৰ আৰু পূৰ্ণশ্বৰ
ছাৰৰ হাতত ধৰি সপোন আৰু ছঁয়ামঁয়া স্মৃতিৰ পৰা আনি ধুই পখালি অনেক চৰিত্ৰকে মই
পাহৰিণৰ গৰ্ভত চিৰদিনৰ বাবে লীন হৈ যোৱাৰ বাটত আগভেটি ধৰিবৰ প্ৰয়াস কৰিছোঁ, সময়ৰ
সোঁতত লুকাই পৰা এছোৱা সময়ৰ স্মৃতিক আকৌ সজীৱ কৰাৰ প্ৰচেষ্টা কৰিছো৷ এই
লেখাবোৰক যেনেকৈ কোনোবাই “গোবৰ” বুলি আঁতৰাই থ’ব খোজে আন কোনোবাই আকৌ আগ্ৰহেৰে
পঢ়িবৰ বাবে সাতদিন ৰৈও থাকে৷ সময় নোপোৱাৰ
দোহাই দি বহুবছৰ মোৰ নিলিখাকৈয়ে পাৰ হৈছিল৷ ড˚ ভবেন্দ্ৰনাথ শইকীয়া ছাৰে কৈছিল – “ডাঙৰ ডাঙৰ কামৰ ফাঁকে ফাঁকে
বহুতো সৰু সৰু সময় লুকাই থাকে, সেই বোৰ উলিয়াই আনি কামত লগাব জনাটোহে আচল কথা৷”
ছাৰে ঠিক কথাই কৈছিল ৷ সেয়ে, মোৰ উপস্থিতি ঘৰৰ ভিতৰতেই হওক বা বাহিৰতেই হওক, ঘৰত
আলহী থকা অৱস্থাতেই হওক বা মই নিজে আলহী হৈ থকা সময়তেই হওক, এই কামটোত মই যোৱা
এটা বছৰে ব্যাঘাত জন্মিবলৈ দিয়া নাই, প্ৰতি সপ্তাহৰ অন্তত ৰবিবাৰে নিশা বাৰ বজাৰ
আগে আগে লেখাটো মই পাঠকৰ বাবে উলিয়াই দিছোঁ৷ যোৱা ৰবিবাৰে অভিজিত আৰু নিলোৎপলক
হেৰুৱাৰ দুখত অসম আৰু অসমীয়া ম্ৰিয়মান হৈ আছিল৷ এতিয়াও হাঁহিব পৰা পৰিস্থিতি ঘুৰি
অহা নাই৷ তথাপিও, লিখিলোঁ এইবাৰ – শ্ব’ মাষ্ট গ’ অন! আৰম্ভনিৰ সময়ত
ফে’চবুকত মোৰ অসমীয়া বন্ধুৰ সংখ্যা আছিল মাত্ৰ
১৭৬ জন৷ এতিয়া এই সংখ্যাই ১০০০ অতিক্ৰম কৰিছে৷ ফে’চবুক বন্ধুৰ এই আগ্ৰহ আৰু আন্তৰিকতাৰ
বাবেই অঁকৰা মৈৰ পৰা নমা নাই ৷ এই লেখাবোৰৰ পৰিশোধিত ৰূপে যদি কেতিয়াবা গ্ৰন্থৰ আকাৰ
লয়, তাৰ সম্পুৰ্ণ দুটা পৃষ্ঠা আপোনালোকক কৃতজ্ঞতা জনাবলৈয়ে খৰচ কৰিম বুলি ভাবি থৈছোঁ৷
সেয়ে এতিয়া ধন্যবাদ যাচি লঘু নকৰোঁ৷)
জীৱন বাটৰ ৰসঃ আকৌ পূৰ্ণেশ্বৰ
ছাৰ (৫২)
উজ্জ্বল
দুপৰীয়া চাই পঠিয়ালে ক’লা বৰণৰ ৰাস্তাটোক ৰ’দ পুৱাই পৰি থকা থকা এটা মচোৱাগোম সাপ
যেন লাগে৷ ৰাষ্টাটোৰ দুয়োপাৰে দিগন্ত বিস্তৃত হৈ আছে চাহবাগান৷ বাগানৰ মাজৰ শাৰী
শাৰী গছবোৰক নিয়মানুৱৰ্তীতাৰে পেৰেড কৰি থিয় দি থকা সেনা জোৱান যেন লাগে, ক’তো কেৰমেৰ
নথকা পোন শাৰী৷ বেছিভাগেই কৰৈ আৰু শিৰীষ গছ৷ সেই গছবোৰৰ মাজেদিয়েই শীতকালত বহুদূৰত
দৃষ্টিগোচৰ হয় হিমালয় পৰ্বতৰ শুকুলা শিখৰ৷ সৰীসৃপৰ দৰে পৰি থকা ৰাস্তাটোৰ দুয়োটা
দাঁতিতে আছে দুশাৰী ভৰুণ বৃক্ষ - আজাৰ, নাহৰ, শিলিখা, নিম আদি গছৰ শাৰী ৷ বৰ্ষাকালত
বৰষুণক আগভেটি ধৰি সিহঁতে বাটৰুৱাক জুৰুলীজুপুৰী হোৱাৰ পৰা ৰক্ষা কৰিব বিচাৰে৷ শীতকালত
পাতবোৰে নিজে সৰি পৰি বাটৰুৱাৰ গাত ৰ’দ পৰিবলৈ বাট উলিয়াই দিয়ে, জহকালৰ ভৰ দুপৰীয়া
প্ৰখৰ ৰ’দক আগচি ধৰি সিহঁতে বাটৰুৱাৰ বাবে শীতল ছাঁৰ সৃষ্টি কৰে৷ বছৰটোৰ কোনো কোনো
সময়ত, যেতিয়া ৰাস্তাটোৰ ক’লা গাত ছাঁ আৰু পোহৰে লুকাভাকু খেলিবলৈ আৰম্ভ কৰে, এই গছবোৰৰ
প্ৰচ্ছায়াই ৰাষ্টাটোক তেতিয়া এক অপৰূপ সৌন্দৰ্য প্ৰদান কৰে৷ বছৰৰ কোনোবা এটা সময়ত
একোটা প্ৰৱল ধুমুহাই আটাইবোৰ গছকে বিধস্ত কৰি যায়৷ পাছদিনা বাটৰুৱাক যেন উচুপি উচুপি
সিহঁতে গোচৰ দিয়ে- “চোঁৱাচোন চোৱা, অকণমান ৰৈ মোৰ এই দশা চাই যোৱা, কেনেকৈ মোৰ ডালপাতবোৰ সিহঁতে তচনচ কৰি থৈ গ’ল চোৱা,
লৰচৰ কৰিব নোৱাৰোঁ বাবেই মুখলৈ নোচোৱাকৈ একেবাৰে মহতিয়াই থৈ গ’ল বুইছা, ইমান নিষ্ঠুৰ,
ভাবিলেই দুখ লাগে!” সিপাৰৰ পৰা সমবয়সীয়া আন এজোপাই মাত লগাই – “এইফালেও শুনাচোন অকণমান,
মোৰ যে ডাল এটাও চিঙি নি সৌ বাগিছাৰ মাজত পেলালেগৈ জানা, ইমান দুৰ্দান্ত আৰু নিৰ্বোধ,
গাৰ বিষত আজি জ্বৰ উঠি আছে, পাছে উস্ আস্ কৰি থাকিলেনো কি হ’ব, আমিতো আৰু দৌৰ
মাৰি গৈ সৌ পাটঘৰটোত সোমাবগৈ নোৱাৰো, হয় নে নহয়?” স্থিতপ্ৰজ্ঞ ঋষিৰ দৰে ওচৰতে
থকা বৃদ্ধ শিলিখাজোপা গৰজি উঠে – “তহঁতক মনে মনে থাক বুলিছো নহয়৷ হেৰৌ, এইটো চিজনত
অলপ কষ্ট হয়েই, সেই বুলিয়েই বাটৰুৱা ৰখাই আমনি কৰি থাকিবি নেকি? চুপ কৰ তহঁতে৷” ওভটা
পৰত বাটৰুৱাই দেখে, দুখ-বিষ পাহৰি আকৌ সিহঁতে মৃদু মলয়াৰ বা লৈ হাঁহি মাতি বিয়নি মেল
মাৰিবলৈ লৈছে৷
ৰুপালী পৰ্দাত দেখাৰ দৰে এই অপৰুপ সৌন্দৰ্যৰে সমৃদ্ধ
ৰাস্তাটো পাৰ হৈ গৈছে প্ৰতাপগড়, মুখৰগড় আৰু নীলবাগান চাহবাগিছাৰ মাজেদি৷ তাৰ পিছতেই
আহে এখন আটোমটোকাৰি মফচলীয় চহৰ - চাৰিআলি৷ জিলা আৰু ৰাজধানীৰ পৰা অহা বহু কেইটা বাছযাত্ৰাৰ
এইটোৱেই হৈছে অন্তিম আস্থান – বিশ্বনাথ চাৰিআলি৷
ঘিলাধাৰী
নামৰ নদীখন পাৰ হলেই আৰম্ভ হয় ৰাস্তাটোৰ এই মনোমোহা দৃশ্য৷ বাওঁফালে সেইয়া মেগৰ
কোম্পানীৰ ‘পেৰতাপঘুৰ’ চাহ বাগিছা৷ ভালুকপেঙ ৰজাই ৰাজ্যৰ সীমা বান্ধি গড় মাৰোঁতে
গড়ৰ নামটো প্ৰজাসকলে ৰজাজনৰ পোছাকী নামটোৰেই দিছিল – প্ৰতাপগড়৷ পাছে, বাগিছাৰ
বাবে চাহাবসকলে মাটি অধিগ্ৰহন কৰাৰ সময়ত কথিত শব্দটোৰ লিখিত ৰূপ দিওঁতে ভুল কৰিলে৷
মহৰীজনে চাহাবে কৈ যোৱাৰ দৰেই বানানটো লিখি গ’ল৷ ফলত ঠাইখনৰ এটা নাভূত-নাশ্ৰুত নাম
নিৰ্ধাৰিত হ’ল – পেৰতাপঘুৰ! প্ৰদীপক যেনেকৈ আমি পৰদীপ বুলি কওঁ, প্ৰভাতক যেনেকৈ পৰভাত
বুলি কওঁ, তেনেকুৱা ভুল৷ ম্যাদী পট্টাৰ বহীত পেৰতাপঘুৰ হৈ থাকিলেও কিন্তু কোনেও তাক
অতদিনে গ্ৰাহ্য কৰা নাছিল, আনকি লোকে জনাও
নাছিল৷ প্ৰতাপগড় প্ৰতাপগড় হৈয়েই আহি আছিল মানুহৰ মুখে মুখে৷ ১৯৪৭ চনৰ পিছত অসমৰ বাগিছাবিলাক
বিলাতৰ পৰা পৰিচালনা কৰিবলৈ চাহাবসকলৰ অসুবিধা হোৱা আৰম্ভ হ’ল, গতিকে বাগিছাৰ মালিকানা
লাহে লাহে দেশৰ কোম্পানীৰ হাতলৈ সলনি হ’বলৈ ল’লে৷ দেশী কোম্পানী কিন্তু একাচেকা বিধৰ৷
তেওঁলোকৰ মতে, অসম স্বভাৱতেই জংঘল, মানুহবোৰো জংঘলী, গতিকে প্ৰথমেই বাগিছাৰ সীমাটো
লোহাৰ খুটি মাৰি তাত শিকলি আঁৰি নিকপকপীয়া কৰি লোৱা ভাল৷ সমূখত প্ৰকাণ্ড ফলক এখনো
লাগে৷ সেয়ে, ঠিকাদাৰে দেশী চাহাবক সুধিলে – ছাৰ, নামটো প্ৰতাপগড়েই ৰাখোঁ, নে অফিচৰ
বহীত থকাটো দিওঁ? দেশী চাহাবে দিল্লীৰ কোম্পানীৰ হে’ড কোৱাৰ্টাৰত থকা জেনেৰেল মেনেজাৰলৈ
ফোন লগালে৷ জি.এমে অফিচৰ ৰেকৰ্ডত থকা নামটোৱেই দিবলৈ নিৰ্দেশ দিলে! তাৰ ফলশ্ৰুতিতেই
বাগানৰ সমূখৰ গেইট্খনত দাঁতিত থকা প্ৰকাণ্ড ফলকখনত খোদিত হোৱা নামটো হ’ল– পেৰতাপঘুৰ!
-
ঐ মিনি, নামটাকে বদলাইল কেন ৰে’?
-
আমি কি কৰে জানব ৰে’? বেতনটা না বদলাইলেই
হইল, নাম দিয়ে তুই কি কৰবি!
হয়তো,
বেতনহে আচল কথা, নামটোত কাৰ কি আহে যায়!
প্ৰকৃতিৰ
অকৃপণ দানেৰে সমৃদ্ধ এই ৰাস্তাটোৱেদিয়েই চাইকেল চলাই আহি আছে ইন্দ্ৰ ছাৰ আৰু পূৰ্ণেশ্বৰ
ছাৰ৷ পুৰ্ণেশ্বৰ ছাৰে আজি এখন নতুন চাইকেল কিনিলে – ছৌৱিশ ইঞ্চি জোখৰ ৰেলী চাইকেল,
ফুল চেইন কভাৰ থকা, সমূখত বাস্কেট এটাও লগাই লৈছে৷ দাম ল’লে ছশ ত্ৰিশ টকা৷ বে’লটো
নতুন ষ্টাইলৰ – কিৰিং কিৰিং নহয়, কিৰিৰিং কিৰিৰিং৷ দোকানখনৰ পৰা মূখৰগড়লৈকে চলাই
আহিছিল ইন্দ্ৰ ছাৰে৷ ইন্দ্ৰছাৰৰ চাইকেলখন আকৌ ছাৱিশ ইঞ্চিৰ, পুৰ্ণেশ্বৰ ছাৰলৈ অলপ
ওখ হয়৷
জিৰণীৰ
সময়ত ষ্টাফৰ লগত খাবলৈ মিতালীৰ পৰা বেচনৰ বৰফি এক কিলো কিনি লৈ দুয়োজন শিক্ষক আহি
স্কুলৰ সমূখ পালেহি৷ ৰাস্তাটোৰ পৰা স্কুলখনলৈ নামি অহা গৰাটোতে পূৰ্ণেশ্বৰ ছাৰে পেডেল
মাৰিবলৈ এৰি দিছিল, চাইকেলখন নৰয়হে নৰয়, একেকোবে গৈ প্ৰিঞ্চিপালৰ কোঠাৰ সমূখত থকা
শিলিখাজোপাৰ তল পালেগৈ৷ অফিচটোৰ পৰা জয় চেত্ৰী ওলাই আহিল৷ ছিক্স এ’ চেকছনত চক্ৰৱৰ্তী
ছাৰে অসমীয়া পঢ়াই আছিল, ছাৰো ওলাই আহিল৷ সমূখত চাইকেলখন লৈ ইতিমধ্যেই ছজনমান গোট
খালে৷ ব্ৰেক মাৰিবলৈ দিয়া মিহি ৰদদুডালত ছাৰে বেঙুনীয়া প্লাষ্টিকৰ কভাৰ লগাই আনিছে,
বৰ ভাল দেখিছে৷ শকত কোমল চিটকভাৰটোৰ বৰণো বেঙুনীয়া৷
বাহিৰৰ
কথা বতৰা শুনি এইবাৰ ওলাই আহিল প্ৰিঞ্চিপাল বৰ-জিতেন ছাৰ৷ আটাইকেইজন সম্ভ্ৰমেৰে থিয়
হৈ ৰ’ল৷ ছাৰে চাইকেলখন ষ্টেণ্ডডালৰ পৰা এৰুৱাই হেণ্ডেলডালত দুয়োটা হাতেৰে ধৰি এবাৰ
হেঁচা এটা দি চালে, তাৰ পিছত পূৰ্ণেশ্বৰ ছাৰলৈ চাই সুধিলে – ছৌৱিশ?
-
হয় ছাৰ ৷
-
কিমান পৰিল?
চক
খাই উঠা মানুহৰ দৰে পূৰ্ণশ্বৰ ছাৰে চাইকেলখন চাবলৈ ধৰিলে৷ কোমল চিট্ কভাৰখনত আলফুলে
দুবাৰমান হাত বুলালে, তাৰ পাছত নিক্ষেপ কৰিলে – “নাই নাই ছাৰ, প্ৰতাপগড়ৰ গড়াটোত
অলপ ইফালে-সিফালে হালিছিল, কিন্তু পৰা নাই৷ এতিয়ালৈকে এবাৰো পৰিবলৈ দিয়া নাই!”
(“জীৱন বাটৰ
ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত
– অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এইটা কাহিনীৰ জনক লাটুদা অৰ্থাৎ প্ৰতুল বৰকটকী৷
“জীৱন বাটৰ ৰস”-ৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব- http://utpalbaruah.blogspot.com)
No comments:
Post a Comment