Sunday, July 15, 2018

জীৱন বাটৰ ৰসঃ গীতা-ৰীতা (৫৬)

জীৱন বাটৰ ৰসঃ গীতা-ৰীতা (৫৬)

ডিচেম্বৰ মাহৰ এইকেইটা দিনত এইবাৰ ঠাণ্ডাটো বেছি হৈছে৷ বতৰটোও পুৱাৰে পৰা গোমা, সাতে-সোতৰে ঠাণ্ডাৰ প্ৰকোপটো আনদিনাতকৈ বেছি৷ মেৰুণ ৰঙৰ পাটৰ চাদৰখনৰ ওপৰত মাখন ৰঙৰ গৰম চাদৰখন লৈ গীতাৰ মনটো সেমেকি গ’ল – নতুন ডিজাইনৰ ব্লাউজটো আজি গৰম কাপোৰৰ তলতে লুকাই থাকিব, তথাপিও উপায় নাই, ইমান ঠাণ্ডাৰ লগত চুক্তি কৰা নাযায়! ৰীতাই বা আজি কি পিন্ধে!

কালি পুৱাতে নিভাবাই ফোন কৰিছিল৷ আজি, মানে ২১ ডিচেম্বৰৰ দিনটো নিভাবাহঁতৰ বিবাহ বাৰ্ষিকী৷ সন্ধিয়ালৈ পাৰ্টি এটা দিব, গীতাহঁতৰ তিনিওটো প্ৰাণী যেনেকৈয়ে নহওক, আহে যেন!

ফোনটো শেষ হোৱাৰ পাছ মুহুৰ্ততে গীতাই ৰীতালৈ ফোন লগালে – মাতিছেনে তহঁতক?
-          অ’ কৈছে! ৰীতাৰ নিস্পৃহ উত্তৰ৷
-          তাৰ মানে, তহঁতৰ যোৱাৰ মন নাই নেকি? গীতাই আচৰিত হৈ সুধিলে৷
-          ৰ চোন, এওঁ বা কি কয়৷

এওঁ মানে গিৰীয়েক চম্পক৷ চম্পকে এনেধৰণৰ ৰাজহুৱা অনুষ্ঠানত ভাগ ল’বলৈ পালে মৰিব পাৰো৷ ঘৰতে ঘন্টাৰ পাছত ঘন্টা মোবাইল টিপি টিপি বহি থাকিব পাৰে কিন্তু ক’ৰবালৈ এপাক ওলাই যাওঁ বুলিলেই মানুহটোৱে মৰা যেন পায়৷ বিপুলৰ বিপৰীত৷ বিপুল মানে গীতাৰ গিৰীয়েক৷ বিপুলে আকৌ একো নেৰে – ভ্ৰাম্যমান থিয়েটাৰৰ আটাইকেইটা দিনতে আটাইকেইখন নাটক চোৱা মানুহ সি৷ সাংঘাটিক সামাজিক৷

গীতা আৰু ৰীতা একেখন ঠাইতে একেখন স্কুল আৰু পিছলৈ একেখন কলেজতে পঢ়িশুনি ডাঙৰ দীঘল হোৱা দুয়ো নলেগলে লগা বান্ধৱী৷ দৈৱক্ৰমে নামদুটাৰ যেনেকৈ মিল আছে সিহঁতৰ ৰুচী আৰু ভাল পোৱা বেয়া পোৱাও বহুত মিলে! কলেজৰ দিনত সিহঁতক সদায় একেলগে দেখা বাবে লগৰ দুষ্ট ল’ৰাই সিহঁতৰ চাধা-চূণ নাম দিছিল৷ কি আচৰিত কথা, বিয়াৰ পাছতো দুয়োজনী একেখন চহৰতে ওচৰা ওচৰিকৈ থকাৰ সুবিধা পালে৷ সেয়ে চিনাকি মানুহৰ ঘৰলৈ নিমন্ত্ৰণ-আমন্ত্ৰণ ৰক্ষা কৰিবলৈ দুয়োটা পৰিয়াল সততে একেলগে যায়৷ ৰীতাৰ বিয়া গীতাতকৈ আগত, তাইৰ ল’ৰা ৰিংকুৱে এতিয়া চেভেনত পঢ়ে কিন্তু গীতাৰ ল’ৰা স্কুললৈ গৈছেহে! পাছে, আনে নাজানিলেও সত্য কথা হৈছে সিহঁত দুজনীৰ মাজতো হান্ড্ৰেড পাৰ্চেন্ট মিল নাই৷ যেনে, ধৰাহওক এই নিমন্ত্ৰণ-আমন্ত্ৰণৰ প্ৰসংগতে, গীতাই বিশ্বাস কৰে বিয়া-সকাম, পাৰ্টি আদি ৰাজহূৱা অনুষ্ঠানলৈ যাওঁতে অসমীয়া চাদৰ-মেখেলাযোৰ  পিন্ধি অসমীয়া নাৰী হৈ যাব লাগে, মনটোৱেই কিবা বেলেগ হৈ পৰে! ৰীতাৰ মতে – ধুৰ, থ তোৰ অসমীয়া ফিলচফি, কাপোৰ-কানিৰ ফেশ্বন ডিজাইন বস্তুটো কনষ্টেন্ট নেকি, দিনৌ কত ন ন ৰূপান্তৰ ঘটিব লাগিছে, সময়ৰ লগত খাপ খুৱাই পিন্ধা-উৰা কৰাটোতহে আমেজ আছে! খং কৰি গীতাই কয়- ‘তইয়েই আমেজ কৰ, আমাৰ এনেকৈয়ে হ’ব৷’  এনেকৈয়ে চলি আছে৷ এইবোৰ সৰুসুৰা বৈষম্যই সিহঁতৰ বন্ধুত্বত ব্যাঘাত জন্মাব পৰা নাই৷

ৰাতিলৈ ফোন কৰি ৰীতাই কনফাৰ্ম কৰিলে – 'যাব, চম্পকে আপত্তি কৰা নাই৷ ৰিংকুৰহে গাটো গৰম৷ গতিকে তাক আইচক্ৰীম খাবলৈ দিব নোৱাৰি৷'
গীতাই আধাতে কাটিলে – ‘হ’ব হ’ব, আইচক্ৰীম নাখালেও নাই, কিবা নহয় কিবা এটা বেলেগ মিঠাই থাকিবই নিশ্চয়৷ শুনচোন, এটা কথা মন কৰিছ নে, এনেধৰণৰ পাৰ্টি নোখোৱা বহুদিন হ’ল ন? পোলাও মুৰ্গী মাংসৰ সোৱাদেই পাহৰি গ’লো!’
কম কথা কোৱা ৰীতাইও কথাটো মানি ল’লে – ‘হয়, চিকেন-পোলাও কেতিয়ানো খাইছিলো মনতেই নাই৷ আৰুবেলি ভট্ট ছাৰৰ ছোৱালীজনীৰ বিয়াতে খোৱা সম্ভৱ!’ ক’ব নোৱাৰাকৈয়ে দুয়োজনীৰে মুখত পানী জমা হ’ল৷

গধুলি ৰীতাৰ পৰিয়াল আহি গীতাৰ ঘৰ পালেহি৷ ৰীতাহ'ত ওলাবলৈ লৈছিলহে৷ “এই হৈ আছে, এক মিনিট” বুলি গীতাই হুলস্থুল লগাই দিলে৷ ল’ৰাটোক উলিয়াই দিয়াৰ দায়িত্ব গিৰীয়েকলৈ ঠেলি গীতা আৰ্চীৰ সমূখত ব্যস্ত হৈ পৰিল৷ তাৰ মাজতে এবাৰ বিপুল ওচৰলৈ আহি কাণে কাণে গীতাক সুধিলে – ‘ৰীতাই সেইডাল কি পিন্ধি আছে, পায়জামাটো পিন্ধিয়েই পাৰ্টি খাবলৈ যাব নে?’
-          চুপ ৷ গীতাই মুখতে ধৰিলে৷ – ‘সেইটো পায়জামা নহয়, প্লাজা বুলি কয়, নতুনকৈ ওলাইছে, তুমি তোমাৰ কাম কৰা!’

ৰাষ্টাত গীতা-ৰীতা দুয়োজনীয়ে ৰিংকুক আকৌ সোৱঁৰাই দিলে - সি যেন আইচক্ৰীমলৈ হাত নেমেলে৷ নিভাবাহ’তে বহুত মানুহ মাতিছে, চ’ৰা ঘৰ ভৰি আছে৷ পাকঘৰতে খোৱা লোৱাৰ ব্যৱস্থা কৰিছে৷ দহজনমান মানুহ খাই বৈ মুখ মচি মচি ওলাই আহে, নতুন কেইজনমানক ভিতৰলৈ মাতি নিয়ে৷ ‘আহিছে মানুহ – গৈছে মানুহ’ দৃশ্যটো আগত লৈ গীতা ৰীতাহ’তে কথাৰ মহলা মাৰি আছে৷ তেনেতে এজন আহি খাবলৈ মাতিলেহি৷ ৰীতা-গীতা দুয়োজনীয়ে আপত্তি কৰি উঠিল – ‘হ’ব, হ’ব আমি অলপ পিছত যাম৷ আমিতো ঘৰৰে মানুহ!’ সন্ধিয়াতে খাই ল’লে আচলতে অসুবিধা হয়৷ আকৌ ঘৰত গৈ ভাত নাখাইগৈ যেতিয়া সময়টো মিলাই লৈ খাব লাগিব, দবনি পিটি৷

এসময়ত নিভাবাহ’তেও জোৰ দি ধৰিলেহি – ‘ব’ল না খাই ল৷’
 - ‘হব দিয়কচোন, খোৱাটোনো কি কথা, এই বিশেষ দিনটোত এষাৰ মাত লগাবলৈ সুবিধা পালোঁ যে সেইটোহে ডাঙৰ কথা৷’ আৰু অলপ ভোক লগালৈ গীতা ৰীতাই বাট চালে৷ কিম্মান দিনৰ পিছত আজি সুবিধাটো আহিছে – ভালদৰে দবাই দিব চিকেন-পোলাও!

বাৰেবাংকৰা কথা পাতি সময়খিনি কটাই এসময়ত দুয়োটা পৰিয়াল খাবলৈ উঠিল৷ ৰীতাই ৰিংকুক আকৌ সোঁৱৰাই দিলে –‘ চাবি কিন্তু, আইচক্ৰীম যাতে নোচোৱ৷’

দুখন খোৱা টেবুল জোৰা দি অতিথিসকলৰ খোৱাৰ ব্যৱস্থা কৰা হৈছে৷ সেইজীয়া গছৰ পাত অঁকা প্লাষ্টিকৰ প্লেট্‌৷ কিন্তু ই কি,  প্লেটবোৰত দেখোন এজনে মুঠি মুঠি কৈ চিৰা এগালমানহে ঢালি গ’ল!  তাৰ পিছে পিছে এজনে দৈ৷  তাৰ পিছত এলদা এলদা গুড়৷  শকুনিৰ চেহেৰাৰ এজনে মাত লগালে – ‘আৰম্ভ কৰকচোন, ৰসগোল্লাটো শেষত দিম! খাওক৷’

 (“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এই কাহিনীটো একেবাৰে সংক্ষিপ্ত ৰূপত মোক যোগান ধৰিলে জীৱন বাটৰ ৰসৰ এগৰাকী গুণগ্ৰাহী পাঠক, তেজপুৰৰ প্ৰণামিকা গগৈয়ে৷ ধন্যবাদ প্ৰণামিকা৷ কাহিনীবোৰৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব- http://utpalbaruah.blogspot.com)


No comments:

Post a Comment