জীৱন
বাটৰ ৰসঃ নানিমুনি (৫৭)
বয়স
হ’লে হেনো শৈশৱৰ কথাবোৰ মানুহৰ বেছিকৈ মনলৈ আহে৷ আজি কিছুদিনৰ পৰা মোৰো তেনে হৈছে৷
অৰ্থ্যৎ আওপকীয়াকৈ প্ৰমান কৰিব পাৰি যে মোৰ বয়স আগবাঢ়িছে! সেয়ে বয়সৰ গাতে ভেজা দি
আজিও এটা শৈশৱৰ কথাই লিখিবলৈ লৈছোঁ৷
আমাৰ
ঘৰত সৰ্বমুঠ প্ৰাণীৰ সংখ্যা আঠজন৷ আমি ল’ৰা-ছোৱালী চাৰিটা, আৰু ডাঙৰ মানুহ - মানে
মা-দেউতাৰ লগতে আইতা আৰু ঘৰৰ কামত সহায় কৰা ল’ৰা পৱন৷ মুঠতে ঘৰত আঠখন মুখ৷ সেই হিচাপে
পাকঘৰৰ হিচাপ আৰু মেনু তৈয়াৰ হয়৷ বজাৰৰ পৰা অনা মাছটো কাটোতেও বুৰিমাই (আইতা) হিচাপ
কৰি যায় – এই ডোখৰ তোৰ, এইডোখৰ মিদুলৰ…., শেষৰ ফাললৈ সৰু টুকুৰা এটা লৈ কয় –এইটুকুৰা
বাৰু ময়ে খাম দে! বিস্কুটৰ পেকেটটোৰ শেষৰ ফাললৈ খুচৰি খুচৰি চাৰিটা বিস্কুত পোৱা
গ’ল – আঠ হৰণ চাৰি, দুটা টুকুৰা হ’ব! আমখৰিৰ দগমগীয়া জুইৰ কাষত বহি থাকি মা আৰু বুৰিমাই
ভাত ৰন্ধা চাই থাকোঁ মই – আঠটা মানুহৰ ভাতৰ কাৰণে শ্বালিমাৰ নাৰিকল তেলৰ টেমাটোৰে
দোপোৱা আৰু দুমুঠি চাউল টিনটোৰ পৰা ল’ব লাগে৷ তাৰ পিছত বাটিটোৰ পৰা কেইটামান চাইল
আকৌ টিনটোত থৈ দিব লাগে! – কিয়? আগটো ওভোটাই থ’ব লাগে, নহ’লে পাভটি চাঙৰ তলি উদং
হোৱাৰ সম্ভাৱনা থাকে৷ পিৰ পিৰকৈ নিসনি কাটি বুৰিমাই ভাতৰ চৰুটোত দুটামান জোকাৰ মাৰে
৷ তেতিয়ে ভাতবোৰে গাত গা লগাই আঠামাৰি ধৰি নাথাকে– ফৌফোৱা হয়, জোকাৰণি দুটাই ভাতবোৰক
স্বতন্ত্ৰ হৈ নিজৰ ভৰিত নিজে থিয় হৈ থাকিবলৈ আদিপাঠ দিয়ে! নিসনিখিনি গৰুদানাৰ চৰিয়াটোলৈ
যায়!
মা
আৰু বুৰিমাক মই পাকঘৰত প্ৰায়েই সহায় কৰিবলৈ সুবিধা পোৱা এটা অন্যতম কাম আছিল হাঁহ
বা কুকুৰাৰ কণী ফালি গাইপতি ভাগ-ভাগ কৰা কামটো৷ কণী খোৱা সকলে জানে যে খোলাটোৰ
ভিতৰৰ বগা অংশটোৰ মাজত থকা কুহুমটো সদায় হুবহু কেন্দ্ৰত নাথাকে৷ কোনো কোনো সময়ত
বগা ভেদ কৰি সেই অংশ প্ৰায় খোলাটোৰ গাতে লাগি থাকেহি৷ তেনে অৱস্থাত কণী এটাক সমানে
চাৰিভাগ কৰাটো বিজ্ঞান বা প্ৰযুক্তিবিদ্যা অবিহনে সম্ভৱ নহয়৷ সেয়ে এই কামটো প্ৰায়েই
মোৰ ভাগত পৰিছিল৷ কটাৰীৰে কাটিলে কটাৰীখনতে বেছ কিছু অংশ লাগি যায়, সেয়ে প্ৰযুক্তি
বিদ্যাৰ আহিলা হিচাপে মই এডাল সূতা লৈছিলো৷ সূতাডাল যিমানে মিহি, সিমানে সুবিধা৷ বৰ
মনোযোগেৰে কুহুমৰ সম্ভাব্য অৱস্থান অনুমান কৰি লৈ সূতাডাল কণীটোৰ মাজেদি চলাই দিব
লাগে৷ বেছিভাগ সময়তে দুটা সমান ভাগৰ সৃষ্টি হৈছিল৷ তাৰ পিছৰটো ভাগ কৰিবলৈ সহজ আছিল
কাৰণ এইবাৰ চকুৱে সহায় কৰিছিল৷ ইমান যত্নৰ পিছতো কোনে কোনটুকুৰা খাব, কোনটো ভাগত
কুহুম বেছি আছে সেই সিদ্ধান্ত দিবলৈ কেতিয়াবা “দেউতাৰক মাতোনে?” জাতীয় ভীতি প্ৰদৰ্শনৰ
প্ৰয়োজন হৈছিল৷ কণীটোৰে প্ৰথমে অমলেট বনাই লৈ তাক বিভক্ত কৰি লৈ তাৰে আলুৰ লগত তৰকাৰী
ৰন্ধাৰো এটা নিয়ম আছিল! কিন্তু কিবা কাৰণত এই নিয়মটো আমাৰ ঘৰত বৰ জনপ্ৰিয় নাছিল৷
জনপ্ৰিয় আছিল আমাৰ ডাঙৰজনী পেহীৰ ঘৰত৷ আইতাই (পেহাদেউৰ মাক) ঘৰত এবিধ ডাঙৰ-ডাঙৰ চেহেৰাৰ
হাঁহ পুহিছিল, ৰাজহাঁহৰ নিচিনা, কিন্তু বৰণটো বেলেগ৷ আমি চিনা হাঁহ বুলি কৈছিল৷ মানুহ
দেখিলেই সিহঁতে সেহাই সেহাই ফেট তুলি খেদি আহে৷ সৰু ল’ৰা-ছোৱালীক কেতিয়াবা কামোৰ
মাৰিও দিয়ে৷ পাছে, কামোৰ গাত পৰিলে ভয় যিমান লাগে সেই অনুপাতে বিষ অনুভৱ কৰা নাযায়৷
সেই জাত হাঁহৰ কণীবিলাক বৰ ডাঙৰ ডাঙৰ আছিল৷ মই জীৱনত ইমান ডাঙৰ কণী সম্পূৰ্ণকৈ এটা
পেহীদেউৰ ঘৰতে প্ৰথম প্ৰথম খাবলৈ পাইছিলো! আকাৰত ডাঙৰ হ’লেও তেনে হাঁহৰ কণীটোৰ কুহুমটো
বৰ শেতা, নিস্তেজ বৰণৰ আছিল! অৱশ্যে অমলেটৰ আঞ্জাত কুহুমৰ বৰণ দেখা নগৈছিল৷ উপাদান
সমূহ সঠিক পৰিমানে মিল খালে কণীৰ তৰকাৰীৰ সোৱাদেই সুকীয়া - জনাই জানে৷
পেহাদেউৱে
যেতিয়া তেজপুৰ চহৰত ঘৰ সাজিলে আমি সুবিধা পালেই তালৈ দীঘলীয়াকৈ বন্ধত থাকিবলৈ আহিছিলো৷
পেহীৰ ছোৱালী সৰু বাইদেউ মোতকৈ যিমান ডাঙৰ পেহীৰ ল’ৰা নানি মোতকৈ সিমান সৰু৷ মোৰ
ভাই মৃদুল নানিতকৈ এসপ্তাহৰ ডাঙৰ, অৰ্থাৎ আমি চাৰিওটা একপ্ৰকাৰ কানসমনীয়া৷ গ্ৰুপটোৰ
নেতা বিনা প্ৰতিদণ্ডিতাৰে নানি৷ কোনো কোনো ক্ষেত্ৰত বাঘৰ আগতেল খোৱাৰ সাহস তাৰ,
আমি বৰ উৎসাহিত হওঁ৷ মই ডাঙৰ হৈও তাৰ সমান বুদ্ধিমান নোহোৱা বাবে মোৰ গাৱঁলীয়া জীৱন
পৰিক্ৰমাক অভিশাপ দিওঁ৷ পেহাদেউ ঘোঁৰামাৰীৰ স্কুলৰ আবাসতে থাকে, এতেকে পেহীৰ শাসনৰ
তলত আমাৰ সীমাহীন স্বাধীনতা!
সেইদিনাও
আছিল গৰমৰ বন্ধৰ দিন৷ কুৰীদিন মান থকাকৈ আমি তেজপুৰলৈ আহিছোঁ৷ দুয়োপক্ষৰ উৎসাহৰ সীমা
নাই৷ আগবেলা পেহীয়ে নানিৰ লগত মোক বজাৰলৈ পঠালে – গোট গোট আখৰেৰে কি কি আনিব লাগে
লিষ্টত লিখা আছে৷
-
‘পাৰিবিনে?’ পেহীয়ে মোক সুধিলে, মই নানিলৈ
চালোঁ৷
-
‘কণী কেইটা চাই আনিবি৷’ পেহীয়ে আকৌ এবাৰ
সতৰ্ক কৰি দিলে৷
আনিছিলোঁ,
চাইয়েই আনিছিলো৷ জোকাৰি চাইছিলো – ঘট্ ঘট্ কৰিছে নেকি, নাই কৰা! তলে ওপৰে ঘুৰাই
ঘুৰাই চাইছিলো, ক’ৰবাত বৰণৰ কিবা তাৰতম্য আছে নেকি, নাই! সেইদিনা গোটা কণী অথবা এফাল কি ভাগত পৰিলহেঁতেন
নাজানো, কিন্তু ৰান্ধি থকাৰ মাজতে পেহীয়ে আহি ঘোষণা কৰিলেহি – ‘আটাইকেইটা কণী ঘোলা!’
ইমান সাৱধানে পৰীক্ষা কৰি আনিলোঁ, অথচ এনে হ’ল! ভাতৰ পাটত বহোঁতে পেহীদেউয়ে আকৌ
ক’লে – ‘হেৰৌ, ইমান ডাঙৰ হ’লি, কণী কেইটা চাই আনিব নাজান!’ ডাঙৰ শব্দটোৱে মোক আঘাট
কৰিব, নানিয়ে মোলৈ বেকাকৈ চালে৷ ভাত খোৱাৰ শেষৰ ফাললৈ পেহীয়ে আকৌ এবাৰ সোঁৱৰাই
দিলে – ‘খা এতিয়া, সুদাই-নিকাই, কণী কেইটা চাই আনিব নেজান!’ এইবাৰ আৰু নানি ক্ষান্ত
থকা সম্ভৱ নহ’ল, পোনে পোনে নিক্ষেপ কৰিলে– “একেটা কথাকে বাৰে বাৰে কিয় কৈ আছ, আমি
নিজে পাৰি অনা নাই নহয়!”
(“জীৱন বাটৰ
ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত
– অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এই কাহিনীবোৰৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন
গলে এই লিংকটোত পাব- http://utpalbaruah.blogspot.com)
No comments:
Post a Comment